অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
জীৱনী

ইন্দ্ৰাণী ৰায়মেধি

ইন্দ্ৰাণী ৰায়মেধি (Indrani Raimedhi) (জন্ম ১৯৬৫,১৩ ফেব্ৰুৱাৰী-) হৈছে এগৰাকী অসমৰ লেখিকা। ইংৰাজী ভাষাত সাহিত্য-চৰ্চা কৰা ভাৰতীয় লেখকসকলৰ ভিতৰত ইন্দ্ৰাণী ৰায়মেধি অন্যতম। তেওঁ একাধাৰে এগৰাকী লেখক, সাংবাদিক আৰু স্তম্ভলেখক।ইন্দ্ৰাণী ৰায়মেধিয়ে বাৰখন গ্ৰন্থ ৰচনা কৰিছে।

হালনাগাদ: ২৯ ছেপ্তেম্বৰ ২০২১ ২২৮ শব্দ · ১ মিনিট সংগৃহীত ৮৪
সংশোধনৰ পৰামৰ্শ

ইন্দ্ৰাণী ৰায়মেধি (Indrani Raimedhi) (জন্ম ১৯৬৫,১৩ ফেব্ৰুৱাৰী-) হৈছে এগৰাকী অসমৰ লেখিকা। ইংৰাজী ভাষাত সাহিত্য-চৰ্চা কৰা ভাৰতীয় লেখকসকলৰ ভিতৰত ইন্দ্ৰাণী ৰায়মেধি ১অন্যতম। তেওঁ একাধাৰে এগৰাকী লেখক, সাংবাদিক আৰু স্তম্ভলেখক।২ইন্দ্ৰাণী ৰায়মেধিয়ে বাৰখন গ্ৰন্থ ৰচনা কৰিছে। ইয়াৰ লগতে আশীটা চুটিগল্প, পাঁচশৰো অধিক স্তম্ভলেখা, কবিতা আদিৰে ইন্দ্ৰাণী ৰায়মেধিয়ে অনেক অৱদান আগবঢ়াইছে। তেওঁ বহুকেইগৰাকী খ্যাতনামা ব্যক্তিৰ সৈতে সাক্ষাৎকাৰ গ্ৰহণ কৰিছে। তেওঁৰ সংকলন এলিচ ইন ৱণ্ডাৰলেণ্ড আৰু দ্য ইনভিজিবল মেনৰ সংক্ষিপ্তৰূপ অসমৰ বিভিন্ন বিদ্যালয়ত দ্ৰুতপাঠ হিচাপে প্ৰচলিত। এই দুখন শিস্গুৰ বাবে লিখা। ৩ ইন্দ্ৰাণী ৰায়মেধিয়ে ১৯৮৯ চনত দ্য আছাম ট্ৰিবিউন কাকতত সাংবাদিক হিচাপে যোগদান কৰে। দ্য আছাম ট্ৰিবিউন কাকতৰ সম্পাদনা ক্ষেত্ৰত কাম কৰা তেওঁ প্ৰথমগৰাকী মহিলা সাংবাদিক।২

ইন্দ্ৰাণী ৰায়মেধিয়ে তেওঁৰ সাহিত্যকৰ্ম আৰু সাংবাদিকতাৰ বাবে কেইবাটাও বঁটা লাভ কৰিছে। ৩ তেওঁ ২০০৪ চনত কুঞ্জবালা দেৱী বঁটা লাভ কৰিছে। ২

জন্ম পৰিচয়

ইন্দ্ৰাণী ৰায়মেধিৰ ১৯৬৫ চনৰ ১৩ ফেব্ৰুৱাৰীত শ্বিলঙত জন্ম হৈছিল।

শিক্ষা জীৱন

ইন্দ্ৰাণী ৰায়মেধিয়ে ইংৰাজী বিষয়ত স্নাতকোত্তৰ ডিগ্ৰী লাভ কৰে।

কৰ্মজীৱন

ইন্দ্ৰাণী ৰায়মেধিয়ে ১৯৮৯ চনত দ্য আছাম ট্ৰিবিউন কাকতত সাংবাদিক হিচাপে যোগদান কৰে। ২০২১ চনত তেওঁ সেই কাকতৰে নিবন্ধ সম্পাদকৰূপে কাৰ্যনিৰ্বাহ কৰে। দ্য আছাম ট্ৰিবিউন কাকতৰ সম্পাদনা ক্ষেত্ৰত কাম কৰা তেওঁ প্ৰথমগৰাকী মহিলা সাংবাদিক। ২

সাহিত্য কৰ্ম

ছাত্ৰী অৱস্থাতে ইন্দ্ৰাণী ৰায়মেধিয়ে ভাতৃ জয়দ্বীপৰ সহায়ত 'পেনোৰামা' নামৰ এখন আলোচনীৰ সাতোটাকৈ সংখ্যা প্ৰকাশ কৰিছিল। বিশ্ববিদ্যালয়ত পঢ়ি থাকোঁতেই ইন্দ্ৰাণী ৰায়মেধিয়ে 'দ্য ছেণ্টিনেল' কাকতৰ বাবে নিয়মীয়াকৈ কেতিয়াবা আধাপৃষ্ঠা বা সম্পূৰ্ণপৃষ্ঠাজোৰা চুটিগল্প লিখা আৰু সাক্ষাৎকাৰ গ্ৰহণ কৰা কামত ব্ৰতী হৈছিল। তেওঁৰ দুখন বিশেষ সংকলন হৈছে এলিচ ইন ৱণ্ডাৰলেণ্ড আৰু দ্য ইনভিজিবল মেন। শিশুৰ বাবে লিখা ইন্দ্ৰাণী ৰায়মেধিৰ এই গ্ৰন্থৰাজিৰ সংক্ষিপ্তৰূপ অসমৰ বিভিন্ন বিদ্যালয়ত দ্ৰুতপাঠ হিচাপে ব্যৱহাৰ কৰা হৈছে। ইন্দ্ৰাণী ৰায়মেধিৰ কবিতা আৰু চুটি কল্পবিজ্ঞানমূলক লেখা অষ্ট্ৰিয়া আৰু নেদাৰলেণ্ডৰ ৰাষ্ট্ৰীয় পৰ্যায়ৰ আলোচনীত প্ৰকাশ হৈছে। ২ ইংৰাজী ভাষাত সাহিত্য-চৰ্চা কৰা ইন্দ্ৰাণী ৰায়মেধিৰ স্তম্ভলেখাৰ সংকলন এখন হৈছে ক্ৰাইম, জাষ্টিছ এণ্ড ৱমেন। এইখন তেওঁৰ বাৰ নম্বৰ গ্ৰন্থ আৰু গ্ৰন্থখন স্প্ৰেক্টাম পাব্লিকেচনৰ পৰা প্ৰকাশিত। কিতাপখন উন্মোচনৰ সময়ত অসম আৰক্ষীৰ সঞ্চালক প্ৰধান মুকেশ সাহায়ে কৈছিল যে কিতাপখনত মহিলা অপৰাধীসকলৰ জীৱন আৰু তেওঁলোকক অপৰাধৰ পৃথিৱীলৈ লৈ যোৱা পৰিস্থিতিৰ ইতিহাস বৰ্ণনা কৰা হৈছে।৪ তেওঁৰ আন এখন গ্ৰন্থ হৈছে মাই হাফ অব দ্য স্কাই। কিতাপখনে বিৰুবালা ৰাভাৰ দৰে মহিলাসকলৰ কণ্ঠ হৈছে বুলি বহুতে কয়। ইন্দ্ৰাণী ৰায়মেধিয়ে এই গ্ৰন্থখন সম্পৰ্কত এনেদৰে কয়, "এই ১২ গৰাকী মহিলা কমেও উত্তৰ-পূবত জনাজাত, কিন্তু মই এতিয়া উত্তৰ-পূবৰ আন কিছু মহিলাৰ ওপৰত কাম কৰি আছোঁ যিসকল অধিক লোকচক্ষুৰ আঁৰত কিন্তু তেওঁলোকৰ জীৱন কাহিনী সমানে গুৰুত্বপূৰ্ণ আৰু নথিভুক্ত কৰাৰ যোগ্য।" ১

গ্ৰন্থৰাজি

চুটিগল্প সংকলন

  1. দ্য ছিজন কামিং
  2. দ্য কনকুবাইনছ ৰুম
  3. দ্য নাইট জাৰ্ণি
  4. দ্য ষ্ট্ৰেঞ্জাৰছ টৰ্চ
  5. এ ছিজন অব ৱেইটিং

শিশুসাহিত্য

  1. দ্য এডভেন্সাৰ্ছ অব অংকুৰ
  2. টেলছ অব ফাৰাৱে লেএণ্ড

অকাল্পনিক লেখা

  1. মাই হাফ অব দ্য স্কাই
  2. টুৱেলভ লাইফ ষ্টৰিজ অব কাৰেজ

স্তম্ভলেখাৰ সংকলন

  1. জাষ্ট বিটুইন আছ
  2. ক্ৰাইম, জাষ্টিছ এণ্ড ৱমেন

অন্যান্য

  1. এলিচ ইন ৱণ্ডাৰলেণ্ড
  2. দ্য ইনভিজিবল মেন

বঁটা সন্মান

ইন্দ্ৰাণী ৰায়মেধিয়ে নাৰী সম্পৰ্কীয় অনুসন্ধানমূলক ৰিপ'ৰ্টৰ বাবে ২০০৪ চনত কুঞ্জবালা দেৱী বঁটা লাভ কৰিছে। ২

তথ্যসূত্ৰ

  1. ↑ Hindunews
  2. ↑ Indrani Raimedhi Journalist, Columnist, and an author. SAGE
  3. ↑ শান্তনু কৌশিক বৰুৱা. (আগষ্ট,২০২১). সংক্ষিপ্ত অসম বিশ্বকোষ. প্ৰীতিমা কৌশিক বৰুৱা, সঞ্জীৱন প্ৰকাশন. পৃ. ২৪৯. ISBN 978-81-950015-4-5
  4. ↑ Book1

সম্পৰ্কিত শ্ৰেণী

অসমৰ ব্যক্তিঅসমৰ লেখিকা

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “ইন্দ্ৰাণী ৰায়মেধি” প্ৰবন্ধৰ সংশোধন ৩০২১১৫ (২৯ ছেপ্তেম্বৰ ২০২১)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।