অৰুণাচল প্ৰদেশৰ নগৰ-মহানগৰ
৪ প্ৰবন্ধ
-
ইটানগৰ
ইটানগৰ (Itanagar ) হৈছে ভাৰতবৰ্ষৰ ৰাজ্য অৰুণাচল প্ৰদেশৰ ৰাজধানী। ই হিমালয়ৰ নামনি অংশত অৱস্থিত। অৰুণাচলৰ ৰাজধানী হিচাপে সমগ্ৰ ভাৰতৰ লগত বিমান আৰু পথৰ দ্বাৰা ইটানগৰলৈ পৰিবহণৰ সু-ব্যৱস্থা আছে। গুৱাহাটীৰপৰা নাহৰলগুন (ইটানগৰ)লৈ নিয়মীয়াকৈ হেলিকপ্তাৰ চলাচল কৰে।
-
তেজু
তেজু অৰুণাচল প্ৰদেশৰ এখন চহৰ। তেজু এখন লোকপিয়ল চহৰ আৰু ভাৰতৰ অৰুণাচল প্ৰদেশ ৰাজ্যৰ লোহিত জিলাৰ মুখ্য কাৰ্যালয়। ই অৰুণাচল প্ৰদেশৰ পঞ্চম বৃহত্তম চহৰ আৰু ইয়াৰ অন্যতম বিকশিত চহৰ। তেজু অৰুণাচল প্ৰদেশৰ বিধান সভাৰ ৬০টা সমষ্টিৰ ভিতৰত এটা। তেজু সমষ্টিৰ বৰ্তমানৰ বিধায়ক (২০২৪) হৈছে ড° মহেশ চাই।
-
ৰয়িং
ৰয়িং (Roing ভাৰতৰ অৰুণাচল প্ৰদেশৰ লোৱাৰ দিবাং ভেলী জিলাৰ সদৰ। ভাৰতৰ উত্তৰ-পূব সীমান্তৰ অন্তিমখন প্ৰধান নগৰ।
-
মেচুকা
মেচুকা (Mechuka) বা মেনচুখা হʼল ভাৰতৰ অৰুণাচল প্ৰদেশৰ শ্বি ইয়োমি জিলাৰ ইয়াৰগ্যাপ চু/ছিয়ম নদীৰ মেচুকা উপত্যকাত অৱস্থিত এখন সৰু চহৰ, বিধানসভা সমষ্টি আৰু মহকুমা। চহৰখন সমুদ্ৰপৃষ্ঠৰ পৰা ৬,০০০ ফুট (১,৮২৯ মিটাৰ) ওপৰত অৱস্থিত। ১৯৫০ চনৰ আগতে মেচুকা উপত্যকাক পাচাক্ষিৰি (Pachakshiri) নামেৰে জনা গৈছিল।