ইটা দুৰ্গ (Ita Fort) হৈছে উত্তৰ-পূব ভাৰতৰ অৰুণাচল প্ৰদেশৰ এক উল্লেখযোগ্য ঐতিহাসিক স্থান।
নামৰ উৎপত্তি
"ইটা দুৰ্গ"ৰ অৰ্থ হৈছে ইটাৰে নিৰ্মিত দুৰ্গ (আহোম ভাষাৰপৰা আহিছে)। ইটানগৰত আৱস্থিত এই দুৰ্গটো ইটাৰে নিৰ্মিত। সেয়ে ইয়াক "ইটা দুৰ্গ" বুলি কোৱা হয়।
নিৰ্মাণ
এই দুৰ্গটো ১৪শ অথবা ১৫শ শতিকাৰ আগভাগতেই নিৰ্মাণ কৰা হৈছিল।১ এটুকুৰা ওপৰত আন এটুকুৰা ইটা জাপি দি এই দুৰ্গটো নিৰ্মাণ কৰা হৈছে। ১৬,২০০ ঘন মিটাৰৰ এই বিশাল দুৰ্গটো চুতীয়া ৰাজ্যৰ দিনতে নিৰ্মাণ কৰা হৈছিল।২ এই দুৰ্গটোত তিনিটা দিশ - পশ্চিম দিশ, পূব দিশ আৰু দক্ষিণ দিশত তিনিখন দুৱাৰ আছে।
পুৰাতাত্বিক বিভাগে ইয়াৰ পৰা কিছুমান সামগ্ৰী সংগ্ৰহ কৰি জৱাহৰলাল নেহৰু ৰাজ্যিক সংগ্ৰাহলয়ত ৰাখিছে।৩.
লগতে চাওক
তথ্যসূত্ৰ
- ↑ Raikar, Y. A.; Chatterjee, S. (1980). Archaeology in Arunachal Pradesh. Directorate of Research, Government of Arunachal Pradesh. পৃ. 26ff
- ↑ Itanagar Capital Complex. Arunachalpradesh.nic.in
- ↑ T. Raatan. (2006). History, religion and culture of north east India. Gyan Books. পৃ. 29. ISBN 8182051789
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “ইটা দুৰ্গ” প্ৰবন্ধৰ সংশোধন ৬৩৩১৮৯ (২৯ আগষ্ট ২০২৬)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।