অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
বিবিধ

ইজিপ্টৰ শ্ৰুতিকথা

ইজিপ্টৰ শ্ৰুতিকথা (ইংৰাজী: Egyptian mythology) বা ইজিপ্টৰ পৌৰাণিক কাহিনী হৈছে প্ৰাচীন ইজিপ্টৰ শ্ৰুতিকথাৰ সংকলন, য'ত ইজিপ্টৰ দেৱতাসকলৰ কৰ্মক তেওঁলোকৰ চৌপাশৰ জগতখন বুজি পোৱাৰ মাধ্যম হিচাপে বৰ্ণনা কৰা হৈছে। এই শ্ৰুতিকথাবোৰে প্ৰকাশ কৰা বিশ্বাসবোৰ প্ৰাচীন ইজিপ্টৰ ধৰ্মৰ এক গুৰুত্বপূৰ্ণ অংশ।

হালনাগাদ: ২৭ মাৰ্চ ২০২৪ ৭৯ শব্দ · ১ মিনিট সংগৃহীত ৫৮
সংশোধনৰ পৰামৰ্শ

ইজিপ্টৰ শ্ৰুতিকথা (ইংৰাজী: Egyptian mythology) বা ইজিপ্টৰ পৌৰাণিক কাহিনী হৈছে প্ৰাচীন ইজিপ্টৰ শ্ৰুতিকথাৰ সংকলন, য'ত ইজিপ্টৰ দেৱতাসকলৰ কৰ্মক তেওঁলোকৰ চৌপাশৰ জগতখন বুজি পোৱাৰ মাধ্যম হিচাপে বৰ্ণনা কৰা হৈছে। এই শ্ৰুতিকথাবোৰে প্ৰকাশ কৰা বিশ্বাসবোৰ প্ৰাচীন ইজিপ্টৰ ধৰ্মৰ এক গুৰুত্বপূৰ্ণ অংশ। ইজিপ্টৰ লেখা আৰু শিল্পত বিশেষকৈ চুটিগল্প আৰু ধৰ্মীয় সমল যেনে গীত, আচাৰ-ব্যৱহাৰৰ গ্ৰন্থ, অন্ত্যেষ্টিক্ৰিয়াৰ গ্ৰন্থ, মন্দিৰৰ সজ্জা আদিত শ্ৰুতিকথাৰ চিত্ৰণ সঘনাই দেখা পোৱা যায়। এই উৎসসমূহত কোনো শ্ৰুতিকথাৰ সম্পূৰ্ণ বিৱৰণ খুব কমেইহে পোৱা যায় আৰু প্ৰায়ে চমু বৰ্ণনাহে পৰিলক্ষিত হয়।

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “ইজিপ্টৰ শ্ৰুতিকথা” প্ৰবন্ধৰ সংশোধন ৪১৫০৮৩ (২৭ মাৰ্চ ২০২৪)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।