মহাত্মা গান্ধী এডিটাথন, ২০২৫
১৫ প্ৰবন্ধ
-
জি ডি বিৰলা
ঘনশ্যাম দাস বিৰলা (Ghanashyam Das Birla; জন্ম ১০ এপ্ৰিল ১৮৯৪ – মৃত্যু ১১ জুন ১৯৮৩) এজন ভাৰতীয় ব্যৱসায়ী আৰু বিৰলা পৰিয়ালৰ সদস্য আছিল।
-
গান্ধী, মাই ফাদাৰ
গান্ধী, মাই ফাদাৰ (Gandhi, My Father হিন্দী ভাষাৰ এখন জীৱনভিত্তিক ভাৰতীয় চলচ্চিত্ৰ। ফিৰোজ আব্বাছ খানৰ পৰিচালনাত আৰু অনিল কাপুৰৰ প্ৰযোজনাত ২০০৭ চনৰ ৩ আগষ্ট তাৰিখে এই চলচ্চিত্ৰখনে মুক্তি পাইছিল।
-
আওং যুদ্ধ
আওং যুদ্ধ ১৮৫৭ চনৰ ভাৰতীয় চিপাহী বিদ্ৰোহৰ সময়ত ১৮৫৭ চনৰ ১৫ জুলাইত ইষ্ট ইণ্ডিয়া কোম্পানী বাহিনী আৰু নানা চাহাবৰ বাহিনীৰ মাজত আওং যুদ্ধ সংঘটিত হৈছিল। জেনেৰেল ছাৰ হেনৰী হেভলকৰ নেতৃত্বত ইষ্ট ইণ্ডিয়া কোম্পানীৰ সেনাবাহিনীয়ে কানপুৰলৈ আগবাঢ়ি আহিছিল আৰু এই বাহিনীটো বিদ্ৰোহী চিপাহী সেনাৰ সহায়ত নানা…
-
আশালতা সেন
আশালাতা সেন (Ashalata Sen; জন্ম:৫ ফেব্ৰুৱাৰী ১৮৯৪ – মৃত্যু:১৩ ফেব্ৰুৱাৰী ১৯৮৬) এগৰাকী ভাৰতীয় সক্ৰিয় কৰ্মী, কবি, সমাজকৰ্মী, আৰু ভাৰতীয় স্বাধীনতা আন্দোলনৰ আগশাৰীৰ ব্যক্তি আছিল।
-
ই এম এছ নামবুদিৰিপাদ
ই এম এছ নামবুদিৰিপাদ ৰ জন্ম হৈছিল ১৯০৯ চনৰ ১৩ জুন আৰু মৃত্যু হৈছিল ১৯৯৮ চনৰ ১৯ মাৰ্চত। নামবুদিৰিপাদক তেওঁৰ নামৰ আৰম্ভণিৰ আখৰ ই.এম.এছ. নামবুৰিদিপাদ হিচাপে বিখ্যাত। ভাৰতীয় কমিউনিষ্ট পাৰ্টিৰ সদস্য হিচাপে তেওঁ ভাৰতৰ প্ৰথমজন মুখ্যমন্ত্ৰী আছিল। নামবুৰিদিপাদ ভাৰতীয় জাতীয় কংগ্ৰেছৰ সদস্য নাছিল।
-
এলান অক্টেভিয়ান হিউম
এলান অক্টেভিয়ান হিউম (; জন্ম:৪ জুন, ১৮২৯ – মৃত্যু:৩১ জুলাই, ১৯১২) এলান অক্টোভিয়ান হিউম আছিল ব্ৰিটিছ ভাৰতত কাম কৰা এগৰাকী ব্ৰিটিছ ৰাজনৈতিক সংস্কাৰক, পক্ষীবিদ, বৃটিছ চৰকাৰৰ কৰ্মচাৰী আৰু উদ্ভিদবিদ। লগতে আছিল ভাৰতীয় জাতীয় কংগ্ৰেছৰ মূল প্ৰতিষ্থাপক আছিল।
-
গান্ধী ভৱন, বেংগালুৰু
গান্ধী ভৱন (Gandhi Bhavan) হʼল কৰ্ণাটকৰ বেংগালুৰুত অৱস্থিত মহাত্মা গান্ধীৰ প্ৰতি উৎসৰ্গিত এটি সংগ্ৰহালয়৷ ১৯৬৫ চনত, ভাৰতৰ তদানীন্তন ৰাষ্ট্ৰপতি ড° সৰ্বেপল্লী ৰাধাকৃষ্ণনে ইয়াৰ উদ্বোধন কৰিছিল৷ এই সংগ্ৰহালয়টোত মহাত্মা গান্ধীৰ বিৰল ফটো আৰু তেওঁৰ দ্বাৰা লিখিত চিঠিসমূহৰ এটি গেলেৰী, এটা পুথিভঁৰাল আৰু এটা…
-
দেৱী চৌধুৰানী (উপন্যাস)
দেৱী চৌধুৰানী (Devi Chaudhurani) বংকিমচন্দ্ৰ চেটাৰ্জী দ্বাৰা ৰচিত আৰু প্ৰকাশিত এখন বঙালী উপন্যাস। এই কিতাপখন পিছত সুবোধচন্দ্ৰ মিত্ৰই ইংৰাজীলৈ অনুবাদ কৰে।
-
মতিলাল জটৱানী
মতিলাল ৱাধুমল জটৱানী (Motilal Jotwani; জন্ম:১৩ জানুৱাৰী,১৯৩৬-মৃত্যু:২৮ জানুৱাৰী, ২০০৮) হৈছে এগৰাকী ভাৰতীয় লেখক, শিক্ষাবিদ, গান্ধীবাদী। তেওঁ হাভাৰ্ড বিশ্ববিদ্যালয়ৰ ডক্টৰেট, যি সিন্ধী ভাষা আৰু সাহিত্যৰ বিশেষজ্ঞ।জটৱানীয়ে ভাষা-সাহিত্যৰ বাবে সাহিত্য অকাডেমি বঁটা লাভ কৰিছিল, ভাৰত চৰকাৰে ২০০৩ চনত…
-
যশপাল
যশপাল সিং আছিল হিন্দী ভাষাৰ, একাধাৰে এগৰাকী লেখক, প্ৰবন্ধকাৰ, ৰাজনৈতিক বিশ্লেষক, সমাজবাদী আদৰ্শত বিশ্বাসী লোক। যশপালৰ জন্ম হৈছিল ১৯০৩ চনৰ ৩ ডিচেম্বৰত আৰু মৃত্যু হৈছিল ১৯৭৬ চনৰ ২৬ ডিচেম্বৰত।
-
লক্ষ্মী চান্দ জৈন
লক্ষ্মী চান্দ জৈন (Lakshmi Chand Jain; জন্ম:১৯২৫-মৃত্যু:২০১০) এগৰাকী ৰাজনৈতিক এক্টিভিষ্ট আৰু লেখক। পিছলৈ বিভিন্ন সময়ত তেওঁ পৰিকল্পনা আয়োগৰ সদস্য হিচাপে, দক্ষিণ আফ্ৰিকাত ভাৰতীয় উচ্চায়ুক্ত হিচাপে, বান্ধ সম্পৰ্কীয় বিশ্ব আয়োগৰ (WCD) সদস্য হিচাপে আৰু ভাৰতীয় সমবায় সংঘ আৰু সৰ্বভাৰতীয় হস্তশিল্প…
-
লাল নিশান পাৰ্টি
লাল নিশান পাৰ্টি আছিল মহাৰাষ্ট্ৰ ৰাজ্যৰ এটা কমিউনিষ্ট ৰাজনৈতিক দল। এই দলটো ১৯৬৫ চনত প্ৰতিষ্ঠা কৰা হয়। এল এন পিৰ মূল কাম আছিল ট্ৰেড ইউনিয়নৰ সক্ৰিয়তা। দলটোৰ ট্ৰেড ইউনিয়নৰ নাম আছিল সৰ্বশ্ৰমিক সংঘ (SSS)। দলীয় প্ৰকাশনখনৰ নাম আছিল নৱে পৰ্ব।
-
ৰজা মহেন্দ্ৰ প্ৰতাপ
ৰজা মহেন্দ্ৰ প্ৰতাপ (Raja Mahendra Pratap; জন্ম:১ ডিচেম্বৰ, ১৮৮৬-২৯ এপ্ৰিল, ১৯৭৯) হৈছে এগৰাকী ভাৰতীয় স্বাধীনতা-সংগ্ৰামী, সাংবাদিক আৰু বিপ্লৱী। তেওঁ ১৯১৫ চনত, কাবুলৰপৰা প্ৰথম বিশ্বযুদ্ধৰ সময়ত নিৰ্বাচিত ভাৰত চৰকাৰ হিচাপে কাৰ্যনিৰ্বাহ কৰা ভাৰতৰ অস্থায়ী চৰকাৰৰ ৰাষ্ট্ৰপতি আৰু ব্ৰিটিছ ভাৰতৰ সমাজ…
-
ৰাজেন্দ্ৰ লাহিড়ী
ৰাজেন্দ্ৰনাথ লাহিড়ী ৰ জন্ম হৈছিল ২৯ জুন ১৯০১ চনত আৰু মৃত্যু হৈছিল ১৯২৭ চনৰ ১৭ ডিচেম্বৰত। চমুকৈ তেওঁক ৰাজেন্দ্ৰ লাহিড়ী নামেৰে পৰিচিত আছিল। ৰাজেন্দ্ৰ লাহিড়ী আছিল এজন ভাৰতীয় বিপ্লৱী। তেওঁ কাকোৰী ষড়যন্ত্ৰ আৰু দক্ষিণেশ্বৰ বোমা বিস্ফোৰণৰ মূল নায়ক আছিল।
-
ৰাম নাথ পুৰী
ৰাম নাথ পুৰী (Ram Nath Puri বা Ramnath Puri) হৈছে এগৰাকী ভাৰতীয়-আমেৰিকান স্বাধীনতা-সংগ্ৰামী; যাক ভাৰতীয় বিপ্লৱী পত্ৰিকা চাৰ্কুলাৰ-ই-আজাদৰ সম্পাদক ৰূপে জনা যায়। এই আলোচনীখনে ব্ৰিটিছ ৰাজক সমালোচনা কৰিছিল আৰু ই গদাৰ পাৰ্টিৰ প্ৰাৰম্ভিক ইতিহাসৰ সৈতে জড়িত আছিল।