ৰীতা ভাদুৰী (Rita Bhaduri; ৪ নৱেম্বৰ ১৯৫৫ – ১৭ জুলাই ২০১৮) এগৰাকী ভাৰতীয় চলচ্চিত্ৰ আৰু টেলিভিছন অভিনেত্ৰী। তেওঁ গুজৰাটী চিনেমাতো কাম কৰিছে।১ তেওঁক কেতিয়াবা অভিনেত্ৰী জয়া বচ্চনৰ ভগ্নী আৰু অভিনেতা ৰাজীৱ বাৰ্মাৰ পত্নী ৰীতা ভাদুৰী বুলি ভুল কৰা হয়।
কৰ্মজীৱন
১৯৭০, ১৯৮০ আৰু ১৯৯০ৰ দশকত মূলতঃ বলীউডৰ বিভিন্ন ছবিত সহযোগী অভিনেত্ৰী হিচাপে অভিনয় কৰিছিল। ১৯৭৩ চনত ভাৰতীয় চলচ্চিত্ৰ আৰু টেলিভিছন ইনষ্টিটিউট (FTII), পুনে শিক্ষাৰ্থী আছিল। অভিনেত্ৰী জাৰিনা ৱাহাব তেওঁৰ বেচ্চৰে আছিল।২
“জুলী” (১৯৭৫) ছবিখনত জুলীৰ বান্ধৱীৰ ৰূপত অভিনয় কৰিছিল, য'ত তেওঁৰ ওপৰত "য়ে ৰাতেঁ নয়ী পুৰাণী" গীতটো চিত্ৰিত কৰা হৈছিল। কমল হাছানৰ সৈতে মালয়ালম ছবি কন্যাকুমাৰীত তেওঁৰ ভূমিকাক মাইলৰ খুটি হিচাপে বিবেচনা কৰা হয়।
১৯৭৬ চনত গুজৰাটী ছবি “লাখো ফুলানী”ত তেওঁ কৰা অভিনয় হিট হৈছিল আৰু পৰৱৰ্তী ৮ বছৰ গুজৰাটী চলচ্চিত্ৰত কাম কৰি গৈছিল আৰু গুজৰাটী চলচ্চিত্ৰৰ এগৰাকী আগশাৰীৰ অভিনেত্ৰী হিচাপে পৰিগণিত হৈছিল।৩
১৯৭৯ চনৰ ৰাজশ্ৰী প্ৰডাকচনৰ এখন ছবি “সাৱন কো আনে দো” আৰু “ৰাজা” (১৯৯৫)ৰ বাবে তেওঁ শ্ৰেষ্ঠ সহযোগী অভিনেত্ৰীৰ বাবে ফিল্মফেয়াৰ বঁটাৰ বাবে মনোনয়ন লাভ কৰে।৪ পিছলৈ তেওঁৰ ১৯৯৫ চনৰ পৰা ১৯৯৭ চনলৈকে সম্প্ৰচাৰ হোৱা টিভি ধাৰাবাহিক “গৃহলক্ষ্মী কা জীন” জনপ্ৰিয় হৈছিল। ১৯৯৬ চনত তেওঁ নবীন নিচল আৰু ৰাজ মহম্মদৰ সৈতে “প্যাৰ জিন্দেগী হ্যায়”ত কাম কৰে। এই ছবিখনৰ শ্বুটিং হায়দৰাবাদত হৈছিল।
ৰীতা ভাদুৰীয়ে ধাৰাবাহিক “নিমকি মুখীয়া”ত আইতাকৰ চৰিত্ৰত অভিনয় কৰে[7] আৰু এয়াই আছিল তেওঁৰ শেষ অভিনয়।৫
বাহ্যিক সংযোগ
- Reeta Bhaduri at বলিউড হাংগামা শ্ৰেণী:হিন্দী [[চলচ্চিত্ৰৰ অভিনেত্ৰী
তথ্যসূত্ৰ
- ↑ I'm still learning as an actor: Rita Bhaduri. দ্য টাইম্ছ অৱ ইণ্ডিয়া
- ↑ (21 March 2010). First batch looks back at good old days TNN. দ্য টাইম্ছ অৱ ইণ্ডিয়া
- ↑ Thakkar, Rakesh. (30 November 2021). રીટા ભાદુરીને ‘જૂલી’ થી લાભ ના થયો. Chitralekha
- ↑ Filmfare Nominees and Winners
- ↑ I play an aggressive beta in my current show shot in Mirzapur: Bareilly actor Jatin Suri. দ্য টাইম্ছ অৱ ইণ্ডিয়া
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “ৰীতা ভাদুৰী” প্ৰবন্ধৰ সংশোধন ৬৩৩৩৫৯ (২৯ আগষ্ট ২০২৬)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।