অ’লান (মালয়ালম ভাষা: ഓലൻ) হৈছে কেৰালাৰ ৰন্ধনশৈলীৰ এক মৃদু সোৱাদযুক্ত আঞ্জা (Stew), যাৰ মূল উপাদান হৈছে চাল কোমোৰা (Ash gourd) আৰু লেচেৰা মাহ (Cowpeas)। ইয়াক নাৰিকলৰ গাখীৰৰ সৈতে সিজাই প্ৰস্তুত কৰা হয়।১২ এইবিধ ব্যঞ্জন ওনাম উৎসৱত পৰিৱেশন কৰা পৰম্পৰাগত নিৰামিষ ভোজ সাদ্যাৰ অন্যতম প্ৰধান অংশ। ইয়াৰ পাতল মচলা তথা তেল-নিমখৰ ব্যৱহাৰে ইয়াক সুকীয়া কৰি তোলে, য’ত নাৰিকল তেল আৰু নৰসিংহ পাতক ভাজি দিয়াৰ পৰিৱৰ্তে আঞ্জাখন নমোৱাৰ ঠিক আগে আগে ওপৰত ছটিয়াই মিহলাই দিয়া হয়।১২
প্ৰস্তুত প্ৰণালী
এই আঞ্জাখনৰ মূল পাচলি হৈছে কোমোৰা (kumbalanga), যাৰ সৈতে কেতিয়াবা অলপ পৰিমাণে ৰঙালাও মিহলাই পাতলকৈ কাটি লোৱা হয়।১২ ৰঙা লেচেৰা মাহখিনি কোমল নোহোৱালৈকে সিজাই লোৱাৰ পাছত কোমোৰাখিনি কেঁচা জলকীয়া আৰু নিমখৰ সৈতে কোমল হোৱালৈকে ভাপত সিজিবলৈ দিয়া হয়।১ তাৰ পিছত ইয়াত নাৰিকলৰ গাখীৰ ঢালি দিয়া হয় আৰু বেছি উতলিবলৈ নিদিয়াকৈ পাতলকৈ গৰম কৰা হয়। অৱশেষত জুইৰপৰা নমাই তাত অলপ কেঁচা নাৰিকল তেল আৰু সতেজ নৰসিংহ পাত মিহলাই দিয়া হয়।২১
অ’লান হৈছে অতি কম মচলাযুক্ত এক ব্যঞ্জন। কেৰালাৰ অন্যান্য ব্যঞ্জনত ব্যৱহাৰ কৰা সৰিয়হ ফুটোৱা, জলকীয়া গুৰি আৰু হালধি ইয়াত ব্যৱহাৰ কৰা নহয়। গতিকে ইয়াৰ প্ৰকৃত সোৱাদ সম্পূৰ্ণৰূপে নাৰিকলৰ গাখীৰ আৰু লেচেৰা মাহৰ ওপৰত নিৰ্ভৰ কৰে।১২ কোমোৰাৰ সলনি হালধীয়া ৰঙালাও আৰু ৰঙা লেচেৰা মাহৰ সলনি বগা লেচেৰা মাহো ব্যৱহাৰ কৰিব পাৰি।২
পৰিৱেশন
কেৰালাৰ বিভিন্ন অনুষ্ঠান আৰু বিশেষকৈ অনাম উৎসৱৰ সময়ত কলপাতত পৰিৱেশন কৰা পৰম্পৰাগত নিৰামিষ ভোজ ‘সাধ্য’ৰ অন্যতম পাৰ্শ্ব-ব্যঞ্জন (Side dish) হিচাপে অ’লান পৰিৱেশন কৰা হয়।১৩
বাহ্যিক সংযোগ
- nammuderuchikal.com/olan – অ’লান প্ৰস্তুত কৰাৰ নিয়ম
- ইউটিউব – প্ৰস্তুত প্ৰণালীৰ ভিডিঅ’
তথ্যসূত্ৰ
- ↑ Recipe of Olan. Kerala Tourism, Government of Kerala
- ↑ Sanghvi, Dassana Amit. Olan Recipe (Kerala Olan Curry). Dassana's Veg Recipes
- ↑ Sathyendran, Nita. (10 September 2016). Onam on a leaf. The Hindu
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “অ'লান” প্ৰবন্ধৰ সংশোধন ৬২৫২৬৮ (৮ আগষ্ট ২০২৬)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।