অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
জীৱনী

অৱন বৰপূজাৰী

অৱন বৰপূজাৰী (Aban Barpujari, ১৯৩৯-২০২১) আছিল আকাশবাণীৰ এগৰাকী ঘোষক, বাতৰি পৰিৱেশক, কবি, ঔপন্যাসিক আৰু প্ৰবন্ধকাৰ ৷ ১৯৬৪ চনত আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ ঘোষকৰূপে কৰ্ম জীৱন আৰম্ভ কৰা বৰপূজাৰীয়ে পাছলৈ অনুবাদক (গ্ৰেড-এ)ৰূপে অৱসৰ গ্ৰহণ কৰে৷ কাকত-আলোচনীত কবিতা, প্ৰবন্ধ লিখাৰ লগতে তেখেতে ১৯৫০ চনৰ…

হালনাগাদ: ৩ নৱেম্বৰ ২০২৫ ২৬৫ শব্দ · ১ মিনিট সংগৃহীত ৫০
সংশোধনৰ পৰামৰ্শ

অৱন বৰপূজাৰী (Aban Barpujari, ১৯৩৯-২০২১) আছিল আকাশবাণীৰ এগৰাকী ঘোষক, বাতৰি পৰিৱেশক, কবি, ঔপন্যাসিক আৰু প্ৰবন্ধকাৰ ৷ ১৯৬৪ চনত আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ ঘোষকৰূপে কৰ্ম জীৱন আৰম্ভ কৰা বৰপূজাৰীয়ে পাছলৈ অনুবাদক (গ্ৰেড-এ)ৰূপে অৱসৰ গ্ৰহণ কৰে৷ কাকত-আলোচনীত কবিতা, প্ৰবন্ধ লিখাৰ লগতে তেখেতে ১৯৫০ চনৰ বৰভূইকঁপৰ পটভূমিত 'গ্ৰহণ' নামৰ এখন উপন্যাসো লিখি উলিয়াইছিল ৷ তেখেতে নাট্য-অভিনেতা হিচাপেও পৰিচিতি লাভ কৰিছিল ৷ ১

জন্ম আৰু শিক্ষা

অৱন বৰপূজাৰীৰ জন্ম মাৰ্ঘেৰিটাত হৈছিল যদিও তেখেত অবিভক্ত শিৱসাগৰ জিলাৰ নকছাৰীতহে শৈশৱ-কৈশোৰ অতিবাহিত কৰিছিল ৷ নকছাৰী হাইস্কুলৰ পৰা তেখেতে হাইস্কুল শিক্ষান্ত পৰীক্ষাত ঊত্তীৰ্ণ হয় ৷ ইয়াৰ পিছত জগন্নাথ বৰুৱা মহাবিদ্যালয়ৰ পৰা আই.এ. পাছ কৰে ৷ ১৯৬১ চনত কটন কলেজৰ পৰা তেখেতে ইতিহাস বিষয়ত স্নাতক ডিগ্ৰী লাভ কৰে ৷ ১

কৰ্মজীৱন

১৯৬৪ চনত অৱন বৰপূজাৰীয়ে আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ ঘোষকৰূপে কৰ্মজীৱনৰ পাতনি মেলে৷ ১৯৬৬ চনৰ ১ জুন তাৰিখে তেখেতে আকাশবাণী দিল্লীত বাতৰি পৰিৱেশক হিচাপে যোগদান কৰে ৷ আকাশবাণী দিল্লীৰ পৰা তেখেতে 'সংবাদ বিচিত্ৰা' নামৰ অনুষ্ঠান এটা প্ৰযোজনা কৰিছিল৷ ১৯৮৪ চনৰ ২৬ জুনত অৱন বৰপূজাৰী আকাশবাণী গুৱাহাটী কেন্দ্ৰলৈ বদলি হৈ আহে ৷ ২০০০ চনত এইটো কেন্দ্ৰৰ পৰাই তেখেতে বাতৰি পৰিৱেশক আৰু এ-গ্ৰেডৰ অনুবাদক হিচাপে অৱসৰ লয় ৷ ১

অৱন বৰপূজাৰীয়ে নাটকতো অভিনয় কৰিছিল ৷ তেখেতে একাধিক কাকতৰ লগতে তেখেতে 'প্ৰতিধ্বনি', 'নৱযুগ'ত কবিতা লিখিছিল ৷ চলচ্চিত্ৰ মহোৎসৱৰ প্ৰতিবেদন, বাতৰি আদিৰ বিষয়ে তেখেতে 'অসম বাণী'ত লিখিছিল ৷ কুৰি শতিকাৰ ১৯৫০ চনত অসম কঁপাই যোৱা বৰভূঁইকঁপৰ পটভূমিত অৱন বৰপূজাৰীয়ে 'গ্ৰহণ' নামৰ উপন্যাস এখনো লিখি উলিয়াইছিল ৷ ১

ব্যক্তিগত জীৱন

অৱন বৰপূজাৰীৰ পত্নী বন্তি বৰপূজাৰীও আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ লগত জড়িত ৷ তেখেত কেন্দ্ৰৰ অৱসৰপ্ৰাপ্ত বিষয়া ৷ দম্পতীটোৰ এটি পুত্ৰ সন্তান আছে ৷ ১

মৃত্যু

২০২১ চনৰ ২৮ অক্টোবৰৰ পুৱা ৫ বাজি দহ মিনিটত অৱন বৰপূজাৰীৰ দেহাৱসান ঘটে ৷ হৃদৰোগত আক্ৰান্ত হৈ তেখেত গুৱাহাটীৰ এখন বেচৰকাৰী চিকিৎসালয়ত ৯ অক্টোবৰৰ পৰা চিকিৎসাধীন হৈ আছিল ৷ ১

তথ্যসূত্ৰ

  1. ↑ (২৯ অক্টোবৰ, ২০২১). আকাশবাণীৰ পৰিচিত কণ্ঠ অৱন বৰপূজাৰীৰ মৃত্যু. দৈনিক অসম. পৃ. ১ আৰু ৬

সম্পৰ্কিত শ্ৰেণী

অসমৰ ব্যক্তি

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “অৱন বৰপূজাৰী” প্ৰবন্ধৰ সংশোধন ৫৪৬৯৩৭ (৩ নৱেম্বৰ ২০২৫)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।