অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
জীৱনী

নাৰায়ণী সন্দিকৈ

নাৰায়ণী সন্দিকৈৰ জন্ম উত্তৰ লক্ষীমপুৰত। এখেতৰ পিতৃ ঘিণাৰাম গোহাঞিবৰুৱা আৰু মাতৃ লম্ভী দেৱী। পদ্মনাথ গোহাঞিবৰুৱাৰ ভনীয়েক। ১৯২৯ চনত গোলাঘাটত বহা অসম মহিলা সমিতিৰ অধিবেশন, উত্তৰ লক্ষীমপুৰ মহিলা সভা, শিৱসাগৰ জয়মতী উৎসৱ আদিৰ সভাপতি আছিল। ১৮৯৭ চনত ৰাধাকান্ত সন্দিকৈৰ লগত বিবাহপাশত আৱদ্ধ হয়।

হালনাগাদ: ২০ ডিচেম্বৰ ২০২২ ৫৮ শব্দ · ১ মিনিট সংগৃহীত ৭৪
সংশোধনৰ পৰামৰ্শ

নাৰায়ণী সন্দিকৈৰ জন্ম উত্তৰ লখিমপুৰত। এখেতৰ পিতৃ ঘিণাৰাম গোহাঞিবৰুৱা আৰু মাতৃ লম্ভী দেৱী। পদ্মনাথ গোহাঞি বৰুৱাৰ ভনীয়েক। ১৯২৯ চনত গোলাঘাটত বহা অসম প্ৰাদেশিক মহিলা সমিতিৰ অধিবেশন, উত্তৰ লক্ষীমপুৰ মহিলা সভা, শিৱসাগৰ জয়মতী উৎসৱ আদিৰ সভাপতি আছিল। ১৮৯৭ চনত ৰাধাকান্ত সন্দিকৈৰ লগত বিবাহপাশত আৱদ্ধ হয়। কৃষ্ণকান্ত সন্দিকৈ এখেতসকলৰ জ্যেষ্ঠ পুত্ৰ। ১৯৩৮ চনৰ ২০ ডিচেম্বৰত এইগৰাকী বিশিষ্ট সমাজসেৱিকা নাৰায়ণী সন্দিকৈৰ জীৱনাসন ঘটে। ১

তথ্যসূত্ৰ

  1. ↑ বৰ্মন, শিৱনাথ (২০০০). অসমীয়া জীৱনী অভিধান. চ'ফিয়া প্ৰেছ এণ্ড পাব্লিচাৰ্ছ প্ৰা: লি:, গুৱাহাটী. পৃ: ১৪৫

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “নাৰায়ণী সন্দিকৈ” প্ৰবন্ধৰ সংশোধন ৩৪০৮৫১ (২০ ডিচেম্বৰ ২০২২)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।