ভূমিকম্প
১২ প্ৰবন্ধ
-
ভূমিকম্প
ভূমিকম্প বা ভূঁইকঁপ (Earthquake) হৈছে পৃথিৱীৰ ভূগৰ্ভৰ অশ্মমণ্ডলত হঠাতে শক্তি মুক্ত হোৱাৰ ফলত ভূ-পৃষ্ঠত সৃষ্টি হোৱা জোকাৰণি। ভূগৰ্ভৰ শিলাস্তৰসমূহৰ স্থিতিস্থাপক অৱস্থাৰ সাল-সলনি নাইবা মহাকৰ্ষণীয় শক্তিৰ ভাৰসাম্যহীন অৱস্থাৰ ফলত যি জোকাৰণিৰ সৃষ্টি হয়,আচলতে তাকেই ভূমিকম্প বোলে।
-
অসমত হোৱা ভূমিকম্প (১৮৯৭)
১৮৯৭ চনৰ ১২ জুন তাৰিখে হোৱা ভূমিকম্পটোৱে সমগ্ৰ অসমৰ ক্ষতি সাধন কৰে। ইয়াৰ প্ৰাৱল্য আছিল ৮.১ ৰিখটাৰ স্কেল।. এই ভূমিকম্পৰ ফলত প্ৰায় ১৫০,০০০ বৰ্গ মাইল (৩৯০,০০০ বৰ্গ কিঃমিঃ) অঞ্চলৰ ঘৰ-দুৱাৰ আদি ধ্বংস হয়।
-
২০১৫ নেপাল ভূমিকম্প
২০১৫ নেপাল ভূমিকম্প ৭.৮ ৰিখটাৰ স্কেলত অহা এক প্ৰবল ভূমিকম্প যি ২৫ এপ্ৰিল ২০১৫ তাৰিখে ভাৰতীয় মান সময়ত দিনৰ ১১ বাজি ৪১ মিনিট ২৬ চেকেণ্ডত নেপাল, ভাৰত, পাকিস্তান, চীন, তিব্বত, বাংলাদেশকে ধৰি সমগ্ৰ দক্ষিন এছিয়াক জোঁকাৰি গৈছিল।
-
অসমত হোৱা ভূমিকম্প (১৯৪৭)
১৯৪৭ চনৰ ২৯ জুলাই তাৰিখে হোৱা ভূমিকম্পটোৱে ভাৰতৰ অসমৰ লগতে চীন দেশতো ক্ষতি সাধন কৰে। ভাৰতীয় সময়মতে সন্ধিয়া ৭ বাজি ১৩ মিনিটত সৃষ্টি হোৱা ভূমিকম্পটোৰ প্ৰাৱল্য আছিল ৭.৩ ৰিখটাৰ স্কেল। ভাৰতৰ সীমান্তৱৰ্তী এলেকা (সেই সময়ত ব্ৰিটিছ ইণ্ডিয়াৰ অধীনত আছিল) আৰু চীনত ইয়াক অনুভৱ কৰা হৈছিল।
-
১৯৬৭ চনৰ কৈনানগৰ ভূমিকম্প
১৯৬৭ চনৰ কৈনানগৰ ভূমিকম্পটো মহাৰাষ্ট্ৰৰ কৈনানগৰ চহৰৰ সমীপত সংঘটিত হৈছিল ১১ ডিচেম্বৰত। ভূমিকম্পটোৰ মান আছিল ৬.৬ আৰু প্ৰাৱল্য আছিল মাৰ্ক'লী প্ৰাৱল্য মাপনীত VIII (Severe).ভূমিকম্পটো কৈনা নদীবান্ধৰ সমীপত সংঘটিত হৈছিল আৰু ইয়াৰ কাৰণ বহুতে নদীবান্ধটো বুলিয়েই ক'ব খোজে।
-
১৯৯৩ চনৰ লাটুৰ ভূমিকম্প
১৯৯৩ চনৰ লাটুৰ ভূমিকম্প ৩০ ছেপ্টেম্বৰ তাৰিখে স্থানীয় সময় অনুসৰি পুৱা ৩:৫৬ বজাত হৈছিল। ভূমিকম্পটোৱে মূলতে পশ্চিম ভাৰতৰ মহাৰাষ্ট্ৰ ৰাজ্যৰ লাটুৰ আৰু ওচমানবাদ জিলাৰ ক্ষতি সাধন কৰিছিল। ৫২খন গাঁও ধ্বংস হৈছিল এই অন্তৰ্ফলকীয় ভূমিকম্পটোত।
-
কেট হাটন
কেট হাটন (Kate Hutton; জন্ম: ১৯৪৯), যাৰ উপনাম হ'ল আৰ্থকুৱেক লেডী (Earthquake Lady), ড° কেট, বা আৰ্থকুৱেক কেট। তেওঁ কেলিফৰ্ণিয়াৰ পাছাদেনাস্থিত কেলিফৰ্ণিয়া ইনষ্টিটিউট অৱ টেকন’লজীৰ এগৰাকী প্ৰাক্তন কৰ্মচাৰী তথা ভূকম্পবিজ্ঞানী আছিল, য’ত তেওঁ ৩৭ বছৰ ধৰি দক্ষিণ কেলিফৰ্ণিয়াৰ ভূমিকম্পৰ কাৰ্যকলাপ নিৰীক্ষণ…
-
মধ্যযুগত অসমত হোৱা ভূমিকম্পসমূহ
অসম এখন ভূমিকম্প প্ৰৱণ ৰাজ্য। কেৱল বৰ্তমান সময়তেই নহয়, ১২০০ খ্ৰীষ্টাব্দৰ পৰা ১৮০০ খ্ৰীষ্টাব্দলৈ বা মধ্যযুগৰ সময়ছোৱাটো এই অঞ্চলত কেইবাটাও লেখত ল'বলগীয়া ভূমিকম্প হৈছিল। এই ভূমিকম্পসমূহৰ তথ্য প্ৰাচীনকালত লিখা বুৰঞ্জীসমূহত পাব পাৰি।
-
১৪ ছেপ্টেম্বৰ, ২০২৫ ওদালগুৰি ভূমিকম্প
১৪ ছেপ্টেম্বৰ, ২০২৫ ওদালগুৰি ভূমিকম্প হৈছে ভাৰতৰ অসমৰ ওদালগুৰি জিলাত ১৪ ছেপ্টেম্বৰ ২০২৫ তাৰিখে প্ৰায় ১৬:৪১ বজাত (১১:১১ UTC) বজাত সংঘটিত হোৱা এক অগভীৰ, মধ্যমীয়া ভূমিকম্প। National Center for Seismology (NCS)-এ ইয়াৰ মাত্ৰা প্ৰায় ৫.৮ আৰু কেন্দ্ৰীয় গভীৰতা প্ৰায় ৫ কিলোমিটাৰ বুলি তথ্য প্ৰকাশ কৰিছে।
-
১৯৩০ চনৰ ধুবুৰীৰ ভূমিকম্প
১৯৩০ চনৰ ধুবুৰীৰ ভূমিকম্প (ইংৰাজী: 1930 Dhubri earthquake) স্থানীয় সময় অনুসৰি ৩ জুলাইৰ পুৱা ০৩:২৩ বজাত (ভাৰতীয় মান সময়) ভাৰতৰ (তেতিয়াৰ ব্ৰিটিছ ভাৰত) ধুবুৰীৰ সমীপত সংঘটিত হৈছিল। এই ভূমিকম্পৰ প্ৰাবল্য আছিল ৭.১ মেগ্নিটিউড।
-
১৯৬৪ চনৰ নিগাটা ভূমিকম্প
১৯৬৪ চনৰ নিগাটা ভূমিকম্প হৈছিল জাপানৰ স্থানীয় সময় অনুসৰি ১৩:০১ বজাত (০৪:০১ গ্ৰিনিজ মান সময়]) ১৬ জুনত। ভূমিকম্প মান আছিল ৭.৫ বা ৭.৬। এই ভূমিকম্পটোৱে নিগাটা চহৰৰ বহুত ক্ষতি সাধন কৰে সেয়ে এই ভূমিকম্পটোক নিগাটা ভূমিকম্প বোলা হয়। নিগাটা ভূমিকম্পত চহৰখনত বহুত ঠাইত মাটিৰ তৰলীকৰণ ঘটে।
-
২০২৫ ম্যানমাৰ ভূমিকম্প
২০২৫ চনৰ ২৪ মাৰ্চত ১২:৫০:৫২ এমএমটি (০৬:২০:৫২ ইউটিচি) ত ম্যানমাৰৰ ছাগাইং অঞ্চলত ৭.৭-ৰ ভূমিকম্প হৈছিল, যাৰ অভিকেন্দ্ৰ আছিল দেশৰ দ্বিতীয় বৃহত্তম চহৰ মাণ্ডালেৰ ওচৰত। ষ্ট্ৰাইক-স্লিপ শ্বকে সৰ্বাধিক পৰিৱৰ্তিত মেৰ্কেলি তীব্ৰতা IX (Violent) প্ৰাপ্ত কৰিছিল।