অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
ধৰ্ম আৰু দৰ্শন

ক্ষীৰ সাগৰ

হিন্দু ধৰ্মৰ ব্ৰহ্মাণ্ডৰ তত্ত্ব অনুযায়ী ক্ষীৰ সাগৰ (क्षीर सागर) হৈছে পৃথিৱীত থকা সাতখন সাগৰৰ পঞ্চমখন সাগৰ। ই ক্ৰৌঞ্চ নামৰ মহাদ্বীপটোক আগুৰি আছে। হিন্দু ধৰ্মৰ সাহিত্যসমূহত এই কথা উল্লেখ আছে যে দেৱতা আৰু অসুৰসকলে অমৃত আহৰণ কৰিবলৈ সহস্ৰ বছৰ ধৰি ক্ষীৰ সাগৰ মন্থন কৰিছিল।

হালনাগাদ: ২০ মে’ ২০২১ ১৩৮ শব্দ · ১ মিনিট সংগৃহীত ৭৮
সংশোধনৰ পৰামৰ্শ

হিন্দু ধৰ্মৰ ব্ৰহ্মাণ্ডৰ তত্ত্ব অনুযায়ী ক্ষীৰ সাগৰ (क्षीर सागर) হৈছে পৃথিৱীত থকা সাতখন সাগৰৰ পঞ্চমখন সাগৰ। ই ক্ৰৌঞ্চ নামৰ মহাদ্বীপটোক আগুৰি আছে।১ হিন্দু ধৰ্মৰ সাহিত্যসমূহত এই কথা উল্লেখ আছে যে দেৱতা আৰু অসুৰসকলে অমৃত আহৰণ কৰিবলৈ সহস্ৰ বছৰ ধৰি ক্ষীৰ সাগৰ মন্থন কৰিছিল।২ পুৰাণসমূহত এই বিষয়ে বিতং বৰ্ণনা পোৱা যায়। ক্ষীৰ সাগৰত বিষ্ণু লক্ষ্মীৰ কাষত শেষনাগৰ ওপৰত শয়ন কৰি থাকে। ৩

সমুদ্ৰ মন্থন

মূল প্ৰবন্ধ: সমুদ্ৰ মন্থন

দেৱাসুৰৰ দ্বাৰা সমুদ্ৰ মন্থন।
দেৱাসুৰৰ দ্বাৰা সমুদ্ৰ মন্থন।ছবি: Unknown author · Public domain

হিন্দুধৰ্মৰ আখ্যানসমূহৰ মতে বিষ্ণুৰ পৰামৰ্শমতে দেৱতা আৰু অসুৰ একগোট হৈ অমৃত আহৰণৰ বাবে ক্ষিইৰ সাগৰ মন্থ কৰিছিল। এই কাৰ্যত মন্থন দণ্ডৰ বাবে মন্দৰ পৰ্বতৰ ব্যৱহাৰ কৰা হৈছিল। মন্থন জৰীৰ ভূমিকা পালন কৰিছিল নাগৰাজ বাসুকীয়ে। সমুদ্ৰত ডুব নোযোৱাকৈ মন্দৰ পৰ্বতক ধৰি ৰাখিবলৈ বিষ্ণুৱে কুৰ্ম অৱতাৰ ধাৰণ কৰিছিল। মন্থন কাৰ্যত প্ৰথমে হলাহল বিষৰ উৎপত্তি হয় আৰু শিৱই এই বিষ নিজৰ গলত ধাৰণ কৰি নীলকণ্ঠ নাম পায়। ৪

বাল্মীকিৰ ৰামায়ণ৫ আৰু বেদব্যাসৰ মহাভাৰততো সমুদ্ৰ মন্থনৰ বৰ্ণনা পোৱা যায়।৬

তথ্যসূত্ৰ

  1. ↑ D. Dennis Hudson: The body of God: an emperor's palace for Krishna in eighth-century Kanchipuram, Oxford University Press US, 2008,, pp.164-168
  2. ↑ Churning the Ocean of Milk by Michael Buckley
  3. ↑ Padmanabhan. Concept of Sri Andal's Tiruppavai. R.P. Publications, 1995 - Krishna (Hindu deity) in literature - 296 pages. পৃ. 87
  4. ↑ Flood, Gavin. (1996). An Introduction to Hinduism. Cambridge University Press. ISBN 0-521-43878-0, pp. 78
  5. ↑ Online version of the Ramayana Canto 45 in English
  6. ↑ Online version of the Mahabharata in English

সম্পৰ্কিত শ্ৰেণী

হিন্দু কিংবদন্তি

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “ক্ষীৰ সাগৰ” প্ৰবন্ধৰ সংশোধন ২৭৮১৬২ (২০ মে’ ২০২১)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।