হিন্দী ভাষাৰ চলচ্চিত্ৰ পৰিচালক
৪৮ প্ৰবন্ধ
-
বিশ্বজিৎ বৰা
বিশ্বজিৎ বৰা (Biswajeet Bora; জন্ম: ৮ আগষ্ট ১৯৭৯) এগৰাকী ভাৰতীয় চলচ্চিত্ৰ পৰিচালক, প্ৰযোজক, লেখক তথা সম্পাদক। নিৰ্মাণৰ সময়ত কাৰ্বন নিৰপেক্ষ ভাৰতৰ প্ৰথমখন ছবি ২০১৫ চনত মুক্তিলাভ কৰা 'এইচা হে জাহান'ৰ জৰিয়তে তেওঁ পৰিচালক হিচাপে প্ৰথমবাৰৰ বাবে আত্মপ্ৰকাশ কৰিছিল।
-
ৰীমা কাগতি
ৰীমা কাগতি (Reema Kagti, পূৰ্বৰ নাম ৰীমা কাকতি) এগৰাকী ভাৰতীয় বোলছবি জগতৰ চলচ্চিত্ৰ পৰিচালক, অভিনেত্ৰী, কাহিনীকাৰ আৰু চিত্ৰনাট্যকাৰ। হনিমুন ট্ৰেভেলছ্ প্ৰাইভেট্ লিমিটেড (Honeymoon Travels Pvt. Ltd.) নামৰ সমালোচকৰ দ্বাৰা প্ৰশংসিত হিন্দী বোলছবিখনৰ জৰিয়তে তেওঁ প্ৰথম ছবি পৰিচালক হিচাপে পদাৰ্পন কৰিছিল।
-
কিৰণ ৰাও
কিৰণ ৰাও (Kiran Rao; জন্ম: ৭ নৱেম্বৰ ১৯৭৩) হিন্দী চলচ্চিত্ৰৰ এগৰাকী প্ৰযোজক, চিত্ৰনাট্যকাৰ আৰু পৰিচালক। ৰাও ২০১৬ চনত মহাৰাষ্ট্ৰৰ খৰাং প্ৰতিৰোধ অভিযানৰ বাবে কাম কৰিবলৈ গঠন কৰা পানী ফাউণ্ডেশ্যন নামৰ অলাভজনক সংস্থাটোৰ সহ-প্ৰতিষ্ঠাপক আছিল। তেওঁ মুম্বাই একাডেমী অফ দ্য মুভিং ইমেজৰ ব'ৰ্ড সদস্য।
-
মহেশ ভট্ট
মহেশ ভট্ট (জন্ম: ২০ ছেপ্টেম্বৰ ১৯৪৮) এজন ভাৰতীয় চলচ্চিত্ৰ পৰিচালক, প্ৰযোজক আৰু চিত্ৰনাট্যকাৰ যি হিন্দী চলচ্চিত্ৰ তেওঁৰ কামৰ বাবে পৰিচিত। তেওঁ চাৰিটা ৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটা আৰু তিনিখন ফিল্মফেয়াৰ বঁটা সহ কেইবাটাও প্ৰশংসা লাভ কৰিছে।
-
মোহিত সূৰী
মোহিত সূৰী (Mohit Suri; জন্ম: ১১ এপ্ৰিল ১৯৮১) এগৰাকী ভাৰতীয় চলচ্চিত্ৰ পৰিচালক। তেওঁ মাৰ্ডাৰ ২ (২০১১), মিউজিকেল ৰোমান্সধৰ্মী কথাছবি আশিকি ২ (২০১৩), ৰোমাণ্টিক একশ্যন-থ্ৰিলাৰধৰ্মী কথাছবি আৱাৰাপান (২০০৭), এক ভিলেইন (২০১৪), মালাং (২০২০) আৰু ছাইয়াৰা (২০২৫) আদি পৰিচালনা কৰে।
-
অলংকৃতা শ্ৰীবাস্তৱ
অলংকৃতা শ্ৰীবাস্তৱ (Alankrita Shrivastava) হৈছে এগৰাকী ভাৰতীয় চিত্ৰনাট্যকাৰ আৰু চলচ্চিত্ৰ পৰিচালক। ২০১১ চনত পৰিচালক হিচাপে অভিষেক ঘটোৱা অলংকৃতাই বিগত সময়ত একাধিক ছবিৰ চিত্ৰনাট্য লিখিছে আৰু ছবিৰ পৰিচালনা কৰিছে।
-
নিতিন বসু
নিতিন বসু (: Nitin Bose; ২৬ এপ্ৰিল ১৮৯৭-১৪ এপ্ৰিল ১৯৮৬) এজন ভাৰতীয় চলচ্চিত্ৰ পৰিচালক, চিত্ৰগ্ৰহণকাৰী আৰু চিত্ৰনাট্যকাৰ। তেওঁৰ জন্ম কলিকতাত আৰু মৃত্যুও একেখন চহৰতে হয়। ১৯৩০ৰ দশক আৰু ১৯৪০ দশকৰ প্ৰথমৰ ফালে বঙালী আৰু হিন্দী দুয়োটা ভাষাতে ছবি নিৰ্মাণ কৰা নিউ থিয়েটাৰৰ সৈতে কাম কৰিছিল।
-
কে বালচন্দৰ
কৈলাসম বালচন্দৰ (Kailasam Balachandar; ৯ জুলাই ১৯৩০- ২৩ ডিচেম্বৰ ২০১৪ ) এজন ভাৰতীয় নাট্যকাৰ, চলচ্চিত্ৰ পৰিচালক, চলচ্চিত্ৰ প্ৰযোজক, চিত্ৰনাট্যকাৰ আৰু অভিনেতা, যি মূলতঃ তামিল চলচ্চিত্ৰৰ সৈতে জড়িত আছিল।
-
কে বিশ্বনাথ
কাছিনাধুনী বিশ্বনাথ (Kasinadhuni Viswanath; ১৯ ফেব্ৰুৱাৰী ১৯৩০ – ২ ফেব্ৰুৱাৰী ২০২৩) এগৰাকী ভাৰতীয় চলচ্চিত্ৰ পৰিচালক, চিত্ৰনাট্যকাৰ, গীতিকাৰ আৰু অভিনেতা। তেওঁ মূলতঃ তেলেগু চলচ্চিত্ৰৰ সৈতে জড়িত আছিল।
-
গৌৰী শিন্দে
গৌৰী শিন্দে (Gauri Shinde; জন্ম: ৬ জুলাই ১৯৭৪) এগৰাকী ভাৰতীয় চলচ্চিত্ৰ পৰিচালক আৰু চিত্ৰনাট্যকাৰ। বহু প্ৰশংসিত ইংলিছ ভিংলিছ (২০১২) ছবিৰ জৰিয়তে শিন্দেই পৰিচালনাত আত্মপ্ৰকাশ কৰে। এই ছবিখনৰ যোগেদি অভিনেত্ৰী শ্ৰীদেৱীৰ দীৰ্ঘ বিৰতিৰ পিছত প্ৰত্যাৱৰ্তন কৰিছিল।
-
পি জয়ৰাজ
পাইদী জয়ৰাজ ( Paidi Jairaj; জন্ম ২৮ ছেপ্টেম্বৰ ১৯০৯ – ১১ আগষ্ট ২০০০) এজন ভাৰতীয় অভিনেতা, পৰিচালক আৰু প্ৰযোজক, যিয়ে মূলতঃ হিন্দী চলচ্চিত্ৰৰ বাবে বিশেষভাবে পৰিচিত। তেওঁ মাৰাঠী, গুজৰাটী, তেলেগু ভাষাৰ চলচ্চিত্ৰ আৰু তেলেগু থিয়েটাৰৰ সৈতেও জড়িত আছিল।
-
ভালজী পেন্ধাৰকৰ
ভালজী পেন্ধাৰকৰ ( Bhalji Pendharkar; ৩ মে’ ১৮৯৭-২৬ নৱেম্বৰ ১৯৯৪) ভাৰতৰ এজন চলচ্চিত্ৰ ব্যক্তিত্ব। তেওঁ ৬০খনত অধিক মাৰাঠী আৰু ৮খন হিন্দী চলচ্চিত্ৰ নিৰ্মাণ কৰিছে। ভাৰতীয় চলচ্চিত্ৰলৈ আগবঢ়োৱা অৱদানৰ স্বীকৃতি স্বৰূপে তেওঁক ১৯৯১ চনত দাদা চাহেব ফাল্কে বঁটাৰে সন্মানিত কৰা হয়।
-
মেঘনা গুলজাৰ
মেঘনা গুলজাৰ (Meghna Gulzar; এগৰাকী ভাৰতীয় লেখক, পৰিচালক আৰু প্ৰযোজক। ২০১৮ চনৰ বলীউডী ছবি ৰাজী পৰিচালনাৰ বাবে তেওঁ অধিক পৰিচিত। ১৯৯৯ চনত দেউতাকৰ পৰিচালনাৰ হু-তু-তুৰ চিত্ৰনাট্যকাৰ হিচাপে অভিষেক ঘটাৰ পিছত ২০০০ চনত মেঘনা পৰিচালিত প্ৰথমখন ছবি ফিলহাল মুক্তি পায়; যদিও সেই দশকটোত তেওঁ পৰিচালনাত সফলতা…
-
ৰোহিত শেট্টী
ৰোহিত শেট্টী (জন্ম ১৪ মাৰ্চ ১৯৭৪) এগৰাকী ভাৰতীয় চলচ্চিত্ৰ নিৰ্মাতা, চিত্ৰনাট্যকাৰ, ষ্টাণ্টম্যান, প্ৰযোজক আৰু টেলিভিছন ব্যক্তিত্ব, যিয়ে হিন্দী চলচ্চিত্ৰ জগতত কৰ্মৰত। হিন্দী চিনেমাৰ এজন প্ৰসিদ্ধ পৰিচালক হিচাপে, তেওঁৰ চিনেমাবোৰ সাধাৰণতে এক্সন-কমেডি আৰু মছলা ধৰণৰ চলচ্চিত্ৰৰ সংমিশ্ৰণ হৈ থাকে।
-
আদিত্য ধৰ
আদিত্য ধৰ (Aditya Dhar; জন্ম: ১২ মাৰ্চ ১৯৮৩) এগৰাকী ভাৰতীয় চলচ্চিত্ৰ পৰিচালক, চিত্ৰনাট্যকাৰ, গীতিকাৰ আৰু প্ৰযোজক। তেওঁ হিন্দী চলচ্চিত্ৰত কাম কৰে। উৰি: দ্য চাৰ্জিকেল ষ্ট্ৰাইক (২০১৯) আৰু ধুৰন্ধৰ (২০২৫) পৰিচালনাৰ বাবে তেওঁ বেছিকৈ পৰিচিত।
-
গোবিন্দ নিহলানী
গোবিন্দ নিহলানী (Govind Nihalani; ১৯ ডিচেম্বৰ ১৯৪০) এজন ভাৰতীয় চলচ্চিত্ৰ পৰিচালক, চিনেমাটোগ্ৰাফাৰ, চিত্ৰনাট্যকাৰ আৰু প্ৰযোজক; বিশেষকৈ সমান্তৰাল হিন্দী চিনেমা আন্দোলনৰ বাবে তেওঁ পৰিচিত। তেওঁ ছটা ৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটা, আৰু পাঁচটা ফিল্মফেয়াৰ বঁটা লাভ কৰিছে।
-
নিতেশ তিৱাৰী
নিতেশ তিৱাৰী (Nitesh Tiwari; জন্ম: ২২ মে' ১৯৭৩) হিন্দী ছবি-জগতত পৰিচিত এজন ভাৰতীয় চলচ্চিত্ৰ পৰিচালক, প্ৰযোজক, চিত্ৰনাট্যকাৰ, আৰু গীতিকাৰ। তেওঁ চিলাৰ পাৰ্টি (২০১১) ছবিৰ সহ-পৰিচালক হিচাপে আত্মপ্ৰকাশ কৰে যিখন ছবিয়ে শ্ৰেষ্ঠ শিশু চলচ্চিত্ৰৰ ৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটা লাভ কৰে।
-
হিমাংশু ৰায়
হিমাংশু ৰায় ( Himanshu Rai; জন্ম: ১৮৯২ – ১৬ মে ১৯৪০), ভাৰতীয় চলচ্চিত্ৰৰ জগতৰ এগৰাকী বাটকটীয়া আৰু ফিল্ম ষ্টুডিঅ’ৰ প্ৰতিষ্ঠাতা ৰূপে সৰ্বজনবিদিত। ১৯৩৪ চনত, তেওঁ প্ৰখ্যাত অভিনেত্ৰী আৰু পত্নী দেৱিকা ৰাণীৰ সৈতে লগ-লাগি বম্বে টকীজ প্ৰতিষ্ঠা কৰিছিল।