অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
সমাজ আৰু জীৱনধাৰা

ভিয়েটনামী সুৰা

ভিয়েটনামী সুৰা হৈছে ভিয়েটনামত উৎপাদিত সুৰা। প্ৰথমে ফৰাচী ঔপনিৱেশিক কালত ঊনবিংশ শতিকাৰ শেষৰ ফালে এই অঞ্চলত ভিটিকালচাৰ বা আঙুৰৰ খেতি কৰা হৈছিল। ফৰাচী ঔপনিৱেশিকসকল ভিটিছ ভিনিফেৰা অৰ্থাৎ সাধাৰণতে পোৱা আঙুৰৰ প্ৰতি অভ্যস্ত আছিল আৰু অঞ্চলটোৰ ক্ৰান্তীয় জলবায়ু ইয়াৰ বাবে অনুকূল নাছিল।

হালনাগাদ: ২৪ ছেপ্তেম্বৰ ২০২৬ ২৯২ শব্দ · ২ মিনিট সংগৃহীত ৭৪
সংশোধনৰ পৰামৰ্শ

ভিয়েটনামী সুৰা হৈছে ভিয়েটনামত উৎপাদিত সুৰা। প্ৰথমে ফৰাচী ঔপনিৱেশিক কালত ঊনবিংশ শতিকাৰ শেষৰ ফালে এই অঞ্চলত ভিটিকালচাৰ বা আঙুৰৰ খেতি কৰা হৈছিল। ফৰাচী ঔপনিৱেশিকসকল ভিটিছ ভিনিফেৰা অৰ্থাৎ সাধাৰণতে পোৱা আঙুৰৰ প্ৰতি অভ্যস্ত আছিল আৰু অঞ্চলটোৰ ক্ৰান্তীয় জলবায়ু ইয়াৰ বাবে অনুকূল নাছিল। সেয়েহে সুৰা উদ্যোগটোৱে ফলৰ সুৰা উৎপাদনৰ প্ৰতি মনোযোগ দিবলৈ লয়। বিংশ শতিকাৰ শেষৰ ফালে অষ্ট্ৰেলিয়াৰ দৰে অঞ্চলৰ পৰা সুৰা উৎপাদনকাৰীসকলৰ সহায়ত ভিটিছ ভিনিফেৰাৰ বিকাশৰ ওপৰত নতুনকৈ গুৰুত্ব দিয়া হয়। ১৯৫৫ চনত অষ্ট্ৰেলিয়ান সুৰা উৎপানকাৰীসকলৰ সৈতে এক যৌথ উদ্যোগত ভিয়েটনাম যুদ্ধৰ সময়ত লেণ্ডমাইনৰ দ্বাৰা পৰিৱেষ্টিত অঞ্চলত কেবাৰনেট চাউভিনন আৰু চাৰ্ডোনাইৰ দৰে আন্তৰ্জাতিক আঙুৰ পুনৰ প্ৰৱৰ্তন কৰাৰ বাবে এক আগ্ৰাসী ৰোপণ আঁচনি আৰম্ভ কৰা হয়।১

কৃষিক্ষেত্ৰ আৰু ভিটিকালচাৰ

ভিয়েটনাম কৰ্কট আৰু বিষুৱ ৰেখাৰ মাজত ক্ৰান্তীয় অঞ্চলত অৱস্থিত আৰু ইয়াত ক্ৰান্তীয় অঞ্চলত সাধাৰণতে থকা উচ্চ আৰ্দ্ৰতা আৰু গ্ৰীষ্মকালীন বৃষ্টিপাত বিদ্যমান। ভিয়েটনামৰ ভৌগোলিক পৰিৱেশ পাহাৰীয়া বাবে ই গ্ৰীষ্মমণ্ডলীয় প্ৰভাৱৰ পৰা কিছু সকাহ দিব পাৰে আৰু লগতে ভিটিকালচাৰৰ বিকাশ হ'ব পৰা বিভিন্ন অণু-জলবায়ু (Microclimate) সৃষ্টি কৰিব পাৰে। টনকিন উপসাগৰ, মেকং আৰু ৰেড ৰিভাৰছেও জলবায়ুৰ ওপৰত প্ৰভাৱ বিস্তাৰ কৰে। বছৰজুৰি বাহাল থকা উষ্ণতাৰ বাবে ভিয়েটনামৰ দক্ষিণ অঞ্চলৰ লতিকাক্ষেত্ৰবোৰত (vineyards) একোটা কেলেণ্ডাৰ বৰ্ষত তিনিবাৰলৈকে শস্য চপাব পৰা যায়। কোনো কোনো প্ৰকাৰৰ গছ এজোপাই ৰোপণৰ এবছৰৰ ভিতৰত নতুন কাটিংৰ পৰা ফল উৎপাদন কৰিব পাৰে।১

ফৰাচী ঔপনিৱেশিকসকলে হানয়ৰ ওচৰৰ বা ভাই পৰ্বতমালাৰ চাৰিওফালে থকা উচ্চভূমি অঞ্চলত তেওঁলোকৰ লতিকাক্ষেত্ৰ বা ভাইনয়াৰ্ডসমূহ স্থাপন কৰিছিল। আধুনিক ভিটিকালচাৰেল কৌশলে আগ্ৰাসী প্ৰুনিং আৰু ট্ৰেলিজিঙৰ পাৰ্গোলাছ শৈলী গ্ৰহণৰ সৈতে কিছু সফল ফলাফল প্ৰস্তুত কৰিছে। এই পাৰ্গোলাছ ট্ৰেলিজত আঙুৰলতাবোৰ মাটিৰ পৰা নিলগাই ৰখাৰ সুবিধা আছে যি পাউডাৰি মিলডিউ বিকশিত হোৱাৰ আশংকা হ্ৰাস কৰে। আঙুৰৰ থোপাবোৰক ইয়াৰ উৎপাদন হ্ৰাস কৰা লতাসমূহৰ দ্বাৰা ছাঁ দিয়া হয়।২

লতিকাক্ষেত্ৰ স্থাপন কৰা অন্যান্য এলেকাবোৰৰ ভিতৰত প্ৰধান হৈছে চেণ্ট্ৰেল হাইলেণ্ড অঞ্চলৰ লগতে আন্নামাইট ৰেঞ্জ আৰু ফান ৰাঙৰ চৌপাশৰ থুৱান নিন্হৰ দক্ষিণ উপকূলীয় সমভূমি থাপ চাম য'ত ভিয়েটনামৰ প্ৰথম বাণিজ্যিক সুৰা উৎপাদন কেন্দ্ৰ থিয়েন থাই ৱাইনৰী অৱস্থিত।৩১

২০০৫ চনলৈকে ভিয়েটনামত মূলতঃ কাৰ্ডিনেল আৰু চাম্বুৰ্চিন প্ৰজাতিৰ আঙুৰ ৰোপণ কৰা হৈছিল। দেশৰ স্থানীয় ফলৰ পৰা তৈয়াৰ কৰা ফলৰ সুৰাই ভিয়েটনামৰ সুৰা উৎপাদনৰ এক বৃহৎ অংশ অধিকাৰ কৰি আছে। ব্ৰিটিছ প্ৰতিষ্ঠান এলাইড ডোমেক আৰু অষ্ট্ৰেলিয়ান সুৰা উৎপাদনকাৰীসকলে অঞ্চলটোত অধিক পৰিমাণে আন্তৰ্জাতিক আঙুৰৰ প্ৰকাৰ প্ৰৱৰ্তন কৰাৰ লগতে সুৰা উৎপাদন সন্দৰ্ভত পৰীক্ষা-নিৰীক্ষা কৰিছিল। শেহতীয়াকৈ মাইনসমূহ উঠাই পেলোৱা অঞ্চলবোৰত বহুতো নতুন লতিকাক্ষেত্ৰ স্থাপন কৰা হৈছে।১

তথ্যসূত্ৰ

  1. ↑ J. Robinson (ed) "The Oxford Companion to Wine" Third Edition pg 734 Oxford University Press 2006
  2. ↑ J. Robinson (ed) "The Oxford Companion to Wine" Third Edition pg 692 Oxford University Press 2006
  3. ↑ Cheah, Nam. (15 August). The Vineyards of Southern Vetnam. Whetstonemagazine.com

সম্পৰ্কিত শ্ৰেণী

সুৰা

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “ভিয়েটনামী সুৰা” প্ৰবন্ধৰ সংশোধন ৬৩৭৬২৭ (২৪ ছেপ্তেম্বৰ ২০২৬)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।