অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
স্বাস্থ্য আৰু চিকিৎসা

সৰ্প সুৰা

সৰ্প সুৰা বা শ্বে জ্যউ (Snake wine) এবিধ নিচাযুক্ত পানীয়। এই পানীয়বিধ একোটা সাপ চাউলৰ পৰা প্ৰস্তুত কৰা সুৰাৰ সৈতে নিষিক্ত কৰি প্ৰস্তুত কৰা হয়। এই সুৰাবিধ পশ্চিম ঝও ৰাজ্যৰ সময়ছোৱাত (খ্ৰীষ্টপূৰ্ব ১০৪০-৭৭০) চীনত সেৱন কৰা গৈছিল বুলি প্ৰাৰম্ভিক নথিসমূহত পোৱা গৈছে।

হালনাগাদ: ৭ নৱেম্বৰ ২০২৪ ৩৪৩ শব্দ · ২ মিনিট সংগৃহীত ৭৬
সংশোধনৰ পৰামৰ্শ
url-status=live}}</ref> বাঁওফালৰ বটলত ফেঁ‌টীসাপৰ সুৰা (ৰুঅ' ৰান)।
url-status=live}}</ref> বাঁওফালৰ বটলত ফেঁ‌টীসাপৰ সুৰা (ৰুঅ' ৰান)।ছবি: Khương Việt Hà · CC BY-SA 3.0
বৃশ্চিকৰ সৈতে সৰ্প সুৰা।
বৃশ্চিকৰ সৈতে সৰ্প সুৰা।ছবি: Jorge Lascar · CC BY-SA 2.0

সৰ্প সুৰা বা শ্বে জ্যউ (Snake wine) এবিধ নিচাযুক্ত পানীয়। এই পানীয়বিধ একোটা সাপ চাউলৰ পৰা প্ৰস্তুত কৰা সুৰাৰ সৈতে নিষিক্ত কৰি প্ৰস্তুত কৰা হয়। এই সুৰাবিধ পশ্চিম ঝও ৰাজ্যৰ সময়ছোৱাত (খ্ৰীষ্টপূৰ্ব ১০৪০-৭৭০) চীনত সেৱন কৰা গৈছিল বুলি প্ৰাৰম্ভিক নথিসমূহত পোৱা গৈছে। পৰম্পৰাগত চীনা ঔষধিবিদ্যাৰ মতে এই পানীয়বিধত নিৰাময়কাৰী আৰু যৌন শক্তিবৰ্ধক গুণ আছে বুলি গণ্য কৰা হৈছিল।১ এনেধৰণৰ পানীয় চীন, ভিয়েটনাম, জাপানৰ অ'কিনাৱা, লাউচ, থাইলেণ্ড, কম্বোডিয়া, ভাৰতৰ গোৱা আৰু সমগ্ৰ দক্ষিণ-পূব এচিয়াত পোৱা যায়।

বিষাক্ত সাপসমূহ এইবিলাকৰ বিষ পানীয়ত দ্ৰৱীভূত হ'বৰ বাবে সংৰক্ষিত কৰা হৈছিল। সাপৰ বিষত থকা প্ৰোটিনসমূহ ইথানলত খণ্ডিত হৈ পৰে আৰু সেয়ে সদায়েই নহ'লেও সাধাৰণতে প্ৰস্তুতি সম্পূৰ্ণ হোৱা পানীয় সেৱন বিপদমুক্ত হয়।২ টাইৱানৰ টাইপেইত অৱস্থিত হুৱাজি নাইট মাৰ্কেট সৰ্প আধাৰিত খাদ্য আৰু সুৰাৰ বাবে জনাজাত।

ইতিহাস

সাপ আৰু ইয়াৰ আভ্যন্তৰীণ অংগ-প্ৰত্যংগসমূহ পৰম্পৰাগত চীনা ঔষধিৰ অনুসৰণকাৰীসকলৰ মাজত দীৰ্ঘদিন ধৰি জীৱনীশক্তি আৰু স্বাস্থ্যৰ বাবে অমূল্য হিচাপে বিবেচিত হৈ আহিছে। পশ্চিম ঝাও ৰাজ্যৰ সময়ত (খ্ৰীষ্টপূৰ্ব ৭৭১) চীনদেশত এইবিধ পানীয়ৰ ব্যৱহাৰৰ কথা প্ৰথমবাৰৰ বাবে লিপিৱদ্ধ কৰা হয় আৰু চিকিৎসাৰ বাবে সাপৰ ব্যৱহাৰৰ কথা চিকিৎসাৰ বিষয়ক পুথি শ্বেন নং বেন কাও জিঙত (খ্ৰীষ্টপূৰ্ব ৩০০-ৰ পৰা ২০০ চনৰ ভিতৰত সংকলিত) উল্লেখ কৰা হয়।৩ বিভিন্ন সাপৰ মল, অংগ-প্ৰত্যংগৰ ব্যৱহাৰ আৰু বিভিন্নধৰণৰ প্ৰস্তুত প্ৰণালীৰ বিষয়ে লি শ্বিজেনৰ বেনকাও গাংমুত বিতংভাৱে পোৱা যায়।৪ ১৫৫৪ চনত কাৰাবাসত হোৱা জখমৰ বাবে মিং ৰাজ্যৰ য়াং জিছেঙক সাপৰ পিত্ত দিয়া হৈছিল।৫

ঔষধি গুণৰ অৱস্থিতিৰ দাবী

সাপে ঔষধি গুণ বহন কৰে বুলি বহুলভাৱে বিশ্বাস কৰা হয় আৰু এই সুৰাই প্ৰায়েই চকুৰ দৃষ্টিশক্তিৰ পৰা আৰম্ভ কৰি কৰি চুলি সৰালৈকে প্ৰায় আটাইবোৰ ৰোগ নিৰাময় কৰাৰ উপৰি যৌন ক্ষমতা বৃদ্ধি কৰে বুলি প্ৰচাৰ কৰা হয়।৩৪ ভিয়েটনামত সৰ্প সুৰাৰ প্ৰচলিত থলুৱা নাম ৰুঅ'ও থুঅ'ক। ইয়াক ৰুঅ'ও ৰেন নামেৰেও জনা যায়।৬ ভিয়েটনামৰ সংস্কৃতিত কিছিসংখ্যক লোকে এই কথা বিশ্বাস কৰে যে সৰ্প সুৰাই স্বাস্থ্য আৰু পুৰুষত্ব বৃদ্ধি কৰে।৭ জেঠীজাতীয় একপ্ৰকাৰৰ সৰীসৃপ আৰু সামুদ্ৰিক ঘোঁৰা শুকুৱাই একেধৰণৰ এবিধ পানীয় প্ৰস্তুত কৰা হয়।৮ এলকহলৰ পৰিমাণ অধিক হোৱাৰ বাবে সৰ্প সুৰা পৰম্পৰাগতভাৱে শ্বট গিলাচত সেৱন কৰা হয়।

বহুতো দেশলৈ সৰ্প সুৰা আমদানি কৰাটো বেআইনী কিয়নো এই সুৰাত ব্যৱহাৰ কৰা বহুতো সাপৰ প্ৰজাতি বিপন্ন অৱস্থাত আছে।৯

স্বাস্থ্যসন্মত আশংকা

সৰ্প সুৰা সেৱনৰ পৰা হ'ব পৰা বিপদৰ আশংকাসমূহৰ ভিতৰত অন্যতম হৈছে সাপৰ বিষৰ দ্বাৰা আক্ৰান্ত হোৱাটো। এই বিষৰ লক্ষণ পোনপটীয়াকৈ সাপে খুটিলে হোৱা লক্ষণতকৈ ভিন্ন হ'ব পাৰে। ইয়াৰ ফলত ৰক্তনলী সম্পৰ্কীয় বিভিন্ন সমস্যাই দেখা দিব পাৰে।২

তথ্যসূত্ৰ

  1. ↑ (2007-04-09). আৰ্কাইভ কপি
  2. ↑ Moon, Jeong Mi; Chun, Byeong Jo. (2016-06-01). Severe Coagulopathy after Ingestion of "Snake Wine". The Journal of Emergency Medicine. পৃ. 848–851
  3. ↑ 关, 海珊. (2008-01-22). zh:趣谈蛇酒的来历与药用价值
  4. ↑ 李, 時珍. (1578–1593). zh:本草綱目
  5. ↑ Hammond, Kenneth J. (2012). Pepper Mountain: The Life, Death, and Posthumous Career of Yang Jisheng. Routledge. পৃ. 69. ISBN 978-0-415-54189-3
  6. ↑ Galván, J.A. (2014). They Do What? A Cultural Encyclopedia of Extraordinary and Exotic Customs from around the World: A Cultural Encyclopedia of Extraordinary and Exotic Customs from around the World. ABC-CLIO. পৃ. 294. ISBN 978-1-61069-342-4
  7. ↑ Wick, Anemi. (2 September 2018). Vietnam’s famous alcohol aphrodisiac can boost your sex drive – but do you have any idea what’s in it?. South China Morning Post
  8. ↑ Mandel, Peter. (April 22, 2007). Snake Wine. The Washington Post Company
  9. ↑ Rich Phillips. (May 7, 2009). Name your poison: 'Snake wine' seized at airport. CNN

সম্পৰ্কিত শ্ৰেণী

সুৰা

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “সৰ্প সুৰা” প্ৰবন্ধৰ সংশোধন ৪৪৩১২৫ (৭ নৱেম্বৰ ২০২৪)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।