অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
জীৱনী

ফাতিমা শ্বেখ

ফাতিমা শ্বেখ (Fatima Sheikh, ৯ জানুৱাৰী ১৮৩১ - অজ্ঞাত) এগৰাকী ভাৰতীয় শিক্ষাবিদ আৰু সমাজ সংস্কাৰক আছিল। তেওঁ সমাজ সংস্কাৰক জ্যোতিৰাও ফুলে আৰু সাৱিত্ৰীবাই ফুলেৰ সহকৰ্মী আছিল। তেওঁক ভাৰতৰ প্ৰথম মুছলমান শিক্ষয়িত্ৰী বুলি গণ্য কৰা হয়। ফুলেই প্ৰতিষ্ঠা কৰা পাঁচোখন বিদ্যালয়তে তেওঁ অধ্যাপনা কৰিছিল।

হালনাগাদ: ৯ জানুৱাৰী ২০২২ ১৮২ শব্দ · ১ মিনিট সংগৃহীত ৭৯
সংশোধনৰ পৰামৰ্শ

ফাতিমা শ্বেখ (Fatima Sheikh, ৯ জানুৱাৰী ১৮৩১ - অজ্ঞাত) এগৰাকী ভাৰতীয় শিক্ষাবিদ আৰু সমাজ সংস্কাৰক আছিল। তেওঁ সমাজ সংস্কাৰক জ্যোতিৰাও ফুলে আৰু সাৱিত্ৰীবাই ফুলেৰ সহকৰ্মী আছিল।১২ তেওঁক ভাৰতৰ প্ৰথম মুছলমান শিক্ষয়িত্ৰী বুলি গণ্য কৰা হয়। ফাতিমা শ্বেখ মিয়া উছমান শ্বেখৰ ভগ্নী আছিল। মিয়া উছমানৰ ঘৰত জ্যোতিবা আৰু সাৱিত্ৰীবাই ফুলে বসবাস কৰিছিল। ফুলেৰ বিদ্যালয়ত দলিত শিশুসকলক শিক্ষিত কৰা আৰম্ভ কৰা তেওঁ আধুনিক ভাৰতৰ প্ৰথম মুছলমান শিক্ষয়িত্ৰী আছিল। জ্যোতিবা আৰু সাৱিত্ৰীবাই ফুলে ফাতিমা শ্বেখৰ সৈতে দলিত সমাজত শিক্ষাৰ প্ৰসাৰৰ দায়িত্ব গ্ৰহণ কৰিছিল। আমেৰিকান মিছনেৰী চিন্থিয়া ফাৰাৰৰ দ্বাৰা পৰিচালিত শিক্ষক প্ৰশিক্ষণ প্ৰতিষ্ঠানত যোগদান কৰাৰ পিছত তেওঁ সাৱিত্ৰীবাই ফুলেক লগ পাইছিল।৩ ফুলেই প্ৰতিষ্ঠা কৰা পাঁচোখন বিদ্যালয়তে তেওঁ অধ্যাপনা কৰিছিল। তেওঁ সকলো ধৰ্ম আৰু জাতিৰ শিশুক শিক্ষাদান কৰিছিল। শ্বেখে ১৮৫১ চনত মুম্বাইত দুখন বিদ্যালয় স্থাপনত আগভাগ লৈছিল।৪

জীৱনী

১৮৩১ চনৰ ৯ জানুৱাৰী তাৰিখে কোম্পানী ৰাজৰ অন্তৰ্ভুক্ত বোম্বে প্ৰেছিডেন্সীৰ পুনেত ফাতিমা শ্বেখৰ জন্ম হৈছিল। তেওঁ আমেৰিকান শিক্ষক প্ৰশিক্ষণ প্ৰতিষ্ঠানত সাৱিত্ৰীবাই ফুলেক লগ পাইছিল। মহাত্মা ফুলে আৰু সাৱিত্ৰীবাই ফুলে ১৮৪৮ চনত পুনেত এখন বালিকা বিদ্যালয় আৰম্ভ কৰিছিল। ফাতিমা শ্বেখে এই বিদ্যালয়ত শিক্ষয়িত্ৰী হিচাপে কাম কৰি আছিল। মহাত্মা ফুলে আৰু সাবিত্ৰীবাই ফুলে শ্বেখৰ ঘৰত বাস কৰাৰ সময়ত এই বিদ্যালয়খন আৰম্ভ কৰাৰ পিছত তেওঁলোকৰ ঘৰ এৰিব লগা হৈছিল। ফাতিমা শ্বেখে সাৱিত্ৰীবাইৰ সহযোগত শিক্ষকতাৰ কাম আৰম্ভ কৰিছিল। তেওঁ সকলো ধৰ্ম আৰু জাতিৰ শিশুক শিকাইছিল।

শ্বেখে গোটেই জীৱন সমতাৰ বাবে আৰু সমাজৰ পৰা বৰ্ণ বৈষম্য আঁতৰাবলৈ কাম কৰিছিল। তেওঁ দাৰোদাৰলৈ গৈছিল আৰু শিক্ষাৰ গুৰুত্ব বুজাবলৈ প্ৰচাৰৰ কামত যোগ দিছিল। সাৱিত্ৰীবাই ফুলেৰ দৰে ফাতিমা শ্বেখ সেই সময়ৰ লোকসকলৰ দ্বাৰা পীড়িত হৈছিল। তেওঁ সত্যশোধক সমাজৰ লগতো জড়িত আছিল।

১৮৫৬ চনৰ ১০ অক্টোবৰত মহাত্মা ফুলেলৈ লিখা এখন পত্ৰত সাৱিত্ৰীবাই ফুলে ফাতিমা শ্বেখৰ কথা উল্লেখ কৰিছিল। সাৱিত্ৰীবাই নিজৰ স্বাস্থ্যৰ বিষয়ে সেই পত্ৰখন লিখিছিল।

শ্বাহিন বাগৰ প্ৰতিবাদস্থলীত এখন বাছ ষ্টপত ফাতিমা শ্বেখ সাৱিত্ৰীবাই ফুলে অস্থায়ী পুথিভঁৰাল
শ্বাহিন বাগৰ প্ৰতিবাদস্থলীত এখন বাছ ষ্টপত ফাতিমা শ্বেখ সাৱিত্ৰীবাই ফুলে অস্থায়ী পুথিভঁৰালছবি: DTM · CC BY-SA 4.0

সন্মান

২০১৪ চনত ভাৰত চৰকাৰে উৰ্দু পাঠ্যপুথিত ফাতিমা শ্বেখৰ জীৱনৰ ওপৰত এখন পাঠ আৰু আলোকচিত্ৰ অন্তৰ্ভুক্ত কৰিছিল। ২০২১ চনৰ ৯ জানুৱাৰী তাৰিখে গুগলে তেওঁৰ ১৯১তম জন্ম বাৰ্ষিকী উপলক্ষে ডুডল প্ৰদৰ্শন কৰি সন্মানিত কৰে।৫

তথ্যসূত্ৰ

  1. ↑ Susie J. Tharu; K. Lalita. (1991). Women Writing in India: 600 B.C. to the early twentieth century. Feminist Press at CUNY. পৃ. 162. ISBN 978-1-55861-027-9
  2. ↑ Madhu Prasad. (2019). Elementary Education in India: Policy Shifts, Issues and Challenges. ISBN 9781000586954
  3. ↑ (2019-05-23). Empire, Civil Society, and the Beginnings of Colonial Education in India. Cambridge University Press. ISBN 978-1-108-65626-9
  4. ↑ (2019-05-23). Empire, Civil Society, and the Beginnings of Colonial Education in India. Cambridge University Press. ISBN 978-1-108-65626-9
  5. ↑ (2022-01-09). Google doodle celebrates educator, feminist icon Fatima Sheikh’s 191st birthday. Hindustan Times

সম্পৰ্কিত শ্ৰেণী

সমাজ সংস্কাৰকশিক্ষাবিদ

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “ফাতিমা শ্বেখ” প্ৰবন্ধৰ সংশোধন ৩১০৫৮৪ (৯ জানুৱাৰী ২০২২)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।