অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
জীৱনী

বালকদাস

গুৰু বালকদাস (Guru Balakdas, ১৮০৫-১৮৬০) মহান ক্ৰান্তিকাৰী, সমাজ সুধাৰক, যোগ পুৰুষ আৰু মানৱাধিকাৰৰ কাৰণে সৎনাম আন্দোলনৰ প্ৰণেতা তথা সৎনাম ধৰ্মৰ সংস্থাপক গুৰু ঘাসীদাসদেৱৰ দ্বিতীয় পুত্ৰ তথা উত্তৰাধিকাৰী আছিল।

হালনাগাদ: ৭ জুন ২০২১ ১৬৬ শব্দ · ১ মিনিট সংগৃহীত ৮৪
সংশোধনৰ পৰামৰ্শ

গুৰু বালকদাস (Guru Balakdas, ১৮০৫-১৮৬০) মহান ক্ৰান্তিকাৰী, সমাজ সুধাৰক, যোগ পুৰুষ আৰু মানৱাধিকাৰৰ কাৰণে সৎনাম আন্দোলনৰ প্ৰণেতা তথা সৎনাম ধৰ্মৰ সংস্থাপক গুৰু ঘাসীদাসদেৱৰ দ্বিতীয় পুত্ৰ তথা উত্তৰাধিকাৰী আছিল।১

জন্ম

গুৰু বালকদাস দেৱৰ জন্ম ১৮ আগষ্ট ১৮০৫ চনত মধ্য ভাৰতৰ ছত্তীসগঢ় ৰাজ‍্যৰ গিৰৌদপুৰী গাঁৱত হৈছিল।১ তেওঁ সৎনাম ধৰ্মৰ সংস্থাপক পৰম পূজনীয় সন্ত শিৰোমণি গুৰু ঘাসীদাস আৰু সফুৰা মাতাৰ দ্বিতীয় পুত্ৰ আছিল।

বৈবাহিক জীৱন

গুৰু বালকদাসৰ বিবাহ ঢাৰা নবলপুৰ (বেমেতৰা)ৰ নিবাসী সুনহৰদাস চতুৰ্বেদীৰ সুপুত্ৰী নীৰা মাতাৰ লগত হৈছিল। সেই বছৰতেই গুৰুদেৱে চিতেৰ সিলবটৰ কন‍্যা ৰাধাৰ লগতো বিবাহ কৰিছিল। বিবাহৰ পিছত ৰাধা মাতাৰ গৰ্ভত পুত্ৰ চাহেবদাসৰ জন্ম হৈছিল। তাৰোপৰি নীৰা মাতাৰ গৰ্ভত গংগা আৰু গলাৰা নামৰ দুগৰাকী কন্যা সন্তানৰ জন্ম হৈছিল।১

কৰ্মজীৱন

১৮২০ চনত আৰম্ভ হোৱা সৎনাম আন্দোলনত তেওঁ সক্ৰিয় ভাৱে অংশগ্ৰহণ কৰিছিল আৰু আন্দোলনত নেতৃত্ব দিছিল।১ গুৰু বালকদাসৰ সামাজিক আন্দোলন আৰু বীৰত্বত প্ৰভাৱিত হৈ ব্ৰিটিছ চৰকাৰে তেখেতক এটি সোণৰ মুকুট, স্বৰ্ণজড়িত এখন তৰোৱাল আৰু এটা বগা হাতী প্ৰদান কৰাৰ লগতে ৰজা উপাধিৰে সন্মানিত কৰিছিল।২ তাৰোপৰি ব্ৰিটিছ চৰকাৰে তেখেতক অস্ত্ৰ-শস্ত্ৰ আৰু অংগৰক্ষক ৰখাৰো অনুমতি দিছিল।২ গুৰু ঘাসীদাসৰ পিছত ১৮৫০ চনত তেখেতক সৎনামী সকলৰ প্ৰমুখ গুৰু পতা হৈছিল। দায়িত্ব গ্ৰহণ কৰিয়েই তেওঁ সমাজত এক নতুন দিগন্তৰ সূচনা কৰিলে। ১৮৫৭ চনত ভাৰতত ইষ্ট ইণ্ডিয়া কোম্পানীৰ বিৰুদ্ধে সৈন্য বিদ্ৰোহ আৰম্ভ হৈছিল, যাক ইষ্ট ইণ্ডিয়া কোম্পানীৰ সেনাই সম্পূৰ্ণৰূপে বিফল কৰিছিল। ইয়াৰ পিছত ব্ৰিটিছ চৰকাৰে ভাৰতৰ শাসন কোম্পানীৰ হাতৰ পৰা নিজৰ অধীনলৈ আনে। সু-ব‍্যৱস্থিত ধৰণে শাসন কৰিবৰ কাৰণে মালিক মকবুজা আইন প্ৰণয়ন কৰিলে।১ যাৰ জৰিয়তে এনেকুৱা ৰায়ত বা ভাৰাতীয়া, যিজনে নিজৰ ভূমিৰ ওপৰত ১৮৪০ চনৰ পৰাই অধিকাৰ কৰি আছিল, সেয়া জৰীপ কৰাৰ পিছত মালিকীস্বত্ব অধিকাৰ দিয়াৰ সিদ্ধান্ত গ্ৰহণ কৰা হৈছিল। সৎনামী আন্দোলনৰ সময়ছোৱাত ছত্তীসগঢ়ৰ মানুহে পেচৱাশাহী মাৰাঠাসকলৰ দ্বাৰা নিজৰ কাঢ়ি লোৱা মাটি সম্পত্তিৰ ওপৰত পুনৰ অধিকাৰ সাব্যস্ত কৰি লৈছিল। মালিক মকবুজা আইনে জাতিবাদী সামন্তী শক্তিৰ মাজত খেলিমেলিৰ সৃষ্টি কৰিছিল। কাৰণ তেওঁলোকে জানিছিল যে এবাৰ চৰকাৰী দস্তাবেজত বাস্তৱিক মালিকৰ নাম লিখাৰ পিছত তেওঁক বেদখল কৰিব নোৱাৰি। তেওঁলোকে গুৰু বালকদাস থকালৈকে সৎনামী সকলৰ বিৰুদ্ধে কোনো কাৰ্যকৰী ব‍্যৱস্থা গ্ৰহণ কৰিব নোৱাৰিছিল। সেইবাবে সামন্তবাদী সকলে গুৰু বালকদাসক হত্যা কৰাৰ ৰাষ্ট্ৰব‍্যাপী ষড়যন্ত্ৰ কৰিছিল। তাৰ বাবে ছতীশগঢ়ৰ বাহিৰৰ পৰা অপৰাধ জড়িত ব‍্যক্তিসকলক মাতি আনি সৈন্য প্ৰশিক্ষণ দিয়া হৈছিল।১ গুৰু বালকদাসে সমাজত থকা অন‍্যায়, দুৰ্নীতি, অৰাজকতা আদিৰ নাশ কৰি নতুন যুগৰ সূচনা কৰিছিল।

মৃত্যু

এদিনাখন গুৰু বালকদাস সৈন্য-সামন্ত লৈ অন‍্যায়ৰ বিৰুদ্ধে প্ৰচাৰ কাৰ্য চলাই গৈ বিলাসপুৰ মুংগেলীৰ ঔৰাবন্ধা গাঁৱৰ ভাণ্ডাৰী (সমাজৰ মুখিয়াল) ঘৰত ৰাতি আশ্ৰয় লয়। মাৰাঠা ভোচলা সামন্তশাহী ৰজা আৰু ৰাজপুতসকল ষড়যন্ত্ৰ কৰি ফাগুন মাহৰ কৃষ্ণ পক্ষৰ অমাৱশ‍্যাৰ ঘোৰ আন্ধাৰ ৰাতি গুৰুজনাক হত্যা কৰাৰ সুযোগ লৈছিল।৩ আন্ধাৰ ৰাতি দুয়ো পক্ষৰ মাজত যুদ্ধ হয়। গুৰুৰ সুৰক্ষাকৰ্মীয়ে যুদ্ধত তিষ্ঠিব নোৱাৰা দেখি তেওঁ পলাই গৈ ঘেহুঁৰ ভুচিৰ দ'মৰ মাজত লুকাই যায়। গুৰুক শত্ৰুপক্ষই বিচাৰি নাপাই তেওঁৰ বিশ্বাসী সুৰক্ষাকৰ্মী জৌধাইক হত্যা কৰাৰ ভাবুকি দি গুৰুজনাক মাতিবলৈ কয়। তেওঁ উপায়হীন হৈ ঘেহুঁবাৰী ফালে আগুৱাই গৈ অন্তৰত কান্দি কান্দি দুখ মনেৰে শত্ৰু পক্ষ যোৱাৰ সংকেত দিয়াত গুৰু বাহিৰলৈ ওলাই আহে আৰু তেতিয়াই শত্ৰুৱে গুৰুৰ ওপৰত আক্ৰমণ কৰে। সংঘৰ্ষত তেওঁ গম্ভীৰ ৰূপত আঘাতপ্ৰাপ্ত হয়। সুৰক্ষাকৰ্মীয়ে তেখেতক ভাণ্ডাৰপুৰ-বলৌদাবজাৰ য'ত সৎনামী সকলৰ তৎকালীন ৰাজধানী আছিল, তালৈ নিব বিচাৰিছিল। কিন্তু হঠাৎ ৰাস্তা সলনি কৰি নবলপুৰলৈ নিব ধৰিলে। ৰাস্তাত কচা নামৰ গাঁৱত গুৰু বালকদাসে ১৭ মাৰ্চ ১৮৬০ চনত শেষ নিশ্বাস ত‍্যাগ কৰে। তেখেতৰ পাৰ্থিৱ শৰীৰ নৱলপুৰ (বেমেতৰা)ত সমাধিস্থ কৰা হয়।১

তথ্যসূত্ৰ

  1. ↑ गुरु बालकदास. wikipedia.org
  2. ↑ (29 मार्च 2018). सतनामी समाज ने किया गुरु बालकदास का स्मरण. नईदुनिया
  3. ↑ দাদুৰাম সৎনামী, সভাপতি|সদৌ অসম সৎনামী সাহিত্য প্ৰকাশন সমিতি(সংগ্ৰহ কৰা হৈছে)

সম্পৰ্কিত শ্ৰেণী

সমাজ সংস্কাৰক

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “বালকদাস” প্ৰবন্ধৰ সংশোধন ২৮০৯২৭ (৭ জুন ২০২১)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।