অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
জীৱনী

বেগম ৰোকেয়া

ৰোকেয়া সাখাৱাত হোচেইন (Rokeya Sakhawat Hossain; ৯ ডিচেম্বৰ ১৮৮০- ৯ ডিচেম্বৰ ১৯৩২) ব্ৰিটিছ ভাৰতত (বৰ্তমানৰ বাংলাদেশত) জন্মগ্ৰহণ কৰা এগৰাকী নাৰীবাদী চিন্তাবিদ, শিক্ষাবিদ তথা সমাজ সংস্কাৰক। তেওঁক ভাৰতীয় উপমহাদেশৰ নাৰী জাগৰণৰ অগ্ৰদূত বুলি গণ্য কৰা হয়।

হালনাগাদ: ১৩ জানুৱাৰী ২০২৬ ২৯৫ শব্দ · ২ মিনিট সংগৃহীত ৮৩
সংশোধনৰ পৰামৰ্শ

ৰোকেয়া সাখাৱাত হোচেইন (Rokeya Sakhawat Hossain; ৯ ডিচেম্বৰ ১৮৮০- ৯ ডিচেম্বৰ ১৯৩২) ব্ৰিটিছ ভাৰতত (বৰ্তমানৰ বাংলাদেশত) জন্মগ্ৰহণ কৰা এগৰাকী নাৰীবাদী চিন্তাবিদ, শিক্ষাবিদ তথা সমাজ সংস্কাৰক। তেওঁক ভাৰতীয় উপমহাদেশৰ নাৰী জাগৰণৰ অগ্ৰদূত বুলি গণ্য কৰা হয়। যুক্তিবাদী জীৱ হিচাপে পুৰুষ আৰু নাৰীৰ সমাধিকাৰৰ হকে তেওঁ মাত মাতিছিল। তেওঁৰ মতে শিক্ষাৰ অভাৱেই নাৰীৰ দয়নীয় আৰ্থিক অৱস্থাৰ বাবে দায়ী।১

পাৰিবাৰিক জীৱন

বাংলাদেশৰ পায়ৰাবন্দ গাঁৱৰ ৰোকেয়াৰ শৈশৱৰ ঘৰখনৰ অৱশেষ, ২০১২ চন
বাংলাদেশৰ পায়ৰাবন্দ গাঁৱৰ ৰোকেয়াৰ শৈশৱৰ ঘৰখনৰ অৱশেষ, ২০১২ চনছবি: Md. Sarwar Ul Islam Fakir · CC BY-SA 4.0

ৰোকেয়া খাতুনৰ জন্ম ১৮৮০ চনত ব্ৰিটিছ ভাৰতৰ ৰংপুৰ জিলা পায়ৰাবন্দ গাঁৱত (বৰ্তমান বাংলাদেশত) হৈছিল। তেওঁলোকৰ পূৰ্বপুৰুষে মোগল যুগত সামৰিক আৰু ন্যায়িক সেৱা আগবঢ়াইছিল। তেওঁৰ দেউতাক জহিৰুদ্দিন মহম্মদ আবু আলি হায়দৰ সাবেৰ এজন জমিদাৰ আৰু বহু ভাষাত দক্ষতা থকা এজন বুদ্ধিজীৱী আছিল। দেউতাকে চাৰিজনী বিয়া কৰাইছিল। ৰোকেয়াৰ মাক আছিল ৰাহাতুন্নেচা।২

সাহিত্য কৰ্ম

সাহিত্যিক হিচাপে ১৯০২ চনত তেওঁৰ আত্মপ্ৰকাশ ঘটে। কলকাতাৰ পৰা প্ৰকাশিত 'নৱপ্ৰভা পত্ৰিকা'ত প্ৰকাশিত হয় 'পিপাশা'। বিভিন্ন সময়ত নানা পত্ৰিকাত তেওঁৰ বহুতো ৰচনা প্ৰকাশিত হয়। ১৯৫০ চনত মাদ্ৰাছৰ পৰা তেওঁৰ 'চুলতানাৰ স্বপ্ন'ৰ ইংৰাজী অনুবাদ প্ৰকাশ হ’বলৈ আৰম্ভ কৰে।৩৪ নাৰীবাদী চিন্তাধাৰাৰে দুটা খণ্ডত ৰচিত ৰচনাসংগ্ৰহ ‘মতিচুৰ’কে (১৯০৪, ১৯২২) ধৰি তেওঁৰ মুখ্য সাহিত্য কৰ্মসমূহ হ’ল- নাৰীবাদী ইউটোপিয়ান সাহিত্যৰ ক্লাচিক নিদৰ্শন বুলি বিবেচিত ‘চুলতানাৰ স্বপ্ন’ (১৯০৮), বঙালী পত্নীসকলে মুখামুখি হোৱা সমস্যসমূহৰ চিত্ৰায়ণ ‘পদ্মৰাগ’ (১৯২৪) আদি।৫ তেওঁৰ আন এখন গ্ৰন্থ ‘অৱৰোধবাসিনী’- পৰ্দাপ্ৰথাই নাৰীৰ জীৱন আৰু স্ব-প্ৰতিচ্ছবি বিপন্ন কৰা পৰ্দাপ্ৰথাৰ বিৰুদ্ধে এক মোক্ষম আক্ৰমণ।২

১৮৯৮ চনত বিহাৰৰ ভাগলপুৰৰ নিবাসী উৰ্দুভাষী সাখাৱত হুছেইনৰ লগত তেওঁৰ বিবাহ সম্পন্ন হয়। সাখাৱত আছিল ডেপুটি মেজিষ্ট্ৰেট, তদুপৰি তেওঁ আছিল সমাজ সচেতন, কু-সংস্কাৰমুক্ত আৰু প্ৰগতিশীল দৃষ্টিভঙ্গীসম্পন্ন। উদাৰ আৰু মুক্তমনা স্বামীৰ সংস্পৰ্শত তেওঁ দেশী-বিদেশী লেখকসকলৰ ৰচনাৰ সৈতে নিবিড়ভাবে পৰিচিত হোৱাৰ সুযোগ পায় আৰু ক্ৰমশঃ ইংৰাজী ভাষাত দক্ষতা অৰ্জন কৰে। কিন্তু ৰোকেয়াৰ বিবাহিত জীৱন দীৰ্ঘস্থায়ী নহ’ল। ১৯০৯ চনত ৩ মেত সাখাৱত হুছেইনৰ মৃত্যু হয়। ইতিপূৰ্বে তেওঁৰ দুটি কন্যা সন্তানো অকালত মৃত্যু হয়।৬২

সাংগঠনিক কৰ্মকাণ্ড

স্বামীৰ মৃত্যৰু পিছত নিসঙ্গ ৰোকেয়া নাৰীশিক্ষা বিস্তাৰ আৰু সমাজসেৱাত আত্মনিয়োগ কৰে। ১৯০৯ চনৰ ১ অক্টোবৰত স্বামীৰ ধনেৰে ভাগলপুৰত পাঁচজনী ছাত্ৰীৰে সাখাৱত মেমোৰিয়েল গাৰ্লচ্ স্কুল স্থাপন কৰে। কিন্তু পাৰিবাৰিক কাৰণত তেওঁ ভাগলপুৰ এৰি কলকাতাত বসবাস কৰা আৰম্ভ কৰে। ১৯১১ চনৰ ১৬ মাৰ্চত কলিকতাৰ ১৩ নম্বৰ ৱালিউল্লাহ লেনৰ এটা ঘৰত মাত্ৰ ৮জনী ছাত্ৰীৰে নতুনকৈ সাখাৱত মেমোৰিয়েল গাৰ্লচ্ স্কুল স্থাপন কৰে। ১৯১৬ চনৰ ভিতৰত ছাত্ৰীৰ সংখ্যাই ১০০ পাৰ হৈ যায়।৭ স্কুল পৰিচালনা আৰু সাহিত্যচৰ্চাৰ সমান্তৰালকৈ নিজকে সাংগঠনিক আৰু সামাজিক কৰ্মকাণ্ডৰ সৈতে নিজকে জড়িত কৰি ৰাখে। ১৯১৬ চনত তেওঁ মহিলা সংগঠন আঞ্জুমা-এ খাৱাতি-এ ইছলাম প্ৰতিষ্ঠা কৰে। ১৯২৬ চনত কলকাতাত অনুষ্ঠিত বঙ্গৰ নাৰী শিক্ষা বিষয়ক সন্মিলনত তেওঁ সভাপতিত্ব কৰে।৮

বাহ্যিক সংযোগ

তথ্যসূত্ৰ

  1. ↑ Azad, Humayun. Naree. Agamee Prokashon. পৃ. 282–299
  2. ↑ Akhter, Shahida. (2012). Banglapedia: National Encyclopedia of Bangladesh. Asiatic Society of BangladeshAdministrator. Roquia Sakhawat Hussain (Begum Rokeya). Londoni
  3. ↑ Lewton, Thomas. (2019). Feminist Visions of Science and Utopia in Rokeya Sakhawat Hossain's 'Sultana's Dream'. Lady Science
  4. ↑ Hossain, Rokeya Sakhawat. (1905). Sultana's Dream. The Indian Ladies' Magazine
  5. ↑ Sarkar, Siuli. (2016). Gender Disparity in India: Unheard Whimpers. PHI Learning Pvt. Ltd. পৃ. 73. ISBN 978-8120352513
  6. ↑ Dr. Barnita Bagchi. (1 October 2003). Rokeya Sakhawat Hossain
  7. ↑ চেলিনা হোচেন. (১৯০৪). ৰোকেয়া ৰচনাৱলী. বাংলা একাডেমী, ঢাকা
  8. ↑ আব্দুল হাই, আলি হাচান. (১৯৯৭). বাংলা সাহিত্যেৰ ইতিবৃত্ত. আহমদ পাব্লিছিং হাউচ, ঢাকা

সম্পৰ্কিত শ্ৰেণী

সমাজ সংস্কাৰকবাংলাদেশৰ নাৰীবাদী

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “বেগম ৰোকেয়া” প্ৰবন্ধৰ সংশোধন ৫৬৯৪১২ (১৩ জানুৱাৰী ২০২৬)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।