সত্যজিৎ ৰায় এজন বিখ্যাত বঙালী ভাৰতীয় চলচ্চিত্ৰ পৰিচালক আছিল। তেওঁ বঙালী সাহিত্যত তেখেতৰ অৱদানৰ বাবেও বিখ্যাত। তেখেতৰ সৃষ্ট বিখ্যাত চৰিত্ৰ হল ৰহস্যসন্ধানী ফেলুদা আৰু বৈজ্ঞানিক প্ৰফেচৰ শঙ্কু। তেওঁ এই দুই চৰিত্ৰৰ ওপৰিও অনেক চুটি উপন্যাস আৰু চুটি গল্প ৰচনা কৰিছে। যদিও তেওঁৰ লেখাৰ মূল লক্ষ্য আছিল তৰুণ পাঠক বৰ্গ, তথাপি তেওঁ আবালবৃদ্ধবনিতাৰ কাষত প্ৰিয় লেখক আছিল।
তেখেতৰ অধিকাংশ উপন্যাস আৰু গল্প প্ৰকাশ হয় কলকাতাৰ আনন্দ প্ৰকাশনৰ মাধ্যমেৰে, আৰু তেখেতৰ অধিকাংশ স্ক্ৰীনপ্লেসমূহ তেখেতৰ বন্ধু নিৰ্মাল্য আচাৰ্য সম্পাদিত"ঈক্ষণ" নামৰ আলোচনীত প্ৰকাশ হয়। ১৯৯০-ৰ দশকৰ মধ্যভাগত তেখেতৰ অনেক চলচ্চিত্ৰ বিষয়ক লেখা আৰু চুটি গল্পৰ সংকলন পাশ্চাত্যতো প্ৰকাশ হয়। তেখেতৰ অনেক গল্পই ইংৰাজীলৈ অনুদিত আৰু প্ৰকাশিত হৈছে।
ফেলুদা ছিৰিজ
মূল প্ৰবন্ধ: ফেলুদা'ফেলুদা', যাৰ আ আসল নাম প্ৰদোষ চন্দ্ৰ মিত্ৰ, হ’ল কলকাতাবাসী এজন চখৰ ৰহস্যসন্ধানী. সাধাৰণতঃ তেখেতৰ সঙ্গী দু'জন: তোপসে (তেখেতৰ খুৰাকৰ পুতেক ভায়েক- তপেশ ৰঞ্জন মিত্ৰ) আৰু লালমোহনবাবু (লালমোহন গাঙ্গুলী যি নিজে জটায়ু ছদ্মনামেৰে ৰহস্য ৰোমাঞ্চকৰ গল্প লিখে। সত্যজিৎ ৰায়ে ৩৫টা ফেলুদাৰ গল্প লিখে, যিবোৰৰ সকলোগ্ৰন্থ খুব জনপ্ৰিয় হয় আৰু ইয়াৰ মাজত দুটাক লৈ তেওঁ নিজেই চলচিত্ৰ তৈয়াৰ কৰে – সোনাৰ কেল্লা (চলচ্চিত্ৰ) (The Golden Fortress) (1974) আৰু জয় বাবা ফেলুনাথ (The Elephant God) (1978).
প্ৰফেচৰ শঙ্কু
মূল প্ৰবন্ধ: প্ৰফেচৰ শঙ্কু
| # | গ্ৰন্থ | প্ৰকাশক | প্ৰকাশকাল | সূচী |
|---|---|---|---|---|
| ১ | প্ৰফেচৰ শঙ্কু | নিউ স্ক্ৰিপ্ট, কলকাতা | ১৯৬৫ | "ব্যোমযাত্ৰীৰ ডায়ৰি","প্ৰফেচৰ শঙ্কু ও হাড়","প্ৰফেচৰ শঙ্কু ও ম্যাকাও","প্ৰফেচৰ শঙ্কু ও ঈজিপ্সীয় আতঙ্ক", "প্ৰফেচৰ শঙ্কু ও আশ্চৰ্য পুতুল","প্ৰফেচৰ শঙ্কু ও গোলক-ৰহস্য","প্ৰফেচৰ শঙ্কু ও চী-চিং"। দ্বিতীয় সংস্কৰণত যুক্ত হয়"প্ৰফেৰ শঙ্কু ও খোকা" আৰু"প্ৰফেচৰ শঙ্কু ও ভূত" গল্পদুটা। |
| ২ | প্ৰফেচৰ শঙ্কুৰ কাণ্ডকাৰখানা | আনন্দ পাবলিছাৰ্চ, কলকাতা | ১৯৭০ | "প্ৰফেচৰ শঙ্কু ও ৰোবু","প্ৰফেচৰ শঙ্কু ও কোচাবাম্বাৰ গুহা","প্ৰফেচৰ শঙ্কু ও ৰক্তমৎস্য ৰহস্য", "প্ৰফেচৰ শঙ্কু ও গোৰিলা","প্ৰফেচৰ শঙ্কু ও বাগদাদেৰ বাক্স" |
| ৩ | চাবাচ প্ৰফেচৰ শঙ্কু | আনন্দ পাবলিছাৰ্চ, কলকাতা | ১৯৭৪ | "আশ্চৰ্য প্ৰাণী","স্বপ্নদ্বীপ","মৰুৰহস্য","কৰ্ভাস","ড॰ শেৰিং-এৰ স্মৰণশক্তি" |
| ৪ | মহাসংকটে শঙ্কু | আনন্দ পাবলিচাৰ্ছ, কলকাতা | ১৯৭৭ | "শঙ্কুৰ শনিৰ দশা","শঙ্কুৰ সুবৰ্ণ সুযোগ","হিপ্নোজেন" |
| ৫ | স্বয়ং প্ৰফেচৰ শঙ্কু | আনন্দ পাবলিছাৰ্চ, কলকাতা | ১৯৮০ | "মানৰো দ্বীপেৰ ৰহস্য","কম্পু","একশৃঙ্গ অভিযান" |
| ৬ | শঙ্কু একাই ১০০ | আনন্দ পাবলিছাৰ্চ, কলকাতা | ১৯৮৩ | "মহাকাশেৰ দূত","শঙ্কুৰ কঙ্গো অভিযান","নকুড়বাবু ও এল ডোৰাডো","প্ৰফেচৰ শঙ্কু ও ইউ. এফ. ও." |
| ৭ | পুনশ্চ প্ৰফেচৰ শঙ্কু | আনন্দ পাবলিছাৰ্চ, কলকাতা | ১৯৯৩ | "আশ্চৰ্জন্তু","শঙ্কু ও আদিম মানুহ","শঙ্কুৰ পৰলোকচৰ্চা","প্ৰফেচৰ ৰণ্ডিৰ টাইম মেশিন" |
| ৮ | চেলাম প্ৰফেচৰ শঙ্কু | আনন্দ পাবলিছাৰ্চ, কলকাতা | ১৯৯৫ | "নেফ্ৰুদেৎৰ সমাধি","ডাঃ দানিয়েলেৰ আবিষ্কাৰ","শঙ্কু ও ফ্ৰাঙ্কেনষ্টাইন","ডন ক্ৰিষ্টোবাল্ডিৰ ভবিষ্যৎবাণী", "স্বৰ্ণপৰ্ণী","ইনটেলেকট্ৰন" (অসম্পূৰ্ণ),"ড্ৰেক্সেল আইল্যাণ্ডেৰ ঘটনা" (অসম্পূৰ্ণ) |
তাৰিণী খুৰাৰ গল্প
মূল প্ৰবন্ধ: তাৰিণী খুৰা'তাৰিণী খুৰা' হ’ল এজন বয়সস্থ অবিবাহিত বৃদ্ধ যি নিজৰ জীৱনৰ বিচিত্ৰ অভিজ্ঞতাক লৈ গল্প কবলৈ ভালপায়। তেখেতৰ অনেক গল্পই ৰোমাঞ্চকৰ ভয়ৰ বা ভুতৰ গল্পৰ দৰে হৈ যায় আকৌ অনেক গল্পত তেখেতৰ উপস্থিত বুদ্ধি আৰু বিচক্ষণতাৰ প্ৰমাণো পোৱা যায়।
অন্যান্য চুটি গল্প
তেখেতৰ দ্বাৰা সৃষ্ট বিখ্যাত চৰিত্ৰসমূহৰ গল্পৰ ওপৰিও সত্যজিৎ ৰায়ে আৰু নানা গল্প ৰচনা কৰিছে। এইবোৰৰ অনেক সন্দেশ আলোচনীত অথবা বাৰটাকৈ গল্পৰ সংকলন হিচাবে প্ৰকাশিত হৈছে- যিবোৰ সুৰুচিপূৰ্ণ পটভুমিকাত গঢ় দিয়া, আৰু গল্প হিচাবে প্ৰায় শেষ পৰ্য্যন্ত মিঠা-কেঁহা কিন্তু সমাপ্তিৰ ঠিক আগে আগে গল্পত অদ্ভুত সংমিশ্ৰণ ঘটায় পাঠকক অবিস্মৰণীয় অনুভুতিৰ স্বাদ দিছে। অধিকাংশ গল্পতেই দেখুওৱা হৈছে কিভাবে সামান্য কোনো ঘটনাই কাৰোবাৰ জীৱনত গভীৰভাবে ৰেখাপাত কৰিছে, আকৌ কোনো কোনোটো লোমহৰ্ষক ভয়ৰ গল্প। এইবোৰৰ ভাষা খুউব সৰল আৰু সাবলীল।
সত্যজিৎ ৰায়ে অনেক চুটি গল্প ইংৰাজীৰ পৰা অনুবাদ কৰে যিবোৰৰ বেছিভাগেই ৰোমাঞ্চকৰ গল্প যিবোৰৰ মাজত কেইটামান ব্ৰাজিলেৰ কালো বাঘ নামৰ গ্ৰন্থখনত প্ৰকাশিত হয়।
কবিতা
সত্যজিৎ ৰায়ে অনেক কবিতা অনুবাদ কৰে আৰু কেইবাটাও লিমাৰিক (কবিতা) ৰচনা কৰে যিবোৰৰৰ সংকলন - তোড়ায় বাঁধা ঘোড়াৰ ডিম নামেৰে প্ৰকাশ হয়।
মোল্লা নাচিৰুদ্দীনৰ গল্প
মধপ্ৰাচ্যৰ মোল্লা নাচিৰুদ্দীনৰ অনেক গল্প সংগ্ৰহ কৰি সত্যজিৎ ৰায়ে মোল্লা নাচিৰুদীনৰ গল্প নামেৰে এটা সংকলন প্ৰকাশ কৰে।
অন্যান্য
ফটিকচাঁদ গল্পটো এজন কিশোৰক লৈ; সুজন হৰবোলা এজন হৰবোলাৰ কাল্পনিক জীৱনবৃত্তান্ত। একেই বলে শুটিং সত্যজিত ৰায়ৰ নিজৰ শুটিংৰ অভজ্ঞতা আৰু চিন্তা ভাবনাক লৈ লিখা. যখন চুটিো ছিলাম হ’ল তেখেতৰ শৈশৱকালৰ স্মৃতিচাৰণ। আৱাৰ ফিল্মছ, দেয়াৰ ফিল্মছ (আমাদেৰ ছবি, তাদেৰ ছবি) তেখেতৰ চলচিত্ৰ সমলোচনাৰ সংকলন। বিষয় চলচ্চিত্ৰ(১৯৮২) তেখেতে লিখা চলচ্চিত্ৰ বিষয়ক প্ৰবন্ধৰ এটা সংকলন। বিভিন্ন সময়ত লিখা ওঠৰতা প্ৰবন্ধ ইয়াত সন্নিবিষ্ট কৰা হৈছে।
বাহ্যিক সংযোগ
- সত্যজিৎ ৰায়ৰ লেখা গ্ৰন্থ (SatyajitRay.org)
- সত্যজিৎ ৰায় (১৯২১ - ১৯৯২) - induna.com
- Calcuttaweb.com - সত্যজিতৰ জীৱনী
- Satyajitray.org
- ওয়াৰ্ল্ড অফ ৰায়
- "ৰিমেম্বাৰিং ৰায়, ফ্ৰেম বাই ফ্ৰেম"
- সত্যজিৎ ৰায় ফিল্ম এণ্ড ষ্টাডি কালেকছন
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “সত্যজিৎ ৰায়ৰ সাহিত্যকৰ্ম” প্ৰবন্ধৰ সংশোধন ৫৬৪১১২ (১৫ ডিচেম্বৰ ২০২৫)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।