সংগীতজ্ঞ
৬৭ প্ৰবন্ধ
-
গংগাসতী
গংগাসতী আছিল পশ্চিম ভাৰতৰ ভক্তি পৰম্পৰাৰ মধ্যযুগীয় সাধু কবি যিয়ে গুজৰাটী ভাষাত কেইবাটাও ভক্তিমূলক গীত ৰচনা কৰিছিল।
-
গেৰী ৰছিংটন
গেৰী ৰবাৰ্ট ৰ 'ছিংটন (ইংৰাজী: Gary Robert Rossington, ৪ ডিচেম্বৰ ১৯৫১-৫ মাৰ্চ ২০২৩) এগৰাকী আমেৰিকান সংগীতজ্ঞ আছিল যিজন দক্ষিণৰ ৰক বেণ্ড লিনাৰ্ড স্কাইনাৰ্ড প্ৰতিষ্ঠাপক গীটাৰিষ্ট হিচাপে জনাজাত আছিল, যাৰ সৈতে তেওঁ মৃত্যুপৰ্যন্ত অনুষ্ঠান পৰিৱেশন কৰিছিল।
-
গোলশ্বিফতেহ ফাৰাহানী
ৰাহাৱাৰ্ড ফাৰাহানী (ফাৰ্চী: رهاورد فراهانی; জন্ম: ১০ জুলাই, ১৯৮৩), পেছাগতভাৱে গোলশ্বিফতেহ ফাৰাহানী নামেৰে পৰিচিত, এগৰাকী ইৰানী আৰু ফৰাচী অভিনেত্ৰী। তেওঁ এম ফৰ মাদাৰ (২০০৬), বডী অব লাইজ (২০০৮), এবাউট এলি (২০০৯), দ্য পেচেন্স ষ্টোন (২০১২), পেটাৰচন (২০১৬), গাৰ্লছ অব দ্য ছান (২০১৮), এক্সট্ৰেকচন (২০২০)…
-
গোলোজিন
গোলোজিন আৰ্দেস্তানী (ফাৰ্চী: گل آذین اردستانی), তেওঁৰ পেছাদাৰী নাম গোলা হিচাপেহে বেছি জনাজাত। তেওঁ লণ্ডনত থকা এগৰাকী ইৰানী মূলৰ ব্ৰিটিছ-আমেৰিকান গায়ক-গীতিকাৰ, সংগীতবিজ্ঞানী, কণ্ঠশিল্পী আৰু অভিনেত্ৰী। তেওঁ পিয়ানো, চন্তুৰ, দাম্মাম (ইৰানীয় বাদ্যযন্ত্ৰ) আৰু বাঁহী বজায়।
-
ছিক্কিল মালা চন্দ্ৰশেখৰ
ছিক্কিল মালা চন্দ্ৰশেখৰ ( Sikkil Mala Chandrasekhar; জন্ম ১৯৬৩) এগৰাকী বিখ্যাত দক্ষিণ ভাৰতীয় কাৰ্নাটিক বাঁহীবাদক। মালা চন্দ্ৰশেখৰৰ জন্ম হৈছিল এটি সংগীত পৰিয়ালত। মালা চন্দ্ৰশেখৰে [[ছিক্কিল চিষ্টাৰছ], মাহীয়েক কুঞ্জুমণি আৰু মাক নীলাৰ পৰা শিকিবলৈ আৰম্ভ কৰিছিল।
-
জিনা শ্ৰেক
জিনা গালাটিয়া শ্ৰেক (ইংৰাজী: Zeena Galatea Schreck; জন্ম: ১৯ নৱেম্বৰ ১৯৬৩), যিয়ে তেওঁৰ একক শিল্পী নাম জিনা হিচাপে পেছাদাৰীভাৱে পৰিচিত, এগৰাকী বাৰ্লিন ভিত্তিক আমেৰিকান দৃশ্য আৰু সংগীত শিল্পী, লেখিকা আৰু 'ছেথিয়ান লিবাৰেচন মুভমেণ্ট'ৰ (SLM) আধ্যাত্মিক নেত্ৰী, যিটো তেওঁ ২০০২ চনত প্ৰতিষ্ঠা কৰিছিল।
-
জিয়'ভানি পিয়েৰলুইগি দা পেলেষ্ট্ৰিনা
জিয়'ভানি পিয়েৰলুইগি দা পেলেষ্ট্ৰিনা (ইটালীয়: Giovanni Pierluigi da Palestrina; জন্ম: চ. ১৫২৫ – মৃত্যু: ২ নৱেম্বৰ ১৫৯৪) এজন প্ৰখ্যাত ইটালীয় সংগীতজ্ঞ আছিল। তেওঁক ৰেনেছাঁ যুগৰ অন্যতম শ্ৰেষ্ঠ পলিফ'নিক (polyphonic) সংগীত ৰচয়িতা বুলি গণ্য কৰা হয়।
-
জোছেফ হেইডেন
জোছেফ হেইডেন (৩১ মাৰ্চ ১৭৩২ – ৩১ মে' ১৮০৯) এগৰাকী অষ্ট্ৰিয়ান ধ্ৰুপদী সংগীতৰ যুগৰ সংগীতজ্ঞ আছিল। তেওঁ ষ্ট্ৰিং কোৱাৰ্টেট আৰু পিয়ানো ট্ৰিঅ'-ৰ দৰে চেম্বৰ সংগীতৰ উন্নয়নত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিছিল।
-
জোহানেচ ব্ৰাম্স
জোহানেচ ব্ৰাম্স (Johannes Brahms; ৭ মে' ১৮৩৩ – ৩ এপ্ৰিল ১৮৯৭) এগৰাকী জাৰ্মান সংগীতজ্ঞ, গীতিকাৰ আৰু পিয়ানিষ্ট আছিল। তেওঁ ৰোমান্যুটিক গৰ অন্যতম সৰ্বশ্ৰেষ্ঠ সংগীতকাৰ হিচাপে পৰিগণিত, আৰু Ludwig van Beethoven-ৰ পৰৱৰ্তী সময়ৰ আটাইতকৈ গুৰুত্বপূৰ্ণ কণ্ঠ আৰু বাদ্য সংগীতৰ সৃষ্টিকৰ্তাসকলৰ ভিতৰত এজন আছিল।
-
জৰ্জ ফেড্ৰিক হাণ্ডেল
জৰ্জ ফেড্ৰিক হাণ্ডেল (Georg Friedrich Händel; ২৩ ফেব্ৰুৱাৰী ১৬৮৫ – ১৪ এপ্ৰিল ১৭৫৯) আছিল এগৰাকী জাৰ্মান-আংলিক গীতিকাৰ, যিয়ে মূলত বাৰোক যুগত অপেৰা, অৰাট’ৰিয়’, আৰু অৰ্গেন সংগীতত প্ৰভাৱ বিস্তাৰ কৰিছিল। তেওঁ ব্ৰিটেইনৰ নাগৰিকত্ব গ্ৰহণ কৰিছিল আৰু লণ্ডনত তেওঁৰ সংগীতিক জীৱনৰ বৃহৎ অংশ অতিবাহিত কৰিছিল।
-
টমুৰ আটাগোক
টমুৰ আটাগোক ( Tomur Atagök; ৬ মে' ১৯৩৯ – মাৰ্চ ২০২৫) আছিল এগৰাকী তুৰ্কী চিত্ৰশিল্পী, সংগীতবিদ, লেখক আৰু শিক্ষাবিদ।
-
নীলা ৰামগোপাল
নীলা ৰামগোপাল ( Neela Ramgopal; জন্ম: ২৫ মে ১৯৩৫ – মৃত্যু ১ মাৰ্চ ২০২৩) এগৰাকী ভাৰতীয় কৰ্ণাটক কণ্ঠশিল্পী আৰু কৰ্ণাটক সঙ্গীত শিক্ষিকা। তেওঁৰ কিছুমান ৰচনাৰ ভিতৰত তমিজ ইনবাম, ৰামা উপাসনা আৰু নাৰায়ণ এননিৰো আদি অন্যতম।
-
পণ্ডিত যশপাল
পণ্ডিত যশপাল (২২ মাৰ্চ ১৯৩৭ - ৩ জুলাই ২০২৩) আগ্ৰা ঘৰাণা (গায়ন শৈলী)ৰ অন্তৰ্গত এগৰাকী ভাৰতীয় শাস্ত্ৰীয় গায়ক।
-
পিওটাৰ ইলিচ চালইকভস্কি
পিওটাৰ ইলিচ চালইকভস্কি (ইংৰাজী: Pyotr Ilyich Tchaikovsky; ৰাছিয়ান: Пётр Ильи́ч Чайко́вский; জন্ম: ৭ মে ১৮৪০ – মৃত্যু: ৬ নৱেম্বৰ ১৮৯৩) এজন খ্যাতনামা ৰাছিয়ান সংগীতজ্ঞ আৰু ৰোমাণ্টিক যুগৰ অন্যতম মহান গীতিকাৰ আছিল। তেওঁৰ ৰচনাবোৰত গভীৰ আবেগ, অলংকৃত সংগীতবিন্যাস আৰু ৰাছিয়ান লোকধ্বনিৰ সংমিশ্ৰণ দেখা যায়।
-
ফ্ৰান্সিন ব্ৰুনেল-ৰিভছ
ফ্ৰান্সিন ব্ৰুনেল-ৰিভছ (ইংৰাজী: Francine Brunel-Reeves; ২৯ অক্টোবৰ ১৯৩৩ – ৩ ফেব্ৰুৱাৰী ২০১৮) এগৰাকী কুইবেকোৱা কণ্ঠশিল্পী, কলাৰ (নৃত্য নিৰ্দেশক), গীটাৰবাদক, নৃত্যশিল্পী, নৃতাত্ত্বিক সংগীতজ্ঞ আৰু পৰম্পৰাগত সংগীত তথা কুইবেকৰ নৃত্যৰ এগৰাকী স্বতন্ত্ৰ গৱেষক আছিল।
-
ফ্ৰান্জ সুবৰ্ট
ফ্ৰান্জ সুবৰ্ট (Franz Peter Schubert; ৩১ জানুৱাৰী ১৭৯৭ – ১৯ নৱেম্বৰ ১৮২৮) আছিল এগৰাকী অষ্ট্ৰিয়ান সুৰকাৰ। তেওঁ ৰোমান্টিক যুগৰ আৰম্ভণিৰ অন্যতম গুৰুত্বপূৰ্ণ ব্যক্তিত্ব আছিল। তেওঁৰ জীৱনকাল স্বল্প হ'লেও, তেওঁ প্ৰায় ১,৫০০ ৰচনাৰে সংগীতজগত সমৃদ্ধ কৰিছিল।
-
ফ্ৰেডেৰিক চোপাঁ
ফ্ৰেডেৰিক চোপাঁ (Fryderyk Franciszek Chopin, ১ মাৰ্চ ১৮১০ – ১৭ অক্টোবৰ ১৮৪৯) এজন প'লিছ পিয়ানিষ্ট আৰু গীতিকাৰ আছিল। তেওঁ ৰোমান্টিক যুগৰ অন্যতম প্ৰভাৱশালী সংগীতজ্ঞ আছিল, যিয়ে প্ৰধানকৈ পিয়ানোৰ বাবে সংগীত ৰচনা কৰিছিল।
-
বতুল বেগম
বতুল বেগম ভাৰতৰ ৰাজস্থান ৰাজ্যৰ জয়পুৰৰ এগৰাকী লোকসংগীত গায়িকা। তেওঁ মাণ্ড আৰু ভজন গীত গাই আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত বিখ্যাত হৈ পৰিছে। তেওঁ ঢোল, ঢোলক, তবলা আদি বাদ্যযন্ত্ৰ বজায়।
-
বাচিলা
বাচিলা (৩য় শতিকা) এজনী প্ৰাচীন ৰোমৰ মাইম (মুখাভিনয়) অভিনেত্ৰী আছিল। তেওঁ প্ৰথম আৰু দ্বিতীয় শতিকাৰ ৰোমান নৃত্যশিল্পী, অভিনেত্ৰী আৰু গায়িকা আছিল। তেওঁৰ সতীৰ্থ অভিনেতা-নৃত্যশিল্পী হেৰাক্লেইডেছৰ দ্বাৰা একুইলেয়াৰ ৰোমান এম্ফিথিয়েটাৰত তেওঁৰ স্মৃতিৰ প্ৰতি এক স্মৃতিসৌধ নিৰ্মাণ কৰা হৈছিল।
-
বিজয়া দেৱী
বিজয়া দেৱী (জন্ম: ২৮ আগষ্ট ১৯২২ চন-মৃত্যু: ৮ ডিচেম্বৰ ২০০৫ চন) কৰ্ণাটকৰ ৱাডিয়াৰ বংশৰ এগৰাকী ভাৰতীয় ৰাজকুমাৰী আৰু সংগীতজ্ঞ আছিল।
-
বিয়াট্ৰিচ লুৱেংগো
বিয়াট্ৰিচ লুৱেংগো গঞ্জালেজ (ইংৰাজী: Beatriz Luengo González; জন্ম: ২৩ ডিচেম্বৰ ১৯৮২) এগৰাকী স্পেনিছ সংগীতজ্ঞ, সুৰকাৰ, অভিনেত্ৰী, নৃত্যশিল্পী, গায়িকা আৰু মিয়ামীত থকা এগৰাকী উদ্যমী।
-
মণি কৃষ্ণস্বামী
মণি কৃষ্ণস্বামী ( Mani Krishnaswami; জন্ম: ৩ ফেব্ৰুৱাৰী ১৯৩০ – মৃত্যু: ১২ জুলাই ২০০২) ভাৰতৰ তামিলনাডুৰ এজন কৰ্ণাটিক সংগীত কণ্ঠশিল্পী।
-
মহচেন য়েগানেহ
মহচেন য়েগানেহ (ফাৰ্চী: محسن یگانه; জন্ম ১৩ মে', ১৯৮৫) এজন ইৰানী কণ্ঠশিল্পী, গীতিকাৰ, সুৰকাৰ, সংগীত ব্যৱস্থাপক, সংগীতজ্ঞ আৰু সংগীত প্ৰযোজক। তেওঁ আন কেইবাজনো শিল্পীৰ বাবেও গান লিখিছে, সুৰ দিছে আৰু সংগীত ব্যৱস্থাপনা কৰিছে, যাৰ ভিতৰত মহম্মদ এছফাহানী, আয়ছেগুল কচকুন আৰু আলি লোহৰাছবি অন্যতম।
-
মহিন্দৰ কৌৰ ভামৰা
মহিন্দৰ কৌৰ ভামৰা (ইংৰাজী: Mohinder Kaur Bhamra; জন্ম: ১৯৩৬) পাঞ্জাবী লোকসংগীত, গজল আৰু শিখ গীতৰ এজন বৃটিছ গায়িকা। তেওঁৰ কিছুমান গীতত ব্ৰিটিছ ভাৰতীয় মহিলাসকলক চিন্তিত বিষয়সমূহৰ ওপৰত আলোকপাত কৰা হৈছে।
-
মাধুৰী বৰ্থৱাল
মাধুৰী বৰ্থৱাল (বিবাহপূৰ্ব উনিয়াল) ( ইংৰাজী: Madhuri Barthwal) হ'ল ভাৰতৰ উত্তৰাখণ্ডৰ এগৰাকী লোকশিল্পী। তেওঁ আকাশবাণীৰ সংগীত ৰচনা কৰা প্ৰথমগৰাকী মহিলা। তেৱেঁই প্ৰথমগৰাকী মহিলা গড়ৱালী সংগীতশিল্পী, যি পিছলৈ সংগীত শিক্ষয়িত্ৰী হয়।
-
মেহৰংগিজ মনোচেহৰিয়ান
মেহৰাংগিজ মানুচেহৰিয়ান ( Mehrangiz Manuchehrian); (জন্ম,১৯০৬ – ৫ জুলাই ২০০০) এগৰাকী মহিলা ইৰাণী অধিবক্তা,সংগীতজ্ঞ, নাৰীবাদী আৰু নিৰ্বাচিত চিনেটৰ আছিল। ইৰাণৰ মহিলা সংগঠনৰ কাৰ্যকলাপৰ সৈতে তেওঁ জড়িত আছিল। তেওঁ ইৰানৰ পৰিয়াল সুৰক্ষা আইনখনৰ খচৰা প্ৰস্তুত কৰাত তেওঁ অংশগ্ৰহণ কৰিছিল।
-
মেৰী এন্নে এ’ বেকেট
মেৰী এন্নে এ’ বেকেট ( Mary Anne à Beckett; ২৯ এপ্ৰিল ১৮১৫ – ১১ ডিচেম্বৰ ১৮৬৩) এগৰাকী ইংৰাজ সুৰকাৰ আছিল, প্ৰধানকৈ অপেৰাৰ বাবে পৰিচিত। লেখক গিলবাৰ্ট এ বেকেটৰ পত্নী আছিল, যিয়ে তেওঁৰ দুখন অপেৰাৰ লিব্ৰেট্টি যোগান ধৰিছিল।
-
লি য়ে
লি য়ে (ইংৰাজী: Li Ye; মৃত্যু ৭৮৪), তেওঁৰ সন্মানীয় নাম লি জিলান বুলিও জনাজাত, টাং বংশৰ শাসনকালৰ এগৰাকী চীনা সংগীতজ্ঞ, সন্ন্যাসিনী আৰু কবি আছিল। তেওঁ নিজৰ কাব্যিক প্ৰতিভাৰ লগতে সৌন্দৰ্যৰ বাবেও পৰিচিত আছিল।
-
লোৰা এবৰ্ণ
লোৰা এবৰ্ণ বাস্ক ( Lora Aborn Busck) এগৰাকী আমেৰিকান সুৰকাৰ আছিল। তেওঁৰ জন্ম: ৩০ মে', ১৯০৭ চন আৰু মৃত্যু: ২৫ আগষ্ট, ২০০৫ চন।
-
শকুন্তলা নৰসিংহন
শকুন্তলা নৰসিংহন এগৰাকী ভাৰতীয় সাংবাদিক, গ্ৰাহক অধিকাৰ কৰ্মী। আৰু হিন্দুস্তানী শাস্ত্ৰীয় সংগীতৰ ৰামপুৰ-সাহাছৱান ঘৰাণৰ পৰা শাস্ত্ৰীয় কণ্ঠশিল্পীতেওঁ হাফিজ আহমেদ খানৰ শিষ্য আছিল আৰু দূৰদৰ্শন আৰু অল ইণ্ডিয়া ৰেডিঅ'ৰদ্বাৰা আয়োজিত ৰাষ্ট্ৰীয় সংগীত কাৰ্যসূচীত কৰ্ণাটক আৰু হিন্দুস্তানী দুয়োটা শৈলীতে…