অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
জীৱনী

জিনা শ্ৰেক

জিনা গালাটিয়া শ্ৰেক (ইংৰাজী: Zeena Galatea Schreck; জন্ম: ১৯ নৱেম্বৰ ১৯৬৩), যিয়ে তেওঁৰ একক শিল্পী নাম জিনা হিচাপে পেছাদাৰীভাৱে পৰিচিত, এগৰাকী বাৰ্লিন ভিত্তিক আমেৰিকান দৃশ্য আৰু সংগীত শিল্পী, লেখিকা আৰু 'ছেথিয়ান লিবাৰেচন মুভমেণ্ট'ৰ (SLM) আধ্যাত্মিক নেত্ৰী, যিটো তেওঁ ২০০২ চনত প্ৰতিষ্ঠা কৰিছিল।

হালনাগাদ: ২৬ মাৰ্চ ২০২৬ ৫৫৫ শব্দ · ৩ মিনিট সংগৃহীত ৭০
সংশোধনৰ পৰামৰ্শ

জিনা গালাটিয়া শ্ৰেক (ইংৰাজী ভাষা: Zeena Galatea Schreck; জন্ম: ১৯ নৱেম্বৰ ১৯৬৩), যিয়ে তেওঁৰ একক শিল্পী নাম জিনা হিচাপে পেছাদাৰীভাৱে পৰিচিত,১ এগৰাকী বাৰ্লিন ভিত্তিক আমেৰিকান দৃশ্য আৰু সংগীত শিল্পী, লেখিকা আৰু 'ছেথিয়ান লিবাৰেচন মুভমেণ্ট'ৰ (SLM) আধ্যাত্মিক নেত্ৰী, যিটো তেওঁ ২০০২ চনত প্ৰতিষ্ঠা কৰিছিল।

জিনা 'চাৰ্চ অৱ চৰ্টান' বা চয়তানৰ গীৰ্জাৰ ভিতৰতে ডাঙৰ-দীঘল হৈছিল আৰু আশীৰ দশকত সংস্থাটোৰ প্ৰথম মুখপাত্ৰ হিচাপে আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত প্ৰখ্যাত হৈ পৰিছিল। ১৯৯০ চনত তেওঁ নিজৰ পদৰপৰা পদত্যাগ কৰে, পিতৃৰ সৈতে সম্পৰ্ক ছেদ কৰে আৰু 'লাভেয়ান চৰ্টানিজম' পৰিত্যাগ কৰে। তেওঁৰ ধৰ্মীয় পথটোৱে অৱশেষত তেওঁক তিব্বতী তান্ত্ৰিক বৌদ্ধ ধৰ্ম শিকোৱাৰফালে লৈ যায়।২৩

প্ৰাৰম্ভিক বছৰ আৰু পৰিয়াল

১৯৬৩ চনৰ ১৯ নৱেম্বৰত ছান ফ্ৰান্সিস্কোত 'চাৰ্চ অৱ চৰ্টান'ৰ সহ-প্ৰতিষ্ঠাপক এণ্টন লাভে আৰু ডায়েন হেগাৰ্টিৰ ঘৰত জিনাৰ জন্ম হৈছিল। ১৯৬৭ চনৰ ২৩ মে'ত তিনিবছৰীয়া জিনাৰ ইতিহাসৰ প্ৰথম আৰু আটাইতকৈ বেছি চৰ্চিত চৰ্টানিক বাপ্তিস্ম তেওঁৰ পিতৃৰদ্বাৰা সম্পন্ন কৰা হৈছিল।৪৫ এই অনুষ্ঠানে তেওঁৰ পিতৃ-মাতৃৰ বাবে বিশ্বজুৰি প্ৰচাৰ লাভ কৰিছিল আৰু ১৯৬৮ চনত দ্য চৰ্টানিক মাছ নামৰ ভিনাইল এলপিৰ বাবে এই অনুষ্ঠানটোৰ পুনৰভিনয় ৰেকৰ্ড কৰা হৈছিল।৬ সেই ঘটনাৰ ঠিক পিছতেই শিশু জিনাক লৈ শ শ সাংবাদিকৰ প্ৰতিৱেদন আৰু সাক্ষাৎকাৰ প্ৰকাশ পাইছিল, বিশেষকৈ প্ৰাপ্তবয়স্কসকলৰ টেবলোইড অপৰাধ আৰু পুৰুষৰ আলোচনীবোৰত।৭ এণ্টন লাভেৰ জীৱনীকাৰ বাৰ্টন এইচ ৱলফে তেওঁৰ পিতৃৰ দ্য চৰ্টানিক বাইবেলৰ পাতনিত ১৩বছৰীয়া জিনাক বৰ্ণনা কৰিছিল যে "জিনা, যাৰ কথা মানুহৰ মনত আছে সেই চৰ্টানিক চাৰ্চৰ বাপ্তিস্মৰ বিখ্যাত ফটোখনৰ বাবে, কিন্তু এতিয়া এগৰাকী সুন্দৰী কিশোৰী যিয়ে পুৰুষৰ এটা বৰ্ধিত গোটক আকৰ্ষিত কৰিছে।" ৮ দ্য গাৰ্ডছমেনৰ সৈতে হোৱা এক সাক্ষাৎকাৰত তেওঁ বৰ্ণনা কৰিছে যে কেনেকৈ এক "অস্বাভাৱিক পাৰিবাৰিক জীৱনত" বাস কৰি থকাৰ সময়তে ১৪ বছৰ বয়সত তেওঁ এগৰাকী মাতৃ হৈছিল।৯১০

১৯৮৮ চনৰপৰা ২০১৫ চনলৈ জিনাই তেওঁৰ 'ৰেডিঅ' ওৱেৰউল্ফ' বেণ্ডৰ সহযোগী নিকোলাছ শ্ৰেকৰ সৈতে বিবাহপাশত আবদ্ধ হৈ আছিল। ২০১৯ চনত দুয়োপক্ষই তেওঁলোকৰ নিজা ৱেবছাইটত এখন যুটীয়া ৰাজহুৱা বিবৃতি প্ৰদান কৰি কয় যে, "[...] ২০০৭ চনৰপৰা পৃথকে থকাৰ পিছত ২০১৫ চনত আমি সৌহাৰ্দ্যপূৰ্ণভাৱে বিবাহ বিচ্ছেদ কৰিবলৈ সন্মত হৈছিলোঁ। [...] এইটোৱেই হ'ব আমাৰ দুয়োৰে জীৱনৰ ব্যক্তিগত পৰ পৰ্যায়সমূহ স্পষ্ট কৰিবলৈ দিয়া একমাত্ৰ ৰাজহুৱা মন্তব্য।" ১১ জিনাই তেওঁৰ বৈবাহিক উপাধিটোকে ৰখাৰ সিদ্ধান্ত লয় আৰু তেওঁৰ ৱেবছাইটৰ এটা প্ৰশ্নোত্তৰ শিতানত উল্লেখ কৰে যে তেওঁ তেওঁৰ জন্মগত উপাধি (লাভে) ব্যৱহাৰ নকৰে কাৰণ "ইয়াৰ সৈতে জড়িত থকা নেতিবাচক কৰ্মৰ গধুৰ বোজাৰ বাবে।" ১২

প্ৰাৰম্ভিক শৈল্পিক প্ৰভাৱ আৰু প্ৰশিক্ষণ

এগৰাকী ফটোগ্ৰাফাৰ, দৃশ্য শিল্পী, সংগীতজ্ঞ/সুৰকাৰ আৰু লেখিকা হিচাপে জিনাৰ কামসমূহ ৰহস্যবাদী আৰু যাদুকৰী পৰম্পৰাৰদ্বাৰা গভীৰভাৱে প্ৰভাবিত। শৈলীগতভাৱে তেওঁ সৰু কালৰেপৰাই এনে শিল্পী আৰু মাৰ্গদৰ্শকৰ প্ৰতি আকৰ্ষিত হৈছিল যাৰ শিল্পকলাত ৰহস্যবাদী বা যাদুকৰী দৃষ্টিভংগী নিহিত আছিল।

কিশোৰী আৰু যুৱতী অৱস্থাত তেওঁ থিয়েটাৰ, নাটক আৰু চলচ্চিত্ৰৰ প্ৰশিক্ষণ লৈছিল আৰু অধ্যয়ন কৰিছিল। ১৬ বছৰ বয়সত জিনাই হাইস্কুল সমতুল্য পৰীক্ষাত উত্তীৰ্ণ হয়, যাৰ ফলত তেওঁ হাইস্কুল সোনকালে ত্যাগ কৰি আইনীভাৱে কাম আৰম্ভ কৰিবলৈ আৰু ছান ফ্ৰান্সিস্কো চিটি কলেজত নাট্যকলাক মুখ্য বিষয় হিচাপে লৈ নাম ভৰ্তি কৰিবলৈ সক্ষম হয়।১৩ চিটি কলেজৰ ড্ৰামা বিভাগৰ উপৰি তেওঁ ষ্টেলা এডলাৰ ষ্টুডিঅ' অৱ এক্টিং, অভিনয় প্ৰশিক্ষক এৰিক মৰিচ, দ্য নেক্সট ষ্টেজ ইম্প্ৰোভাইজেচন থিয়েটাৰৰ মাৰ্চিয়া কিমেল আৰু ছান ফ্ৰান্সিস্কো স্কুল অৱ ড্ৰামেটিক আৰ্টছৰপৰাও নিৰ্দেশনা লাভ কৰিছিল। তেওঁৰ অধ্যয়নৰ কেন্দ্ৰবিন্দু আছিল গ্ৰীক পৱিত্ৰ নাটক, তাৎক্ষণিক অভিনয় (improvisation) আৰু কনষ্টাণ্টিন ষ্টানিছলাভস্কিৰ 'ষ্টানিছলাভস্কি ছিষ্টেম' তথা মেথড এক্টিঙৰ বিভিন্ন শাখা।১৪

আধ্যাত্মিক শক্তি হস্তান্তৰৰ বাহন হিচাপে বংশানুক্ৰমিক পৰম্পৰাৰ গুৰুত্বই জিনাৰ আনুষ্ঠানিক শিল্পকলাক পথ প্ৰদৰ্শন কৰে। তেওঁ তেওঁৰ যাদুকৰী শিল্পৰ পৰম্পৰাক তেওঁৰ ধৰ্মপিতা তথা চলচ্চিত্ৰ নিৰ্মাতা কেনেথ এংগাৰৰ মাৰ্গদৰ্শনৰ সৈতে সংযোগ কৰে।১৫১৬ ১৯৬০ আৰু ১৯৭০-ৰ দশকত এংগাৰে নিজৰ কামত থকা কাৰ্টিচ হেৰিংটন, জিন ককটো আৰু মায়া ডেৰেনৰ প্ৰভাৱসমূহ জিনাৰ বাল্যকাল আৰু কৈশোৰ অৱস্থাত তেওঁৰ মাজলৈ সংক্ৰমিত কৰিছিল।১৭

জিনা পৰিচালক কাৰ্টিচ হেৰিংটনৰো এজন দীৰ্ঘদিনীয়া বন্ধু আছিল, যিয়ে তেওঁৰ শেষ ছবি 'আচাৰ'ত (২০০০) জিনাক মাৰ্লিন ডায়েট্ৰিচৰ দৰে এটা চৰিত্ৰত অভিনয় কৰিবলৈ সুযোগ দিছিল।১৮১৯

তথ্যসূত্ৰ

  1. ↑ 2013 Performa-13 Art Exhibit describes Zeena Schreck as "known by her mononymous artist name, ZEENA."
  2. ↑ Professional description in biography: "She is a practicing Tibetan Buddhist yogini, teaches at the Buddhistische Gesellschaft Berlin"
  3. ↑ (September 26, 2012). Beelzebub's Daughter: How Zeena Schreck left the Church of Satan
  4. ↑ Clip of 1989 Sally Jesse Raphael Halloween Show with Zeena Schreck providing a concise explanation of what her Satanic baptism was; begin at 01:40. YouTube
  5. ↑ (March 10, 2016). Editorial & News Images: News Photography, Pictures, Awards, Events, Sports, Celebrity Photos – Getty Images
  6. ↑ The Satanic Mass re-release by Cleopatra Records, 2018; Zeena's Baptism start point 13:25. Murgenstrumm, 1968 Vinyl LP
  7. ↑ Media coverage of the child Zeena
  8. ↑ The Satanic Bible (ref. introduction). Avon Books
  9. ↑ Zeena Schreck advocates free education
  10. ↑ Annette Lamothe-Ramos. Beelzebub's Daughter. Vice Magazine. Vice Media Inc
  11. ↑ Coming Out Announcement: A Public Statement from Zeena and Nikolas
  12. ↑ Schreck, Zeena. FAQ General Info Letter To People Who Newly Discover Zeena based on outdated, last century interviews with her.. zeenaschreck.com
  13. ↑ Interview with Zeena Schreck for The Guardsman, SF City College Newspaper
  14. ↑ Zeena Schreck: Theatrical Appearances/Training
  15. ↑ Alexander-Hallberg, Christy. Interview w/Zeena Schreck re: Kenneth Anger. Rock is Lit Podcast. rockislit.simplecast.com
  16. ↑ Art/Photography Overview about Zeena
  17. ↑ (March 18, 2013). Filmed interview with Zeena describing Kenneth Anger's influence on Zeena's early developmental years.. YouTube
  18. ↑ (October 11, 2013). Vice article: Remembering Curtis Harrington and His Films. VICE
  19. ↑ (May 27, 2010). House of Harrington: video documentary including clips from 'Usher'

সম্পৰ্কিত শ্ৰেণী

সংগীতজ্ঞলেখিকা

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “জিনা শ্ৰেক” প্ৰবন্ধৰ সংশোধন ৫৯৪৪৬৩ (২৬ মাৰ্চ ২০২৬)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।