পণ্ডিত যশপাল (২২ মাৰ্চ ১৯৩৭ - ৩ জুলাই ২০২৩) আগ্ৰা ঘৰাণা (গায়ন শৈলী)ৰ অন্তৰ্গত এগৰাকী ভাৰতীয় শাস্ত্ৰীয় গায়ক।১২
প্ৰাথমিক জীৱন
যশপালৰ জন্ম হৈছিল ১৯৩৭ চনত গুজৰাণৱালাত। ভাৰত বিভাজনৰ পিছত তেওঁৰ পিতৃ-মাতৃ ভাৰতলৈ প্ৰব্ৰজন কৰি জলন্ধৰত বসতি স্থাপন কৰে আৰু লাহোৰৰ ছোটে গুলাম আলী খানৰ শিষ্য কস্তুৰীলাল ‘জছৰা’ই তেওঁক সংগীতৰ দীক্ষা দিয়ে।৩৪ তেওঁ বিলায়ত হুছেইন খান আৰু আগ্ৰা ঘৰৰ পৰা ইউনুছ হুছেইন খানৰ পৰা অধিক প্ৰশিক্ষণ লাভ কৰে। বদে গুলাম আলী খান আৰু মল্লিকাৰ্জুন মনছুৰৰ পৰাও তেওঁ অনুপ্ৰাণিত হৈছিল।৫৬৭
কৃতিত্ব
যশপালে প্ৰথমবাৰৰ বাবে "হৰিবল্লভ সংগীত সন্মিলন"ত ১১ বছৰ বয়সত অনুষ্ঠান পৰিৱেশন কৰিছিল।৩ স্বামী হৰবল্লভ সংগীত অকাডেমী, জলন্ধৰৰ আটাইতকৈ প্ৰবীন প্ৰাক্তন ছাত্ৰ। ১৯৫২ চনৰ পৰা অল ইণ্ডিয়া ৰেডিঅ’ত কণ্ঠদান কৰি আহিছে। ৰাষ্ট্ৰীয় পৰ্যায়ত সম্প্ৰচাৰিত সংগীতৰ বহু অনুষ্ঠানৰ লগতে বাৰ্ষিক আকাশবাণী সংগীত সন্মিলনতো তেওঁ গীত পৰিৱেশন কৰিছে।৮
তেওঁ এজন সুৰকাৰ আৰু শিক্ষক। তেওঁ নিজৰ কলম-নাম "সগুন পিয়া"ত বহুতো বণ্ডিছ ৰচনা কৰিছে।৯ তেওঁ ক্ৰমে পাঞ্জাৱ বিশ্ববিদ্যালয় আৰু এম চি এম ডি এ ভি কলেজ অৱ উইমেন চণ্ডীগড়ৰ সংগীত বিভাগৰ প্ৰতিষ্ঠাপক। ১৯৯৭ চনত তেওঁ পাঞ্জাৱ বিশ্ববিদ্যালয়ৰ সংগীত বিভাগৰ বিভাগৰ মুৰব্বী হিচাপে অৱসৰ গ্ৰহণ কৰে।৮১০
বঁটা সন্মান
যশপৌলে লাভ কৰা বঁটাসমূহৰ ভিতৰত আছে:.[3][5][11]
- ৰাষ্ট্ৰীয় সংগীত নাটক একাডেমী বঁটা
- ৰাষ্ট্ৰীয় বৃত্তিৰ বঁটা, ১৯৬২ (শিক্ষা মন্ত্ৰালয়, ভাৰত চৰকাৰ)
- পঞ্জাৱ ৰাজ্যিক বঁটা
- পঞ্জাৱ সংগীত নাটক একাডেমী বঁটা
- নিষ্ঠাবান শিক্ষাবিদ বঁটা
- সংগীত সুমেৰু বঁটা
- সংগীত শিৰোমণি বঁটা
- ভাৰতৰ উত্তৰ-পশ্চিম অঞ্চলৰ সংগীত ৰজা (এফ এফ এফৰ আজীৱন বঁটা)
- চণ্ডীগড় জ্যেষ্ঠ নাগৰিক সন্থাৰ দ্বাৰা সন্মানিত
- তেওঁ সংগীত মহাবিদ্যালৰ প্ৰতিষ্ঠাপক আৰু প্ৰাক্তন অধ্যক্ষ অৰ্থাৎ, ক্ৰমে এম.চি.এম. ডি.এ.ভি. মহিলা মহাবিদ্যালয় আৰু পঞ্জাৱ বিশ্ববিদ্যালয় চণ্ডীগড়।
তথ্যসূত্ৰ
- ↑ Wade, Bonnie. (1973). Chĩz in Khyāl: The Traditional Composition in the Improvised Performance. Ethnomusicology. পৃ. 443–459
- ↑ Wade, Bonnie C. (1984). Khyal: Creativity Within North India's Classical Music Tradition. CUP Archive. ISBN 978-0-521-25659-9
- ↑ Felicitation of Pt. Yashpaul Ji::
- ↑ Festival of Performing Arts begins, Akademi Awardees showcase their Art. www.internationalnewsandviews.com
- ↑ Sinha, Manjari. (21 September 2018). The taste of 'organic' fruit: Pandit Yashpaul and the Agra gharana. The Hindu
- ↑ (2017-03-23). Pandit Yashpaul. The Anād Foundation
- ↑ (15 November 2003). A fine music tradition in ruins. The Tribune
- ↑ Tandon, Aditi. (13 August 2003). At last, recognition to guardian of Agra Gharana. The Tribune
- ↑ (14 October 2012). Exploring Gandhi through mudras. The Indian Express
- ↑ Department of Music (Vocal) of PG Government College for Girls, Sector-11, Chandigarh organized a Lecture-cum-Demonstration today. Pt. Yash Paul, an eminent and traditional performing artist, who has made a significant contribution in the field of Hindustani Classical Vocal Music, was the resource-person. - Times of India. The Times of India
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “পণ্ডিত যশপাল” প্ৰবন্ধৰ সংশোধন ৫৭৯১৯৪ (১৯ ফেব্ৰুৱাৰী ২০২৬)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।