বিজয়া দেৱী (জন্ম: ২৮ আগষ্ট ১৯২২ চন-মৃত্যু: ৮ ডিচেম্বৰ ২০০৫ চন) কৰ্ণাটকৰ ৱাডিয়াৰ বংশৰ এগৰাকী ভাৰতীয় ৰাজকুমাৰী আৰু সংগীতজ্ঞ আছিল।১
প্ৰাথমিক জীৱন
বিজয়া দেৱীৰ জন্ম যুৱৰাজ কান্তীৰৱ নৰসিংহৰাজ ৱাডিয়াৰৰ জ্যেষ্ঠ কন্যা যুৱৰাজকুমাৰী বিজয়লক্ষ্মী আম্মন্নী দেৱী আৰু কেম্পু চেলুৱাজা আম্মনীৰ জ্যেষ্ঠ কন্যা। তেওঁ মহাৰাজ জয়চমৰাজ ৱাডিয়াৰৰ জ্যেষ্ঠ ভগ্নী আছিল।১ তেওঁ মহীশূৰৰ চামুণ্ডি বিহাৰ পেলেচত ডাঙৰ-দীঘল হৈছিল।
সংগীত
সৰুৰেপৰা বিজয়া দেৱী কৰ্ণাটক আৰু পাশ্চাত্য সংগীতৰ সৈতে পৰিচিত হৈছিল। বীনা ভেংকটগিৰিয়াপ্পাই তেওঁক বীণা বজাবলৈ শিকাইছিল। গুড শ্বেফাৰ্ড কনভেণ্টৰ নানসকলৰপৰা আৰু পিছলৈ লণ্ডনৰ ট্ৰিনিটি কলেজৰ আলফ্ৰেড মিষ্ট'স্কিৰপৰাও তেওঁ মহীশূৰ ভ্ৰমণৰ সময়ত তেওঁ পিয়ানো শিকিছিল।২ ১৯৩৯ চনত পিতৃৰ সৈতে ইউৰোপ ভ্ৰমণৰ সময়ত ৰাছিয়াৰ সুৰকাৰ চাৰ্গেই ৰাচমানিনফক লগ পায়।
সংগীতৰ ক্ষেত্ৰত আগুৱাই যোয়াত দেৱী উৎসৰ্গিত আছিল। তেওঁ বাংগালুৰুত আন্তৰ্জাতিক সংগীত আৰু কলা সমাজ প্ৰতিষ্ঠা কৰে।২ এই সমাজৰ পৃষ্ঠপোষক হিচাপে আছিল কৰ্ণাটকৰ ৰাজ্যপাল ৰুক্মিণী দেৱী অৰুণ্ডেলে, এছ এম কৃষ্ণ, আৰু তেওঁৰ নিজৰ ভতিজা ৰাজকুমাৰ শ্ৰীকান্তদত্ত নৰসিংহৰাজ ৱাডিয়াৰ।
ব্যক্তিগত জীৱন
বিজয়া দেৱীয়ে ১৯৪১ চনত কোটডা-ছাংগনীৰ শাসক ঠাকোৰে চাহেব প্ৰদ্যুম্না সিংহ হিমন্ত চিঙৰ সৈতে বিবাহপাশত আবদ্ধ হয়। বিবাহৰ লগে লগে তেওঁ নতুন উপাধি গ্ৰহণ কৰিলে ৰাণী চাহেব। ভাৰতৰ স্বাধীনতাৰ পাছত ঠাকোৰে নতুন ভাৰতীয় বৈদেশিক সেৱাত যোগদান কৰে। ১৯৪৭ চনত এই দম্পতীহালে নিউয়ৰ্কলৈ গুচি যায়। তাত থকাৰ সময়ত তেওঁ এডুয়াৰ্ড ষ্টুয়াৰমেনৰ অধীনত জুলিয়াৰ্ড স্কুল অৱ সংগীত অধ্যয়ন কৰে।
দম্পতীহালৰ চাৰিগৰাকী কন্যা আছিল- গীতা দেৱী নাথ, উষা দেৱী মালৱী, উৰ্মিলা দেৱী, আৰু শকুন্তলা দেৱী; আৰু পাঁচগৰাকী নাতি-নাতিনী: অক্ষয় মালৱী, প্ৰিয়ম মালৱী, উদয়া নাথ, হনুমন্ত নাথ, আৰু অনিশা তাৰাপোৰভালা।
মৃত্যু
২০০৫ চনৰ ৮ ডিচেম্বৰত বাংগালুৰুত তেওঁৰ মৃত্যু হয়।১
বাহ্যিক সংযোগ
তথ্যসূত্ৰ
- ↑ Bhaktavatsala, M. (10 January 2006). End of a gentle glow
- ↑ Sardana, Nikhil. (1 December 2016). Urmila Devi Kotda Sangani - Organising Secretary, International Music & Arts Society. Serenade
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “বিজয়া দেৱী” প্ৰবন্ধৰ সংশোধন ৫৮৫৪২৪ (৬ মাৰ্চ ২০২৬)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।