যোৰহাট ষ্টেডিয়াম (Jorhat Stadium) হৈছে অসমৰ আটাইতকৈ পুৰণি বহুমুখী ষ্টেডিয়াম।১২ ই অসমৰ যোৰহাট চহৰত অৱস্থিত। ষ্টেডিয়াম খনত অত্যাধুনিক পকী গেলেৰীৰ লগতে মৃণ্ময় গেলেৰীও আছে। এই ষ্টেডিয়ামখন ১৯৫০ চনত প্ৰতিষ্ঠা কৰা হৈছিল।৩৪ ইয়াৰ পুৰণি মৃণ্ময় গেলেৰী সমূহৰ ডিজাইন স্বৰ্গীয় অবনী মোহন চৌধুৰীয়ে কৰিছিল। বিভিন্ন ক্ৰিকেট আৰু ফুটবল প্ৰতিযোগিতা সমূহ এই ষ্টেডিয়ামত অনুষ্ঠিত হয়। এই ষ্টেডিয়ামতে ১৯৪৯/৫০ চনত অসমৰ প্ৰথম ৰঞ্জি ট্ৰফীৰ খেল অনুষ্ঠিত হৈছিল।৫
সন্মানীয় এ.টি.পি.এ. শ্বিল্ড ফুটবল প্ৰতিযোগিতা যোৰহাটৰ ফুটবল তথা ক্ৰীড়া ক্ষেত্ৰৰ এক বিশেষ আকৰ্ষণ, য'ত ৰাজ্য তথা উত্তৰ পূৰ্বাঞ্চলৰ লগতে দেশৰ শ্ৰেষ্ঠ দল সমূহে অংশগ্ৰহণ কৰে। ৬ অসমৰ অন্যতম পুৰণি এই ফুটবল প্ৰতিযোগিতাখন প্ৰথম ১৯৬০ চনত এই ষ্টেডিয়ামতে অনুষ্ঠিত হৈছিল। অসমৰ প্ৰধান পেছাদাৰী ফুটবল লীগ অসম ৰাজ্যিক প্ৰিমিয়াৰ লীগৰ যোৰহাটৰ দল যোৰহাট টাউন ক্লাবে এইখন ষ্টেডিয়ামক নিজৰ ঘৰুৱা খেলপথাৰ হিচাপে ব্যৱহাৰ কৰে। ৭
লগতে চাওক
বাহ্যিক সংযোগ
তথ্যসূত্ৰ
- ↑ First modern sports stadium under construction in Jorhat
- ↑ Johat online
- ↑ Sports in Jorhat. jorhatonline.in
- ↑ Board of Sports of Assam
- ↑ Centenary Celebration Of Jorhat Stadium From April 2. thehillstimes.in
- ↑ ATPA Shield football from November 8. assamtribune.com
- ↑ Assam Premier League
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “যোৰহাট ষ্টেডিয়াম” প্ৰবন্ধৰ সংশোধন ৫৭২৪৭৩ (৩০ জানুৱাৰী ২০২৬)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।