অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
ধৰ্ম আৰু দৰ্শন

জন্মেজয়

জন্মেজয় বা জনমেজয় (Janamejaya) পাণ্ডৱ বংশৰ পৰীক্ষিত ৰজাৰ পুতেক। তেওঁৰ মাক আছিল মাদ্ৰৱতী। তেওঁৰ পিতৃ পৰীক্ষিত ৰজাক তক্ষক নাগে দংশি মাৰে। জনমেজয়ৰ পিতৃ পৰীক্ষিত ৰজা আছিল অৰ্জুনৰ পুত্ৰ অভিমন্যু আৰু উত্তৰাৰ পুত্ৰ। শুকে তেওঁৰ (পৰীক্ষিত) আগত মহাভাগৱত কৈছিল।

হালনাগাদ: ২১ আগষ্ট ২০২৪ ৭৫ শব্দ · ১ মিনিট সংগৃহীত ৮৪
সংশোধনৰ পৰামৰ্শ

জন্মেজয় বা জনমেজয় (Janamejaya) পাণ্ডৱ বংশৰ পৰীক্ষিত ৰজাৰ পুতেক।১ তেওঁৰ মাক আছিল মাদ্ৰৱতী। তেওঁৰ পিতৃ পৰীক্ষিত ৰজাক তক্ষক নাগে দংশি মাৰে।২ জনমেজয়ৰ পিতৃ পৰীক্ষিত ৰজা আছিল অৰ্জুনৰ পুত্ৰ অভিমন্যু আৰু উত্তৰাৰ পুত্ৰ। শুকে তেওঁৰ (পৰীক্ষিত) আগত মহাভাগৱত কৈছিল।২

ৰাজসিংহাসন

Death of Parikshit and Kashyapa alive burnt tree from Razmnama.
Death of Parikshit and Kashyapa alive burnt tree from Razmnama.ছবি: Unknown artist · Public domain

এদিন পৰীক্ষিত ৰজাই মৃগয়া কৰিবলৈ বনলৈ যায় আৰু পিয়াহ লগাত পানী বিচাৰি শমিক মুনিৰ আশ্ৰম পায়গৈ। শমিক মুনি তেতিয়া চকু মুদি ধ্যানমগ্নহৈ আছিল। ৰজা পৰীক্ষিতে ধ্যান কৰা ভাও জুৰি মুনিয়ে তেখেতক অৱজ্ঞা কৰা বুলি ভাবি, খঙত ওচৰতে পৰি থকা মৰা সাপ এডাল মুনিৰ ডিঙিত মেৰিয়াই দি থৈ যায়।

ৰজাই মুনিৰ ডিঙিত সাপ মেৰিয়াই থৈ যোৱা বাৰ্তা পাই শমীক মুনিৰ পুত্ৰ শৃংগীয়ে খঙত অগ্নিশৰ্মাহৈ কৌষিকী নদীৰ পানী স্পৰ্শ কৰি ৰজাক সাত দিন পিছত তক্ষক সাপে দংশন কৰিব বুলি অভিশাপ দিয়ে। অৱশেষত তক্ষক সাপে তেওঁক দংশন কৰে।৩

উল্লেখ আছে যে মৃত্যুৰ আগমুহূৰ্তত শুকে তেওঁৰ আগত মহাভাগৱতৰ কথা কৈছিল।৩

শমিক মনিৰ পুত্ৰ শৃংগী মুনিৰ অভিশাপত ৰজাৰ সাতদিনত মৃত্যু হোৱাৰ পিছত জন্মেজয়ে ৰাজসিংহাসনত বহে। তেওঁৰ কাশীৰাজ সুবৰ্ণবৰ্মাৰ কন্যা বপুষ্টমাৰ সৈতে বিবাহ হয়।

বংশলতা

মূল প্ৰবন্ধ: মহাভাৰতৰ পাত্ৰ

তথ্যসূত্ৰ

  1. ↑ হেমচন্দ্ৰ বৰুৱা. জনমেজয় (গ্ৰন্থ=হেমকোষ). পৃ. ৪৩৯
  2. ↑ পৰীক্ষিত | গ্ৰন্থ=হেমকোষ | লেখক=হেমচন্দ্ৰ বৰুৱা | পৃষ্ঠা=৬৬১ | আহৰণ কৰা হৈছে=৩০ মে ২০২০
  3. ↑ হেমচন্দ্ৰ বৰুৱা. পৰীক্ষিত ( গ্ৰন্থ=হেমকোষ ). পৃ. ৬৬১

সম্পৰ্কিত শ্ৰেণী

মহাভাৰতৰ চৰিত্ৰ

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “জন্মেজয়” প্ৰবন্ধৰ সংশোধন ৪২৯৩৫৫ (২১ আগষ্ট ২০২৪)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।