মৰা ভৰলী (Mora Bharali) হৈছে বৰ্তমানৰ জীয়া ভৰলী নদীৰ এটা পৰিত্যক্ত গতিপথ।১ বৰ্তমানৰ জীয়া ভৰলী আৰু ব্ৰহ্মপুত্ৰ নদীৰ মাজত এই গতিপথটোৰ দৈঘ্য ১১ কিঃমিঃ। ভৰলী ব্ৰহ্মপুত্ৰ নদৰ এখন উল্লেখযোগ্য উপনৈ। ই অৰুণাচল প্ৰদেশৰ টাৱাং জিলাৰ গৌৰী ছেন পৰ্বতৰ এটা হিমবাহৰ পৰা উৎপত্তি হৈছে। বৰ্তমান ই অৰুণাচল প্ৰদেশত কামেং নদী আৰু অসমত জীয়া ভৰলী বুলি জনা যায়। কামেং নদীৰ দৈৰ্ঘ্য প্ৰায় ২৬৪ কিঃমিঃ (১৬৪ মাইল)।২
ইতিহাস
জীয়া ভৰলীৰ বৰ্তমানৰ বিস্তৃতিৰ পৰা এটা মেৰুকৰণ গতি আছিল শালনী বস্তিৰ পৰা তেজপুৰলৈ প্ৰায় ৫০ কিঃমিঃ দৈৰ্ঘ্যৰ। এই প্ৰমাণ হিচাপে নদীৰ গতিপথৰ এটা বৃহৎ বিচ্ছিন্নতা এতিয়াও সংৰক্ষিত হৈ আছে, আৰু এইটোৱেই হৈছে স্থানীয়ভাৱে 'মৰা ভৰলী' নামেৰে জনাজাত পৰিত্যক্ত চেনেলটো, অৰ্থাৎ মৃত্যুমুখত পৰা বৰ্তমানৰ জীয়া ভৰলীৰ গতিপথ। সেয়েহে মৰা ভৰলী নদী হৈছে জিয়াভৰলী নদীৰ পাৰৰ এটা পৰিত্যক্ত চেনেল। ১৮২৪ চনৰ আগতে জীয়া ভৰলী নদীয়ে এই চেনেলটো পৰিত্যাগ কৰি ব্ৰহ্মপুত্ৰৰ সৈতে সংগম হোৱালৈকে কম বেছি পৰিমাণে পোন পথ অনুসৰণ কৰিলে।১
বৰ্তমানৰ স্থিতি
পৰৱৰ্তী সময়ত মৰা ভৰলী চেনেলটো পলস পৰি বাম হৈ গ'ল আৰু ই এতিয়া পূৰ্বৰদৰে বামগাঁও আৰু কাককুলিৰ মাজত বিস্তৃত অংশক বাদ দি খৰতকীয়াকৈ কোনো প্ৰবাহ কঢ়িয়াই নিব নোৱাৰে। এই গতিপথত জমা হোৱা পলস আৰু আৱৰ্জনা সমূহে মৰা ভৰলী গতিপথৰ ভূমিবৃদ্ধিক প্ৰতিনিধিত্ব কৰে। এই অংশত জমাহোৱা নদী আৱৰ্জনাবোৰ বালিচহীয়া পলিৰ পৰা আৰম্ভ কৰি গাঢ় ৰঙৰ পলিৰ মাটিলৈকে দেখা যায়।১
তথ্যসূত্ৰ
- ↑ Action Plan For Mora Bharali-Priority V. Pollution Control Board, Assam
- ↑ তপন কুমাৰ শৰ্মা. জীয়া ভৰলী. xobdo.org
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “মৰা ভৰলী” প্ৰবন্ধৰ সংশোধন ৪২২৫৩৬ (৮ জুন ২০২৪)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।