অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
ভূগোল আৰু ঠাই

হুঞ্জা উপত্যকা

হুঞ্জা (Hunza Valley) পাকিস্তানৰ গিলগিট-বাল্টিস্তান অঞ্চলৰ এটা পাহাৰীয়া উপত্যকা। পাকিস্তানৰ চৰম উত্তৰ অংশত অৱস্থিত হুঞ্জা আফগানিস্তানৰ ৱাখান কৰিডৰ আৰু চীনৰ জিনজিয়াং অঞ্চলৰ সীমাৰেখাত অৱস্থিত। হুঞ্জা উপত্যকা ২,৪৩৮ মিটাৰ (৭,৯৯৯ ফুট) উচ্চতাত অৱস্থিত।

হালনাগাদ: ৩০ নৱেম্বৰ ২০২৪ ৪৪৬ শব্দ · ২ মিনিট সংগৃহীত ৮০
সংশোধনৰ পৰামৰ্শ

হুঞ্জা (Hunza Valley) পাকিস্তানৰ গিলগিট-বাল্টিস্তান অঞ্চলৰ এটা পাহাৰীয়া উপত্যকা। পাকিস্তানৰ চৰম উত্তৰ অংশত অৱস্থিত হুঞ্জা আফগানিস্তানৰ ৱাখান কৰিডৰ আৰু চীনৰ জিনজিয়াং অঞ্চলৰ সীমাৰেখাত অৱস্থিত। ১

হুঞ্জা উপত্যকা ২,৪৩৮ মিটাৰ (৭,৯৯৯ ফুট) উচ্চতাত অৱস্থিত। ভৌগোলিকভাৱে হুঞ্জা ৩টা অঞ্চলৰে গঠিত, উচ্চ হুঞ্জা (গজাল), মধ্য হুঞ্জা ( হুঞ্জা উপত্যকা ) আৰু নিম্ন হুঞ্জা ( শ্বিনাকি )।

ইতিহাস

হুঞ্জা উপত্যকাৰ আদিম ইতিহাস প্ৰাচীন ভাৰতীয় মহাকাব্য মহাভাৰতত পোৱা যায়। ২ প্ৰাচীন ভাৰতৰ মহাজনপদ যুগত এই অঞ্চলটো কেইবাখনো প্ৰাচীন ভাৰতীয় ৰাজ্যৰ অধীনলৈ আহে, মূলতঃ কপিছা, গান্ধাৰ ৰাজ্য আৰু সম্ভৱতঃ মগধ ৰাজ্যও ইয়াত অন্তৰ্ভুক্ত আছিল। সপ্তম শতিকাৰ শেষৰ ফালে হুঞ্জা উপত্যকালৈ বৌদ্ধ ধৰ্মৰ আগমন ঘটে।

কম পৰিমাণে বৌদ্ধ ধৰ্ম আৰু বন এই অঞ্চলৰ প্ৰধান ধৰ্ম আছিল। এই অঞ্চলত বৌদ্ধ ধৰ্মৰ প্ৰত্নতাত্ত্বিক স্থান যেনে চেক্ৰেড ৰক অৱ হুঞ্জাৰ দৰে কেইবাটাও ঐতিহাসিক গুৰুত্বৰ স্থান বৰ্তমানো জীয়াই আছে। ওচৰতে বৌদ্ধ আশ্ৰয়স্থলৰ পূৰ্বৰ স্থানসমূহ। মধ্য এছিয়াৰ পৰা উপমহাদেশলৈ যোৱা বাণিজ্যিক পথৰ কেন্দ্ৰবিন্দু আছিল হুঞ্জা উপত্যকা। ইয়াৰোপৰি উপমহাদেশখন ভ্ৰমণ কৰা বৌদ্ধ মিছনেৰী আৰু সন্ন্যাসীসকলক ইয়াত আশ্ৰয় দিছিল আৰু সমগ্ৰ এছিয়াত বৌদ্ধ ধৰ্মৰ প্ৰসাৰত এই অঞ্চলে মুখ্য ভূমিকা পালন কৰিছিল। ৩ ৪

হুঞ্জা লোক

পৰম্পৰাগত সাঁ‌জত স্থানীয় হুঞ্জা মহিলা
পৰম্পৰাগত সাঁ‌জত স্থানীয় হুঞ্জা মহিলাছবি: Wasiasuhail · CC BY-SA 4.0

এই অঞ্চলৰ লোকসকলৰ কথিত স্থানীয় ভাষাসমূহৰ ভিতৰত বুৰুছাস্কি, ৱাখী আৰু শ্বিনা আদিয়ে প্ৰধান। হুঞ্জা উপত্যকাৰ সাক্ষৰতাৰ হাৰ ৯৫%তকৈ অধিক। সামূহিক বিদ্যালয় প্ৰতিষ্ঠান, আগা খান মিৰ আৰু উচ্চ শিক্ষাৰ বাবে বিশ্ববিদ্যালয়ৰ প্ৰভাৱেই হুঞ্জা উপত্যকাৰ উচ্চ সাক্ষৰতাৰ কাৰক, বিশেষকৈ ছোৱালী শিক্ষাৰ ক্ষেত্ৰত ইয়াৰ লোকসকলে গুৰুত্ব দিছে।৫ হুঞ্জা আৰু বৰ্তমানৰ উত্তৰ পাকিস্তানৰ ঐতিহাসিক অঞ্চলটোত শতিকাজুৰি গণ প্ৰব্ৰজন, সংঘাত আৰু জনজাতি আৰু জাতি-জনগোষ্ঠীৰ পুনৰ সংস্থাপন ঘটিছে, যাৰ ভিতৰত শ্বিনা জনগোষ্ঠী আঞ্চলিক ইতিহাসত আটাইতকৈ বিশিষ্ট অৱদান আছে। অঞ্চলটোৰ মানুহে প্ৰজন্মৰ পিছত প্ৰজন্ম ধৰি নিজৰ ঐতিহাসিক পৰম্পৰাক আগুৱাই নিছে। হুঞ্জা উপত্যকাত কিছুপৰিমাণে ৱাখী লোকো আছে। এইসকলে ঊনবিংশ শতিকাৰ পৰা উত্তৰ-পূব আফগানিস্তানৰ পৰা তালৈ প্ৰব্ৰজন কৰিছিল।৬ হুঞ্জাৰ বাসিন্দাসকলৰ অধিকাংশই ইছমাইলী ছিয়া সম্প্ৰদায়ৰ। তেওঁলোকৰ মতে চতুৰ্থ আগা খান তেওঁলোকৰ ধৰ্মীয় প্ৰতীক আৰু পূৰ্বপুৰুষ। হুঞ্জা উপত্যকাৰ জনসাধাৰণৰ সাক্ষৰতাৰ সফলতা আৰু সামগ্ৰিক মংগলৰ ক্ষেত্ৰতো তেওঁৰ অৱদানক উচ্চাশন দিয়া হয়।৭

হুঞ্জাৰ লোকসকল দীৰ্ঘায়ু বুলি জনা যায়,৮ অৱশ্যে এয়া তেওঁলোকৰ জন্মৰ সঠিক সময়ৰ তথ্যৰ অভাৱৰ বাবে প্ৰচাৰিত দীৰ্ঘায়ুৰ এক মিথ বুলিও কোৱা হয়।৯ পাকিস্তানৰ দৰিদ্ৰ, বিচ্ছিন্ন অঞ্চলৰ গড় আয়ুতকৈ হুঞ্জাৰ আয়ুস যথেষ্ট বেছি বুলি কোনোধৰণৰ প্ৰমাণ পোৱা নাযায়। স্বাস্থ্য আৰু দীৰ্ঘায়ুৰ এই দাবী প্ৰায়ে কেৱল স্থানীয় মিৰ (ৰজা)ৰ বক্তব্যৰ ওপৰত ভিত্তি কৰি কৰা হৈছিল। বৰঞ্চ বুৰুশ্বো লোকৰ সৈতে উল্লেখযোগ্য আৰু স্থায়ী সংস্পৰ্শ থকা এজন লেখকজন ক্লাৰ্কে তেওঁলোকৰ সামগ্ৰিকভাৱে স্বাস্থ্যৰমান নিম্ন বুলিহে এক ৰিপ'ৰ্টত প্ৰকাশ কৰিছে।১০

বহু গৱেষকে এই লোকসকলৰ স্বাস্থ্য সম্পৰ্কিত মিথকলৈ লোকসকলৰ সৈতে বাস কৰি চলোৱা গৱেষণাত ৰবাৰ্ট মেককেৰিছনে কেন্সাৰ, পেটৰ আলচাৰ বা এপেণ্ডিচাইটিছৰ দৰে ৰোগ থকা এজনো ব্যক্তিক আৱিষ্কাৰ কৰা নাছিল। গৱেষণাৰ পৰা দেখা গৈছে যে ভূ-প্ৰকৃতি আৰু ভূগোলৰ বাবে উচ্চ মাত্ৰাৰ ব্যায়ামে তেওঁলোকক সক্ৰিয় আৰু চিন্তামুক্ত কৰি ৰখাত সহায় কৰে, আৰু এই কাৰকেই তেওঁলোকৰ দীৰ্ঘায়ুৰ ক্ষেত্ৰত সহায় কৰে বুলি কোৱা হয়, লগতে এপ্ৰিকোটৰ গুটি আৰু তেল আৰু হিমবাহৰ পানী খনিজ পদাৰ্থ যুক্ত হোৱা বাবেও এই ক্ষেত্ৰত সহায়ক হয়।১১

বাহ্যিক সংযোগ

তথ্যসূত্ৰ

  1. ↑ Mountainous Valley situated in extreme northern part of Pakistan. www.dreamstime.com
  2. ↑ Suryavanshi, Bhagwan Singh. (1986). Geography of the Mahabharata. Ramanand Vidya Bhawan
  3. ↑ Behrendt, Kurt. (2003-11-01). The Buddhist Architecture of Gandhāra. BRILL. ISBN 978-90-474-1257-1
  4. ↑ Alcock, Susan E.; Bodel, John. (2012-05-15). Highways, Byways, and Road Systems in the Pre-Modern World. John Wiley & Sons. ISBN 978-0-470-67425-3
  5. ↑ Siddiqui, Shahid. Hunza disaster and schools. Dawn
  6. ↑ Frembgen Wasim, Jurgen. (2017). The Arts and Crafts of the Hunza Valley in Pakistan: Living traditions in the Karakoram. Oxford University Press. পৃ. 1. ISBN 978-0-19-940520-6
  7. ↑ Craig, Tim. (2023-04-10). High up on a Pakistani mountain, a success story for moderate Islam. Washington Post
  8. ↑ Wrench, Guy T., Dr. (2009). The Wheel of Health: A study of the Hunza people and the keys to health. Review Press. ISBN 978-0-9802976-6-9
  9. ↑ Tierney, John. (29 September 1996). The optimists are right. The New York Times
  10. ↑ Clark, John. Hunza – the truth, myths, and lies about the health and diet of the "long-lived" people of Hunza, Pakistan – Hunza bread and pie recipes. biblelife.org
  11. ↑ Shea, Samantha. (17 February 2024). People in this remote valley live to 100—they follow 5 distinct diet and lifestyle habits for longevity. www.cnbc.com. CNBC

সম্পৰ্কিত শ্ৰেণী

পাকিস্তানভূগোল

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “হুঞ্জা উপত্যকা” প্ৰবন্ধৰ সংশোধন ৪৪৯৯৯০ (৩০ নৱেম্বৰ ২০২৪)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।