সুধা সুন্দৰমন (Sudha Sundararaman, জন্ম-১৯৫৮) এগৰাকী ভাৰতীয় ৰাজনীতিবিদ আৰু ভাৰতীয় কমিউনিষ্ট পাৰ্টি (মাৰ্ক্সবাদী)ৰ কেন্দ্ৰীয় সমিতিৰ সদস্য।১২০১৪ চনৰ হিচাপত তেওঁ সৰ্বভাৰতীয় মহিলা সন্মিলনৰ সাধাৰণ সম্পাদিকা।২৩
জীৱনী
চেন্নাইৰ ইথিৰাজ কলেজ ফৰ ৱমেনত ইংৰাজী সাহিত্যৰ ছাত্ৰী হৈ থকাৰ সময়তে সুন্দৰমনে ভাৰতীয় কমিউনিষ্ট পাৰ্টি (মাৰ্ক্সবাদী)ৰ ছাত্ৰ শাখা ষ্টুডেণ্টছ ফেডাৰেচন অৱ ইণ্ডিয়াৰ প্ৰতি আগ্ৰহী হৈ পৰে।৩ স্নাতক ডিগ্ৰী লাভ কৰাৰ পিছত দৰ্শনত স্নাতকোত্তৰ ডিগ্ৰী সম্পূৰ্ণ কৰি স্কুলৰ শিক্ষয়িত্ৰী হিচাপে কৰ্মজীৱন আৰম্ভ কৰে। সুন্দৰমনে তেওঁৰ এজন বন্ধুক বিয়া কৰাইছিল। এই সময়ছোৱাত মহিলা ভুক্তভোগীক তেওঁলোকৰ ওপৰত হোৱা হিংসাৰ পৰা ৰক্ষা কৰাৰ দৰে কামত নিজকে জড়িত কৰিছিল। ইয়াৰ পিছতে তেওঁ শিক্ষকতাৰ চাকৰি এৰি ভাৰতীয় কমিউনিষ্ট পাৰ্টি (মাৰ্ক্সবাদী)ৰ মহিলা শাখা সৰ্বভাৰতীয় মহিলা গণতান্ত্ৰিক সন্থা (AIDWA)ত যোগদান কৰে। ১৯৯৫ চনত সুন্দৰমনক সন্থাৰ তামিলনাডুৰ সাধাৰণ সম্পাদক নিযুক্তি দিয়া হয় আৰু ২০০১ চনলৈকে এই পদত তেওঁ অধিষ্ঠিত হৈ থাকে।৩
সুন্দৰমনে বিৰোধীক মহিলা সংৰক্ষণ বিধেয়ক গৃহীত কৰিবলৈ প্ৰত্যাহ্বান জনায় যিয়ে ভাৰতৰ সংসদৰ নিম্ন সদন আৰু সকলো ৰাজ্যিক বিধানসভাৰ সকলো আসনৰ ১/৩ ভাগ মহিলাৰ বাবে সংৰক্ষণ কৰিবলৈ ভাৰতৰ সংবিধান সংশোধন কৰাৰ প্ৰস্তাৱ আগবঢ়ায়।৪
তথ্যসূত্ৰ
- ↑ (15 November 2008). CPI(M) meet against communalism and terrorism. দ্য হিন্দু
- ↑ (28 June 2011). UPA diluting women's protection laws. দ্য হিন্দু
- ↑ Ambujam Anantharaman. (20 December 2004). India: New Woman on the Top. Women's Feature Service
- ↑ Sudha Sundararaman on India's Women's Reservation Bill
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “সুধা সুন্দৰমন” প্ৰবন্ধৰ সংশোধন ৪৮৭২৫৬ (৫ মাৰ্চ ২০২৫)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।