অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
জীৱনী

চেলিম ডুৰানি

চেলিম আজিজ ডুৰানি (১১ ডিচেম্বৰ ১৯৩৪ - ২ এপ্ৰিল ২০২৩) এজন প্ৰাক্তন ভাৰতীয় ক্ৰিকেটাৰ আছিল৷ তেওঁ ১৯৬০ চনৰ পৰা ১৯৭৩ চনলৈ ২৯খন টেষ্ট মেট্‌চ খেলিছিল। অল-ৰাউণ্ডাৰ হিচাপে খেলা ডুৰানি এজন ধীৰ গতিৰ বাওঁহতীয়া বলাৰ আৰু বাওঁহতীয়া বেটাৰ আছিল।

হালনাগাদ: ২৯ ছেপ্তেম্বৰ ২০২৬ ২৪২ শব্দ · ১ মিনিট সংগৃহীত ৭৪
সংশোধনৰ পৰামৰ্শ

চেলিম আজিজ ডুৰানি (১১ ডিচেম্বৰ ১৯৩৪ - ২ এপ্ৰিল ২০২৩) এজন প্ৰাক্তন ভাৰতীয় ক্ৰিকেটাৰ আছিল৷ তেওঁ ১৯৬০ চনৰ পৰা ১৯৭৩ চনলৈ ২৯খন টেষ্ট মেট্‌চ খেলিছিল। অল-ৰাউণ্ডাৰ হিচাপে খেলা ডুৰানি এজন ধীৰ গতিৰ বাওঁহতীয়া বলাৰ আৰু বাওঁহতীয়া বেটাৰ আছিল। ছয় কোবোৱা ক্ষমতাৰ বাবে তেওঁ জনাজাত আছিল৷ আফগানিস্তানত জন্মগ্ৰহণ কৰা তেওঁ একমাত্ৰ ভাৰতীয় টেষ্ট ক্ৰিকেটাৰ।১

ডুৰানি ১৯৬১-৬২ চনত ইংলেণ্ডৰ বিৰুদ্ধে ভাৰতৰ শৃংখলাৰ বিজয়ৰ নায়ক আছিল৷ তেওঁ কলকাতা আৰু চেন্নাইত ক্ৰমে ৮ আৰু ১০ টা উইকেট দখল কৰে ভাৰতক বিজয়ী কৰে। তদুপৰি, এক দশক পিছত তেওঁ পৰ্ট অৱ স্পেইনত ক্লাইভ লয়ড আৰু গেৰী চোবাৰ্ছৰ উইকেট লৈ ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে ভাৰতৰ প্ৰথমটো বিজয়ত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰে৷২৩

তেওঁৰ ৫০ টা টেষ্ট ইনিংছত এটা শতক অৰ্জন কৰিছিল৷ সেয়া আছিল ১৯৬২ চনত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে ১০৪ ৰাণ। তেওঁ প্ৰথম শ্ৰেণীৰ ক্ৰিকেটত গুজৰাট, ৰাজস্থান আৰু সৌৰাষ্ট্ৰৰ হৈ খেলিছিল। তেওঁ প্ৰথম শ্ৰেণীৰ ক্ৰিকেটত ১৪ টা শতক অৰ্জন কৰে আৰু ৩৩.৩৭ গঢ়ে মুঠ ৮৫৪৫ ৰান কৰে। ডুৰানী দৰ্শকসকলৰ মাজৰ অতি জনপ্ৰিয় আছিল৷ ১৯৭৩ চনত কানপুৰ টেষ্টৰ বাবে তেওঁ দলৰ পৰা বাদ পৰোঁতে অনুৰাগীসকলে "No Durani, no Test!"ৰ দৰে পোষ্টাৰ আৰু শ্লোগান ব্যৱহাৰ কৰিছিল।

তেওঁ আফগানিস্তানত জন্মলাভ কৰা একমাত্ৰ ভাৰতীয় টেষ্ট ক্ৰিকেটাৰ হিচাপে ২০১৮ চনৰ ১৪ জুনত ঐতিহাসিক ভাৰত বনাম আফগানিষ্টান টেষ্ট মেচত উপস্থিত আছিল।৪ তেওঁ ১৯৭৩ চনত পাৰৱীন বাবীৰ সৈতে চৰিত্ৰ চলচ্চিত্ৰত অভিনয় কৰে।৫ তেওঁ অৰ্জুন বঁটা লাভ কৰা প্ৰথম ক্ৰিকেটাৰ আছিল। ২০১১ চনত বিচিচিআই-য়ে তেওঁক চি কে নাইডু জীৱনযোৰা অৱদান বঁটা প্ৰদান কৰে।৬

২০২৩ চনৰ ২ এপ্ৰিলৰ পুৱা জামছেদপুৰৰ নিজা বাসভৱনত বাৰ্ধক্যজনিত ৰোগত ভুগি ৮৮ বছৰ বয়সত ডুৰানিৰ মৃত্যু হয়৷৭

তথ্যসূত্ৰ

  1. ↑ Nationalities of Test Cricketers
  2. ↑ The Hindu, 6 May 2020, Kozhikode Edition, p. 14
  3. ↑ India news: Sachin Tendulkar, Salim Durani honoured at BCCI awards
  4. ↑ Team, DNA Web. (2018-06-14). Kabul-born Indian cricketer present during toss of historic India vs Afghanistan Test. Daily News and Analysis
  5. ↑ (2 April 2023). Did you know Salim Durrani was first cricketer-turned Bollywood hero. DNA
  6. ↑ (27 May 2011). C.K. Nayudu Lifetime Achievement Award for Durani. The Hindu
  7. ↑ (2 April 2023). Former India cricketer Salim Durani passes away aged 88. Sportstar

সম্পৰ্কিত শ্ৰেণী

অৰ্জুন বঁটা বিজয়ীভাৰতীয় ক্ৰিকেটাৰArticles with hAudio microformats

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “চেলিম ডুৰানি” প্ৰবন্ধৰ সংশোধন ৬৩৯৬৬৫ (২৯ ছেপ্তেম্বৰ ২০২৬)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।