অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
ভাষা আৰু সাহিত্য

জগত্তাৰিণী পদক

জগত্তাৰিণী পদক (Jagattarini Medal) বাংলা ভাষা আৰু সাহিত্যলৈ আগ বঢে়াৱা বিশেষ অৱদানৰ স্বীকৃতি স্বৰূপে কলিকতা বিশ্ববিদ্যালয়ে প্ৰতি দুবছৰৰ মূৰে মূৰে এই পদক প্ৰদান কৰে। ইয়াক ‘স্পেচিয়েল এনডাউমেণ্ট মেডেল’ তথা বিশেষ মৰ্যাদা সম্পন্ন পুৰস্কাৰ হিচাপে নিৰ্ধাৰণ কৰা হয়।

হালনাগাদ: ৭ জুন ২০২৫ ১৭৪ শব্দ · ১ মিনিট সংগৃহীত ৭২
সংশোধনৰ পৰামৰ্শ

জগত্তাৰিণী পদক (Jagattarini Medal) বাংলা ভাষা আৰু সাহিত্যলৈ আগ বঢে়াৱা বিশেষ অৱদানৰ স্বীকৃতি স্বৰূপে কলিকতা বিশ্ববিদ্যালয়ে প্ৰতি দুবছৰৰ মূৰে মূৰে এই পদক প্ৰদান কৰে। ইয়াক ‘স্পেচিয়েল এনডাউমেণ্ট মেডেল’ তথা বিশেষ মৰ্যাদা সম্পন্ন পুৰস্কাৰ হিচাপে নিৰ্ধাৰণ কৰা হয়।১

ইতিহাস

বাঙালী শিক্ষাবিদ, গণিতজ্ঞ, আৰু আইনবিদ বেৰিষ্টাৰ ছাৰ আশুতোষ মুখোপাধ্যায় আছিল কলিকতা বিশ্ববিদ্যালয়ৰ প্ৰথম ভাৰতীয় আৰু কিংবদন্তি উপাচাৰ্য। বিশ্ববিদ্যালয়ত শৈক্ষিক পৰম্পৰা বজাই ৰাখি তেওঁ জাতীয়তাবাদী কাৰ্যকলাপত সংস্কাৰ বিচাৰিছিল। ১৯২১ চনৰ ১৯ এপ্ৰিলত দ্বিতীয়বাৰৰ বাবে উপাচাৰ্যৰ পদ গ্ৰহণ কৰাৰ সময়ত তেওঁ ৩,০০০ টকাৰ চৰকাৰী বণ্ড কলিকতা বিশ্ববিদ্যালয়ক দান দি মাতৃ ‘জগত্তাৰিণী দেৱী’ৰ নামত এক বঁটা প্ৰতিষ্ঠা কৰে। কলকাতা বিশ্ববিদ্যালয়েৰ ছিণ্ডিকেটৰ সিদ্ধান্ত অনুসৰি আশুতোষ মুখোপাধ্যায়, চুণীলাল বসু, অমূল্যচৰণ বিদ্যাভূষণ, দীনেশচন্দ্ৰ সেন আৰু বি সি মজুমদাৰক লৈ পাঁচজনীয়া সদস্যৰ এখন সমিতি‍ গঠন কৰা হয়। সমিতি‍ৰ সিদ্ধান্ত অনুসাৰে সেই বছৰেই কলকাতা বিশ্ববিদ্যালয় প্ৰথম 'জগত্তাৰিণী পদক' সাহিত্যত ন'বেলজয়ী কবি ৰবীন্দ্ৰনাথ ঠাকুৰক প্ৰদান কৰা হয়। সেই অৰ্থত বাংলা সাহিত্যত 'জগত্তাৰিণী পদক' লাভ কৰাটো পৰৱৰ্তী প্ৰাপকসকলৰ বাবে এক বৃহৎ সন্মান। বিগত বছৰবোৰত শৰৎচন্দ্ৰ চট্টোপাধ্যায়, প্ৰমথ চৌধুৰী, কাজী নজৰুল ইসলাম,তাৰাশঙ্কৰ বন্দ্যোপাধ্যায়, মানকুমাৰী বসু,কুমুদৰঞ্জন মল্লিক,সন্দীপন চট্টোপাধ্যায় আনিসুজ্জামান সহ বাংলা সাহিত্যৰ বিভিন্ন প্ৰথিতযশা লেখকে এই পদক লাভ কৰিছে।

পদক প্ৰাপক সাহিত্যিকসকল

সালপ্ৰাপকেৰ নাম
১৯২১ৰবীন্দ্ৰনাথ ঠাকুৰ
১৯২৩শৰৎচন্দ্ৰ চট্টোপাধ্যায়
১৯২৫অমৃতলাল বসু
১৯২৭স্বৰ্ণকুমাৰী দেবী
১৯২৯কামিনী ৰায়
১৯৩১দীনেশচন্দ্ৰ সেন
১৯৩৫অনুৰূপা দেবী
১৯৩৯ৰাজশেখৰ বসু
১৯৪০হীৰেন্দ্ৰনাথ দত্ত
১৯৪১প্ৰমথ চৌধুৰী
১৯৪১মানকুমাৰী বসু
১৯৪৩নিৰুপমা দেৱী
১৯৪৫কাজী নজৰুল ইসলাম
১৯৫১কৰুণানিধান বন্দ্যোপাধ্যায়
১৯৫৩কালিদাস ৰায়
১৯৫৫উপেন্দ্ৰনাথ গঙ্গোপাধ্যায়
১৯৫৭যোগেশচন্দ্ৰ ৰায় বিদ্যানিধি
১৯৫৯তাৰাশঙ্কৰ বন্দ্যোপাধ্যায়
১৯৬৭বলাইচাঁদ মুখোপাধ্যায়
-কুমুদৰঞ্জন মল্লিক
-সুবোধ ঘোষ
১৯৭৫অচিন্ত্যকুমাৰ সেনগুপ্ত
১৯৭৯অন্নদাশঙ্কৰ ৰায়
১৯৮৩প্ৰমথনাথ বিশী
১৯৮৭ৰমাপদ চৌধুৰী
১৯৯৩নেপাল মজুমদাৰ
১৯৯৩আশাপূৰ্ণা দেৱী
১৯৯৯অম্লান দত্ত
২০১২অমলেন্দু বন্দ্যোপাধ্যায়
২০১৮আনিসুজ্জামান

তথ্যসূত্ৰ

  1. ↑ ৰবি স্মৰণে. ঋতুযান পাবলিকেশন

সম্পৰ্কিত শ্ৰেণী

বঙালী সাহিত্য

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “জগত্তাৰিণী পদক” প্ৰবন্ধৰ সংশোধন ৫১৫৭৯৩ (৭ জুন ২০২৫)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।