পোখালি
৭৮ প্ৰবন্ধ
-
এগোৰাফ’বিয়া
এগোৰাফ'বিয়া (Agoraphobia) হৈছে এক উদ্বেগজনিত বিকাৰ, যাৰ বৈশিষ্ট্য হৈছে এনে লক্ষণ য'ত ব্যক্তিজনে নিজৰ পৰিৱেশক অসুৰক্ষিত বুলি অনুভৱ কৰে আৰু পলায়নৰ কোনো উপায় নাই বুলি ভাবি উদ্বিগ্ন হৈ পৰে।। আক্ৰান্তসকলে এই পৰিস্থিতিৰ পৰা হাত সাৰিবলৈ যি কোনো কাম কৰিব পাৰে।
-
কমতাৰ চক্ৰধ্বজ
চক্ৰধ্বজ (১৫ শতিকাৰ শেষৰ ফালে ৰাজত্ব কৰিছিল) অসম ৰ খেন্ বংশ কমতা ৰাজ্যৰ শাসক আছিল। তেওঁ খেন্ বংশৰ প্ৰতিষ্ঠাপক নীলাধ্বজ ৰ পুত্ৰ আছিল আৰু তেওঁৰ পিছত তেওঁৰ পুত্ৰ নীলাম্বৰ ৰাজপাটত বহে।
-
কেনেৰী দ্বীপপুঞ্জ
কেনেৰী দ্বীপপুঞ্জ, যাক অনানুষ্ঠানিকভাৱে কেনাৰীজ বুলিও কোৱা হয়, স্পেনিছ স্বায়ত্তশাসিত সম্প্ৰদায় আৰু আটলাণ্টিক মহাসাগৰৰ মেকাৰোনেছিয়াৰ দ্বীপপুঞ্জ হয়| আফ্ৰিকাৰ মূল ভূখণ্ডৰ আটাইতকৈ ওচৰৰ স্থানত, ইহঁত মৰক্কোৰ পৰা ১০০ কিলোমিটাৰ (৬২ মাইল) পশ্চিমে অৱস্থিত।
-
কৰণী মাতা
কৰণী মাতা ( Karni Mata; करणी माता; অথবা ভাগৱতী কৰণীজী মহাৰাজ) এগৰাকী হিন্দু শক্তি আৰু বিজয়ৰ দেৱী; যাক ভাগৱতী, মেহাই, জগদম্বা, আৰু কিনিয়ানী আদি বিভিন্ন নামেৰে জনা যায়। এগৰাকী যোদ্ধা ঋষি হিচাপে বৰ্ণনা কৰা দেৱীগৰাকী পশ্চিম ৰাজস্থানত ১৪ আৰু ১৬ শতিকাৰ ভিতৰত বাস কৰিছিল।
-
ছুপাৰ হাংগামা
ছুপাৰ হাংগামা হৈছে দ্য ৱাল্ট ডিজনী কোম্পানী ইণ্ডিয়াৰ সহযোগী প্ৰতিষ্ঠান ষ্টাৰ ইণ্ডিয়াৰ মালিকানাধীন ভাৰতীয় শিশু টেলিভিছন চেনেল। ইয়াত মূলতঃ ৬ৰ পৰা ১৭ বছৰৰ দৰ্শকৰ বাবে একচন-এডভেঞ্চাৰ কাৰ্টুন প্ৰচাৰ কৰা হয়।
-
জান্নাতুল বাকী
জান্নাত আল-বাকী (আৰবী: ٱلْبَقِيْع, ) বাকীহেজাজী হৈছে মদীনাৰ আটাইতকৈ পুৰণি আৰু প্ৰথম ইছলামিক কবৰস্থান।বৰ্তমানৰ চৌদি আৰবৰ হেজাজী অঞ্চলত অৱস্থিত। ইয়াক বাকি আল-ঘৰকাদ বুলিও জনা যায়। খবৰ অনুসৰি আল-বাকী পয়গম্বৰ মুহাম্মাদৰ দ্বাৰা প্ৰতিষ্ঠা কৰা হৈছে।
-
টেস্কেট্ৰা
TechXetra হৈছে ভাৰতৰ তেজপুৰ বিশ্ববিদ্যালয়ৰ ৰাষ্ট্ৰীয় পৰ্যায়ৰ বাৰ্ষিক প্ৰযুক্তি-সাংস্কৃতিক উৎসৱ। TechXetra দুটা শব্দৰ সংমিশ্ৰণ- Tech আৰু Xetra। ‘টেক’ মানে টেকন’লজি আৰু ‘জেট্ৰা’ অৰ্থাৎ ভূখণ্ড। জ্ঞান আৰু বুদ্ধিমত্তা প্ৰদৰ্শনৰ বাবে উত্তৰ-পূব ভাৰতৰ অন্যতম সাধাৰণ মঞ্চ আছিল।
-
ঢাকা চেণ্ট্ৰেল ইউনিভাৰ্চিটি
ঢাকা চেণ্ট্ৰেল ইউনিভাৰ্চিটি হৈছে বাংলাদেশৰ ঢাকাত অৱস্থিত এখন ফেডাৰেল ৰাজহুৱা গৱেষণা বিশ্ববিদ্যালয়। ৰাজধানীৰ সাতখন উল্লেখযোগ্য চৰকাৰী মহাবিদ্যালয় একত্ৰিত কৰি বিশ্ববিদ্যালয়খন প্ৰতিষ্ঠা কৰা হয়। ২০২৬ চনৰ ৮ ফেব্ৰুৱাৰীত জাৰি কৰা এখন অধ্যাদেশৰ জৰিয়তে ঢাকা চেণ্ট্ৰেল ইউনিভাৰ্চিটি প্ৰতিষ্ঠা কৰা হয়।
-
তিৰুভিলাইয়াদাল আৰামবম
তিৰুভিলাইয়াদাল আৰামবম (The Divine Sport Starts) এখন তামিল চলচ্চিত্ৰ।
-
ত্ৰিযুগীনাৰায়ণ মন্দিৰ
ত্ৰিযুগীনাৰায়ণ মন্দিৰ (সংস্কৃত: त्रियुगी-नारायण) হৈছে ভাৰতৰ উত্তৰাখণ্ডৰ ৰুদ্ৰপ্ৰয়াগ জিলাৰ ত্ৰিযুগীনাৰায়ণ গাঁৱত অৱস্থিত এটা হিন্দু মন্দিৰ। এই প্ৰাচীন মন্দিৰটো ভগৱান বিষ্ণুৰ নামত উৎসৰ্গিত।
-
দৈনিক চুটি বুদ্ধি
দৈনিক চুটি বুদ্ধি হৈছে অসমীয়া বিদ্ৰূপাত্মক হাস্যৰসৰ (satire) ৱেবছাইট। সমাজ, ৰাজনীতি, শিক্ষা আদি সম্পৰ্কীয় ব্যঙ্গাত্মক, প্ৰহসন লিখনীৰ উপৰি কৌতুক, কাৰ্টুন, সাধু, আন ভাষাৰ তেনে লিখনিৰ অসমীয়া অনুবাদ আদি ইয়াত প্ৰকাশ কৰা হয়। ২০১১ চনৰ ১০ অক্টোবৰত এই ৱেবছাইটটো মুকলি কৰা হয়।
-
নগা চাদৰ
নগা চাদৰ (Naga shawl) হৈছে নগালেণ্ড আৰু উত্তৰ-পূব ভাৰতৰ ইয়াৰ কাষৰীয়া অঞ্চলৰ বিভিন্ন নগা জনগোষ্ঠীয়ে তৈয়াৰ কৰা এক সুকীয়া আৰ্হিৰ (মূলতঃ ৰঙা আৰু ক’লা ঊলৰ) পৰম্পৰাগত চাদৰ।
-
নাছিৰনগৰ আশুতোষ পাইলট হাইস্কুল
নাছিৰনগৰ আশুতোষ পাইলট হাইস্কুল (নাসিব়নগব় আশুতোষ পাইলট উচ্চ বিদ্যালয়, Nasirnagar Ashutosh Pilot High School) বাংলাদেশৰ নাছিৰনগৰ, ব্ৰাহ্মণবাড়িয়াৰ পুৰণি শিক্ষানুষ্ঠানসমূহৰ ভিতৰত অন্যতম। ১৯৩৭ চনত এইখন স্থাপন কৰা হৈছিল।
-
মাঅ কায় নাম জিলা
মাঅ কায় নাম (Mỏ Cày Nam) ভিয়েটনামৰ মেকং ব-দ্বীপত থকা বিন চ্চে' প্ৰদেশৰ এখন গ্ৰামীণ জিলা। ২০০৯ চনৰ মাৰ্চত এই জিলাখনৰ স্থাপন কৰা হৈছিল। মাঅ কায় নামৰ পূবে জওং চ্চ'ম জিলা, পশ্চিমে চ্চা ভিন্ প্ৰদেশ, পূব আৰু উত্তৰ-পূবে মাঅ কায় বাক আৰু থাইন ফু জিলা; দক্ষিণ আৰু দক্ষিণ-পশ্চিমে চ্চা ভিন্ প্ৰদেশ অৱস্থিত।
-
সন্ধান ডট কম
সন্ধান হৈছে অসমীয়া ভাষাৰ এখন অনলাইন আলোচনী। ২০১২ চনৰ জুলাই মাহত এই আলোচনীখনৰ প্ৰথম সংখ্যা প্ৰকাশ হয়। ই-আলোচনীখনে ২০১৫ চনত 'দক্ষিণ এছিয়া আৰু এছিয়া পেচিফিক মন্থন বঁটা লাভ কৰে ৷ তদুপৰি ২০১৬ চনত ই-সংস্কৃতি আৰু ঐতিহ্য শিতানত ৬ষ্ঠ ই-নৰ্থ ইষ্ট বঁটা লাভ কৰে ৷
-
সূৰ্য্য দাস
সূৰ্য্য দাস এগৰাকী প্ৰখ্যাত অসমীয়া গায়ক তথা সংগীত শিল্পী। তেখেত ‘গণশিল্পী’ নামেৰেও জনাজাত হৈ পৰিছিল।
-
হেৰিটেজ এক্সপ্ল'ৰাৰ
হেৰিটেজ এক্সপ্ল'ৰাৰ এখন মাহেকীয়া সংবাদ বুলেটিন। গুৱাহাটীৰ পৰা প্ৰকাশিত এই বুলেটিনখনত উত্তৰ-পূব সম্পৰ্কীয় সংবাদৰ ওপৰত বিশেষ গুৰুত্ব দিয়া হয়। অমৰেন্দ্ৰ ব্ৰহ্ম এই বুলেটিনৰ সম্পাদক।
-
ৰোগন জোছ (চুটিছবি)
ৰোগন জোছ (Rogan Josh) হৈছে ২০১৮ চনত মুক্তিপ্ৰাপ্ত এখন ভাৰতীয় চুটিছবি। ২৬/১১ ত মুম্বাইত সংঘটিত সন্ত্ৰাসবাদী আক্ৰমণে কিদৰে এটা পৰিয়ালৰ সোণালী জীৱনযাত্ৰা ব্যাহত কৰি তুলিলে তাকেই চুটিছবিখনত দাঙি ধৰিছে।