ত্ৰিযুগীনাৰায়ণ মন্দিৰ (সংস্কৃত ভাষা: त्रियुगी-नारायण) হৈছে ভাৰতৰ উত্তৰাখণ্ডৰ ৰুদ্ৰপ্ৰয়াগ জিলাৰ ত্ৰিযুগীনাৰায়ণ গাঁৱত অৱস্থিত এটা হিন্দু মন্দিৰ। এই প্ৰাচীন মন্দিৰটো ভগৱান বিষ্ণুৰ নামত উৎসৰ্গিত। এই স্থানতে ভগৱান বিষ্ণুক সাক্ষী কৰি ভগৱান শিৱ আৰু দেৱী পাৰ্বতীৰ বিবাহ সম্পন্ন হৈছিল বুলি প্ৰচলিত পৌৰাণিক বিশ্বাসৰ বাবেই মন্দিৰভাগ জগতপ্ৰসিদ্ধ। ই এক জনপ্ৰিয় হিন্দু তীৰ্থস্থান আৰু অভিমান ক্ষেত্ৰম মন্দিৰসমূহৰ অন্তৰ্ভুক্ত।১২ এই মন্দিৰৰ এটা বিশেষ বৈশিষ্ট্য হৈছে ইয়াৰ সন্মুখত অহৰহ জ্বলি থকা এক অখণ্ড অগ্নিশিখা। এই জুইকুৰা সেই ঐশ্বৰিক বিবাহৰ সময়ৰে পৰা জ্বলি থকা বুলি বিশ্বাস কৰা হয়।৩ প্ৰাচীন কালত এই জুই নিজে নিজে প্ৰজ্বলিত হৈ আছিল যদিও কলিযুগত কেদাৰঘাটীৰ জামলোকী ব্ৰাহ্মণসকলে ইয়াক নিৰন্তৰভাৱে জ্বলাই ৰাখিছে। জামলোকী ব্ৰাহ্মণসকল ত্ৰিযুগীনাৰায়ণ মন্দিৰৰ প্ৰধান পূজাৰীও। সেয়েহে এই মন্দিৰটোক অখণ্ড ধুনী মন্দিৰ বুলিও জনা যায়।
অৱস্থান
ত্ৰিযুগীনাৰায়ণ মন্দিৰ উত্তৰাখণ্ডৰ ৰুদ্ৰপ্ৰয়াগ জিলাত, গড়ৱাল হিমালয় অঞ্চলৰ ভিতৰত অৱস্থিত। চাৰিওফালৰ ধুনীয়া পাহাৰৰ মাজত ১৯৮০ মিটাৰ (৬৫০০ ফুট) উচ্চতাত অৱস্থিত এই মন্দিৰটোৱে দৃশ্যপট আগবঢ়াইছে।
কেদাৰনাথ ট্ৰেকৰ ভিত্তি শিবিৰ গৌৰীকুণ্ডৰ পৰা প্ৰায় ১৬ কিলোমিটাৰ আৰু সোণপ্ৰয়াগৰ পৰা ১১ কিলোমিটাৰ দূৰত্বত।
তথ্যসূত্ৰ
- ↑ Places of worship: Vishnu Temple
- ↑ Triyuginarayan. National Informatic Centre
- ↑ (2006). Temples Attached to Shri Kedarnath Temple. Shri Badrinath Shri Kedarnth Temple Committee
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “ত্ৰিযুগীনাৰায়ণ মন্দিৰ” প্ৰবন্ধৰ সংশোধন ৬৩৭২৩৪ (২৩ ছেপ্তেম্বৰ ২০২৬)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।