অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
সমাজ আৰু জীৱনধাৰা

চৰবৎ

শৰ্বট বা চৰবৎ বা চৰ্বত ( ফাৰ্চী: شربت) ফল বা ফুলৰ পাহিৰ পৰা প্ৰস্তুত কৰা এবিধপানীয় ইয়াক মিঠা সোৱাদত আৰু সাধাৰণতে ঠাণ্ডা কৰি পৰিবেশন কৰা হয়। ইয়াক ঘনীভূত ৰূপত পৰিবেশন কৰি চামুচেৰে খালে বা পানীৰে পাতল কৰি পানীয় সৃষ্টি কৰিব পাৰি।

হালনাগাদ: ২৯ ছেপ্তেম্বৰ ২০২৬ ৬৫৩ শব্দ · ৪ মিনিট সংগৃহীত ৭৬
সংশোধনৰ পৰামৰ্শ

শৰ্বট বা চৰবৎ বা চৰ্বত ( ফাৰ্চী: شربت) ফল বা ফুলৰ পাহিৰ পৰা প্ৰস্তুত কৰা এবিধপানীয়১ ইয়াক মিঠা সোৱাদত আৰু সাধাৰণতে ঠাণ্ডা কৰি পৰিবেশন কৰা হয়। ইয়াক ঘনীভূত ৰূপত পৰিবেশন কৰি চামুচেৰে খালে বা পানীৰে পাতল কৰি পানীয় সৃষ্টি কৰিব পাৰি।

জনপ্ৰিয় শ্বাৰবাট তলত দিয়া এটা বা ততোধিক বস্তুৰে তৈয়াৰ কৰা হয়: বাচিল ছীডছ, গোলাপৰ পানী, সতেজ গোলাপৰ পাহি, চন্দন কাঠ, বেল, হিবিস্কাছ, নেমু, কমলা, আম, আনাৰস, আঙুৰ, ফালছা (Grewia asiatica) আৰু চিয়া ছীডছ।

ইৰাণ, তুৰস্ক, বছনিয়া, আৰব বিশ্ব, আফগানিস্তান, পাকিস্তান, শ্ৰীলংকা, বাংলাদেশ আৰু ভাৰতৰ ঘৃহত শ্বৰবট সাধাৰণতে দেখা যায় আৰু ৰমজান মাহত মুছলমানসকলে দৈনিক উপবাস ভংগ কৰাৰ সময়ত ইয়াক সেৱন কৰে ৷২

ইণ্ডোনেছিয়ায়, বিশেষকৈ জাভাত, ৰমজান মাহত সাধাৰণতে চৰবৎ বেছিকৈ পোৱা যায়। ইয়াক ঠাণ্ডা পানী, সৰল চিৰাপ আৰু টুকুৰা টুকুৰ কৰা কেন্টালুপ মিহলাই তৈয়াৰ কৰা হয়, যাক জনপ্ৰিয়ভাৱে চাৰ্বাট ব্লেৱাহ বা কেন্টালুপ শ্বৰবেট বুলি জনা যায়।

ব্যুৎপত্তি

ৰুহ আফজা চৰবৎ
ৰুহ আফজা চৰবৎছবি: Miansari66 · CC0

এই শব্দটো পাৰ্চী শব্দ শৰ্বাতৰ (شربت) ref>Sherbet · frozen dessert. Encyclopedia Britannica</ref> পৰা আহিছে, যাৰ অৰ্থ হৈছে চেনি আৰু পানীৰ পানীয়। এইটো পাছলৈ আৰবী শব্দ শ্বৰিবা, "পান কৰা"ৰ পৰা আহিছিল।৩ মধ্যযুগৰ শেষৰ ফালে আৰবী শব্দ শ্বৰাবৰ (شراب) অৰ্থ "মদ্যপান" হ'ল আৰু ইয়াৰ বিকল্প ৰূপ হ'ল শ্বৰবট (شربات) ইয়াৰ পাৰ্চী আৰু তুৰ্কী ভিন্নতা ক্ৰমে শ্বৰবট (شربت) আৰু চেৰবেটৰ অৰ্থ ল'লে এবিধ মিঠা অ-ৰাগীয়াল পানীয়।৪

ইতিহাস

শ্বৰবটৰ উৎপত্তি ইৰাণত (পাৰস্য) বুলি বিশ্বাস কৰা হয়। ৪৫৬৭৮৯ Several syrups are listed in the 11th-century Canon of Medicine by Persian writer Ibn Sīnā.১০ পাৰ্চী লেখক ইবন ছিনাৰ দ্বাৰা ৰচিত একাদশ শতিকাৰ কেনন অৱ মেডিচিনত কেইবাটাও ৰসক তালিকাভুক্ত কৰা হৈছে।১১ দ্বাদশ শতিকাত জাখিৰেয়ে খোৱাৰাজমশ্বাহী, গৰ্গানী নামৰ পাৰ্চী গ্ৰন্থত ইৰাণৰ বিভিন্ন প্ৰকাৰৰ শ্বৰবটৰ বৰ্ণনা কৰা হৈছে য'ত ঘূৰে, অনাৰ, চেকাঞ্জেবিন ইত্যাদিও আছে।

পশ্চিমীয়াসকলে শ্বৰবটৰ প্ৰথম উল্লেখ ইটালীয় ভাষাত তুৰ্কীসকলে কৰা বুলি কৈছে। শব্দটো ইটালীয় ভাষাত চৰবেট' হিচাপে প্ৰৱেশ কৰে যিটো ফৰাচী ভাষাত চৰবেট হৈ পৰে। ১৭ শতিকাত ইংলেণ্ডে শুকান ফল আৰু চেনিৰ সৈতে মিহলি কৰা ফুলৰ পৰা তৈয়াৰী "শ্বৰবেটৰ গুড়ি" আমদানি কৰিবলৈ আৰম্ভ কৰে। আধুনিক যুগত শ্বৰবেটৰ গুড়ি এতিয়াও ব্ৰিটেইনত জনপ্ৰিয়। মধ্যপ্ৰাচ্য ভ্ৰমণ কৰা এজন সমসাময়িক ইংৰাজ লেখকে "বিবিধ শ্বৰবেটৰ বিষয়ে লিখিছিল যে "কিছুমান চেনি আৰু নেমুৰে তৈয়াৰী, কিছুমান আন সামগীৰে পৰা তৈয়াৰী, ইত্যাদি ইত্যাদি।" ইউৰোপীয়সকলে যেতিয়া শ্বৰবেট কেনেকৈ শীতলাব লাগে সেইটো বুজি পালে তেওঁলোকে ফ্ৰীজত থোৱা সৰল ৰসৰত ফলৰ ৰস আৰু সোৱাদযুক্ত বস্তু যোগ কৰি চৰবেট্টো বনাবলৈ আৰম্ভ কৰে। আমেৰিকাত শ্বৰবেটৰ অৰ্থ সাধাৰণতে হিমায়িত গাখীৰ।৪

শ্বৰবট পৰম্পৰাগতভাৱে বেতৰ ৰসেৰে তৈয়াৰ কৰা হৈছিল, কিন্তু আধুনিক যুগত ইয়াক সাধাৰণতে ঘৰতে চেনি আৰু পানীৰে তৈয়াৰ কৰা হয়। শ্বৰবটৰ গনত্ব আৰু সোৱাদ উন্নত কৰিবলৈ কেতিয়াবা নেমু মিহলাই দিয়া হয়।১২ মৌজোলক মিঠা দ্ৰব্য হিচাপে সাধাৰণতে ব্যৱহাৰ কৰা হয়। শ্বৰবেট নেমু, ডালিম, কুইন্স, ষ্ট্ৰবেৰী, চেৰী, কমলা, গোলাপ, কমলা ফুল, তেতেলী, নুনী আদিকে ধৰি বহু সোৱাদত পোৱা যায়। [2] ফ্ৰেড্ৰিখ উংগাৰৰ ১৯ শতিকাৰ ৰন্ধন গ্ৰন্থত লিপিবদ্ধ কৰা এটা শ্বৰবটক গুলগুলু টিৰিয়াকি শ্বেৰবেট বুলি কোৱা হয় যাৰ অৰ্থ হৈছে "গোলাপী আফিং খোৱা লোকৰ শ্বৰবেট"।১৩

প্ৰকাৰ

তেতেলী আৰু প্লামৰ চৰবৎ
তেতেলী আৰু প্লামৰ চৰবৎছবি: Miansari66 · CC0
বেলৰ চৰবৎ
বেলৰ চৰবৎছবি: Deepti135 · CC BY-SA 4.0

তেতেলী শ্বৰবট হৈছে মুছলমান দেশসমূহৰ জনপ্ৰিয় অ-ৰাগীয়াল পানীয় যি সাধাৰণতে ৰমজানৰ সময়ত প্ৰস্তুত কৰা হয়। তুৰস্কত তেতেলী শ্বৰবট, যাক ডেমিৰিণ্ডি শ্বৰবেটি বুলি কোৱা হয়, লৱণ, ইলাচি, সতেজ আদা, এটা ডালচেনি, মৌ আৰু শুকান লিণ্ডেন ফুলৰ সৈতে সোৱাদযুক্ত হ'ব পাৰে।১৪১৫

আলমণ্ডৰ শ্বৰবট সম্ভৱতঃ পাৰ্চী মূলৰ১৬ আৰু ইয়াত ইলাচি আৰু কেউৰাৰ সৈতে মছলা দিব পাৰি।১৭ আলমণ্ড শ্বৰবটৰ আন এটা সংস্কৰণ গাখীৰ আৰু কেশৰ আৰু কস্তুৰী বগৰী কেতিয়াবা যোগ কৰি কৰা হয়।১৮১৯

মধ্য প্ৰাচ্য

বহুতো অট্টোমান মুছলমানৰ মদ্যপানৰ প্ৰথা নাছিল, যি মধ্যযুগত শ্বৰবটৰ জনপ্ৰিয়তাত অৰিহণা যোগাইছিল। শ্বৰবটৰ তিনিটা ৰূপ হ’ব পাৰে: চিৰাপ, চেভাইম নামৰ পেষ্ট আৰু টেবলেট। আধুনিক যুগত শ্বাৰবেটৰ উৎপাদন হ্ৰাস পাইছে যদিও তুৰস্কৰ কিছুমান অঞ্চলত এতিয়াও চিৰাপ তৈয়াৰ কৰা হয়। পেষ্ট বিৰল আৰু বিশেষ দোকানতহে পোৱা যায়; আজিৰ তাৰিখত ব্যৱসায়িকভাৱে উপলব্ধ বেছিভাগ পেষ্ট বাৰ্গামট বা মেষ্টিক সোৱাদত সীমাবদ্ধ। টেবলেট এটা বিশেষ বস্তু আছিল, আনকি অট্টোমানৰ সময়তো, কেৱল পেছাদাৰী দোকানতহে ইয়াক তৈয়াৰ কৰিছিল। টেবলেট বনাবলৈ ফলৰ ৰস আৰু আৱশ্যকীয় তেল, যেনে গোলাপ বা ডালচেনি, উতলি থকা চেনিযুক্ত পানীত দি কেৰাহীত চেনি স্ফটিক হ’বলৈ আৰম্ভ নকৰালৈকে লৰাই থোৱা হৈছিল। মছলা, পিহি লোৱা বাদাম আৰু বনৌষধি মিশ্ৰণটোত যোগ কৰা হৈছিল।২০

ভাৰত

ষোড়শ শতিকাত মোগলে ভাৰতত চৰবতৰ প্ৰচলন কৰিছিল।২১ ভাৰত উপমহাদেশত ইয়াক জনপ্ৰিয় কৰি তুলিছিল বাবৰে, যি হিমালয়ৰ পৰা শীতল সতেজ পানীয় বনাবলৈ বৰফ অনোৱাইছিল।২২

আলজেৰিয়া

চেৰবেট (আৰবী: شربات), যাক বা চেৰবেট মাঝাৰ বুলিও কোৱা হয়, এক পৰম্পৰাগত আলজেৰিয়ান পানীয়। আলজেৰিয়াৰ বিয়াত কইনাই এই পৰম্পৰাগত পানীয় বহু পৰিমাণে পান কৰে আৰু তাৰ পিছত হামাম অনুষ্ঠানৰ পিছত তেওঁৰ মহিলা অতিথিসকললৈ আগবঢ়ায়, লগতে কাক বৌচকাৰা নামৰ ব্ৰিঅ’চে পেষ্ট্ৰিও আগবঢ়ায়২৩২৪

তথ্যসূত্ৰ

  1. ↑ Molavi, Afshin. (2002). Persian Pilgrimages. W. W. Norton & Company. পৃ. 113. ISBN 0-393-05119-6
  2. ↑ The World's First Soft Drink. Muslim Heritage
  3. ↑ Wain, Harry. (1958). The story behind the word: some interesting origins of medical terms. Thomas. পৃ. 288. ISBN 9780398020019
  4. ↑ Weir, Robin; Quinzio, Jeri. (2015-07-23). The Oxford Companion to Sugar and Sweets. Oxford University Press. ISBN 978-0-19-931339-6
  5. ↑ Marks, Gil. (2010-11-17). Encyclopedia of Jewish Food. HMH. ISBN 978-0-544-18631-6
  6. ↑ Farrokh, Dr Kaveh. The Unknown Origins of Ice Cream in Ancient Iran. Dr. Kaveh Farrokh
  7. ↑ Cousineau, Phil. (2012-09-11). The Painted Word: A Treasure Chest of Remarkable Words and Their Origins. Simon and Schuster. ISBN 9781936740253
  8. ↑ Thakrar, Shamil; Thakrar, Kavi; Nasir, Naved. (2019-09-05). Dishoom: From Bombay with Love. Bloomsbury Publishing. ISBN 9781408890660
  9. ↑ Davidson, Alan. (1981-01-01). National & Regional Styles of Cookery: Proceedings: Oxford Symposium 1981. Oxford Symposium. পৃ. 80. ISBN 9780907325079
  10. ↑ 100 farklı Osmanlı şerbeti bir kitapta toplandı. trt haber
  11. ↑ 100 farklı Osmanlı şerbeti bir kitapta toplandı. trt haber
  12. ↑ Sharbat. NDTV Food
  13. ↑ Unger, Friedrich. (2003). A King's Confectioner in the Orient: Friedrich Unger, Court Confectioner to King Otto I of Greece. Kegan Paul. পৃ. 74. ISBN 978-0-7103-0936-5
  14. ↑ Demirhindi Şerbeti. Arda'nın Mutfağı
  15. ↑ Demirhindi şerbeti tarifi. Milliyet Haber</ref উৰ্দু ভাষাত তেতেলীক ইম্লি বুলি কোৱা হয় আৰু ইয়াক সাধাৰণতে শুকান প্লামৰ (aaloo bukhara) সৈতে যোগ কৰা হয়।ref>Health benefits of Imli and Aaloo Bukhara drink. Samaa TV
  16. ↑ Davidson, Alan. (1981-01-01). National & Regional Styles of Cookery: Proceedings: Oxford Symposium 1981. Oxford Symposium. পৃ. 80. ISBN 9780907325079
  17. ↑ Badaam ka Sharbat Recipe by Niru Gupta. NDTV Food
  18. ↑ (2016-06-03). Make this cooling almond sharbat this summer. The Indian Express
  19. ↑ Recipe: Badam ka sharbat(almond-saffron milk). The Boston Globe
  20. ↑ Isin, Mary. (2013-01-08). Sherbet and Spice: The Complete Story of Turkish Sweets and Desserts. I.B.Tauris. ISBN 978-1-84885-898-5
  21. ↑ Sukhadwala, Sejal. (2012-11-12). Diwali drinks: sharbat to champagne. The Guardian
  22. ↑ Keeping cool. দ্য হিন্দু
  23. ↑ sirops de fruit · Cuisine Algerienne · Apprendre la gastronomie Algérienne
  24. ↑ Bouayed, Fatima-Zohra. (1981). Le livre de la cuisine d'Algérie. SNED. পৃ. 389. ISBN 2201016488

সম্পৰ্কিত শ্ৰেণী

পানীয়

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “চৰবৎ” প্ৰবন্ধৰ সংশোধন ৬৩৯৬৭০ (২৯ ছেপ্তেম্বৰ ২০২৬)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।