গ্ৰীণ টী বা সেউজ চাহ হৈছে এক প্ৰকাৰৰ চাহ। ইয়াক কেমেলিয়া চাইনেনচিছৰ (Camellia sinensis) অ'লং চাহ আৰু ৰঙা চাহ প্ৰস্তুত কৰিবলৈ ব্যৱহাৰ কৰা শুষ্ককৰণ আৰু অক্সাইড প্ৰক্ৰিয়া প্ৰয়োগ নকৰা পাত আৰু কোঁহৰ পৰা প্ৰস্তুত কৰা হয়।১ গ্ৰীণ টীৰ উৎপত্তি হৈছিল চীন দেশত, আৰু তেতিয়াৰে পৰা ইয়াৰ উৎপাদন পূব এছিয়াৰ আন দেশসমূহলৈ বিয়পি পৰিছে।
গ্ৰীণ টীৰ বিভিন্ন প্ৰকাৰ আছে। এইসমূহ C. sinensis-ৰ প্ৰকাৰ, বৃদ্ধিৰ অৱস্থা, উদ্যান কৃষি পদ্ধতি, উৎপাদন প্ৰক্ৰিয়া, আৰু শস্য সংগ্ৰহ কৰাৰ সময়ৰ ওপৰত আধাৰিত।
গ্ৰীণ টীৰ একমাত্ৰ দুটা প্ৰধান উপাদান হ'ল "কেটচিনছ" আৰু "থিয়েনিন," আৰু এই উপাদানসমূহে স্বাস্থ্যৰ ওপৰত পেলোৱা প্ৰভাৱে জাপান আৰু বিদেশত যথেষ্ট মনোযোগ আকৰ্ষণ কৰিছে।২৩
ইতিহাস
চাহ খোৱাৰ উৎপত্তি হৈছিল চীনদেশৰ কিংবদন্তি সম্ৰাট শ্বেন্নঙৰ ৰাজত্বকালত।৪
৬১৮-৯০৭ খ্ৰীষ্টাব্দত (টাং ৰাজবংশ) লু য়ুৰ দ্বাৰা ৰচিত 'দ্য ক্লাছিক অৱ টী' নামৰ গ্ৰন্থখন গ্ৰীণ টীৰ ইতিহাসত গুৰুত্বপূৰ্ণ বুলি গণ্য কৰা হয়।
কৰ্কট ৰোগ
ইয়াৰ এণ্টিঅক্সিডেণ্ট আৰু এণ্টি-ইনফ্লেমেটৰি গুণাগুণৰ ওপৰত ভিত্তি কৰি গ্ৰীণ টীয়ে "কোষৰ ক্ষতি" প্ৰতিৰোধ কৰি কৰ্কট ৰোগৰ বিকাশ আৰু বৃদ্ধি প্ৰতিৰোধ কৰিব পাৰে বুলি কোৱা হৈছে।৫
ওজন হ্ৰাস
এই বিষয়ে কোনো উপযুক্ত প্ৰমাণ নাই যে গ্ৰীণ টীয়ে ওজন হ্ৰাস বা ওজন ধৰি ৰখাত সহায় কৰে।৬৭
উৎপাদন
২০১৩ চনত, সমগ্ৰ বিশ্বৰ গ্ৰীণ টীৰ উৎপাদন আছিল প্ৰায় ১.৭ নিযুত টন। ২০২৩ চনৰ ভিতৰত ইয়াৰ পৰিমাণ দুগুণ হ'ব বুলি আশা কৰা হৈছিল।৮ ২০১৫ চনলৈকে চীনে বিশ্বৰ ৮০% গ্ৰীণ টীৰ যোগান ধৰিছিল। ইয়াৰ ফলত গ্ৰীণ টীৰ ৰপ্তানি বছৰি ৯% বৃদ্ধি পায়। ২০১৫ চনত চীনৰ পৰা ৩২৫,০০০ টন সেউজ চাহ ৰপ্তানি কৰা হৈছিল।৯ ২০১৫ চনত আমেৰিকা যুক্তৰাষ্ট্ৰ চীনৰ গ্ৰীণ টীৰ (৬,৮০০ টন) সৰ্ববৃহৎ আমদানিকাৰী আছিল আৰু ই ২০১৪ চনৰ তুলনাত ১০ শতাংশ বৃদ্ধি পাইছিল। ব্ৰিটেইনে ১,৯০০ টন আমদানি কৰিছিল যি আছিল ২০১৪ চনৰ তুলনাত ১৫ শতাংশ অধিক।৯
তথ্যসূত্ৰ
- ↑ (2013). Tea and health: studies in humans. Current Pharmaceutical Design. পৃ. 6141–7
- ↑ mukohmatcha. (2022-03-23). 専門家によるお茶の健康成分"茶カテキン""テアニン"の研究論文(総まとめ)国内・海外 - 日本一の八女茶専門店『向抹茶』(むこうまっちゃ)Mukoh Matcha / Mukou Mathca
- ↑ Yan; Zhong, Yinzhao; Duan, Yehui. (June 2020). Antioxidant mechanism of tea polyphenols and its impact on health benefits. Animal Nutrition (Zhongguo Xu Mu Shou Yi Xue Hui). পৃ. 115–123
- ↑ Dattner; Boussabba, Sophie. (2003). The Book of Green Tea. Universe Books. পৃ. 13. ISBN 978-0-7893-0853-5
- ↑ Fan; Xiao, Xiangjun; Mao, Xiangbing. (February 2021). Tea bioactive components prevent carcinogenesis via anti-pathogen, anti-inflammation, and cell survival pathways. IUBMB Life. পৃ. 328–340
- ↑ (September 2016). Green tea. National Center for Complementary and Integrative Health, US National Institutes of Health
- ↑ (2012). Green tea for weight loss and weight maintenance in overweight or obese adults. Cochrane Database Syst Rev. পৃ. CD008650
- ↑ Kaison, Chang. (2015). World tea production and trade: Current and future development. FAO Intergovernmental Group on Tea, Food and Agriculture Organization, United Nations
- ↑ (31 May 2016). https://www.telegraph.co.uk/news/world/china-watch/business/chinese-tea-export-market/
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “গ্ৰীণ টী” প্ৰবন্ধৰ সংশোধন ৬৩২৪৩২ (২৬ আগষ্ট ২০২৬)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।