অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
বিজ্ঞান

সৰণ প্ৰৱাহ

সৰণ প্ৰৱাহ (Displacement Current) হৈছে পৰিৱৰ্তনীয় বিদ্যুত ক্ষেত্ৰৰ বাবে ফলত উৎপন্ন হোৱা প্ৰৱাহ, যিটো ৰাশি মেক্সৱেল সমীকৰণত পোৱা যায়। সৰণ প্ৰৱাহৰ একক বৈদ্যুতিক প্ৰৱাহ ঘনত্বৰ ৰাশিৰ সৈতে একেই আৰু বৈদ্যুতিক প্ৰৱাহৰ লগত এখন চুম্বক ক্ষেত্ৰ জড়িত থকাৰ দৰে সৰণ প্ৰৱাহৰ লগতো এখন চুম্বক ক্ষেত্ৰ জড়িত থাকে।

হালনাগাদ: ২৬ আগষ্ট ২০২৬ ২৮৮ শব্দ · ২ মিনিট সংগৃহীত ৫৮
সংশোধনৰ পৰামৰ্শ

সৰণ প্ৰৱাহ (Displacement Current) হৈছে পৰিৱৰ্তনীয় বিদ্যুত ক্ষেত্ৰৰ বাবে ফলত উৎপন্ন হোৱা প্ৰৱাহ, যিটো ৰাশি মেক্সৱেল সমীকৰণত পোৱা যায়। সৰণ প্ৰৱাহৰ একক বৈদ্যুতিক প্ৰৱাহ ঘনত্বৰ ৰাশিৰ সৈতে একেই আৰু বৈদ্যুতিক প্ৰৱাহৰ লগত এখন চুম্বকীয় ক্ষেত্ৰ জড়িত থকাৰ দৰে সৰণ প্ৰৱাহৰ লগতো এখন চুম্বকীয় ক্ষেত্ৰ জড়িত থাকে। বৈদ্যুতিক প্ৰৱাহ ইলেক্ট্ৰণৰ গতিৰ বাবে হোৱাৰ বিপৰীতে সৰণ প্ৰৱাহৰ সৃষ্টি হয় বিদ্যুত ক্ষেত্ৰৰ সময়ৰ সৈতে হোৱা সালসলনিৰ বাবে।

১৮৬১ চনত জেমছ ক্লাৰ্ক মেক্সৱেলয়ে তেওঁৰ গৱেষণা পত্ৰ On Physical Lines of Force, Part III খনত বৈদ্যুতিক প্ৰৱেশ্য মাধ্যমত বৈদ্যুতিক কণাসমূহৰ সৰণৰ উল্লেখ কৰিবলৈ গৈ সৰণ প্ৰৱাহৰ ধাৰণাটি আগবঢ়ায়। মেক্সৱেলে এম্পিয়াৰৰ বৰ্তনী বিধিৰ বৈদ্যুতিক প্ৰৱাহৰ ৰাশিটোৰ লগত সৰণ প্ৰৱাহৰ ৰাশিটো সংযোগ কৰে। ১৮৬৫ চনত তেওঁ আগবঢ়োৱা A Dynamical Theory of the Electromagnetic Field শীৰ্ষক পত্ৰখনিত মেক্সৱেলে বিদ্যুৎ চুম্বকীয় তৰংগ সমীকৰণ ৰাশি উৎপন্ন কৰিবলৈ সৰণ প্ৰৱাহৰ সহায় লয়। এই ৰাশি ব্যুৎপন্ন হোৱাৰ পাছতে পদাৰ্থবিজ্ঞানৰ ইতিহাসত এক মাইলৰ খুঁটি হিচাপে পৰিগণিত হয় কাৰণ এই ৰাশিয়ে বিদ্যুৎ, চুম্বকত্ব আৰু পোহৰ বিজ্ঞানত একত্ৰিত কৰে।

ব্যাখ্যা

বৈদ্যুতিক সৰণ ক্ষেত্ৰক তলত দিয়াধৰনে সংজ্ঞবদ্ধ কৰা হয়-

⟨\boldsymbol{D} = \varepsilon_0 \boldsymbol{E} + \boldsymbol{P}\ .⟩

য’ত ε0 হৈছে শূন্য মাধ্যমৰ বৈদ্যুতিক প্ৰৱেশ্যতা

E হৈছে বৈদ্যুতিক ক্ষেত্ৰ প্ৰাৱল্য

P হৈছে মাধ্যমটোৰ মেৰুকৰণ

সমীকৰণটোৰ সময় সাপেক্ষে অৱকলজ ল’লে সৰণ প্ৰৱাহ ঘনত্ব পোৱা যায়, যি পৰাবিদ্যুতত দুটা ৰাশিৰ দ্বাৰা গঠিত হৈছে-১

⟨\boldsymbol{J}_ \boldsymbol{D} = \varepsilon_0 \frac{\partial \boldsymbol{E}}{\partial t} + \frac{\partial \boldsymbol{P}}{\partial t}\ .⟩

সমীকৰণৰ সোঁহাতে থকা প্ৰথম ৰাশিটোকে বহুতে সৰণ প্ৰৱাহ বুজাবলৈ ব্যৱহাৰ কৰে, যিহেতু ৰাশিটোৰ সৃষ্টি কোনো আধানৰ গতিৰ দ্বাৰা নহয় কিন্তু ইয়াৰ লগত এখন বৈদ্যুতিক ক্ষেত্ৰ জড়িত হৈ থাকে।২ দ্বিতীয় ৰাশিটো পৰাবিদ্যুত গঠিত হোৱা মৌলসমূহৰ মাজত হোৱা মেৰুকৰণৰ সলনি হোৱাৰ বাবে সৃষ্টি হয়।

মেক্সৱেলৰ গৱেষণা পত্ৰ

  • On Faraday's Lines of Force (১৮৫৫ চনৰ মেক্সৱেলৰ গৱেষণা পত্ৰ)
  • On Physical Lines of Force (১৮৬১ চনৰ মেক্সৱেলৰ গৱেষণা পত্ৰ)
  • A Dynamical Theory of the Electromagnetic Field (১৮৬৪ চনৰ মেক্সৱেলৰ গৱেষণা পত্ৰ)

তথ্যসূত্ৰ

  1. ↑ John D Jackson. (1999). Classical Electrodynamics. Wiley. পৃ. 238. ISBN 0-471-30932-X
  2. ↑ For example, see David J Griffiths. (1999). Introduction to Electrodynamics. Pearson/Addison Wesley. পৃ. 323. ISBN 0-13-805326-X and Tai L Chow. (2006). Introduction to Electromagnetic Theory. Jones & Bartlett. পৃ. 204. ISBN 0-7637-3827-1

সম্পৰ্কিত শ্ৰেণী

পদাৰ্থ বিজ্ঞান

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “সৰণ প্ৰৱাহ” প্ৰবন্ধৰ সংশোধন ৬৩১৯২৩ (২৬ আগষ্ট ২০২৬)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।