কোমল পদাৰ্থ ঘনীভূত পদাৰ্থ বিজ্ঞানৰ এটা ভাগ। কোমল পদাৰ্থক তাপীয় ক্ৰিয়া অথবা বল প্ৰয়োগ কৰি সলনি কৰিব পৰা যায়। কোমল পদাৰ্থৰ উদাহৰণৰ ভিতৰত জুলীয়া পদাৰ্থ, পলিমাৰ, ফেন, জেল, লিকুইড ক্ৰিষ্টেল ইত্যাদি অন্যতম। এই পদাৰ্থসমূহে কক্ষ তাপমাত্ৰাৰ(room temperature) সমান তাপশক্তিৰ জোখত এটা সৰ্বসাধাৰণ পদাৰ্থৰ অৱস্থা মানি চলে। এই তাপমাত্ৰাত কোৱাণ্টাম পৰিঘটনাসমূহ নগণ্য। পিয়েৰ গিলছ দি জিনিছক কোমল পদাৰ্থৰ জনক বুলি অভিহিত কৰা হয় আৰু তেওঁ ১৯৯১ চনত পদাৰ্থ বিজ্ঞানৰ নবেল বঁটা লাভ কৰিবলৈ সক্ষম হৈছিল।
কোমল পদাৰ্থৰ ক্ৰিয়া তথা ব্যৱহাৰ অনুমান কৰা কঠিন। কাৰণ, কোমল পদাৰ্থসমূহে স্বয়ংক্ৰিয়ভাবে মেছস্কপিক আকৃতি গ্ৰহণ কৰে, যিটো ক্ষুদ্ৰতম(microscopic) জোখতকৈ ডাঙৰ অথচ বৃহত্তম(macroscopic) আকৃতিতকৈ সৰু। এই মেছস্কপিক গঠনসমূহৰ বৈশিষ্ট্য আৰু ব্যৱহাৰে পদাৰ্থটোৰ মেক্ৰস্কপিক মাত্ৰাৰ ব্যৱহাৰ নিৰ্ণয় কৰে। ঘনীভূত পদাৰ্থৰ ক্ষেত্ৰত পদাৰ্থৰ সামূহিক ব্যৱহাৰ তথা ক্ৰিয়াৰ অনুমান কৰা সম্ভৱ কাৰণ অণুসমূহ তাত স্ফটিকাৰত(crystalline lattice) সুসজ্জিত হৈ থাকে আৰু মেছস্কপিক মাত্ৰাত কোনোধৰণৰ পৰিবৰ্তন নেদেখুৱায়।
ব্যৱহাৰ
কোমল পদাৰ্থৰ ব্যৱহাৰ হিচাপে এই পদাৰ্থসমূহ পেকেজিং সামগ্ৰী, ফেন, কাপোৰ ধোৱা ডিটাৰজেণ্ট, ৰং, লুব্ৰিকাণ্ট ইত্যাদি হিচাপে ব্যৱহৃত হয়।তাৰোপৰি তেজ, পেশী, গাখীৰ এইসমুহো কোমল পদাৰ্থ হিচাপে চিহ্নিত কৰা হৈছে।
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “মৃদু পদাৰ্থ” প্ৰবন্ধৰ সংশোধন ১৬৮৯৭২ (১২ জুলাই ২০১৭)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।