নেপাল
৫৫ প্ৰবন্ধ
-
দুধমতী
দুধমতী (মৈথিলী: दूधमती) হৈছে ভাৰতীয় উপমহাদেশৰ মিথিলা অঞ্চলৰ সমতল ভূমিত বৈ যোৱা এখন পবিত্ৰ নদী। এই নদীখনৰ উৎপত্তি নেপালৰ ক্ষীৰেশ্বৰনাথ পৌৰসভাৰ ৱাৰ্ড সংখ্যা পাঁচত অৱস্থিত অৰ্জাৱন গাঁৱত। দুধমতী নদীখন জনকপুৰধামৰ মাজেৰে বৈ যায়।
-
ধুলাবাৰী
ধুলাবাৰী হ'ল দক্ষিণ-পূব নেপালৰ কোশী প্ৰদেশৰ ঝাপা জিলাৰ এখন চহৰ। ই মেচিনগৰ পৌৰসভাৰ অংশ। ১৯৯১ চনৰ লোকপিয়ল অনুসৰি ধুলাবাৰীৰ জনসংখ্যা ১৫,৭৪২ জন।
-
নালাপানীৰ যুদ্ধ
নালাপানী যুদ্ধ ১৮১৪–১৮১৬ চনৰ এংলো-নেপালী যুদ্ধৰ প্ৰথম যুদ্ধ, যিখন ব্ৰিটিছ ইষ্ট ইণ্ডিয়া কোম্পানী আৰু তেতিয়াৰ গোৰ্খা বংশৰ শাসনত থকা নেপালৰ বাহিনীৰ মাজত যুদ্ধ হৈছিল। ১৮১৪ চনৰ ৩১ অক্টোবৰৰপৰা ৩০ নৱেম্বৰৰ ভিতৰত ইংৰাজে এমাহ ধৰি ডেৰাডুনৰ ওচৰৰ নলাপানী দুৰ্গৰ আশে-পাশে যুদ্ধ সংঘটিত হয়।
-
নেপাল ১
নেপাল ১ (নেপাল ৱান) হ'ল ভাৰতৰ প্ৰথমটো নেপালী ভাষাৰ চেটেলাইট তথ্য-মনোৰঞ্জন চেনেল, যি নতুন দিল্লীৰপৰা প্ৰচাৰিত হৈছিল। ২০০৪ চনৰপৰা ২০১৫ চনলৈ ভূটানত এই চেনেলটো অতি জনপ্ৰিয় হৈছিল, বিশেষকৈ ইয়াৰ ‘ব্ৰেকিং নিউজ’ আৰু সংবাদ অনুষ্ঠানসমূহৰ বাবে, কাৰণ তেতিয়া ভূটানত চেটেলাইট চেনেলৰ সংখ্যা অতি কম আছিল।
-
নেপাল ৰাষ্ট্ৰ বেংক
নেপাল ৰাষ্ট্ৰ বেংক। ( নেপালী: नेपाल राष्ट्र बैंक) নেপাল ৰাষ্ট্ৰ বেংক আইন, ১৯৫৫-ৰ অধীনত ১৯৫৬ খ্ৰীষ্টাব্দত (নেপালী তাৰিখ: বৈচাখ ১৪, ২০১৩ খ্ৰীষ্টাব্দ) ত স্থাপন কৰা হৈছিল, যাতে ঘৰুৱা বিত্তীয় খণ্ডৰ বিকাশত পথ প্ৰদৰ্শনৰ লগতে কেন্দ্ৰীয় বেঙ্কিং দায়িত্ব পালন কৰা হয়।
-
নেপালত ক্ৰিকেট
নেপালত ক্ৰিকেট (Cricket in Nepal) অন্যতম জনপ্ৰিয় আৰু বহুলভাৱে অনুসৰণ কৰা খেল যিয়ে বছৰ বছৰ ধৰি জনপ্ৰিয়তা অৰ্জন কৰি আহিছে। নেপালৰ ক্ৰিকেট দলৰ সামান্য সফলতাৰ লগতে চুবুৰীয়া দেশ ভাৰতৰ ছ’চিয়েল মিডিয়া আৰু টেলিভিছন প্ৰভাৱৰ ফলত দেশখনত তাৎপৰ্যপূৰ্ণভাৱে ক্ৰিকেট খেল বৃদ্ধি পোৱাৰ পাছত ২০১০ চনৰ মাজভাগত…
-
নেপালত নাৰীবাদ
নেপালত নাৰীবাদ মূলতঃ সমতা আৰু সুযোগৰ সমতাৰ ওপৰত কেন্দ্ৰীভূত। নেপালী সমাজ পৰম্পৰাগতভাৱে পিতৃতান্ত্ৰিক। নাৰীবাদী সকলে নেপালত এই অৱস্থাক সলনি কৰিবলৈ চেষ্টা কৰে। অধিকাংশ নেপালী মহিলাক সমাজিক হায়াৰাৰ্কীত তেওঁলোকৰ স্বামী আৰু পিতৃৰ তলত স্থান দিয়া হয়।
-
নেপালী চাহ
নেপালী চাহ নেপালত উৎপাদিত চাহগছৰ ( কেমেলিয়া চাইনেন্সিছ ) পাতৰপৰা তৈয়াৰী পানীয় হ’ল নেপালী চাহ। ৰূপ, সুগন্ধি আৰু সোৱাদৰ ক্ষেত্ৰত ইহঁতৰ সুকীয়া বৈশিষ্ট্য আছে যদিও বহু দিশত ভাৰতৰ দাৰ্জিলিং চাহৰ সৈতে মিল আছে। ইয়াৰ উৎপাদনৰ পৰিমাণ তুলনামূলকভাৱে কম হোৱাৰ অৰ্থ হ'ল নেপালী চাহ দাৰ্জিলিং চাহতকৈ কম পৰিচিত।
-
নেপালৰ কৃষি
নেপালৰ কৃষি নেপালৰ অৰ্থনীতিত কৃষিয়ে আধিপত্য বিস্তাৰ কৰিছে। ১৯৮০ চনৰ শেষৰ ফালে ই ৯০%তকৈ অধিক জনসংখ্যাৰ জীৱিকাৰ ব্যৱস্থা কৰিছিল। কিন্তু মুঠ মাটিৰ প্ৰায় ২০%হে খেতি কৰিব পৰা আছিল।৫ কৃষি খণ্ড ৰাষ্ট্ৰীয় অৰ্থনীতিৰ মেৰুদণ্ড হৈয়েই আছে।
-
নেপালৰ ক্ৰীড়া
নেপালৰ ক্ৰীড়া নেপালৰ ক্ৰীড়াৰ ভিতৰত পৰম্পৰাগত নেপাল আৰু আধুনিক আন্তঃৰাষ্ট্ৰীয় দুয়োটা খেলেই অন্তৰ্ভুক্ত। যদিও কোনো সঠিক তথ্য নাই, তথাপি ফুটবল, ক্ৰিকেট আৰু ভলীবল নেপালৰ আটাইতকৈ জনপ্ৰিয় খেল। ২০১৭ চনৰ ২৩ মে'ত ভলীবলক নেপালৰ ৰাষ্ট্ৰীয় খেল হিচাপে ঘোষণা কৰা হয়।
-
নেপালৰ জাতীয় প্ৰতীক
নেপালৰ জাতীয় প্ৰতীক (नेपालको राष्ट्रिय प्रतीक चिन्ह) নেপাল চৰকাৰ আৰু ইয়াৰ সংস্থাসমূহে ব্যৱহাৰ কৰা প্ৰাথমিক প্ৰতীক। ২০০৮ চনৰ ২৮ মে’ত আনুষ্ঠানিকভাৱে গ্ৰহণ কৰা এই প্ৰতীকটোক পিছলৈ ২০২০ চনত সংশোধন কৰি নেপালৰ সংশোধিত ৰাজনৈতিক মানচিত্ৰ অন্তৰ্ভুক্ত কৰা হয়।
-
নেপালৰ সংস্কৃতি
নেপালৰ সংস্কৃতিয়ে নেপালত উপস্থিত ১২৫টা সুকীয়া জনগোষ্ঠীৰ অন্তৰ্গত বিভিন্ন সংস্কৃতিক সামৰি লৈছে। নেপালৰ সংস্কৃতি সংগীত আৰু নৃত্যৰ জৰিয়তে প্ৰকাশ পায়; শিল্প আৰু শিল্পকলা; লোককথা; ভাষা আৰু সাহিত্য; দৰ্শন আৰু ধৰ্ম; উৎসৱ আৰু উদ্যাপন; খাদ্য আৰু পানীয়।
-
নেপালৰ স্থাপত্য
নেপালৰ স্থাপত্য বা নেপালী স্থাপত্য কলাত্মক আৰু ব্যাৱহাৰিক শৈলীৰ এক অনন্য মিশ্ৰণ। ভাৰত, তিব্বত আৰু চীনৰ বাণিজ্যিক পথৰ মাজত অৱস্থিত নেপালী স্থাপত্যই এই সাংস্কৃতিক দুৰ্গসমূহৰ প্ৰভাৱ প্ৰতিফলিত কৰে। দেশৰ হিন্দু মন্দিৰসমূহক পেগোডাৰ স্থাপত্য পৰম্পৰাই বিশেষভাৱে প্ৰভাবিত কৰিছে।
-
নেপালৰ ৰাণী ঐশ্বৰ্য
ঐশ্বৰ্য ৰাজ্য লক্ষ্মী দেৱী শ্বাহ (; নেপালী: ऐश्वर्य राज्य लक्ष्मी देवी शाह; জন্ম: ৭ নৱেম্বৰ ১৯৪৯ – মৃত্যু: ১ জুন ২০০১) ১৯৭২ চনৰ পৰা ২০০১ চনলৈ নেপালৰ ৰাণী আছিল। তেওঁক বঢ়া মহাৰাণী (बडामहारानी) বুলিও কোৱা হয়।
-
নেপালৰ ৰাষ্ট্ৰীয় প্ৰতীকচিহ্নসমূহ
নেপালৰ ৰাষ্ট্ৰীয় প্ৰতীকচিহ্ন নেপাল, আনুষ্ঠানিকভাৱে ফেডাৰেল ডেমক্ৰেটিক ৰিপাব্লিক অফ নেপাল, দক্ষিণ এছিয়াত অৱস্থিত এখন স্থলবেষ্টিত সাৰ্বভৌম ৰাষ্ট্ৰ। ইয়াৰ সীমা দুখন দেশৰ দ্বাৰা গঠিত কৰা হৈছে। উত্তৰে চীন আৰু পূব, পশ্চিম আৰু দক্ষিণৰ দিশত ভাৰত অৱস্ নেপাল হিমালয়ৰ সীমাত অৱস্থিত এখন দেশ।
-
নেৱাৰ স্থাপত্য
নেৱাৰ স্থাপত্য নেপালৰ কাঠমাণ্ডু উপত্যকাত নেৱাৰী লোকসকলে চৰ্চা কৰা এক থলুৱা স্থাপত্য শৈলী হৈছে নেৱাৰ স্থাপত্য বা নেৱা স্থাপত্য। নেৱাৰৰ স্থাপত্যত পেগোডা, স্তুপ, শিখৰ, চৈত্য, আৰু অন্যান্য শৈলীক সামৰি লোৱা হৈছে।
-
নৌমতি বাজা
নৌমতি বাজা (Naumati baaja) হ'ল নটা বাদ্যযন্ত্ৰৰ সামূহিক গোট৷ এইটো পঞ্চা বাদ্যৰ বৃহত্তৰ ৰূপ, ইয়াত আৰু চাৰিটা বাদ্য সংযোজন কৰা হৈছে। ইয়াৰ ভিতৰত দমহা, ঝিয়ালি, তাম্কো, ঢোলক, চেহনাই, কৰ্ণাল, আৰু নৰসিংহ বাদ্যযন্ত্ৰ অন্তৰ্ভুক্ত, ইয়াৰে দুটাকৈ চেহনাই আৰু দমাহা৷ চেহনাই আৰু নৰসিংহ ফুঁৱাই, ডাঙৰ দমাহা, সৰু…
-
পঞ্চৈবাজা
পঞ্চৈবাজা হৈছে নেপালৰ পৰম্পৰাগত সংগীত যন্ত্ৰৰ সমষ্টি। সাধাৰণতে বিবাহ, পূজা-পাৰ্বণ, শোভাযাত্ৰা আদি ধৰ্মীয় অনুষ্ঠানত এই বাদ্যযন্ত্ৰসমূহ ব্যৱহাৰ কৰা হয়। নেপালী সমাজত এই বাদ্যযন্ত্ৰসমূহ মূলত দামাই আৰু গাইনে জাতিৰ সংগীতজ্ঞসকলে বজায়।
-
পাল্পা দৰবাৰ
টানচেন দৰবাৰ বা পাল্পাা দৰবাৰ এণ্ড মিউজিয়াম নামেৰেও জনাজাত টানচেন দৰবাৰ এটা ঐতিহাসিক ৰাজপ্ৰাসাদ আৰু সংগ্ৰহালয়। ১৯২৭ চনত প্ৰতাপ শমশ্বেৰ জং বাহাদূৰ ৰাণাই ইয়াক নিৰ্মাণ কৰিছিল। নেপালৰ টানচেন চহৰৰ এটা ভৱিষ্যৎ প্ৰাসাদ দৰবাৰ। নেপালৰ ৰাণা শাসনৰ সময়ত ই ৰাণা ৰাজ্যপালসকলৰ আসন আছিল।
-
পোখৰা থিয়েটাৰ
পোখৰা থিয়েটাৰ (ইংৰাজী: Pokhara Theatre) হ’ল নেপালৰ পোখৰা চহৰত অৱস্থিত এটা সম্প্ৰদায়ভিত্তিক নাট্য সংগঠন। ২০১৬ চনত প্ৰতিষ্ঠা হোৱা এই সংগঠনটো অঞ্চলটোত নাট্যচৰ্চা আৰু পৰিৱেশ্য কলাৰ বিকাশৰ বাবে গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰি আহিছে।
-
বাঘচাল
বাঘচাল হৈছে নেপালত উৎপত্তি হোৱা এটা কৌশলগত, দুজন খেলুৱৈৰ ব'ৰ্ড খেল।ক খেলখন অসমতাপূৰ্ণ, এজন খেলুৱৈয়ে চাৰিটা বাঘ নিয়ন্ত্ৰণ কৰে আৰু আনজনে বিশটা ছাগলীলৈকে নিয়ন্ত্ৰণ কৰে। বাঘে ছাগলীক ‘চিকাৰ’ কৰে। আনহাতে ছাগলীবোৰে বাঘৰ গতিবিধি বাধা দিবলৈ চেষ্টা কৰে। দক্ষিণ ভাৰততো এই খেল দেখা যায়, ফলকখন যদিও বেলেগ।
-
বৈদেশিক পৰিক্ৰমা মন্ত্ৰালয় (নেপাল)
বৈদেশিক পৰিক্ৰমা মন্ত্ৰ্যালয় , বৈদেশিক পৰিক্ৰমা মন্ত্ৰ্যালয়ে অন্য ৰাজ্যৰ সৈতে লেনদেন কৰাৰ সময়ত অন্যান্য মন্ত্ৰ্যালয় আৰু নেপাল চৰকাৰক প্ৰতিনিধিত্ব কৰে।
-
শ্বে ফকছুণ্ডো ৰাষ্ট্ৰীয় উদ্যান
শ্বে ফকছুণ্ডো ৰাষ্ট্ৰীয় উদ্যান (Shey Phoksundo National Park) নেপালৰ আটাইতকৈ ডাঙৰ আৰু একমাত্ৰ ট্ৰেন্স-হিমালয় বা তিব্বতীয় হিমালয়ৰ ৰাষ্ট্ৰীয় উদ্যান। ১৯৮৪ চনত প্ৰতিষ্ঠা হোৱা এই ৰাষ্ট্ৰীয় উদ্যানখন নেপালৰ মধ্য পশ্চিম অঞ্চলৰ দোলপা আৰু মুগু জিলাৰ ৩,৫৫৫ বৰ্গ কিলোমিটাৰ (১,৩৭৩ বৰ্গমাইল) অঞ্চলজুৰি…
-
ৰাৰা ৰাষ্ট্ৰীয় উদ্যান
ৰাৰা ৰাষ্ট্ৰীয় উদ্যান (Rara National Park) নেপালৰ হিমালয়ৰ এক সংৰক্ষিত অঞ্চল আৰু ১৯৭৬ চনত প্ৰতিষ্ঠা কৰা হয়। মুগু আৰু জুমলা জিলাত ১০৬ বৰ্গ কিলোমিটাৰ (৪১ বৰ্গমাইল) অঞ্চল সামৰি এই ৰাষ্ট্ৰীয় উদ্যান, ই দেশখনৰ আটাইতকৈ সৰু ৰাষ্ট্ৰীয় উদ্যান।
-
ৰেডিঅ' নেপাল
ৰেডিঅ' নেপাল হৈছে নেপালৰ চৰকাৰী ৰেডিঅ' সম্প্ৰচাৰ সংস্থা, যিটো ১৯৫১ চনৰ ২ এপ্ৰিলত স্থাপন কৰা হয়। ৰেডিঅ' নেপালে শ্বৰ্টৱেভ, মিডিয়াম ৱেভ আৰু এফএম ফ্ৰিকুৱেন্সিত অনুষ্ঠান প্ৰচাৰ কৰে। প্ৰতিদিনে ষোল্ল ঘণ্টাকৈ নিয়মীয়া সম্প্ৰচাৰ কৰে, য’ত দুঘণ্টাৰ আঞ্চলিক সম্প্ৰচাৰো অন্তৰ্ভুক্ত।