নাৰীৰ অধিকাৰ
৫৮ প্ৰবন্ধ
-
মেক্সিকোৰ নাৰী
মেক্সিকোত নাৰীৰ মৰ্যাদা পৰিৱৰ্তনশীল সময়ৰ সমান্তৰালভাৱে যথেষ্ট সলনি হোৱা দেখা গৈছে। বিংশ শতিকালৈকে মেক্সিকো আছিল এখন গ্ৰাম্য দেশ; য'ত গ্ৰাম্য মহিলাৰ মৰ্যাদা পৰিয়াল আৰু স্থানীয় সম্প্ৰদায়ৰ পৰিসৰৰ ভিতৰত সংজ্ঞায়িত কৰি থোৱা হৈছিল।
-
মৰক্কোৰ নাৰী
মৰক্কোৰ নাৰীসকলৰ (Women in Morocco) ইতিহাসত উত্তৰ-পশ্চিম আফ্ৰিকাৰ দেশ মৰক্কোত ইছলামৰ আগমনৰ আগৰ, সময়ত আৰু পিছৰ জীৱন অন্তৰ্ভুক্ত কৰা হৈছে। এটা ভুল ধাৰণা আছে যে, ইয়াতেই হাৰেম গঠন হয় বা এই দেশত নাৰীৰ ব্যৱহাৰ আৰু অধিকাৰৰ এক সাৰ্বজনীন নিয়ম আছে। কিছুমান পৰিয়ালে অধিক প্ৰাচীন, আমাজিগ ৰীতি-নীতি মানি চলে।
-
স্ব-নিয়োজিত মহিলা সন্থা
স্বনিয়োজিত মহিলা সংস্থা (Self Employed Women's Association, SEWA), ভাৰতৰ আহমেদাবাদত অৱস্থিত এটা বাণিজ্য সংঘ। তেওঁলোকে কম আয়ৰ, স্বতন্ত্ৰভাৱে নিয়োজিত মহিলা শ্ৰমিকৰ অধিকাৰৰ প্ৰসাৰ ঘটায়।ভাৰতৰ আঠখন ৰাজ্যৰ প্ৰায় ২০ লাখ শ্ৰমিক স্ব-নিয়োজিত মহিলা সন্থাৰ সদস্য।
-
হীৰাবাই টাটা
হীৰাবাই টাটা (Herabai Tata, ১৮৭৯–১৯৪১) এগৰাকী ভাৰতীয় নাৰী অধিকাৰ কৰ্মী আৰু ভোটাধিকাৰী আছিল। ১৮৯৫ চনত বিবাহপাশত আবদ্ধ হোৱা টাটাৰ স্বামী প্ৰগতিশীল আছিল আৰু পত্নী আৰু কন্যাৰ শিক্ষাৰ ক্ষেত্ৰত সহায় কৰিছিল৷ তেওঁ স্কুলীয়া শিক্ষাত সহায় কৰিবলৈ টিউটৰ নিয়োগ কৰিছিল।
-
ৰাষ্ট্ৰীয় নাৰীবাদ
ৰাজ্য বা দেশৰ চৰকাৰে সৃষ্টি কৰা বা অনুমোদন জনোৱা নাৰীবাদক ৰাষ্ট্ৰীয় নাৰীবাদ (State feminism) বোলে। ই সাধাৰণতে এটা বিশেষ কাৰ্যসূচীক নিৰ্দিষ্ট কৰে। ১৮৮০ চনৰ পৰাই চৰকাৰী সমৰ্থিত উদাৰ নাৰীবাদৰ পৰম্পৰা থকা নৰৱেৰ পৰিস্থিতিৰ বিষয়ে বিশেষভাৱে উল্লেখ কৰি হেলগা হাৰ্নেছে এই শব্দটোৰ উদ্ভাৱন কৰিছিল আৰু নৰ্ডিক…
-
আলবেনিয়াৰ নাৰী
১৯০৯ চনত আলবেনিয়াত প্ৰথম মহিলা সংস্থা প্ৰতিষ্ঠা কৰা হয়। উত্তৰ ঘেগ অঞ্চলৰ আলবেনিয়ান মহিলাসকলে ৰক্ষণশীল আৰু পিতৃতান্ত্ৰিক সমাজৰ ভিতৰত বাস কৰে। এনে পৰম্পৰাগত সমাজত "পুৰুষ প্ৰাধান্য" বুলি বিশ্বাস কৰা ঘেগ সম্প্ৰদায়ত মহিলাসকলৰ অধীনত কিছুমান ভূমিকা থাকে।
-
উত্তৰ কোৰিয়াত নাৰীৰ অধিকাৰ
১৯৪৫ চনৰ আগতে উত্তৰ কোৰিয়াত নাৰীৰ অধিকাৰ অতি কম আছিল। তেওঁলোকে পুৰুষ উত্তৰাধিকাৰী জন্ম দি ডাঙৰ-দীঘল কৰি পৰিয়ালৰ বংশ অব্যাহত ৰখাৰ নিশ্চয়তা দিব বুলি আশা কৰা হৈছিল। সমাজৰ সামাজিক, অৰ্থনৈতিক বা ৰাজনৈতিক জীৱনত অংশগ্ৰহণৰ সুযোগ কমেইহে আছিল মহিলাসকলৰ।
-
উত্তৰ চাইপ্ৰাছৰ নাৰী
উত্তৰ চাইপ্ৰাছৰ মহিলাসকল (Women in Northern Cyprus) আন্তঃৰাষ্ট্ৰীয়ভাৱে স্বীকৃতি নোপোৱা উত্তৰ চাইপ্ৰাছৰ তুৰ্কী গণৰাজ্যৰ বাসিন্দা, য'ত তেওঁলোকে বিজ্ঞান, আইন আৰু ন্যায়ৰ ক্ষেত্ৰত অৰিহণা যোগাই আহিছে।কিন্তু কেইবাটাও কাৰকে ৰাজনীতিত মহিলাৰ অংশগ্ৰহণত বাধাৰ সৃষ্টি কৰিছে আৰু গণৰাজ্যৰ বিধানসভাৰ মাত্ৰ ৮%হে…
-
এছিয়াত নাৰী মুক্তি আন্দোলন
এছিয়াত নাৰী মুক্তি আন্দোলন (Women's liberation movement in Asia) ১৯৬০ চনৰ শেষৰ ফালে আৰম্ভ হৈ ১৯৭০ চনলৈকে চলি থকা এছিয়া মহাদেশৰ নাৰীবাদী আন্দোলন আছিল। এছিয়াত নাৰী মুক্তি আন্দোলনে পৰিয়ালৰ সৈতে নাৰীৰ সম্পৰ্ক আৰু নাৰীয়ে নিজৰ যৌনতাক প্ৰকাশ কৰাৰ ধৰণক পুনৰ সংজ্ঞায়িত কৰিবলৈ চেষ্টা কৰিছিল।
-
কম্বোডিয়াৰ নাৰী
কম্বোডিয়াৰ মহিলাসকল, প্ৰভাৱশালী খ্মেৰ সংস্কৃতিৰ প্ৰভাৱৰ বাবে, পৰম্পৰাগতভাৱে বিনয়ী আৰু মৃদুভাষী হ’ব বুলি আশা কৰা হয়। তেওঁলোকে সু-আচাৰ-ব্যৱহাৰী, পৰিশ্ৰমী আৰু ঘৰৰ অন্তৰ্গত হোৱাৰ অনুভৱ ৰাখিব লাগে।
-
ক্ৰ'য়েচিয়াৰ নাৰী
ক্ৰ'ৱেচিয়াৰ নাৰীসকল (Women in Croatia) মুঠ জনসংখ্যাৰ আধা অংশৰ প্ৰতিনিধি আৰু তেওঁলোকে আধুনিক ক্ৰ'ৱেচিয়ান সংস্কৃতিত বহুলাংশে পুৰুষৰ সমান। ২০১১ চনৰ ক্ৰ'ৱেচিয়াৰ লোকপিয়ল অনুসৰি ক্ৰ'ৱেচিয়াত মুঠ জনসংখ্যাৰ ৪,২৮৪,৮৮৯গৰাকীৰ ভিতৰত ২,২১৮,৫৫৪ গৰাকী মহিলা।
-
গায়েনাৰ নাৰী
গায়েনাৰ নাৰীসকল (Women in Guyana) হৈছে গায়েনাৰ সমাজৰ এক অন্তৰ-শাখা, যাৰ সংখ্যা বিগত সময়ত পৰিৱৰ্তন ঘটি আছে। মূলতঃ ভাৰত-গায়েনী, আফ্ৰিকান-গায়েনী আৰু আমেৰিকীয় ভাৰতীয় নাৰীৰ দেশ গায়েনা ইউৰোপীয় বা চীনা বংশৰ মহিলাৰো বাসস্থান হৈ আহিছে। দেশৰ এগৰাকী মহিলা ৰাষ্ট্ৰপতি হৈছে জেনেট জগান।
-
ছিচেলছৰ নাৰী
ছিচেলছৰ নাৰীসকলে (Women in Seychelles) পুৰুষৰ দৰেই আইনী, ৰাজনৈতিক, অৰ্থনৈতিক আৰু সামাজিক অধিকাৰ লাভ কৰে।
-
নিহিত নাৰীবাদ
ৰাষ্ট্ৰ কৰ্তৃপক্ষই নাৰীবাদী বক্তৃতাক সহযোগিতা কৰি আৰু নাৰীবাদী কৰ্মী তথা গোটসমূহক নিজৰ এজেণ্ডাৰ বাবে যন্ত্ৰ হিচাপে ব্যৱহাৰ কৰি সংঘাতত হস্তক্ষেপক বৈধতা প্ৰদান কৰাৰ প্ৰচেষ্টা হিচাপে নিহিত নাৰীবাদক (Embedded feminism) জনা যায়।
-
নেপালৰ নাৰী
ইতিহাসৰ পাতত নেপালৰ নাৰীৰ মৰ্যাদা ভিন্ন সময়ত ভিন্ন হৈ অহা দেখা গৈছে। ১৯৯০ চনৰ আৰম্ভণিতে এছিয়াৰ আন কিছুমান দেশৰ দৰেই নেপালৰ মহিলাসকলো সাধাৰণতে জীৱনৰ প্ৰায় প্ৰতিটো দিশতে পুৰুষৰ অধীন আছিল। ঐতিহাসিকভাৱেও নেপাল প্ৰধানকৈ পিতৃতান্ত্ৰিক সমাজ আছিল।
-
পূব টিমৰৰ নাৰী
পূব টিমৰৰ লোকসকলে বৰ্ণগতভাৱে মেলানেছিয়ান আৰু মালয়ৰ সৈতে জিনীয়ভাৱে মিহলি হৈছিল। ইষ্ট টিমোৰৰ জনসংখ্যাৰ অধিকাংশই ৰোমান কেথলিক। ইষ্ট টিমৰ মহিলাসকলৰ সাধাৰণতে গড়ে ৬ৰ পৰা ৭টা সন্তান হয় আৰু ৰাষ্ট্ৰসংঘৰ এক অধ্যয়নৰ ভিত্তিত দেখা গৈছে যে ২০ৰ পৰা ২৪ বছৰৰ ভিতৰত যিসকল মহিলাৰ ভিতৰত প্ৰায় আধাতকৈ অধিক লোকৰ…
-
ফ্ৰি দ্য নিপল
ফ্ৰি দ্য নিপল হ'ল ২০১২ চনত সৃষ্টি হোৱা এক আগশাৰীৰ স্বাধীনতা অভিযান, ২০১৪ চনত একে নামৰ এখন ছবি নিৰ্মাণৰ পূৰ্বে ইয়াৰ সৃষ্টি হৈছিল। এই অভিযানে মহিলাসকলে যৌন বা অশ্লীল বুলি গণ্য কৰিলে পুৰুষক ৰাজহুৱা স্থানত টপলেছ দেখা দিয়াৰ সাধাৰণ প্ৰথাৰ ওপৰত আলোকপাত কৰে আৰু দাবী কৰে যে এই পাৰ্থক্য মহিলাৰ প্ৰতি…
-
বাহাৰা আলৱী
বেহাৰে এলেৱি বা বাহাৰা আলাৱী (Bahara Alavi) (১৯৮৯ – ২০১১) এগৰাকী ইৰানৰ মানৱ অধিকাৰ কৰ্মী, মহিলা অধিকাৰ ৰক্ষাকাৰী আৰু ব্লগাৰ (লেখক) আছিল। বাহাৰা আলৱীয়ে ১৯৮৯ চনত ইৰাণৰ ছাককেজ চহৰত কুৰ্দি পৰিয়ালত জন্মগ্ৰহণ কৰিছিল।
-
ভাৰতত মহিলাৰ ভোটাধিকাৰ আন্দোলন
ভাৰতত মহিলাৰ ভোটাধিকাৰ আন্দোলন (Women's suffrage movement in India)-এ ব্ৰিটিছ শাসনৰ অধীনত ঔপনিৱেশিক ভাৰতত ভাৰতীয় মহিলাৰ ৰাজনৈতিক ভোটাধিকাৰৰ অধিকাৰৰ বাবে যুঁজিছিল। ভোটাধিকাৰৰ বাহিৰেও এই আন্দোলনে ঔপনিৱেশিক যুগত নাৰীৰ পক্ষত থিয় দিয়া আৰু কাৰ্যভাৰ গ্ৰহণ কৰাৰ অধিকাৰৰ বাবে যুঁজি আছিল।
-
মংগোলিয়াৰ নাৰী
এছিয়াৰ আন বহু সমাজৰ মহিলাতকৈ মংগোলীয় নাৰীৰ সামাজিক মৰ্যাদা বেছি আছিল যদিও তেওঁলোকক গৰু আৰু সম্ভৱতঃ ঘোঁৰা চৰাবলৈ অক্ষম বুলি গণ্য কৰা হৈছিল। মংগোলিয়াৰ মহিলাসকলে পৰিয়াল আৰু অৰ্থনৈতিক জীৱনত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিছিল।
-
মানৱ অধিকাৰ (সশস্ত্ৰ বাহিনীত মহিলা) সংশোধনী আইন ২০০৭
মানৱ অধিকাৰ (সশস্ত্ৰ বাহিনীত মহিলা) সংশোধনী আইন ২০০৭ আইনখন ২০০৭ চনত নিউজিলেণ্ডৰ সংসদত গৃহীত হোৱা এখন আইন। এই আইনৰদ্বাৰা “মানৱ অধিকাৰ আইন ১৯৯৩’’ আইনমতে নিউজিলেণ্ড প্ৰতিৰক্ষা বাহিনীত যুদ্ধৰ ভূমিকাত সেৱা আগবঢ়োৱাত মহিলাসকলৰ ক্ষেত্ৰত থকা বাধা আঁতৰাই পেলোৱা হৈছিল।
-
মালয়েছিয়াৰ নাৰী
মালয়েছিয়াৰ মহিলাসকলে আগবাঢ়ি যোৱাৰ, সিদ্ধান্ত লোৱাৰ, স্বাস্থ্য, শিক্ষা আৰু সমাজ কল্যাণৰ ক্ষেত্ৰত আৰু আইনী বাধা আঁতৰোৱাৰ অধিকাৰ সম্পৰ্কে মালয়েছিয়া চৰকাৰৰ পৰা সমৰ্থন লাভ কৰে।
-
ম্যানমাৰৰ নাৰী
ঐতিহাসিক ভাবে, ম্যানমাৰৰ (বাৰ্মা বুলিও জনা যায়) নাৰীসকলক(women in the Myanmar) সামাজিকভাৱে যথেষ্ট মৰ্যাদা আৰু সন্মান দিয়া হয়। মিয়া সৈনে(Mya Sein) কৰা গবেষণা অনুসাৰে ম্যানমাৰৰ নাৰী সকল এক শতিকাৰ পূৰ্বৰে পৰা স্বাধীনভাৱে জীৱন নিৰ্বাহ কৰিছিল।
-
লাওছৰ নাৰী
লাওছৰ মহিলাসকল ( Laotian Women) দীৰ্ঘদিন ধৰি তেওঁলোকৰ জাতীয় সমাজত সক্ৰিয় অংশগ্ৰহণকাৰী, ৰাজনীতিৰ সৈতে জড়িত, সামাজিক পৰিৱৰ্তন আৰু উন্নয়নক পৰিচালিত কৰা, ব্যৱসায়ৰ জগতখনত সক্ৰিয় আৰু নাৰ্ছ হিচাপে সেৱা আগবঢ়াই আহিছে। তেওঁলোক লাওছৰ সামৰিক বাহিনীৰ বাবে খাদ্য উৎপাদক।
-
লেচোথোৰ নাৰী
২০১৭ চনত লেচোথোত ১১ লাখ মহিলাই বাস কৰিছিল আৰু তেওঁলোকে ৫১.৪৮% জনসংখ্যাক প্ৰতিনিধিত্ব কৰে। ৩৩% মহিলাৰ বয়স ১৫ বছৰৰ তলৰ, ৬১.৪% মহিলা ১৫ৰ পৰা ৬৪ বছৰৰ ভিতৰত আৰু ৫.৩% মহিলাৰ বয়স ৬৪ বছৰৰ ঊৰ্দ্ধৰ। ২০০৮ চনৰ লেচোথো বেংক চেভিংছ এণ্ড ডেভেলপমেণ্ট এক্ট গৃহীত হোৱাৰ লগে লগে তেওঁলোকে সম্পূৰ্ণ আইনী মৰ্যাদা লাভ কৰে।
-
শিল্পী সিং
শিল্পী সিং (Shilpi Singh) এগৰাকী ভাৰতীয় নাৰী অধিকাৰ কৰ্মী ভাৰতৰ বিহাৰত গ্ৰাম্য অঞ্চলত ভাৰতীয় মহিলাৰ অধিকাৰ আৰু পুনৰ্বাসন, মানৱ সৰবৰাহৰ প্ৰতিৰোধ, বাল্যবিবাহ দিশত আগবঢ়োৱা অৱদানৰ বাবে তেওঁ পৰিচিত।
-
১৯৭৯ চনত তেহৰাণত আন্তঃৰাষ্ট্ৰীয় নাৰী দিৱসৰ প্ৰতিবাদ
১৯৭৯ চনৰ ৮ মাৰ্চত তেহৰানত আন্তঃৰাষ্ট্ৰীয় নাৰী দিৱসত প্ৰতিবাদ ১৯৭৯ চনৰ আন্তৰ্জাতিক নাৰী দিৱস উপলক্ষ্য্যে ইৰাণৰ তেহৰাণত মহিলাৰ পদযাত্ৰা অনুষ্ঠিত হৈছিল। এই পদযাত্ৰাটো প্ৰথমে আন্তঃৰাষ্ট্ৰীয় নাৰী দিৱস উদ্যাপনৰ উদ্দেশ্য আছিল যদিও ইৰাণ বিপ্লৱৰ সময়ত মহিলাৰ অধিকাৰৰ পৰিৱৰ্তনৰ বিৰুদ্ধে ব্যাপক প্ৰতিবাদলৈ…
-
ৰাজহুৱা স্থানত স্তন্যপান
ৰাজহুৱা স্থানত স্তন্যপান কৰোৱাৰ সামাজিক মনোভাৱ আৰু আইনী স্থিতি সমগ্ৰ বিশ্বৰ সংস্কৃতিত ব্যাপকভাৱে পৃথক হোৱা দেখা যায়। বহুতো দেশত, দক্ষিণ বিশ্ব আৰু কেইবাখনো পশ্চিমীয়া দেশত, সাধাৰণ ৰাইজৰ মুকলি দৃষ্টিত শিশুক স্তন্যপান কৰোৱাটো সাধাৰণ কথা আৰু ইয়াক এক সমস্যা হিচাপে গণ্য কৰা নহয়।