
কুপ্পাম নদী (Kuppam River) মূলতঃ ভাৰতৰ কেৰালা ৰাজ্যৰ কান্নুৰ জিলাৰ মাজেৰে বৈ যোৱা এখন নদী। অৱশ্যে নদীখনৰ এটা সৰু অংশ কৰ্ণাটক ৰাজ্যৰ মাজেৰেও বৈ গৈছে।
গতিপথ
কুপ্পাম নদী কৰ্ণাটকৰ কডাগু জিলাৰ কেৰালা–কৰ্ণাটক সীমান্তৰ ওচৰত অৱস্থিত ব্ৰহ্মগিৰি বন্যপ্ৰাণী অভয়াৰণ্যৰপৰা উৎপত্তি হৈছে। উৎসৰপৰা নদীখন পশ্চিমমুখে বৈ তলিপাৰাম্বা আৰু কান্নুৰ তালুকৰ মাজেৰে গৈ থেৰাণ্ডি, চেৰিয়ুৰ, পাচ্চেনি, ইৰিংগাল, কুপ্পম, পট্টুভাম, পায়্যাংগাডি আৰু মাত্তুলৰ মাজেৰে প্ৰৱাহিত হয়। এই নদীখন ভালাপট্টনম নদীৰ সৈতে মিলিত হৈ অঝিক্কালৰ অলপ উত্তৰে লাক্ষাদ্বীপ সাগৰত পৰে। নদীখনৰ মুঠ দৈৰ্ঘ্য প্ৰায় ৮২ কিলোমিটাৰ (৫১ মাইল), যদিও ইয়াৰ মাত্ৰ ২৪ কিলোমিটাৰ (১৫ মাইল) অংশহে নৌ-চলাচলৰ বাবে উপযোগী। কুপ্পাম নদীখনৰ ১২ কিলোমিটাৰ (৭.৫ মাইল) অংশ কৰ্ণাটকত আৰু ৭০ কিলোমিটাৰ (৪৩ মাইল) অংশ কেৰালাত বৈ গৈছে। নদীখনৰ আটাইতকৈ ডাঙৰ উপনৈ হৈছে কুট্টিকোল নদী, যি পট্টুভামৰ দক্ষিণ-পশ্চিমে কুপ্পম নদীত মিলিত হয়। কুট্টিকোল নদীৰ দৈৰ্ঘ্য প্ৰায় ৪২ কিলোমিটাৰ (২৬ মাইল)। আন উপনৈসমূহৰ ভিতৰত চিৰিয়াথোডু, মুকুট্টাথোডু, আলাকুট্টাথোডু আৰু পাক্কাট্টুপোয়া উল্লেখযোগ্য। ১২৩৪
অৱবাহিকা
কুপ্পাম নদীৰ নদী অৱবাহিকাই মুঠ ৫৩৯ বৰ্গ কিলোমিটাৰ (২০৮ বৰ্গ মাইল) ভূমি সামৰি লৈছে। ইয়াৰে ৪৬৯ বৰ্গ কিলোমিটাৰ (১৮১ বৰ্গ মাইল) কেৰালা ৰাজ্যত আৰু ৭০ বৰ্গ কিলোমিটাৰ (২৭ বৰ্গ মাইল) কৰ্ণাটক ৰাজ্যত অৱস্থিত।৪
কুপ্পাম নদীৰ পাৰত থকা মন্দিৰসমূহ
কুপ্পাম নদীৰ পাৰত অৱস্থিত ধৰ্মীয় স্থানসমূহৰ ভিতৰত পদাভিল শ্ৰী মুথাপ্পন মাদাপুৰা, ভৈৰিয়ামকোট্টম, শ্ৰী পেৰুম্বুঝায়াচান মন্দিৰ উল্লেখযোগ্য। ইয়াৰ উপৰি কুপ্পম দলঙৰ দুয়োকাষে নদীৰ পাৰৰ ওচৰত দুখন জুমা মছজিদ আছে।
কুপ্পাম নদীৰ ওপৰত থকা দলংসমূহ
কুপ্পাম নদীৰ ওপৰেৰে কেইবাখনো দলং নিৰ্মাণ কৰা হৈছে। ইয়াৰে এখন দলঙৰ ওপৰেৰে ৰাষ্ট্ৰীয় ঘাইপথ ৬৬ (National Highway 66) পাৰ হৈ গৈছে। আন এখন দলং পায়্যাংগুডিত অৱস্থিত, যিখন এটা ৰাজ্যিক ঘাইপথৰ মাজত আছে।
তথ্যসূত্ৰ
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “কুপ্পাম নদী” প্ৰবন্ধৰ সংশোধন ৬২৭২৮৯ (১৫ আগষ্ট ২০২৬)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।