অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
ভূগোল আৰু ঠাই

মাহে নদী

মাহে নদী (Mahe river) ৰ স্থানীয় নাম হৈছে ময়্যাঝিপ্পুঝা। মাহে দক্ষিণ ভাৰতৰ এখন উল্লেখযোগ্য নদী। নদীখন কেৰালা ৰাজ্যৰ লগতে পুডুচেৰীৰ অন্তৰ্গত উপকূলীয় বিচ্ছিন্ন অঞ্চল মাহেৰ মাজেৰে বৈ গৈছে। মাহে নদীৰ উৎপত্তি ৱায়ানাড জিলা পশ্চিমঘাট পৰ্বতমালাৰ ঢালত।

হালনাগাদ: ১৫ আগষ্ট ২০২৬ ২৩৩ শব্দ · ১ মিনিট সংগৃহীত ৮১
সংশোধনৰ পৰামৰ্শ

মাহে নদী (Mahe river) ৰ স্থানীয় নাম হৈছে ময়্যাঝিপ্পুঝা। মাহে দক্ষিণ ভাৰতৰ এখন উল্লেখযোগ্য নদী। নদীখন কেৰালা ৰাজ্যৰ লগতে পুডুছেৰীৰ অন্তৰ্গত উপকূলীয় বিচ্ছিন্ন অঞ্চল মাহেৰ মাজেৰে বৈ গৈছে। মাহে নদীৰ উৎপত্তি ৱায়ানাড জিলা পশ্চিমঘাট পৰ্বতমালাৰ ঢালত। উৎপত্তিস্থলৰপৰা নদীখন প্ৰথমে কোজিকোড জিলা পূব অংশৰ পাহাৰীয়া অঞ্চলৰ ভিলাংগাড, ভানিমাল, জাতিয়েৰী আৰু নাদাপুৰমৰ মাজেৰে বৈ গৈছে। ইয়াৰ পিছত নদীখন মালাৱাৰ সমভূমিত প্ৰৱেশ কৰে। এই অংশত নদীখনে পাৰাক্কাডাভু, কাদাভাথুৰ, পেৰিংগাথুৰ, এৰামালা, কুন্নুকাৰা, কাৰিয়াড আৰু পেৰিংগান্দূৰ ১ আদি কেইবাখনো ঠাইৰ মাজেৰে প্ৰৱাহিত হয়। অৱশেষত মাহে নদীখন পুডুছেৰী কেন্দ্ৰীয় শাসিত অঞ্চলৰ মাহেৰ উত্তৰ সীমাৰে বৈ গৈ আৰৱ সাগৰত পৰিছে।

অৰ্থনীতি

নদীখনে যি অঞ্চলসমূহৰ মাজেৰে বৈ গৈছে, সেই অঞ্চলসমূহৰ অৰ্থনীতিত নদীখনৰ প্ৰভাৱ অতি সীমিত। অতীতত নদীখন অভ্যন্তৰীণ নৌপৰিবহণৰ বাবে ব্যৱহাৰ কৰা হৈছিল। লগতে ভিতৰুৱা গাঁওসমূহৰপৰা মাহেলৈ আৰু মাহেৰপৰা গাঁওসমূহলৈ বিভিন্ন সামগ্ৰী কঢ়িয়াই নিয়াতো নদীপথ ব্যৱহাৰ কৰা হৈছিল। পুডুছেৰী চৰকাৰে নদীখনৰ মোহনাত এটা মৎস্য বন্দৰ নিৰ্মাণৰ পৰিকল্পনা কৰিছে। অৱশ্যে কাৰিকৰী কাৰণত নিৰ্মীয়মাণ বন্দৰটো নদীৰ মোহনাৰ ঠিক কাষৰ সাগৰীয় উপকূলত নিৰ্মাণ কৰা হৈছে। মাহেৰ পৰ্যটন সম্ভাৱনা বৃদ্ধি কৰাৰ উদ্দেশ্যে পুডুচেৰী চৰকাৰে নদীৰ পাৰেদি এটা খোজকঢ়াৰ পথ নিৰ্মাণ কৰি আছে। এই পথটো মাহেৰ মাঞ্জাক্কালস্থিত ৱাটাৰ স্প’ৰ্টছ কমপ্লেক্সৰপৰা আৰম্ভ হৈ নদীৰ পাৰেদি মৎস্য বন্দৰৰ ব্ৰেকৱাটাৰ পৰ্যন্ত বিস্তৃত হ’ব। ২

ঔপনিৱেশকাল

ব্ৰিটিছ শাসনকালত মাহে নদীক “ইংলিছ চেনেল” (English Channel) বুলি উপনাম দিয়া হৈছিল। ইয়াৰ কাৰণ আছিল—নদীখনে ব্ৰিটিছ শাসিত থালাছেৰী আৰু ফৰাচী শাসিত মাহে অঞ্চলক পৃথক কৰিছিল।

জনপ্ৰিয় সংস্কৃতিত

মাহে নদীৰ উল্লেখ এম. মুকুন্দনৰ ১৯৭৪ চনত প্ৰকাশিত বিখ্যাত উপন্যাস মায়্যাঝিপ্পুঝায়ুদে তীৰাঙ্গালিল৩ত পোৱা যায়। মালয়ালম ভাষাত উপন্যাসখনৰ নামৰ অৰ্থ হৈছে “মাহে নদীৰ পাৰত”।

তথ্যসূত্ৰ

  1. ↑ Official website of Kozhikode. Kozhikode. Government of Kerala
  2. ↑ South Asia News. Works for Mahe fishing harbour project inaugurated. onlypunjab.com
  3. ↑ আৰ্কাইভ কপি

সম্পৰ্কিত শ্ৰেণী

নদীভাৰতৰ নদী

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “মাহে নদী” প্ৰবন্ধৰ সংশোধন ৬২৭৩৪৯ (১৫ আগষ্ট ২০২৬)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।