কৰামানা নদী (Karamana) কেৰালাৰ তিৰুৱনন্তপুৰম চহৰৰ মাজেৰে বৈ যোৱা এখন নদী। নদীখনৰ উৎপত্তি পশ্চিমঘাট পৰ্বতমালাৰ (সহ্যাদ্ৰী পৰ্বতমালা) দক্ষিণ প্ৰান্তৰ আগস্ত্যাৰ কূডম অঞ্চলত। ইয়াৰ পৰা নদীখন প্ৰায় ৬৬ কিলোমিটাৰ পশ্চিমমুখে বৈ গৈ কোৱালামৰ ওচৰৰ পানাথুৰাত আৰৱ সাগৰত মিলিত হয়।১ নদীখনৰ নাম তিৰুৱনন্তপুৰম চহৰৰ কৰামানা নামৰ উপনগৰখনৰ পৰা আহিছে। এই উপনগৰৰ মাজেৰে নদীখন বৈ যোৱাৰ বাবেই নদীখনক কৰামানা নদী বুলি কোৱা হয়।
নদীখনৰ জলগ্ৰহণ এলেকাৰ অধিকাংশই বনাঞ্চলেৰে আৱৰি আছে। আনহাতে, নদীখনৰ পানী ব্যৱহৃত কৃষি এলেকাত বিভিন্ন শুকান ভূমিৰ মিশ্ৰ শস্যৰ খেতি কৰা হয়। ইয়াৰ ভিতৰত নাৰিকল, মিঠা আলু (টেপিয়কা), জালুক, কল আৰু ধান আদি উল্লেখযোগ্য।২

গতিপথ
কৰামানা নদী পশ্চিমঘাটৰ অন্তৰ্গত তিৰুৱনন্তপুৰম জিলাৰ আগস্ত্যমালা পৰ্বতৰ পৰা উৎপত্তি হৈছে। কৰামানা নদী প্ৰথমে পেপ্পাৰা বন্যপ্ৰাণী অভয়াৰণ্যৰ মাজেৰে বৈ গৈ পেপ্পাৰা জলাধাৰত প্ৰৱেশ কৰে। ইয়াৰ পিছত নদীখনে তিৰুৱনন্তপুৰম জিলাৰ পূব দিশৰ কেইবাখনো পাহাৰীয়া চহৰ আৰু অঞ্চল মীনাংকাল, চেৰাপল্লী, উথাৰামকোড, আৰিয়ানাড, উঝামালাক্কাল, মুণ্ডেলা, পেৰুমকুলাম আৰু আৰুৱিক্কাৰাৰ মাজেৰে বৈ যায়। আৰুৱিক্কাৰাত কৰামানা নদীৰ ওপৰত আৰুৱিক্কাৰা বান্ধ নিৰ্মাণ কৰা হৈছে। ইয়াৰ তলৰ অংশত নদীখন ত্ৰাৱাঙ্কোৰ সমভূমিত প্ৰৱেশ কৰি ইৰুম্পা, নেত্তায়াম, পেয়াড, কৰিমাংকুলাম, পেৰুকাভু, ভিলাভূৰ্ক্কাল, চূঝাট্টুকোট্টা, পাপ্পানামকোড, নেমম আৰু তিৰুৱাল্লাম আদি অঞ্চলৰ মাজেৰে বৈ যায়। তিৰুৱাল্লামত কৰামানা নদী দুটা শাখা নদীত বিভক্ত হয়। উত্তৰ শাখাটো পুন্থুৰাৰ ওচৰত আৰব সাগৰত মিলিত হয়। দক্ষিণ শাখাটো পোজিক্কাৰা মোহনাত গৈ পৰে। এই দুয়োটা শাখাৰ মাজত এডায়াৰ দ্বীপ অৱস্থিত।
উপনৈ আৰু শাখা নৈ
কৰামানা নদীৰ উৎপত্তি সমুদ্ৰপৃষ্ঠৰপৰা প্ৰায় ১,৬০০ মিটাৰ উচ্চতাত অৱস্থিত আগস্তিয়াৰকূডমৰ ওচৰত। বৰ্তমান নদীখনৰ উৎপত্তিস্থলৰ শৃংগ দুটাক চেম্মুঞ্জি মোটা আৰু আথিৰামালা নামেৰে জনা যায়। নদীখনৰ ওপৰৰ অংশৰ উপনদীসমূহ হৈছে কাভিয়াৰ, আট্টায়াৰ, ভাইয়াপ্পাডিয়াৰ আৰু থোডায়াৰ। কৰামানা নদী দক্ষিণ-দক্ষিণ-পশ্চিম দিশে প্ৰায় ৬৬ কিলোমিটাৰ বৈ গৈ অৱশেষত আৰৱ সাগৰত মিলিত হয়।৩

কৰামানা নদীৰ আটাইতকৈ ডাঙৰ উপনদী হৈছে কিল্লিয়াৰ। এই নদীখন প্ৰায় ২৪ কিলোমিটাৰ দীঘল। ইয়াৰ ওপৰত পানীৰ প্ৰৱাহ নিয়ন্ত্ৰণৰ বাবে পাঁচটা অনিকাট নিৰ্মাণ কৰা হৈছে। ইয়াৰ এটা অংশৰ পানী কোচাৰ খাললৈ ঘূৰাই দিয়া হৈছিল আৰু সেই খালে পথ্ৰাকুলাম পুখুৰীত পানী যোগান ধৰিছিল। এই পুখুৰীটো বৰ্তমান অস্তিত্বহীন; ই পদ্মনাভস্বামী মন্দিৰৰ বাহিৰত থকা বৰ্তমানৰ পদ্মতীৰ্থকুলামৰ কাষত অৱস্থিত আছিল। কিল্লিয়াৰৰ পাৰৰ বহুতো মন্দিৰ আছে। ইয়াৰ ভিতৰত আটাইতকৈ বিখ্যাত হৈছে আট্টুকাল মন্দিৰ।৪ কিল্লিয়াৰ নদীয়ে নেডুমাংগাডৰ বনাঞ্চলৰ পানী নিষ্কাশন কৰে আৰু ইয়াৰ অৱবাহিকা বিভিন্ন প্ৰজাতিৰ চৰাইৰ বাবে সমৃদ্ধ। কিল্লিয়াৰ নদীখন তিৰুৱাল্লামৰ ওচৰৰ পাল্লাথুকাডাভুত কৰামানা নদীৰ সৈতে মিলিত হয়। তাৰ পিছত কৰামানা নদী পোজিক্কাৰা মোহনাৰ মাজেৰে আৰৱ সাগৰত মিলিত হয়। নদীখনৰ শেষ অংশত ই সাগৰৰ সমান্তৰালভাৱে বৈ যায় আৰু এই অংশটোক এডায়াৰ নামেৰে জনা যায়।১
বান্ধ
কৰামানা নদীৰ ওপৰত দুটা গুৰুত্বপূৰ্ণ বান্ধ আছে। এইকেইটা হৈছে আৰুৱিক্কাৰা বান্ধ, যিটো ১৯৩০ৰ দশকত নিৰ্মাণ কৰা হৈছিল, আৰু ইয়াৰ ওপৰৰফালে অৱস্থিত পেপ্পাৰা বান্ধ, যিটো ১৯৮৩ চনত নিৰ্মাণ কৰা হয়। আৰুৱিক্কাৰা বান্ধ নিৰ্মাণৰ মূল উদ্দেশ্য আছিল চহৰখনলৈ পাইপযোগে খোৱাপানী যোগান ধৰা। ১৯৩৩ চনত উদ্বোধন কৰা তিৰুৱনন্তপুৰম ৱাটাৰ ৱৰ্কছ, যিটোৰ নাম লৰ্ড উইলিংডনৰ নামেৰে ৰখা হৈছিল, আজিও কাৰামানা নদীৰ পানী সংগ্ৰহ কৰি চহৰখনত বিতৰণ কৰাৰ দায়িত্বত আছে।৫ চহৰখনৰ পানী বিতৰণ ব্যৱস্থা অধিক উন্নত কৰাৰ বাবে JICA-ৰ অৰ্থসাহায্যত এটা প্ৰকল্পও চলি আছে। পেপ্পাৰা বান্ধে কাৰামানা নদীৰ ওপৰৰ সকলো উপনদীৰ পানী একত্ৰিত কৰি আৰুৱিক্কাৰা বান্ধলৈ পানীৰ প্ৰৱাহ নিয়ন্ত্ৰণ কৰে। এসময়ত কাৰামানা নদীত সঘনাই হোৱা বানপানী নিয়ন্ত্ৰণ কৰাত পেপ্পাৰা বান্ধে গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিছে। পেপ্পাৰাত ৩ মেগাৱাট ক্ষমতাসম্পন্ন এটা জলবিদ্যুৎ কেন্দ্ৰও আছে।৫
দলং
কৰামানা নদীৰ ওপৰত কেইবাখনো গুৰুত্বপূৰ্ণ দলং আছে। ইয়াৰে আটাইতকৈ ডাঙৰ দলংখন কাৰামানা অঞ্চলত অৱস্থিত, যাৰ ওপৰেৰে NH-66 পাৰ হৈ গৈছে। এই দলংখন লে. কৰ্ণেল হৰ্ছলি (Lt. Col. Horsley) য়ে নিৰ্মাণ কৰিছিল। তেওঁ ত্ৰাৱাঙ্কোৰৰ ইতিহাসৰ ওপৰত ইংৰাজী ভাষাত লিখা প্ৰাৰম্ভিক গ্ৰন্থখনৰ লেখক আছিল। দলংখন ১৮৫৩ চনত উদ্বোধন কৰা হৈছিল।৬ নদীখনৰ ওপৰত থকা আন কেইখনমান গুৰুত্বপূৰ্ণ দলং হৈছে থ্ৰিক্কুন্নাপুৰম, মাংগাট্টু কদাভু, কুন্দামন কদাভু–পেয়াড, ভেল্লাইকদাভু–পুলিয়াৰাকোনম, কুলশেখৰম–পেয়াড, জগথি দলং, আৰ্যনাড দলং, আৰুৰুৱিক্কাৰা (বান্ধৰ ওপৰত), আৰু মাৰুথুৰ কদাভু।৭
জৈৱ-বৈচিত্ৰ্য
কৰামানা নদীৰ অৱবাহিকাত ক্ৰান্তীয় অঞ্চলৰ সাধাৰণ বিভিন্ন প্ৰজাতিৰ উদ্ভিদ পোৱা যায়। ইয়াৰ ভিতৰত বনৰীয়া কুঁহিয়াৰজাতীয় ঘাঁহ, বাঁহ, মেনগ্ৰোভ, মেটেকা আৰু নাৰিকল গছ উল্লেখযোগ্য। নদীৰ পাৰৰ আন এটা সাধাৰণ উদ্ভিদ হৈছে স্ক্ৰু পাইন বা পাণ্ডানাছ। নদীৰ নিম্নাংশত মালয়ালম ভাষাত অথালাম নামেৰে পৰিচিত চেৰবেৰা অড'লাম (Cerbera odollam) নামৰ এবিধ আত্মঘাটী তথা বিষাক্ত উদ্ভিদো পোৱা যায়।৮ কৰামানা নদীত বিভিন্ন প্ৰজাতিৰ মাছো পোৱা যায়। ইয়াৰ ভিতৰত কাৰিমীন, চেক্কালি, কাৰিয়িদা, পৰুমিনালি, চেৰুমীন, ভালা, নেদুমীন, আৰাল, মালাভু আৰু পাভাল উল্লেখযোগ্য।১
পৰিৱেশগত সমস্যা
শেহতীয়া বছৰবোৰত কৰামানা নদী প্ৰদূষণ, অম্লীয়তা বৃদ্ধি আৰু মাছৰ ব্যাপক মৃত্যু আদি সমস্যাৰ সন্মুখীন হৈছে। নদীৰ পানীৰ গুণগত মান অৱনতি ঘটাৰ প্ৰধান কাৰণসমূহৰ ভিতৰত পৰিশোধন নকৰা নলা-নৰ্দমাৰ পানী, ঘৰুৱা আৰু উদ্যোগিক বৰ্জ্য নদীত পেলোৱা, আৰু নদী অৱবাহিকা অঞ্চলত পৰ্যটনৰ অনিয়ন্ত্ৰিত বিকাশ উল্লেখযোগ্য। ইয়াৰ ফলত নদীৰ পানীত দ্ৰৱীভূত অক্সিজেনৰ মাত্ৰা হ্ৰাস পাইছে আৰু নদীৰ নিম্নভাগত মাছৰ মৃত্যু ঘটিছে। river.৯ ইয়াৰ উপৰি, নদীৰ বালিৰ অবৈধ খনন কৰামানা নদীৰ বাবে আন এক গুৰুত্বপূৰ্ণ ভাবুকি। সাম্প্ৰতিক সময়তো নদীখনত আৱৰ্জনা পেলোৱাৰ ফলত প্ৰদূষণ অব্যাহত থকাৰ কথা প্ৰকাশ পাইছে। ৫
সাহিত্য আৰু সংগীতত
কৰামানা নদীৰ সৌন্দৰ্য আৰু অৰণ্যৰ মাজেৰে বৈ যোৱাৰ বৈশিষ্ট্যৰ বাবে সংস্কৃত ভাষাত নদীখনক বনমালা (Vanamala) নামেৰে জনা গৈছিল। ‘বনমালা’ৰ অৰ্থ হৈছে ‘অৰণ্যৰ মালা’। জৈন সন্ন্যাসী উদ্যোতন সূৰিয়ে অষ্টম শতিকাত ৰচনা কৰা প্ৰাকৃত গ্ৰন্থ কুৱলয়মালাত কৰামানা নদীক মকৰাকৰা (Makaraakara) নদী বুলি উল্লেখ কৰা হৈছে।৭ কৰামানা নদীয়ে কেৰালাৰ সংগীতৰ বিকাশতো যথেষ্ট প্ৰভাৱ পেলাইছিল। নদীখনৰ সৈতে জড়িত গায়ক, বাদ্যযন্ত্ৰী আৰু সংগীতজ্ঞসকলৰ ভিতৰত ইৰয়িম্মান থাম্পি, ভাদিভেলু, নীলকণ্ঠ শিৱন আৰু কে. এছ. চিত্ৰা উল্লেখযোগ্য। ইয়াৰ উপৰি সংগীতজ্ঞ-ৰজা স্বাতি তিৰুণাল নদীখনৰ প্ৰাকৃতিক সৌন্দৰ্যৰদ্বাৰাও প্ৰভাবিত হৈছিল। তেওঁৰ ৰাজসভাৰ এক ডজনৰো অধিক সংগীতজ্ঞ কৰামানা নদীৰ পাৰত অৱস্থিত কৰামানা গাঁৱতে জন্ম গ্ৰহণ কৰিছিল।১০
তথ্যসূত্ৰ
- ↑ Nair, Achuthsankar S. (8 November 2012). And Quiet Flows The Karamana: The river wild. The Hindu
- ↑ Keralapages.org
- ↑ Nair, A S. (20 September 2012). And quiet flows the Karamana: Journey of the river. The Hindu
- ↑ Nair, A S. (25 October 2012). And quiet flows the Karamana: The rise and flow of Killi. The Hindu
- ↑ Nair, A S. (18 October 2012). And quiet flows the Karamana: Tapping the river. The Hindu
- ↑ (20 September 2012). And quiet flows the Karamana: Journey of the river. The Hindu
- ↑ Nair, A S. (13 September 2012). And quiet flows the Karamana: Bridging past and present. The Hindu
- ↑ Nair, A S. (1 November 2012). And quiet flows the Karamana: The green river. The Hindu
- ↑ (2 August 2010). Karamana River heavily polluted, says study. The Hindu
- ↑ Nair, A S. (27 September 2012). And quiet flows of Karamana: Stream of music. The Hindu
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “কৰামনা নদী” প্ৰবন্ধৰ সংশোধন ৬৩৯৫৬৭ (২৯ ছেপ্তেম্বৰ ২০২৬)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।