অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
ভূগোল আৰু ঠাই

শ্বিৰিয়া নদী

শ্বিৰিয়া নদী (Shiriya River) কৰ্ণাটক আৰু কেৰালা ৰাজ্যৰ মাজেৰে বৈ যোৱা এখন নদী। শ্বিৰিয়া নদীখনৰ দৈৰ্ঘ্য ৬৭ কিলোমিটাৰ। এই নদীখন কেৰালাৰ ১৮তম দীঘল নদী আৰু কাছাৰগোড় জিলাৰ দ্বিতীয় দীঘল নদী।

হালনাগাদ: ২৫ আগষ্ট ২০২৬ ১৭৭ শব্দ · ১ মিনিট সংগৃহীত ৭২
সংশোধনৰ পৰামৰ্শ

শ্বিৰিয়া নদী (Shiriya River) কৰ্ণাটক আৰু কেৰালা ৰাজ্যৰ মাজেৰে বৈ যোৱা এখন নদী।১ ২৩ শ্বিৰিয়া নদীখনৰ দৈৰ্ঘ্য ৬৭ কিলোমিটাৰ। এই নদীখন কেৰালাৰ ১৮তম দীঘল নদী আৰু কাছাৰগোড় জিলাৰ দ্বিতীয় দীঘল নদী।৩ নদীখন কৰ্ণাটকৰ দক্ষিণ কানাড়া জিলাৰ আনেগুণ্ডি সংৰক্ষিত বনাঞ্চলত, সমুদ্ৰপৃষ্ঠৰপৰা প্ৰায় ২৩০ মিটাৰ উচ্চতাত উৎপত্তি হৈছে। ৩৪ তাৰ পিছত ই মূলতঃ পশ্চিমমুখীভাৱে বৈ কেৰালাৰ কাছাৰগোড় চহৰৰ প্ৰায় ১১ কিলোমিটাৰ উত্তৰে অৱস্থিত শিৰিয়া নামৰ ঠাইৰ ওচৰত আৰৱ সাগৰত পৰিছে। নদীখনৰ মোহনাত শ্বিৰিয়া আৰু কুম্বলা চহৰৰ মাজৰ জলাশয়ৰ সৈতে মিলিত হৈ কুম্বলা–শ্বিৰিয়া মোহনা গঠন কৰিছে।

নদীখনৰ প্ৰধান উপনৈসমূহ হ’ল— কাল্লাঞ্জে থোডু,কানয়ানা থোডু, এৰামাট্টি হোলে আৰু কুম্বলা।৩৫

শ্বিৰিয়া নদীৰ সৈতে জড়িত জীৱন-শৈলী আৰু সংস্কৃতি

শ্বিৰিয়া নদীৰ মোহনাত বিভিন্ন প্ৰজাতিৰ ম্যানগ্ৰোভ আৰু আন আন জলজ উদ্ভিদ পোৱা যায়। ইয়াৰ উপৰি এই অঞ্চলত বহুতো স্থানীয় আৰু পৰিভ্ৰমী চৰাই, মাছ আৰু কেঁকোৰাৰো বাসস্থান আছে। মূলধাৰাৰ সংবাদ মাধ্যমৰ মতে, শেহতীয়াকৈ শিৰিয়া নদীৰ পানীত এণ্ড’ছালফান (Endosulfan) নামৰ কীটনাশকৰ উপস্থিতি ধৰা পৰিছে। পূব দিশৰ পাহাৰীয়া অঞ্চলৰপৰা বৈ অহা কাসাৰগোড জিলাৰ আন কেইবাখনো গুৰুত্বপূৰ্ণ নদীতো একেধৰণৰ সমস্যাৰ কথা উল্লেখ কৰা হৈছে। অভিযোগ অনুসৰি, প্লেণ্টেচন কৰ্প’ৰেচন আৰু আন কিছুমান ব্যক্তিগত প্ৰতিষ্ঠানে বাগিছাসমূহত আকাশমাৰ্গে এণ্ড’ছালফান আৰু অন্যান্য কীটনাশক ছটিয়াইছিল।

কুম্বলা আৰু উপ্পালাৰ মাজত, শ্বিৰিয়া নদীখন কাম্বাৰু নদী বুলিও জনা যায়, কিয়নো ই কাম্বাৰু মন্দিৰৰ ওচৰেৰে বৈ গৈছে। অৱশেষত নদীখন আৰব সাগৰত মিলিত হৈছে।

তথ্যসূত্ৰ

  1. ↑ WaterwayMap.org waterwaymap.org Shiriya (Sire hole) | 53 km, India
  2. ↑ Kerala Tourism www.keralatourism.org Rivers, Kasaragod, Kerala, India
  3. ↑ (December 2017). Shiriya River and Yelkanna River, Reconnaissance Survey Report. Tropical Institute of Ecological Sciences (TIES), Kerala
  4. ↑ (2011-10-01). District Census Handbook - Kasaragod District 2011. Directorate of Census Operations-Kerala
  5. ↑ About the Rivers of Kerala

সম্পৰ্কিত শ্ৰেণী

নদীভাৰতৰ নদী

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “শ্বিৰিয়া নদী” প্ৰবন্ধৰ সংশোধন ৬৩০৬৪৪ (২৫ আগষ্ট ২০২৬)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।