অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
জীৱনী

থমাচ হবছ

থমাচ হবছ (; ৫ এপ্ৰিল ১৫৮৮ – ৪ ডিচেম্বৰ ১৬৭৯) এজন ইংৰাজ দাৰ্শনিক আৰু ৰাজনৈতিক তত্ত্ববিদ, ১৬৫১ চনত লিখা লেভিয়াথান গ্ৰন্থৰ বাবে বিশেষভাৱে পৰিচিত, য'ত তেওঁ সামাজিক চুক্তি তত্ত্বৰ এক প্ৰভাৱশালী ধাৰণা বিশদভাৱে ব্যাখা কৰে। তেওঁক আধুনিক ৰাজনৈতিক দৰ্শনৰ অন্যতম প্ৰতিষ্ঠাপক হিচাপে গণ্য কৰা হয়।

হালনাগাদ: ২৬ আগষ্ট ২০২৬ ২,৮৫১ শব্দ · ১৬ মিনিট সংগৃহীত ৭৯
সংশোধনৰ পৰামৰ্শ

থমাচ হবছ (; ৫ এপ্ৰিল ১৫৮৮ – ৪ ডিচেম্বৰ ১৬৭৯) এজন ইংৰাজ দাৰ্শনিক আৰু ৰাজনৈতিক তত্ত্ববিদ, ১৬৫১ চনত লিখা লেভিয়াথান গ্ৰন্থৰ বাবে বিশেষভাৱে পৰিচিত, য'ত তেওঁ সামাজিক চুক্তি তত্ত্বৰ এক প্ৰভাৱশালী ধাৰণা বিশদভাৱে ব্যাখা কৰে। ১ তেওঁক আধুনিক ৰাজনৈতিক দৰ্শনৰ অন্যতম প্ৰতিষ্ঠাপক হিচাপে গণ্য কৰা হয়। ২ ৩

পৰিয়ালৰ সৈতে হোৱা এখন কাজিয়াৰ পিছত পিতৃয়ে ঘৰ এৰি যোৱাৰ ফলত তেওঁৰ প্ৰাৰম্ভিক জীৱন ম্লান পৰি গৈছিল, পিছলৈ তেওঁৰ ধনী খুৰাকে তেওঁক নিজৰ তত্ত্বাৱধানলৈ নিয়ে। হবচৰ শৈক্ষিক যাত্ৰা ৱেষ্টপ'ৰ্টত আৰম্ভ হৈছিল আৰু পিছলৈ তেওঁ অক্সফৰ্ড বিশ্ববিদ্যালয়লৈ যায়, য'ত তেওঁ ধ্ৰুপদী সাহিত্য আৰু গণিতৰ সংস্পৰ্শলৈ আহে। তাৰ পিছত ১৬০৮ চনত তেওঁ কেমব্ৰিজ বিশ্ববিদ্যালয়ৰ পৰা স্নাতক ডিগ্ৰী লাভ কৰে। তেওঁ কেভেণ্ডিছ পৰিয়ালৰ গৃহশিক্ষক হিচাপে নিযুক্ত হয়, যিয়ে তেওঁক বিভিন্ন বৌদ্ধিক মহলৰ সৈতে সংযোগ কৰাৰ লগতে সমগ্ৰ ইউৰোপ জুৰি তেওঁৰ বিস্তৃত ভ্ৰমণৰ সুবিধা আগবঢ়ায়। গেলিলিঅ'ৰ দৰে ব্যক্তিৰ সৈতে হোৱা সাক্ষাৎকাৰকে ধৰি এই অভিজ্ঞতাসমূহে তেওঁৰ বৌদ্ধিক বিকাশত বিশেষভাৱে সহায় কৰিছিল।

১৬৩৭ চনত ফ্ৰান্সৰ পৰা ইংলেণ্ডলৈ উভতি অহাৰ পিছত, হবচে ১৬৪২ চনৰ পৰা ১৬৫১ চনলৈ সংসদীয় সমৰ্থক (Parliamentarians) আৰু ৰাজতন্ত্ৰৰ সমৰ্থকসকলৰ (Royalists) মাজত হোৱা ইংৰাজ গৃহযুদ্ধৰ ধ্বংসলীলা আৰু নিষ্ঠুৰতা প্ৰত্যক্ষ কৰিছিল। মানৱীয় সংঘাত আৰু সামাজিক ভাঙোনৰ সমাধান হিচাপে তেওঁৰ বিখ্যাত গ্ৰন্থ 'লেভিয়াথান'ত (Leviathan) এক নিৰংকুশ সাৰ্বভৌম শাসকৰ দ্বাৰা শাসন চলোৱাৰ সপক্ষে মাত মাতিবলৈ এই অভিজ্ঞতাই তেওঁক গভীৰভাৱে প্ৰভাৱিত কৰিছিল। সামাজিক চুক্তি তত্ত্বৰ উপৰিও, 'লেভিয়াথান' গ্ৰন্থখনে প্ৰাকৃতিক অৱস্থা ("সকলোৰে বিৰুদ্ধে সকলোৰে যুদ্ধ") আৰু প্ৰাকৃতিক নিয়মৰ দৰে ধাৰণাসমূহকো জনপ্ৰিয় কৰি তুলিছিল। তেওঁৰ অন্যান্য প্ৰধান ৰচনাসমূহৰ ভিতৰত আছে ত্ৰয়ী গ্ৰন্থ ডি চিভে (De Cive, ১৬৪২), ডি কৰ্পোৰ (De Corpore, ১৬৫৫), আৰু ডি হোমিন (De Homine, ১৬৫৮), লগতে মৰণোত্তৰভাৱে প্ৰকাশিত গ্ৰন্থ বেহেমথ (Behemoth, ১৬৮১)।

ইতিহাস, ন্যায়শাস্ত্ৰ, জ্যামিতি, আলোকবিজ্ঞান, ধৰ্মতত্ত্ব, ধ্ৰুপদী অনুবাদ, নীতিবিদ্যা আৰু সাধাৰণভাৱে দৰ্শনকে ধৰি বিভিন্ন ক্ষেত্ৰলৈ হবছৰ অৱদান আছিল, যিয়ে তেওঁক এজন বহুমুখী প্ৰতিভাসম্পন্ন ব্যক্তি হিচাপে চিহ্নিত কৰে। নাস্তিকতাৰ অভিযোগ আৰু সমসাময়িক পণ্ডিতসকলৰ সৈতে হোৱা তীব্ৰ বিতৰ্ককে ধৰি তেওঁৰ সুনামৰ প্ৰতি অহা প্ৰত্যাহ্বান আৰু বিতৰ্কৰ স্বত্বেও, হবছৰ কৰ্মৰাজিয়ে ৰাজনৈতিক গাঁথনি আৰু মানৱ প্ৰকৃতিৰ ধাৰণাক গভীৰভাৱে প্ৰভাৱিত কৰিছিল।

ৰাজনৈতিক তত্ত্ব

সমসাময়িক বৈজ্ঞানিক ধাৰণাসমূহৰ দ্বাৰা প্ৰভাৱিত হৈ হবছে তেওঁৰ ৰাজনৈতিক তত্ত্বক এক প্ৰায়-জ্যামিতিক ব্যৱস্থা হিচাপে প্ৰতিষ্ঠা কৰিব বিচাৰিছিল, য'ত সিদ্ধান্তসমূহ পূৰ্বধাৰণাসমূহৰ পৰা অনিবাৰ্যভাৱে নিৰ্গত হয়। ৪ তেওঁৰ তত্ত্ব অনুসৰি, যেতিয়ালৈকে ৰাষ্ট্ৰ বা সমাজ এখন এজন নিৰংকুশ সাৰ্বভৌম শাসকৰ অধীনত নাথাকে, তেতিয়ালৈকে ই সুৰক্ষিত হ'ব নোৱাৰে। ইয়াৰ পৰাই এই দৃষ্টিভংগীৰ সৃষ্টি হয় যে, কোনো ব্যক্তিয়েই সাৰ্বভৌম শাসকৰ বিৰুদ্ধে সম্পত্তিৰ অধিকাৰ সাব্যস্ত কৰিব নোৱাৰে, আৰু সেয়েহে সাৰ্বভৌম শাসকে প্ৰজাসকলৰ সন্মতি অবিহনেই তেওঁলোকৰ সা-সম্পত্তি ল'ব পাৰে। এই নিৰ্দিষ্ট দৃষ্টিভংগীটোৰ তাৎপৰ্য এই কাৰণেই বেছি যে ই প্ৰথমবাৰৰ বাবে ১৬৩০-ৰ দশকত গঢ় লৈ উঠিছিল, যেতিয়া প্ৰথম চাৰ্লছে সংসদৰ, আৰু সেয়েহে তেওঁৰ প্ৰজাসকলৰ সন্মতি অবিহনেই ৰাজহ সংগ্ৰহ কৰিবলৈ বিচাৰিছিল। ৪ হবছে এৰিষ্টটলৰ ৰাজনীতিৰ অন্যতম বিখ্যাত তত্ত্বক প্ৰত্যাখ্যান কৰিছিল, সেয়া হৈছে যে মানুহ স্বাভাৱিকভাৱেই এখন 'পলিচ' (নগৰ-ৰাষ্ট্ৰ)ত জীৱন নিৰ্বাহৰ বাবে উপযুক্ত আৰু যেতিয়ালৈকে তেওঁলোকে নাগৰিকৰ ভূমিকা পালন নকৰে, তেতিয়ালৈকে তেওঁলোকে নিজৰ প্ৰকৃত সত্তাক সম্পূৰ্ণৰূপে উপলব্ধি কৰিব নোৱাৰে। ৫ সম্ভৱতঃ এইটো উল্লেখ কৰাটোও গুৰুত্বপূৰ্ণ যে হবছে প্ৰকৃতি সম্পৰ্কীয় তেওঁৰ যান্ত্ৰিক ধাৰণাক সামাজিক আৰু ৰাজনৈতিক ক্ষেত্ৰলৈ সম্প্ৰসাৰিত কৰিছিল, যিয়ে তেওঁক "সামাজিক গাঁথনি" (social structure) শব্দটোৰ এজন প্ৰৱৰ্তক হিচাপে গঢ়ি তুলিছিল।

লেভিয়াথান

''লেভিয়াথানৰ'' ফ্ৰন্টস্পিচ
লেভিয়াথানৰ ফ্ৰন্টস্পিচছবি: Abraham Bosse · CC0

লেভিয়াথানত হবছে ৰাষ্ট্ৰৰ ভিত্তি আৰু বৈধ চৰকাৰৰ বিষয়ে তেওঁৰ মতবাদ দাঙি ধৰিছিল আৰু নৈতিকতাৰ এক বস্তুনিষ্ঠ বিজ্ঞানৰ সৃষ্টি কৰিছিল। ৬ বিভেদ আৰু গৃহযুদ্ধৰ ভয়াৱহতা পৰিহাৰ কৰিবলৈ এক শক্তিশালী কেন্দ্ৰীয় কৰ্তৃপক্ষৰ প্ৰয়োজনীয়তা দাঙি ধৰাতেই গ্ৰন্থখনৰ সৰহভাগ অংশ ব্যয় কৰা হৈছে।

মানুহ আৰু তেওঁলোকৰ প্ৰবৃত্তিসমূহৰ এক যান্ত্ৰিক ধাৰণাৰ পৰা আৰম্ভ কৰি, চৰকাৰ অবিহনে জীৱন কেনেকুৱা হ'ব সেই সম্পৰ্কে হবছে অনুমান কৰিছে, যি অৱস্থাক তেওঁ 'প্ৰকৃতিৰ ৰাজ্য' (state of nature) বুলি অভিহিত কৰিছে। সেই অৱস্থাত, পৃথিৱীৰ সকলো বস্তুৰ ওপৰতেই প্ৰতিজন ব্যক্তিৰ অধিকাৰ বা অবাধ স্বাধীনতা থাকিব। হবছে যুক্তি দৰ্শাইছে যে, ইয়াৰ ফলত "সকলোৰে বিৰুদ্ধে সকলোৰে যুদ্ধ" (war of all against all) অৱস্থাৰ সৃষ্টি হ'ব। এই বৰ্ণনাত ইংৰাজী দৰ্শনৰ অন্যতম সুপৰিচিত এটা অনুচ্ছেদ সন্নিৱিষ্ট আছে, যিয়ে ৰাজনৈতিক সম্প্ৰদায় নথকাহেঁতেন মানৱজাতি যি প্ৰাকৃতিক অৱস্থাত থাকিলহেঁতেন তাক বৰ্ণনা কৰিছে:- ৭

In such condition, there is no place for industry; because the fruit thereof is uncertain: and consequently no culture of the earth; no navigation, nor use of the commodities that may be imported by sea; no commodious building; no instruments of moving, and removing, such things as require much force; no knowledge of the face of the earth; no account of time; no arts; no letters; no society; and which is worst of all, continual fear, and danger of violent death; and the life of man, solitary, poor, nasty, brutish, and short.৮

এনে অৱস্থাত, মানুহে মৃত্যুলৈ ভয় কৰে আৰু আৰামদায়ক জীৱন-যাপনৰ বাবে প্ৰয়োজনীয় বস্তুসমূহৰ লগতে সেইবোৰ লাভ কৰাৰ আশাও তেওঁলোকৰ নাথাকে। সেয়েহে, এই অৱস্থা পৰিহাৰ কৰিবলৈ মানুহে এক সামাজিক চুক্তিত আৱদ্ধ হয় আৰু এখন নাগৰিক সমাজ প্ৰতিষ্ঠা কৰে। হবছৰ মতে, সমাজ হৈছে এক জনসংখ্যা আৰু এক সাৰ্বভৌম কৰ্তৃপক্ষ, যাৰ ওচৰত সেই সমাজৰ সকলো ব্যক্তিয়ে নিজৰ কিছু অধিকাৰ অৰ্পণ কৰে। এই কৰ্তৃপক্ষই প্ৰয়োগ কৰা ক্ষমতা প্ৰতিৰোধ কৰিব নোৱাৰি, কাৰণ ৰক্ষকজনৰ সাৰ্বভৌম ক্ষমতা ব্যক্তিসকলে সুৰক্ষাৰ বাবে নিজৰ সাৰ্বভৌম ক্ষমতা ত্যাগ কৰাৰ পৰাই উদ্ভৱ হয়। সেয়েহে সাৰ্বভৌম শাসকে গ্ৰহণ কৰা সকলো সিদ্ধান্তৰ স্ৰষ্টা ব্যক্তিসকলেই হয়:-৯ "যি ব্যক্তিয়ে নিজৰ সাৰ্বভৌম শাসকৰ পৰা হোৱা অন্যায়ৰ অভিযোগ কৰে, তেওঁ আচলতে এনে এটা কথাৰহে অভিযোগ কৰে যাৰ স্ৰষ্টা তেওঁ নিজেই। সেয়েহে তেওঁ নিজৰ বাহিৰে আন কাকো দোষাৰোপ কৰা উচিত নহয়, আনকি নিজৰ প্ৰতি হোৱা অন্যায়ৰ বাবে নিজকো দোষাৰোপ কৰিব নোৱাৰে, কাৰণ নিজৰ প্ৰতি অন্যায় কৰাটো অসম্ভৱ।" হবছৰ আলোচনাত ক্ষমতা বিভাজনৰ (separation of powers) কোনো মতবাদ নাই। তেওঁ যুক্তি দৰ্শাইছে যে কৰ্তৃপক্ষৰ যিকোনো বিভাজনে আভ্যন্তৰীণ সংঘাতৰ সৃষ্টি কৰিব, যিয়ে এজন নিৰংকুশ সাৰ্বভৌম শাসকে প্ৰদান কৰা স্থিতিশীলতাক বিপদাপন্ন কৰি তুলিব। ১০হবছৰ মতে, সাৰ্বভৌম শাসকে অসামৰিক, সামৰিক, ন্যায়িক আৰু ধৰ্মীয় ক্ষমতাসমূহ, আনকি শব্দবোৰো নিয়ন্ত্ৰণ কৰিব লাগিব।

হবছৰ বিৰোধীসকল

জন ব্ৰেমহল

১৬৫৪ চনত বিচপ জন ব্ৰামহলে হবছক লক্ষ্য কৰি 'Of Liberty and Necessity' নামৰ এখন সৰু গ্ৰন্থ প্ৰকাশ কৰিছিল। এজন প্ৰবল আৰ্মিনিয়ান (Arminian) ব্ৰামহলে হবছক লগ পাই বিতৰ্ক কৰিছিল আৰু তাৰ পিছত নিজৰ মতামত লিখি উলিয়াই ব্যক্তিগতভাৱে হবছলৈ প্ৰেৰণ কৰিছিল যাতে হবছে তাৰ উত্তৰ দিয়ে। হবছে যথাবিহিতভাৱে উত্তৰ দিছিল, কিন্তু সেয়া প্ৰকাশৰ বাবে নাছিল। অৱশ্যে, এজন ফৰাচী চিনাকি ব্যক্তিয়ে সেই উত্তৰটোৰ এটা প্ৰতিলিপি সংগ্ৰহ কৰি 'এক অত্যধিক প্ৰশংসাপূৰ্ণ পত্ৰ'ৰ সৈতে ইয়াক প্ৰকাশ কৰিছিল। ১৬৫৫ চনত ব্ৰামহলে ইয়াৰ প্ৰত্যুত্তৰ দিছিল, যেতিয়া তেওঁ তেওঁলোকৰ মাজত আদান-প্ৰদান হোৱা সকলো কথা ('A Defence of the True Liberty of Human Actions from Antecedent or Extrinsic Necessity' শিৰোনামৰ অধীনত) ছপা কৰি উলিয়াইছিল।

জন ৱালিছ

হবছে বিদ্যমান শৈক্ষিক ব্যৱস্থাসমূহৰ বিৰোধিতা কৰিছিল আৰু 'লেভিয়াথান' গ্ৰন্থত প্ৰচলিত বিশ্ববিদ্যালয়সমূহৰ প্ৰণালীক তীব্ৰ সমালোচনা কৰিছিল। ইয়াৰ পিছত তেওঁ 'ডি কৰ্পোৰে' (De Corpore) প্ৰকাশ কৰে, য'ত কেৱল গণিতৰ ওপৰত বিতৰ্কিত ধাৰণাই নাছিল, বৰঞ্চ 'স্কোৱেৰিং অৱ দ্য চাৰ্কল' বা বৃত্তৰ বৰ্গীকৰণৰ এক ভুল প্ৰমাণো সন্নিৱিষ্ট আছিল। এই সকলোবোৰ কাৰণতে গণিতজ্ঞসকলে তেওঁক তীব্ৰ সমালোচনাৰ লক্ষ্য কৰি লৈছিল আৰু জন ৱালিশ্ব তেওঁৰ অন্যতম স্থায়ী বিৰোধীত পৰিণত হৈছিল। ১৬৫৫ চনত 'ডি কৰ্পোৰে' প্ৰকাশ হোৱাৰ পৰা, হবছ আৰু ৱালিশ্বৰ মাজত প্ৰায় এক চতুৰ্থাংশ শতিকা ধৰি পৰস্পৰক গালি-গালাজ আৰু তৰ্ক-বিতৰ্ক চলিছিল, য'ত হবছ জীৱনৰ শেষলৈকে নিজৰ ভুল স্বীকাৰ কৰাত ব্যৰ্থ হৈছিল। বহু বছৰৰ তৰ্ক-বিতৰ্কৰ পিছত, বৃত্তৰ বৰ্গীকৰণ প্ৰমাণ কৰা বিষয়টো লৈ হোৱা এই কাজিয়াই ইমানেই কুখ্যাত হৈ পৰিছিল যে এয়া গণিতৰ ইতিহাসৰ অন্যতম কুখ্যাত কাজিয়া হিচাপে পৰিগণিত হৈছে।

ধৰ্মীয় মতামত

হবছৰ ধৰ্মীয় মতামতসমূহ বিতৰ্কিত হৈ আছে, যিহেতু নাস্তিকতাৰ পৰা আৰম্ভ কৰি ৰক্ষণশীল খ্ৰীষ্টান ধৰ্মলৈকে বহুতো দৃষ্টিভংগী তেওঁৰ নামত আৰোপ কৰা হৈছে। 'দ্য এলিমেণ্টছ অৱ ল' (The Elements of Law) গ্ৰন্থত হবছে ঈশ্বৰৰ অস্তিত্বৰ সপক্ষে এক বিশ্বতাত্ত্বিক যুক্তি আগবঢ়াই কৈছিল যে ঈশ্বৰ হৈছে "সকলো কাৰণৰ প্ৰথম কাৰণ"। ১১

হবছক তেওঁৰ কেইবাজনো সমসাময়িক ব্যক্তিয়ে নাস্তিকতাৰ অভিযোগত অভিযুক্ত কৰিছিল; আৰ্চবিচপ জন ব্ৰামহলে তেওঁক এনে কিছুমান মতবাদ প্ৰচাৰৰ বাবে অভিযুক্ত কৰিছিল যিয়ে মানুহক নাস্তিকতাৰ দিশলৈ লৈ যাব পাৰে। এইটো এক গুৰুত্বপূৰ্ণ অভিযোগ আছিল, আৰু হবছে নিজেই ব্ৰামহলৰ 'দ্য কেচিং অৱ লেভিয়াথান' (The Catching of Leviathan)-ৰ উত্তৰত লিখিছিল যে "নাস্তিকতা, ধৰ্মহীনতা আৰু এনে ধৰণৰ আন শব্দবোৰ হৈছে সম্ভৱপৰ আটাইতকৈ চৰম মানহানিজনক শব্দ।" হবছে সদায় এনে অভিযোগৰ পৰা নিজকে ৰক্ষা কৰিছিল। ১২শেহতীয়া সময়তো, ৰিচাৰ্ড টাক আৰু জে. জি. এ. পোককৰ দৰে পণ্ডিতসকলে তেওঁৰ ধৰ্মীয় দৃষ্টিভংগীক লৈ যথেষ্ট চৰ্চা কৰিছে, কিন্তু ধৰ্মৰ ক্ষেত্ৰত হবছৰ এই অস্বাভাৱিক মতামতৰ প্ৰকৃত তাৎপৰ্যৰ বিষয়ে এতিয়াও ব্যাপক মতবিৰোধ বিদ্যমান।

এ. পি. মাৰ্টিনিচে উল্লেখ কৰা অনুসৰি, হবছৰ সময়ত "নাস্তিক" শব্দটো প্ৰায়ে এনে লোকৰ ক্ষেত্ৰত প্ৰয়োগ কৰা হৈছিল যিসকলে ঈশ্বৰক বিশ্বাস কৰিছিল কিন্তু ঐশ্বৰিক বিধানক (divine providence) বিশ্বাস কৰা নাছিল, অথবা এনে লোকৰ ক্ষেত্ৰত যিসকলে ঈশ্বৰক বিশ্বাস কৰাৰ লগতে এনে কিছুমান বিশ্বাসো পোষণ কৰিছিল যিবোৰক সেই বিশ্বাসৰ সৈতে অসঙ্গত বা ৰক্ষণশীল খ্ৰীষ্টান ধৰ্মৰ সৈতে বিৰোধী বুলি গণ্য কৰা হৈছিল। তেওঁ কয় যে এই "ধৰণৰ বিসংগতিয়ে প্ৰাক-আধুনিক যুগত কোন নাস্তিক আছিল সেয়া নিৰ্ধাৰণ কৰাৰ ক্ষেত্ৰত বহুতো ভুলৰ সৃষ্টি কৰিছে"। ১৩নাস্তিকতাৰ এই বহল প্ৰাক-আধুনিক অৰ্থত, হবছে এনে কিছুমান স্থিতি গ্ৰহণ কৰিছিল যিবোৰ তেওঁৰ সময়ৰ গীৰ্জাৰ মতবাদসমূহৰ সৈতে তীব্ৰভাৱে অমিল আছিল। উদাহৰণস্বৰূপে, তেওঁ বাৰে বাৰে যুক্তি দৰ্শাইছিল যে কোনো অশৰীৰী পদাৰ্থ নাই, আৰু মানুহৰ চিন্তা, আনকি ঈশ্বৰ, স্বৰ্গ আৰু নৰককো ধৰি সকলো বস্তুৱেই হৈছে সাকাৰ, অৰ্থাৎ গতিশীল পদাৰ্থ। তেওঁ যুক্তি আগবঢ়াইছিল যে, "যদিও ধৰ্মগ্ৰন্থই আত্মাক স্বীকাৰ কৰে, তথাপিও ইয়াত কতো কোৱা নাই যে সেইবোৰ অশৰীৰী, যাৰ অৰ্থ হৈছে মাত্ৰা আৰু পৰিমাণ বিহীন।" (এই দৃষ্টিভংগীত, হবছে টাৰ্টুলিয়ানক অনুসৰণ কৰা বুলি দাবী কৰিছিল।) জন ল'কৰ দৰে, তেৱোঁ এইটো ব্যক্ত কৰিছিল যে প্ৰকৃত ঐশ্বৰিক প্ৰত্যাদেশ কেতিয়াও মানৱীয় যুক্তি আৰু অভিজ্ঞতাৰ পৰিপন্থী হ'ব নোৱাৰে, যদিও তেওঁ লগতে এই যুক্তিও দৰ্শাইছিল যে মানুহে প্ৰত্যাদেশ আৰু ইয়াৰ ব্যাখ্যাক সেই একেটা কাৰণতেই মানি লোৱা উচিত যি কাৰণত তেওঁলোকে নিজৰ সাৰ্বভৌম শাসকৰ আদেশ মানি লোৱা উচিত: সেয়া হৈছে যুদ্ধ পৰিহাৰ কৰিবলৈ।

ভ্ৰমণৰ সময়ত ভেনিচত থাকোঁতে, হবছে পাওলো চাৰ্পিৰ এজন ঘনিষ্ঠ সহযোগী ফুলগেনজিঅ' মিকানজিঅ'ৰ সৈতে পৰিচিত হৈছিল। পোপ পঞ্চম পলে ভেনিচৰ বিৰুদ্ধে জাৰি কৰা নিষেধাজ্ঞা (Interdict)-ৰ সঁহাৰি হিচাপে চাৰ্পিয়ে পোপৰ জাগতিক ক্ষমতাৰ দাবীৰ বিৰুদ্ধে লিখিছিল, কিয়নো ভেনিচে পোপৰ বিশেষাধিকাৰ মানি ল'বলৈ অস্বীকাৰ কৰিছিল। ১৬১২ চনত প্ৰথম জেমছে দুয়োকে ইংলেণ্ডলৈ আমন্ত্ৰণ জনাইছিল। মিকানজিঅ' আৰু চাৰ্পিয়ে যুক্তি দিছিল যে মানৱ প্ৰকৃতি ঈশ্বৰৰ ইচ্ছা অনুসৰি সৃষ্ট, আৰু এই মানৱ প্ৰকৃতিয়ে জাগতিক বিষয়সমূহত ৰাষ্ট্ৰৰ স্বায়ত্বশাসনক সূচায়। ১৬১৫ চনত ইংলেণ্ডলৈ উভতি অহাৰ পিছত, উইলিয়াম কাভেণ্ডিছে মিকানজিঅ' আৰু চাৰ্পিৰ সৈতে চিঠি-পত্ৰৰ আদান-প্ৰদান অব্যাহত ৰাখিছিল, আৰু হবছে শেষোক্তজনৰ (চাৰ্পিৰ) চিঠিসমূহ ইটালীয় ভাষাৰ পৰা অনুবাদ কৰিছিল, যিবোৰ ডিউকৰ বন্ধুমহলৰ মাজত প্ৰচাৰ কৰা হৈছিল। ৪

কৰ্মৰাজি

  • 1602. Latin translation of Euripides's Medea (lost).
  • 1620. "A Discourse of Tacitus", "A Discourse of Rome", and "A Discourse of Laws". In The Horae Subsecivae: Observation and Discourses.১৪
  • 1626. "De Mirabilis Pecci, Being the Wonders of the Peak in Darby-shire" (publ. 1636) – a poem on the Seven Wonders of the Peak.
  • 1629. Eight Books of the Peloponnese Warre, translation with an Introduction of Thucydides, History of the Peloponnesian War.
  • 1630. A Short Tract on First Principles
    • Authorship doubtful, as this work is attributed by important critics to Robert Payne.
  • 1637. A Briefe of the Art of Rhetorique
    • Molesworth edition title: The Whole Art of Rhetoric.
    • Authorship probable: While Schuhmann (1998) firmly rejects the attribution of this work to Hobbes,১৫ a preponderance of scholarship disagrees with Schuhmann's idiosyncratic assessment. Schuhmann disagrees with historian Quentin Skinner, who would come to agree with Schuhmann.১৬
  • 1639. Tractatus Opticus II (also known as Latin Optical Manuscript)
  • 1640. Elements of Law, Natural and Politic
    • Initially circulated only in handwritten copies; without Hobbes's permission, the first printed edition would be in 1650.
  • 1641. Objectiones ad Cartesii Meditationes de Prima Philosophia 3rd series of Objections.
  • 1642. Elementorum Philosophiae Sectio Tertia de Cive (Latin, 1st limited ed.)
  • 1643. De Motu, Loco et Tempore
    • First edition (1973) with the title: Thomas White's De Mundo Examined.
  • 1644. Part of the "Praefatio to Mersenni Ballistica". In F. Marini Mersenni minimi Cogitata physico-mathematica. In quibus tam naturae quàm artis effectus admirandi certissimis demonstrationibus explicantur.
  • 1644. "Opticae, liber septimus" (also known as Tractatus opticus I written in 1640). In Universae geometriae mixtaeque mathematicae synopsis, edited by Marin Mersenne.
    • Molesworth edition (OL V, pp. 215–248) title: "Tractatus Opticus".
  • 1646. A Minute or First Draught of the Optiques (Harley MS 3360)
    • Molesworth published only the dedication to Cavendish and the conclusion in EW VII, pp. 467–471.
  • 1646. Of Liberty and Necessity (publ. 1654)
    • Published without the permission of Hobbes.
  • 1647. Elementa Philosophica de Cive
    • Second expanded edition with a new Preface to the Reader.
  • 1650. Answer to Sir William Davenant's Preface before Gondibert.
  • 1650. Human Nature: or The Fundamental Elements of Policie
    • Includes first thirteen chapters of The Elements of Law, Natural and Politic.
    • Published without Hobbes's authorisation.
  • 1650. The Elements of Law, Natural and Politic (pirated ed.)
    • Repackaged to include two parts:
    • "Human Nature, or the Fundamental Elements of Policie," ch. 14–19 of Elements, Part One (1640)
    • "De Corpore Politico", Elements, Part Two (1640)
  • 1651. Philosophicall Rudiments concerning Government and Society – English translation of De Cive
  • 1651. Leviathan, or the Matter, Forme, and Power of a Commonwealth, Ecclesiasticall and Civil
  • 1654. Of Libertie and Necessitie, a Treatise
  • 1655. De Corpore (in Latin)
  • 1656. Elements of Philosophy, The First Section, Concerning Body – anonymous English translation of De Corpore
  • 1656. Six Lessons to the Professor of Mathematics
  • 1656. The Questions concerning Liberty, Necessity and Chance – reprint of Of Libertie and Necessitie, a Treatise, with the addition of Bramhall's reply and Hobbes's reply to Bramahall's reply.
  • 1657. Stigmai, or Marks of the Absurd Geometry, Rural Language, Scottish Church Politics, and Barbarisms of John Wallis
  • 1658. Elementorum Philosophiae Sectio Secunda De Homine
  • 1660. Examinatio et emendatio mathematicae hodiernae qualis explicatur in libris Johannis Wallisii
  • 1661. Dialogus physicus, sive De natura aeris
  • 1662. Problematica Physica
    • English translation titled: Seven Philosophical Problems (1682)
  • 1662. Seven Philosophical Problems, and Two Propositions of Geometry – published posthumously
  • 1662. Mr. Hobbes Considered in his Loyalty, Religion, Reputation, and Manners. By way of Letter to Dr. Wallis – English autobiography
  • 1666. De Principis & Ratiocinatione Geometrarum
  • 1666. A Dialogue between a Philosopher and a Student of the Common Laws of England (publ. 1681)
  • 1668. Leviathan – Latin translation
  • 1668. An answer to a book published by Dr. Bramhall, late bishop of Derry; called the Catching of the leviathan. Together with an historical narration concerning heresie, and the punishment thereof (publ. 1682)
  • 1671. Three Papers Presented to the Royal Society Against Dr. Wallis. Together with Considerations on Dr. Wallis his Answer to them
  • 1671. Rosetum Geometricum, sive Propositiones Aliquot Frustra antehac tentatae. Cum Censura brevi Doctrinae Wallisianae de Motu
  • 1672. Lux Mathematica. Excussa Collisionibus Johannis Wallisii
  • 1673. English translation of Homer's Iliad and Odyssey
  • 1674. Principia et Problemata Aliquot Geometrica Antè Desperata, Nunc breviter Explicata & Demonstrata
  • 1678. Decameron Physiologicum: Or, Ten Dialogues of Natural Philosophy
  • 1679. Thomae Hobbessii Malmesburiensis Vita. Authore seipso – Latin autobiography
    • Translated into English in 1680

মৰণোত্তৰ ৰচনা

  • 1680. Heresie সম্পৰ্কে এটা ঐতিহাসিক বৰ্ণনা, আৰু ইয়াৰ শাস্তি
  • ১৬৮১ চনত বেহেমথ বা দ্য লং পাৰ্লিয়ামেণ্ট
    • ১৬৬৮ চনত লিখা এইখন ৰজাৰ অনুৰোধত অপ্ৰকাশিত হৈছিল
    • প্ৰথম পাইৰেটেড সংস্কৰণ: ১৬৭৯
  • 1682. সাতটা দাৰ্শনিক সমস্যা ( Problematica Physika, 1662 ৰ ইংৰাজী অনুবাদ)
  • 1682. A Garden of Geometrical Roses ( Rosetum Geometricum ৰ ইংৰাজী অনুবাদ, 1671)
  • 1682. জ্যামিতিৰ কিছুমান নীতি আৰু সমস্যা ( Principia et Problemata, 1674 ৰ ইংৰাজী অনুবাদ)
  • ১৬৮৮ চনত হিষ্ট’ৰিয়া এক্লেচিয়াষ্টিকা কাৰ্মাইন এলেজিয়াকো কনচিনাটা

অধিক পঢ়া

সাধাৰণ সম্পদ

  • মেকড'নাল্ড, হিউ এণ্ড হাৰগ্ৰিভছ, মেৰী। টমাছ হবছ, এ বিব্লিঅ'গ্ৰাফী, লণ্ডন: দ্য বিব্লিঅ'গ্ৰাফিক্যাল ছ'চাইটি, ১৯৫২।
  • হিনান্ট, চাৰ্লছ এইচ (১৯৮০)। টমাছ হবছ: এ ৰেফাৰেন্স গাইড, বষ্টন: জি কে হল এণ্ড কোম্পানী।
  • গাৰ্চিয়া, আলফ্ৰেড (১৯৮৬)। টমাছ হবছ: bibliographie internationale de 1620 à 1986, কেন: চেণ্টাৰ ডি ফিল'চফি পলিটিক এট জুৰিডিক ইউনিভাৰ্চিটি ডি কেন।

সমালোচনাত্মক অধ্যয়ন

  • Brandt, Frithiof (1928). Thomas Hobbes' Mechanical Conception of Nature, Copenhagen: Levin & Munksgaard.
  • Brown, K. C. ed. (1965). Hobbes Studies, Oxford: Basil Blackwell.
  • Jesseph, Douglas M. (1999). Squaring the Circle. The War Between Hobbes and Wallis, Chicago: University of Chicago Press.
  • Leijenhorst, Cees (2002). The Mechanisation of Aristotelianism. The Late Aristotelian Setting of Thomas Hobbes' Natural Philosophy, Leiden: Brill.
  • Lemetti, Juhana (2011). Historical Dictionary of Hobbes's Philosophy, Lanham: Scarecrow Press.
  • Macpherson, C. B. (1962). The Political Theory of Possessive Individualism: Hobbes to Locke, Oxford: Oxford University Press.
  • Malcolm, Noel (2002). Aspects of Hobbes, New York: Oxford University Press.
  • MacKay-Pritchard, Noah (2019). "Origins of the State of Nature", London.
  • Malcolm, Noel (2007). Reason of State, Propaganda, and the Thirty Years' War: An Unknown Translation by Thomas Hobbes, New York: Oxford University Press.
  • Manent, Pierre (1996). An Intellectual History of Liberalism, Princeton: Princeton University Press.
  • Martinich, A. P. (2003) "Thomas Hobbes" in The Dictionary of Literary Biography, Volume 281: British Rhetoricians and Logicians, 1500–1660, Second Series, Detroit: Gale, pp. 130–144.
  • Martinich, A. P. (1995). A Hobbes Dictionary, Cambridge: Blackwell.
  • Martinich, A. P. (1997). Thomas Hobbes, New York: St. Martin's Press.
  • Martinich, A. P. (1992). The Two Gods of Leviathan: Thomas Hobbes on Religion and Politics, Cambridge: Cambridge University Press.
  • Martinich, A. P. (1999). Hobbes: A Biography, Cambridge: Cambridge University Press.
  • Trenchard, David. (2008). Hobbes, Thomas (1588–1679). The Encyclopedia of Libertarianism. Sage; Cato Institute. পৃ. 226–227. ISBN 978-1-4129-6580-4
  • Oakeshott, Michael (1975). Hobbes on Civil Association, Oxford: Basil Blackwell.
  • Parkin, Jon, (2007), Taming the Leviathan: The Reception of the Political and Religious Ideas of Thomas Hobbes in England 1640–1700, [Cambridge: Cambridge University Press].
  • Pettit, Philip (2008). Made with Words. Hobbes on Language, Mind, and Politics, Princeton: Princeton University Press.
  • Robinson, Dave and Groves, Judy (2003). Introducing Political Philosophy, Icon Books. ISBN 978-1-84046-450-4.
  • Ross, George MacDonald (2009). Starting with Hobbes, London: Continuum.
  • Shapin, Steven and Schaffer, Simon (1995). Leviathan and the Air-Pump. Princeton: Princeton University Press.
  • Skinner, Quentin (1996). Reason and Rhetoric in the Philosophy of Hobbes, Cambridge: Cambridge University Press.
  • Skinner, Quentin (2002). Visions of Politics. Vol. III: Hobbes and Civil Science, Cambridge: Cambridge University Press.
  • Skinner, Quentin (2008). Hobbes and Republican Liberty, Cambridge: Cambridge University Press.
  • Skinner, Quentin (2018). From Humanism to Hobbes: Studies in Rhetoric and Politics, Cambridge: Cambridge University Press.
  • Stauffer, Devin (2018). Hobbes's Kingdom of Light: A Study of the Foundations of Modern Political Philosophy, Chicago: The University of Chicago Press.
  • Stomp, Gabriella (ed.) (2008). Thomas Hobbes, Aldershot: Ashgate.
  • Strauss, Leo (1936). The Political Philosophy of Hobbes; Its Basis and Its Genesis, Oxford: Clarendon Press.
  • Strauss, Leo (1959). "On the Basis of Hobbes's Political Philosophy" in What Is Political Philosophy?, Glencoe, IL: Free Press, chap. 7.
  • Tönnies, Ferdinand (1925). Hobbes. Leben und Lehre, Stuttgart: Frommann, 3rd ed.
  • Tuck, Richard (1993). Philosophy and Government, 1572–1651, Cambridge: Cambridge University Press.
  • Vélez, Fabio (2014). La palabra y la espada: a vueltas con Hobbes, Madrid: Maia.
  • Vieira, Monica Brito (2009). The Elements of Representation in Hobbes, Leiden: Brill Publishers.
  • Zagorin, Perez (2009). Hobbes and the Law of Nature, Princeton NJ: Princeton University Press.

তথ্যসূত্ৰ

  1. ↑ (2022). https://plato.stanford.edu/archives/fall2022/entries/hobbes-moral/. Susanne Sreedhar
  2. ↑ Williams, Garrath. Hobbes, Thomas: Moral and Political Philosophy. Internet Encyclopedia of Philosophy
  3. ↑ Sheldon. (2003). The History of Political Theory: Ancient Greece to Modern America. Peter Lang. পৃ. 253. ISBN 978-0-8204-2300-5
  4. ↑ Sommerville. (1992). Thomas Hobbes: Political Ideas in Historical Context. MacMillan. পৃ. 256–324. ISBN 978-0-333-49599-5
  5. ↑ Hobbes, Thomas. (10 November 2021). Thomas Hobbes - Political Philosophy. Britannica
  6. ↑ Malcolm. (2003). Aspects of Hobbes. Oxford Scholarship Online. পৃ. 147–155. ISBN 9780199247141
  7. ↑ Gaskin. Human Nature and De Corpore Politico. Oxford University Press. পৃ. xxx
  8. ↑ (4 September 2022). Leviathan
  9. ↑ Gaskin. Leviathan. Oxford University Press. পৃ. 117
  10. ↑ Peter. (31 May 2020). The Leviathan (1651), The Two Treatises of Government (1689), The Social Contract (1762), The Constitution of Pennsylvania (1776). Peter Kanzler. পৃ. 44. ISBN 978-1-716-89340-7
  11. ↑ Duncan. (2021). The Stanford Encyclopedia of Philosophy. Metaphysics Research Lab, Stanford University
  12. ↑ Martinich. (1995). A Hobbes Dictionary. Blackwell. পৃ. 35
  13. ↑ Martinich. (1995). A Hobbes Dictionary. Blackwell. পৃ. 31
  14. ↑ Hobbes. (1995). Three Discourses: A Critical Modern Edition of Newly Identified Work of the Young Hobbes. University of Chicago Press. ISBN 978-0-226-34545-1
  15. ↑ Schuhmann. (1998). Skinner's Hobbes. British Journal for the History of Philosophy. পৃ. 115
  16. ↑ Evrigenis, Ioannis D. (2016). Images of Anarchy: The Rhetoric and Science in Hobbes's State of Nature. Cambridge University Press

সম্পৰ্কিত শ্ৰেণী

Articles with hCardsদাৰ্শনিক

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “থমাচ হবছ” প্ৰবন্ধৰ সংশোধন ৬৩১৬৮৯ (২৬ আগষ্ট ২০২৬)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।