অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
প্ৰকৃতি আৰু পৰিৱেশ

গোলকীয় জলবায়ু পৰিৱৰ্তনৰ মানৱীয় মাত্ৰাৰ ওপৰত মালে ঘোষণাপত্ৰ

গোলকীয় জলবায়ু পৰিৱৰ্তনৰ মানৱীয় মাত্ৰাৰ ওপৰত মালে ঘোষণাপত্ৰ (Malé Declaration on the Human Dimension of Global Climate Change) হৈছে কেইবাখনো ক্ষুদ্ৰ দ্বীপ উন্নয়নশীল ৰাষ্ট্ৰ প্ৰতিনিধিৰ দ্বাৰা স্বাক্ষৰ কৰা এখন চুক্তি।

হালনাগাদ: ৬ ছেপ্তেম্বৰ ২০২৫ ২৫৩ শব্দ · ১ মিনিট সংগৃহীত ৭১
সংশোধনৰ পৰামৰ্শ

গোলকীয় জলবায়ু পৰিৱৰ্তনৰ মানৱীয় মাত্ৰাৰ ওপৰত মালে ঘোষণাপত্ৰ (Malé Declaration on the Human Dimension of Global Climate Change) হৈছে কেইবাখনো ক্ষুদ্ৰ দ্বীপ উন্নয়নশীল ৰাষ্ট্ৰ প্ৰতিনিধিৰ দ্বাৰা স্বাক্ষৰ কৰা এখন চুক্তি। ২০০৭ চনৰ নৱেম্বৰ মাহত এই ঘোষণাপত্ৰত স্বাক্ষৰ কৰিবলৈ কেইবাখনো ক্ষুদ্ৰ দ্বীপ উন্নয়নশীল ৰাষ্ট্ৰ প্ৰতিনিধি সকল একত্ৰিত হৈছিল। এই ঘোষণাপত্ৰৰ লক্ষ্য আছিল জলবায়ু পৰিৱৰ্তন আৰু মানৱ অধিকাৰক একেলগে সংযুক্ত কৰাৰ বাবে এক স্পষ্ট ৰণনীতি প্ৰস্তুত কৰা। ঘোষণাপত্ৰখনে জলবায়ু পৰিৱৰ্তনৰ বিৰুদ্ধে যুঁজিবলৈ অভিযানৰ কাৰ্যসূচী সলনি কৰাৰ বাবে কেৱল জলবায়ু পৰিৱৰ্তনৰ পাৰিপাৰ্শ্বিক প্ৰভাৱৰ ওপৰত গুৰুত্ব দিয়াৰ পৰা জলবায়ু পৰিৱৰ্তনৰ মানৱ অধিকাৰৰ প্ৰভাৱবোৰো বিবেচনা কৰিবলৈ চেষ্টা কৰিছিল।১ এই ঘোষণাপত্ৰখনে স্পষ্ট কৰে যে স্বাস্থ্যকৰ পৰিৱেশৰ অধিকাৰ হৈছে আন সকলো মৌলিক মানৱ অধিকাৰৰ প্ৰাথমিক তাৎপৰ্য।২

ঘোষণাপত্ৰখন মালদ্বীপৰ ৰাজধানী মালেত স্বাক্ষৰ কৰা হৈছিল। সেয়ে এই চুক্তিক চমুকৈ মালে ঘোষণাপত্ৰ বুলিও কোৱা হয়। জলবায়ু পৰিৱৰ্তনে ইতিমধ্যে জনসংখ্যাৰ মানৱ অধিকাৰক প্ৰভাৱিত কৰিবলৈ আৰম্ভ কৰিছে। সেয়েহে মালদ্বীপ আৰু অন্যান্য দ্বীপ ৰাষ্ট্ৰসমূহে এক আন্তৰ্জাতিক মিত্ৰজোঁট নিৰ্মাণ কৰিবলৈ আৰম্ভ কৰিছে যিয়ে জলবায়ু পৰিৱৰ্তনৰ বিৰুদ্ধে যুঁজিবলৈ মানৱ অধিকাৰক এক পৰিকাঠামো হিচাপে ব্যৱহাৰ কৰে। এই মিত্ৰজোঁটটোৱে জেনেভা, নিউয়ৰ্ক মহানগৰ আৰু মালেত ঘোষণাপত্ৰৰ বিষয়ত সভাৰ আয়োজন কৰিছে।৩

ৰাষ্ট্ৰসংঘ

বিশ্বব্যাপী জলবায়ু পৰিৱৰ্তনৰ বাবে মেৰু অঞ্চলৰ বুভুক্ষিত বগা ভালুক
বিশ্বব্যাপী জলবায়ু পৰিৱৰ্তনৰ বাবে মেৰু অঞ্চলৰ বুভুক্ষিত বগা ভালুকছবি: Andreas Weith · CC BY-SA 4.0

এই ঘোষণাপত্ৰখনত স্বাক্ষৰকাৰীসকলে ৰাষ্ট্ৰসংঘৰ মানৱ অধিকাৰ পৰিষদক জলবায়ু পৰিৱৰ্তন আৰু মানৱ অধিকাৰৰ প্ৰভাৱৰ ওপৰত মনোযোগ দিবলৈ দাবী জনাইছিল। ইয়াৰ প্ৰতিক্ৰিয়াস্বৰূপে মানৱ অধিকাৰ উচ্চায়ুক্তৰ কাৰ্যালয়ে প্ৰথম অধ্যয়ন প্ৰকাশ কৰে য'ত জলবায়ু পৰিৱৰ্তনে মানৱ অধিকাৰৰ সম্পূৰ্ণ উপভোগত হস্তক্ষেপ কৰে। ইয়াৰ লগতে জলবায়ু পৰিৱৰ্তনৰ পৰা মানৱ অধিকাৰ সুৰক্ষিত কৰাৰ বাবে দেশবোৰে একেলগে কাম কৰাতো একপ্ৰকাৰৰ কৰ্তব্য বুলি গুৰুত্ব আৰোপ কৰে। বিশেষকৈ প্ৰতিবেদনখনে বিপদাপন্ন কেইবাটাও মৌলিক অধিকাৰৰ ওপৰত আলোকপাত কৰিছিল। এই বিপদাপন্ন অধিকাৰসমূহৰ ভিতৰত উল্লেখযোগ্যসমূহ হৈছে জীয়াই থকাৰ অধিকাৰ, স্বাস্থ্য, পৰ্যাপ্ত জীৱনধাৰণৰ মানদণ্ড আৰু আত্মনিৰ্ধাৰণৰ অধিকাৰ।৪

তথ্যসূত্ৰ

  1. ↑ Kyung-wha, Kang. (14 December 2007). Climate Change and Human Rights
  2. ↑ Quirico, Ottavio. (2016). Input for the 2016 Report to the Human Rights Council of the Special Rapporteur on Human Rights and the Environment. Climate Change and Human Rights Proceedings
  3. ↑ Limon, Marc. (16 February 2017). The Small Island Perspective on Agenda-Setting in Climate Change and Human Rights. UCL
  4. ↑ Knox, John. (15 November 2015). Climate Change and Human Rights: Three Benefits of a Human Rights Perspective on Climate Change. Global Policy

সম্পৰ্কিত শ্ৰেণী

চুক্তিপৰিৱেশ

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “গোলকীয় জলবায়ু পৰিৱৰ্তনৰ মানৱীয় মাত্ৰাৰ ওপৰত মালে ঘোষণাপত্ৰ” প্ৰবন্ধৰ সংশোধন ৫৩৭৩৮৬ (৬ ছেপ্তেম্বৰ ২০২৫)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।