অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
জীৱনী

হাউৱে অউ

অউ হংই (Howey Ou)ৰ ইংৰাজী নাম হাউৱে অউ। হাউৱে অউ নামে‍ৰেও তেওঁ পৰিচিত। হাউৱে অউ এগৰাকী চীনা পৰিৱেশ কৰ্মী যিয়ে দক্ষিণ চীনৰ গুইলিনত জলবায়ুৰ বাবে বিদ্যালয় ধৰ্মঘটৰ আয়োজন কৰি চীনক সেউজ গৃহ গেছৰ নিৰ্গমন আৰু জলবায়ু পৰিৱৰ্তন সীমিত কৰিবলৈ অধিক ব্যৱস্থা গ্ৰহণৰ আহ্বান জনাইছিল।

হালনাগাদ: ১ ডিচেম্বৰ ২০২৫ ২৫০ শব্দ · ১ মিনিট সংগৃহীত ৬৯
সংশোধনৰ পৰামৰ্শ

অউ হংই (Howey Ou)ৰ ইংৰাজী নাম হাউৱে অউ। হাউৱে অউ নামে‍ৰেও তেওঁ পৰিচিত। হাউৱে অউ এগৰাকী চীনা পৰিৱেশ কৰ্মী যিয়ে দক্ষিণ চীনৰ গুইলিনত জলবায়ুৰ বাবে বিদ্যালয় ধৰ্মঘটৰ আয়োজন কৰি চীনক সেউজ গৃহ গেছৰ নিৰ্গমন আৰু জলবায়ু পৰিৱৰ্তন সীমিত কৰিবলৈ অধিক ব্যৱস্থা গ্ৰহণৰ আহ্বান জনাইছিল।১

জীৱনী

হাউৱে অউৰ পিতৃ-মাতৃ দুয়োজনেই বিশ্ববিদ্যালয়ৰ প্ৰবক্তা, অউৱে নিজৰ পিতৃ-মাতৃক কাৰ্বন ফুটপ্ৰিণ্ট হ্ৰাস কৰিবলৈ কেইবাটাও নিৰ্বাচিত জীৱন-শৈলীৰ গ্ৰহণ কৰিবলৈ পতিয়ন নিয়াবলৈ সক্ষম হোৱাৰ পাছতেই অউৰ সক্ৰিয়তা আৰম্ভ হৈছিল।২ ২০১৯ চনৰ মে’ মাহৰ শেষৰফালে ১৬ বছৰ বয়সত জলবায়ু পৰিৱৰ্তনৰ ওপৰত তাৎক্ষণিকভাৱে শক্তিশালী ব্যৱস্থা গ্ৰহণৰ আহ্বান জনাই গুইলিনৰ চিটি হলৰ সন্মুখত কেইবাদিনো ঘৰতে বনোৱা বেনাৰ আঁৰি‍ জলবায়ুৰ বাবে স্কুল ধৰ্মঘট আৰম্ভ কৰিছিল।৩৪ গ্ৰেটা থানবাৰ্গে কয় যে হাউৱে অউ এগৰাকী “প্ৰকৃত নায়ক”, তাৰ পাছত কৰ্তৃপক্ষই আগতীয়া অনুমতি নথকাৰ বাবে তেওঁ ধৰ্মঘট বন্ধ কৰিব লাগিব বুলি জনায়।৫৬৭ তেওঁৰ ৱেচাট একাউণ্টটো ব্লক কৰা হয়।৮ ২০১৯ চনৰ ছেপ্টেম্বৰ মাহত তেওঁ "জীৱন ৰক্ষাৰ বাবে উদ্ভিদ" অভিযানৰ আয়োজন কৰে। পকেটৰ টকাৰে তেওঁ গছ কিনি গুইলিনৰ আশে-পাশে ৰোপণ কৰিলে।৯ জলবায়ু সক্ৰিয়তাত লিপ্ত হোৱাৰ বাবে‍ তেওঁক স্কুললৈ উভতি যাবলৈ দিয়া হোৱা নাছিল।১০১১১২

২০১৯ চনত যুৱ কৰ্মী গোট আৰ্থ আপৰাইজিঙে তেওঁক ২০১৯ চনত নিউয়ৰ্কত অনুষ্ঠিত হোৱা ৰাষ্ট্ৰসংঘৰ জলবায়ু কাৰ্য্য সন্মিলনত অংশগ্ৰহণৰ বাবে মনোনীত কৰে।১৩১৪

২০২০ চনত চীনে ২০৬০ চনৰ ভিতৰত নিকা শূন্য নিৰ্গমনৰ প্ৰতিশ্ৰুতি দিছিল যদিও কয়লা চালিত বিদ্যুৎ কেন্দ্ৰ নিৰ্মাণৰ কাম অব্যাহত ৰাখিছিল।১৫

পৰিৱেশ কৰ্মী ঝাও জিয়াক্সিনৰ সৈতে অউৰ সৈতে‍ যোগাযোগ ৰক্ষা কৰি আহিছে।১১ ২০২০ চনৰ ছেপ্টেম্বৰ মাহত চাংহাই প্ৰদৰ্শনী কেন্দ্ৰৰ সন্মুখত মৌন প্ৰতিবাদৰ অন্তত তেওঁৰ লগতে‍ তেওঁৰ সহযোগী আন তিনিগৰাকী কৰ্মীক আটক কৰা হয়।১৬ গ্ৰেটা থানবাৰ্গে তেওঁক "অবিশ্বাস্যভাৱে সাহসী" বুলি অভিহিত কৰিছিল।১৭ অউ আৰু তেওঁৰ মাক-দেউতাক নিৰামিষভোজী হৈ পৰিছে।২

চুইজাৰলেণ্ডৰ ল’জানত ২০২১ চনৰ ১৯ এপ্ৰিলত পালুড চ’কত তিনিদিনীয়া অনশন আৰম্ভ কৰে আৰু চুইজাৰলেণ্ডৰ চিমেণ্ট কোম্পানী লাফাৰ্জহ’লচিমে মৰম’ণ্ট পাহাৰৰ চূণশিলৰ শিলৰ কুৱেৰীৰ শোষণ সম্প্ৰসাৰণৰ বিৰুদ্ধে প্ৰতিবাদ সাব্যস্ত কৰাৰ বাবে তেওঁক ৬০ দিনৰ কাৰাদণ্ড আৰু ১২০০ চুইছ ফ্ৰাংক জৰিমনা বিহা হয়।১৮১৯ ২০২৪ চনত ছুইজাৰলেণ্ডৰ উচ্চতম ন্যায়ালয়ে তেওঁক দোষমুক্ত কৰে আৰু ৰায়দান দিয়ে‍ যে তেওঁ আৰক্ষীৰ কাৰ্য্যত বাধা দিয়া নাছিল।২০

তথ্যসূত্ৰ

  1. ↑ Elena Morresi. (2020-07-20). Howey Ou: China's first school climate striker – video profile. The Guardian
  2. ↑ Myers, Steven Lee. (2020-12-04). Ignored and Ridiculed, She Wages a Lonesome Climate Crusade. The New York Times
  3. ↑ Horton, Ollia. (2020-08-20). Howey Ou is risking it all to put climate change on China's agenda. RFI
  4. ↑ Chen, Heather. (2020-09-25). Fighting Alone for Climate Action in China: Meet Teen Activist Howey Ou. Vice
  5. ↑ (13 June 2019). Chinas Greta bricht ihren Klimastreik vorerst ab. www.t-online.de
  6. ↑ (2020-09-30). Greta Thunberg speaks out after arrest of Chinese climate activist Ou Hongyi. Young Post
  7. ↑ Howey Ou is a true hero. We are all behind you. Guilin, China.. Twitter
  8. ↑ Howey Ou – ganz allein im Klimastreik. www.ecoterra.info
  9. ↑ sina_mobile. (2019-11-04). 16岁中国环保少女被网友骂惨:求你别瞎学瑞典那妹子"罢课".... k.sina.cn
  10. ↑ Standaert, Michael. (2020-07-19). China's first climate striker warned: give it up or you can't go back to school. The Guardian
  11. ↑ (2020-08-25). 18 Things to know about Howey Ou, China's only teenage climate striker. National Catholic Reporter
  12. ↑ Hawkins, Amy. (2023-06-29). As Beijing swelters, activists hope the heat will prompt climate action. The Guardian
  13. ↑ Standaert, Michael. (2019-09-18). China's young climate heroes fight apathy – and the party line. The Guardian
  14. ↑ (2019-11-10). Young voices in China's environmental wilderness struggle to be heard. South China Morning Post
  15. ↑ China aims to cut its net carbon-dioxide emissions to zero by 2060. The Economist
  16. ↑ (2020-09-29). Greta Thunberg criticises China after climate striker held over protest. South China Morning Post
  17. ↑ (2020-11-09). 'Hypocrites and greenwash': Greta Thunberg blasts leaders over climate crisis. The Guardian
  18. ↑ (2021-04-19). Vaud – Une zadiste chinoise entame une grève de la faim à Lausanne. 20 minutes
  19. ↑ Matthew Taylor, Emily Holden, Dan Collyns, Michael Standaert and Ashifa Kassam. (2021-05-07). The young people taking their countries to court over climate inaction. The Guardian
  20. ↑ Yannick Weber. (11 December 2024). La zadiste chinoise évacuée réussit à être totalement acquittée. 20 minutes

সম্পৰ্কিত শ্ৰেণী

চীনৰ ব্যক্তি

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “হাউৱে অউ” প্ৰবন্ধৰ সংশোধন ৫৫৯৬৭৭ (১ ডিচেম্বৰ ২০২৫)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।