কিলোমিটাৰ ৩১ (ইংৰাজী ভাষা: Kilómetro 31 বা km 31) হ’ল ২০০৬ চনত মুক্তিপ্ৰাপ্ত এখন মেক্সিকান অতিপ্ৰাকৃতিক ভৌতিক চলচ্চিত্ৰ। ইয়াৰ কাহিনী ৰচনা আৰু পৰিচালনা কৰিছে ৰিগোবেৰ্টো কাষ্টানেডাই।১২ ছবিখন ক্ৰাইং উইমেনৰ কিংবদন্তি (La Llorona) আৰু ঘাইপথৰ ভূতৰ লোককথাৰ দ্বাৰা অনুপ্ৰাণিত।৩
কাহিনীভাগ
মেক্সিকো চিটীৰ ওচৰৰ এখন গ্ৰাম্য অৰণ্যৰ পথত সংঘটিত এক ভয়ংকৰ গাড়ী দুৰ্ঘটনাৰ পিছত আগাটা কোমা বা অচেতন অৱস্থালৈ গুচি যায়। ইয়াৰ পিছতে তাইৰ যমজ ভগ্নী কেটালিনাই নিজৰ ভগ্নীয়ে ভোগ কৰি থকা যন্ত্ৰণা আৰু সন্ত্ৰাস অনুভৱ কৰিবলৈ আৰম্ভ কৰে।৪ কেটালিনাই ৩১ নং কিলোমিটাৰ চিহ্নৰ ওচৰত হোৱা তাইৰ ভগ্নীৰ দুৰ্ঘটনাৰ ৰহস্য সমাধান কৰিবলৈ চেষ্টা কৰে আৰু এটা স্থানীয় লোককথা আৱিষ্কাৰ কৰে। সেই কিংবদন্তি অনুসৰি একাংশ দুষ্ট আত্মাই সেই পথত ঘূৰি ফুৰে আৰু যাত্ৰীসকলক চিকাৰ কৰে।৫ এলানি আতংকজনক ঘটনাৰ পিছত কেটালিনাই উপলব্ধি কৰে যে তেওঁলোকৰ মাজৰ সম্পৰ্ক অধিক শক্তিশালী হৈ উঠিছে আৰু তাইৰ ভগ্নীয়ে অচেতন অৱস্থাৰ পৰাই সহায় বিচাৰি চিঞৰিছে।৬ তাইৰ স্পেনিছ প্ৰেমিক নুচো, আগাটাৰ প্ৰেমিক ওমৰ আৰু স্থানীয় ডিটেক্টিভ মাৰ্টিন উগালডেৰ সহায়ত তাই আৱিষ্কাৰ কৰে যে আগাটা জীৱন আৰু মৃত্যুৰ মাজত আবদ্ধ হৈ পৰিছে, যিটো বাস্তৱ আৰু দুষ্ট আত্মা তথা প্ৰাচীন কিংবদন্তিৰ এক ভয়ংকৰ পাতালপুৰীৰ মাজৰ এক অৱস্থা।৭
আদৰণি
চলচ্চিত্ৰখন ২ ফেব্ৰুৱাৰীত মুক্তি দিয়া হৈছিল আৰু সেই সপ্তাহটোত মেক্সিকান বক্স অফিচত শীৰ্ষস্থানত আছিল।৮
২০০৭ চনৰ ৬ নৱেম্বৰত লিচেষ্টাৰ স্কোৱেৰৰ এম্পায়াৰ চিনেমা হলত প্ৰিমিয়াৰ হোৱাৰ পিছত ২০০৭ চনৰ ৭ ডিচেম্বৰত ইংৰাজী উপ-শীৰ্ষকৰ সৈতে যুক্তৰাজ্যৰ নিৰ্বাচিত চিত্ৰগৃহত ছবিখন মুক্তি দিয়া হয়।
পৰৱৰ্তী খণ্ড
KM 31-2: Sin Retorno ২০১৬ চনৰ ২৮ অক্টোবৰত মুক্তি পাইছিল। ইয়াত পুনৰ কাৰ্লোছ আৰাগন আৰু ইলিয়ানা ফক্সৰ অভিনয় দেখিবলৈ পোৱা যায় আৰু ইয়াৰ ৰচনা আৰু পৰিচালনা পুনৰ ৰিগোবেৰ্টো কাষ্টানেডাই কৰিছে।৯১০
তথ্যসূত্ৰ
- ↑ Rigoberto Castañeda Alcántara - Director de cine. Diccionario de Directores del Cine Mexicano
- ↑ Wilkinson, Amber. (December 6, 2007). Eye For Film: Rigoberto Castañeda on KM 31. www.eyeforfilm.co.uk
- ↑ Sánchez Dávila, Carmen. (February 15, 2007). "No hay peor miedo que al fracaso", asegura Rigoberto Castañeda director de "Kilómetro 31".. Filmeweb
- ↑ Eunice Martínez Arias. Orgulloso de su ‘miedo’. February 24, 2007. El Siglo de Torreón
- ↑ cultura en la mira: Permanencia Voluntaria. www.proceso.com.mx
- ↑ Km 31, vuelve el cine de terror mexicano. www.quintadimension.com
- ↑ "Kilómetro 31" continua con éxito. February 28, 2007, La Voz
- ↑ Rompe récord de asistencia Km. 31
- ↑ www.imdb.com/title/tt2718028/
- ↑ Habrá segunda parte de Kilómetro 31. www.tvyespectaculos.com
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “কিলোমিটাৰ ৩১” প্ৰবন্ধৰ সংশোধন ৬১৩৩৫৬ (২১ জুন ২০২৬)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।