কিউ হৈছে ২০১১ চনত লৰেণ্ট ব’নিকৰ পৰিচালনাত নিৰ্মিত এখন ফৰাচী কামুক থ্ৰিলাৰ ছবি।১ চলচ্চিত্ৰখন আমেৰিকাত ডিজায়াৰ নামেৰে মুক্তি লাভ কৰিছিল।২
কাহিনী
ফ্ৰান্সৰ চেগ চহৰত অৰ্থনৈতিক মন্দাৱস্থা। পুৰুষে মহিলাৰ সংগ পোৱা নাই। হঠাৎ কিছুমান পুৰুষে কেকিল নামৰ এগৰাকী মহিলাক লগ পায়। এই ছোৱালীজনী এগৰাকী কামুক নাৰী। কেকিলৰ বয়স ২০ বছৰ। দেউতাকৰ মৃত্যু হৈছে। চিনাকি আৰু অচিনাকি বিভিন্ন পুৰুষৰ লগত যৌন সম্পৰ্ক স্থাপন কৰিব বিচাৰে তাইৰ। কান্স নামৰ এজন ল’ৰা কেকিলৰ প্ৰেমিক আৰু এজন ক্ষুদ্ৰ অপৰাধী। ল'ৰাটোৱে কেকিলৰ যৌন প্ৰয়োজনবোৰ ভালদৰে পূৰণ কৰিব পৰা নাই। মেট এজন গাড়ীৰ মেকানিক যাৰ প্ৰেমিকা এলিছ নামৰ এগৰাকীয়ে তেওঁৰ লগত যৌন সম্পৰ্ক স্থাপন কৰিব নিবিচাৰে। কেকিলে বন্ধু-বান্ধৱীক পৰামৰ্শ দিয়ে যে কেনেকৈ নাৰী আৰু পুৰুষক যৌন আনন্দ দিব লাগে আৰু কেনেকৈ নিদিব। মেট আৰু এলিছৰ সৈতে যৌন সম্পৰ্ক স্থাপন কৰাৰ পিছতো কেকিল কান্সে প্ৰকৃত যৌন আনন্দ লাভৰ আন উপায় বিচাৰি পায়।
চৰিত্ৰ
- ডেবোৰাহ ৰেভি - কেকিল
- হেলেন যিমাৰ - এলিচ
- গোয়ান ডিডি - মেট
- জনি এমাৰো - কেন্স
- জন লিবাৰেউ - মানু
- জ্যাঁ-ফ্ৰাঁচোৱা গেলোট - পেৰে ডি’এলিচ
- ব্ৰিচ ফৰনিয়াৰ - মৰিচ
তথ্যসূত্ৰ
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “কিউ (২০১১ চলচ্চিত্ৰ)” প্ৰবন্ধৰ সংশোধন ৪৯৮৩৬৪ (২৭ মাৰ্চ ২০২৫)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।