চেলমা, লৰ্ড, চেলমা (Selma, Lord, Selma) হৈছে ১৯৯৯ চনৰ এখন আমেৰিকান টেলিভিছনৰ বাবে নিৰ্মিত জীৱনীমূলক নাট্যধৰ্মী চলচ্চিত্ৰ, যিখন ১৯৬৫ চনৰ মাৰ্চ মাহত আলাবামাৰ ছেলমাত সংঘটিত হোৱা সত্য ঘটনাসমূহৰ ওপৰত আধাৰিত। এই ঘটনাটো “ব্লাডি ছানডে” নামেৰে জনাজাত। চলচ্চিত্ৰখনত শ্বেয়ান ৱেব (জাৰ্নি স্মলেট) নামৰ এগৰাকী ৯বছৰীয়া আফ্ৰিকান-আমেৰিকান ছোৱালীৰ চকুৰে এই কাহিনী ভাগ উপস্থাপন কৰা হৈছে।
এই ছবিখন পৰিচালনা কৰিছিল চাৰ্লছ বাৰ্নেটে, যিজন আফ্ৰিকান-আমেৰিকান স্বতন্ত্ৰ চলচ্চিত্ৰ আন্দোলনৰ অন্যতম পথ-প্ৰদৰ্শক আছিল। ছবিখন ১৯৯৯ চনৰ ১৭ জানুৱাৰীত এবিচি চেনেলত প্ৰথমবাৰৰ বাবে প্ৰচাৰিত হৈছিল।
পটভূমি
এদিন শ্বেয়ান ৱেবে বন্ধুসকলৰ সৈতে বাহিৰত খেলি থাকোঁতে ডা° মাৰ্টিন লুথাৰ কিং জুনিয়ৰক ব্ৰাউন চেপেল এ এম ই গিৰ্জাত সোমাই থকা দেখে। তেওঁলোকে শুনিছিল যে ডা° কিঙে নিগ্ৰো জনসাধাৰণক ভোটাধিকাৰ লাভ কৰাত সহায় কৰিবলৈ আলাবামাৰ চেলমালৈ আহিছে। শ্বেয়ানে স্কুল এৰি লুকাই চুৰকৈ এখন সভাত সোমাই ডা° কিঙক লগ পায় আৰু তাই তেওঁৰ বিষয়ে লিখা এটা প্ৰতিৱেদন পঢ়ি আপ্লুত হয় আৰু তাইক সেই নিশাই অনুষ্ঠিত হোৱা আন এখন সভাত গান গাবলৈ মাতে।
স্কুলৰ পিছত, শ্বেয়ান আৰু তাইৰ বন্ধু ৰেচেলে জনাথন ডেনিয়েলছ নামৰ এজন গিৰ্জাৰ মানুহৰ সৈতে দেখা কৰে, যিজন ড॰ কিংক আন্দোলনত সহায় কৰিবলৈ ৰেচেলৰ ঘৰতে থাকি লৈছিল। কিন্তু স্থানীয় ধৰ্মগুৰু ফাদাৰ হুইটেকাৰে তেওঁক এই কামটো যথেষ্ট বিপজ্জনক হ’ব পাৰে বুলি কৈ সতৰ্ক কৰে।
শ্বেয়ানৰ মাকে স্কুল এৰি যোৱাৰ বাবে তাইক গালি দিয়ে, যদিও শেষত তাইক সভালৈ যাবলৈ অনুমতি দিয়ে। সেই সভাত শ্বেয়ানে ৰেচেলক ড॰ কিংৰ সৈতে চিনাকি কৰাই দিয়ে। ড॰ কিংয়ে শ্বেয়ান আৰু ৰেচেলক (ষ্টেফানি জাণ্ড্ৰা পেইটন) শিকায় যে, যদি তোমালোকক সোধা হয়, “ল’ৰা-ছোৱালীহঁত, তোমালোকে কি বিচাৰা?” তেন্তে তেওঁলোকৰ উত্তৰ হ’ব লাগিব “স্বাধীনতা।”
তাৰ পিছত শ্বেয়ানে "এইন’ট গনা লেট ন’বডি টাৰ্ণ মি আউৰাউণ্ড" গানটো গায়। ঘৰলৈ উভতি অহাৰ পাছত, শ্বেয়ানৰ মাকে তাইৰ আন্দোলনৰ প্ৰতি আগ্ৰহৰ কথা দেউতাকক জনায়, ফলত দেউতাক চিন্তিত হৈ পৰে।
পাছদিনা শ্বেয়ানে আকৌ স্কুল এৰি পদযাত্ৰাত যোগ দিয়ে। তেওঁলোকে আৱিষ্কাৰ কৰে যে এটা ক্ৰছ জ্বলাই দিয়া হৈছে, যিটো জনাথনে কু ক্লাক্স ক্লানে কৰা প্ৰত্যক্ষ কৰিছিল। ড॰ কিংয়ে পদযাত্ৰীসকলৰ বাবে প্ৰাৰ্থনা কৰাৰ পাছত তেওঁলোকে পঞ্জীয়ন কৰিবলৈ আদালতৰ দিশে আগবাঢ়ে, কিন্তু শ্বেৰিফে কঠোৰ আচৰণ কৰি সকলোকে গ্ৰেপ্তাৰ কৰে, কেবল সৰু বুলি শ্বেয়ানকহে এৰি দিয়ে।
পিছত শ্বেয়ানে বিদ্যালয়লৈ আহি শিক্ষকক স্বাধীনতাৰ বিষয়ে শিকাবলৈ পতিয়ন নিয়ায় আৰু বিদ্যালয়ৰ আন ছাত্ৰ-ছাত্ৰীকো পদযাত্ৰাত যোগ দিবলৈ উৎসাহিত কৰে। জনাথন জেলৰপৰা ওলাই আহি জিমি লি জেকচন আৰু উইলীৰ সৈতে লগহৈ সকলো মানুহকে আন্দোলনত যোগ দিবলৈ আহ্বান জনায়।
জনাথনে শ্বেয়ানৰ দেউতাকক আন্দোলনত যোগ দিবলৈ বুজাবলৈ চেষ্টা কৰে, কিন্তু তেওঁ মানি নলয়, কাৰণ আগতে শ্বেয়ানৰ ডাঙৰ ভনীয়েকক এটা পদযাত্ৰাত গ্ৰেপ্তাৰ কৰি উত্তৰ দিশলৈ পঠিয়াই দিয়া হৈছিল। ডা. কিং জেলৰপৰা ওলাই আহি ঘোষণা কৰে যে “আমি আৰু এইবোৰ সহ্য নকৰোঁ।” পিছত সেই ৰাতিয়ে জিমি লীয়ে নিজৰ দেউতাকক প্ৰহাৰৰপৰা বচাবলৈ গৈ আৰক্ষীৰ গুলীত নিহত হয় আৰু ডা° কিঙে তেওঁৰ বাবে অন্ত্যেষ্টিক্ৰিয়া সম্পন্ন কৰে।
জিমি লীৰ মৃত্যু দেখি শ্বেয়ানেও ভয় কৰিবলৈ ধৰে, কিন্তু তাইৰ মাকে তাইক সান্ত্বনা দিয়ে আৰু তাইক সাৱধান হ’বলৈ কয়। জিমি লীৰ মৃত্যুৰ প্ৰতি দৃষ্টি আকৰ্ষণ কৰিবলৈ জনাথনে মণ্টগোমাৰীলৈ সমদলৰ আয়োজন কৰে আৰু গৱৰ্ণৰ ৱালেছৰ ওচৰত নিগ্ৰোসকলৰ প্ৰতি কৰা অন্যায়ৰ প্ৰতিবাদ কৰিবলৈ এখন আবেদন দাখিল কৰে। ১৯৬৫ চনৰ ৭ মাৰ্চ দেওবাৰে, যিটো দিনক ব্লাডি দেওবাৰ বুলি কোৱা হয়, শ্বেয়ান আৰু আন সকলো সমদলকাৰীয়ে মণ্টগোমাৰীলৈ যোৱাৰ পথত এডমাণ্ড পেটাছ আৰু আৰক্ষীৰে মিলি দলঙৰ ওপৰতে সমদলটোৰ ওপৰত আক্ৰমণ চলাই। শ্বেয়ান আঘাতপ্ৰাপ্ত হয়, কিন্তু জনাথনে তাইক সুৰক্ষা দি ঘৰলৈ লৈ যায়।
পাছদিনাখন গীৰ্জাত কিছুমান সমদলকাৰি আঘাতপ্ৰাপ্ত আৰু ভীতিগ্ৰস্ত হৈ থকা দেখি শ্বেয়ানে গান গাই তেওঁলোকক উৎসাহিত কৰে। পিছত ৰাষ্ট্ৰপতি লিণ্ডন বি. জনছনে ভোটাধিকাৰ বিধেয়ক ঘোষণা কৰে যদিও ডা. কিং আৰু আন মাৰ্চকাৰীসকলে আন্দোলন অব্যাহত ৰাখিবলৈ সংকল্প লয়। এই সময়তে জনাথন আৰু উইলীয়ে অধিক মানুহক যোগদান কৰাবলৈ হেইনভিললৈ যায়, কিন্তু তেওঁলোকক ফলক লগোৱাৰ বাবে গ্ৰেপ্তাৰ কৰে।
অৱশেষত জোনাথনক মুকলি কৰি দিয়া হয়, কিন্তু গেছ ষ্টেচনৰ কেৰাণীয়ে তেওঁক ৰাস্তাত গুলীয়াই হত্যা কৰে, যাৰ ফলত শ্বেয়ান দুখত ভাগি পৰে। শিক্ষকে তাইক উন্মাদ নহ’বলৈ আৰু অধিক শক্তিশালীহৈ সংগ্ৰাম অব্যাহত ৰাখিবলৈ উপদেশ দিয়ে। তাইৰ দেউতাকেও তাইৰ লগত সমদল কৰিবলৈ যোৱাৰ সিদ্ধান্ত লয়। তাৰ পিছত তাই আৰু ডা° কিঙে আকৌ কেপিটেললৈ পদযাত্ৰা আগুৱাই নিয়ে, আৰু আৰক্ষীয়ে তেওঁলোকক পাৰ হ’বলৈ দিলে।
৬ আগষ্ট ১৯৬৫ তাৰিখে ৰাষ্ট্ৰপতিয়ে ভোটাধিকাৰ আইন স্বাক্ষৰ কৰি কাৰ্যকৰী কৰে। পিছলৈ শেয়ানে মণ্টগোমেৰীত সকলো জাতিৰ শিশুৰ বাবে এটা যুৱ কাৰ্যসূচী চলাবলৈ আৰম্ভ কৰে। ৰেচেলৰ ভায়েকে দুবাৰ চিটি কাউন্সিলমেন হিচাপে নিৰ্বাচিত হয়। প্ৰতি বছৰৰ ফেব্ৰুৱাৰীৰ তৃতীয় দেওবাৰে মাৰিয়নত জিমি লীৰ স্মৃতিত স্মৰণ সভা অনুষ্ঠিত হয়। ১৯৯৪ চনত এপিস্কোপেল গীৰ্জাই জনাথনক পৱিত্ৰ ব্যক্তিৰূপে স্বীকৃতি দি তেওঁক “কেলেণ্ডাৰ অৱ সেইণ্টছ”ত অন্তৰ্ভুক্ত কৰে।
প্ৰডাকশ্যন
চেলমা, লৰ্ড, চেলমা ১৯৮০ চনত শ্বেয়ান ৱেব, ৰেচেল ৱেষ্ট আৰু ফ্ৰেংক চিকোৰাৰদ্বাৰা লিখা একে নামৰ কিতাপ এখনৰ আধাৰত ৰচনা কৰা হৈছে। সম্পূৰ্ণ শিৰোনামটো হ’ল চেলমা, লৰ্ড, চেলমা: নাগৰিক-অধিকাৰৰ দিনবোৰৰ ছোৱালীকালৰ স্মৃতি। ইয়াক ইউনিভাৰ্চিটি অৱ আলাবামা প্ৰেছ, টাস্কালুছা, এ এলৰদ্বাৰা প্ৰকাশ কৰা হৈছিল।[2] ইয়াক শ্বেয়ান আৰু ৰেচেলৰ স্মৃতিগ্ৰন্থৰ শৈলীত লিখা হৈছে।
পিছতচেলমা,লৰ্ড, চেলমা এই কাহিনীটো চলচ্চিত্ৰ ৰূপে নিৰ্মাণ কৰা হয়। ৱাল্ট ডিজনী পিকচাৰ্ছে ইয়াক গ্ৰহণ কৰে আৰু ১৯৯৯ চনৰ ১৭ জানুৱাৰীত ডা° কিঙৰ জন্মদিনৰ স্মৃতিত ৰাষ্ট্ৰীয় বন্ধৰ আগদিনা ইয়াক এবিচি টেলিভিছন নেটৱৰ্কত সম্প্ৰচাৰ কৰা হয়। ছবিখনত ডা. কিংৰ জীয়েক যোলাণ্ডাই “মিছ ব্ৰাইট” চৰিত্ৰত অভিনয় কৰে। ছবিখনৰ সংগীত ষ্টিফেন জেমছ টেইলৰে সুৰ কৰে আৰু “ব্ৰাইডছ অৱ দ্য উইণ্ড”য়ে কণ্ঠ দিয়ে।
প্ৰতিক্ৰিয়া
ফিলাডেলফিয়া ট্ৰিবিউনে ক্লিফটন পাৱেলৰ ডা. মাৰ্টিন লুথাৰ কিং জুনিয়ৰৰ অভিনয় আৰু জাৰ্নি স্মলেটৰ “হৃদয়-বিদাৰক অভিনয়”ৰ প্ৰশংসা কৰে।১ বষ্টন গ্ল'বে ছবিখনক সমালোচনা কৰি কৈছিল, "..কেতিয়াও নাগৰিক অধিকাৰৰ ইতিহাসৰ ক্লাছিক কমিক্স সংস্কৰণৰ স্তৰৰ ওপৰলৈ উঠি নাযায়",২ আনহাতে দ্য ৰকি মাউণ্টেন নিউজে কয় যে, "ছবিখনে “এটা বাস্তৱসন্মত অনুভূতি প্ৰদান কৰে।”৩
বঁটা আৰু মনোনয়ন
১৯৯৯ চনত লেখিকা চিহ্নিয়া হুইটকমক হিউমেনিটাছ বঁটাৰ বাবে মনোনীত কৰা হয়। এই শাখাত আছিল শ্ৰেষ্ঠ ৯০ মিনিটৰ ছবি। বিজয়ী হয় এন ৱাই পি ডি ব্লু। চেলমা, লৰ্ড, চেলমাও ২০০০ চনত ইমেজ এৱাৰ্ডৰ বাবে মনোনীত হৈছিল।
তথ্যসূত্ৰ
- ↑ (15 January 1999). Selma, Lord, Selma: Disney remembers King; Movie tracks struggle for voting rights. The Philadelphia Tribune
- ↑ Koch, John. (16 January 1999). 'Selma' tale oversimplifies rights drama. The Boston Globe
- ↑ Saunders, Dusty. (17 January 1999). Areas of Beleaguered Wonderful Disney. Rocky Mountain News
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “চেলমা, লৰ্ড, চেলমা” প্ৰবন্ধৰ সংশোধন ৫৯৯৬৩৩ (১ এপ্ৰিল ২০২৬)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।