অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
ভাষা আৰু সাহিত্য

বৈদিক গণিত

বৈদিক গণিত (Vedic Mathematics) হ'ল এখন গণিতৰ বিভিন্ন সূত্ৰ থকা এখন গ্ৰন্থ যাৰ সহায়ত কিছুমান পাটিগণিতীয় অংক সহজে কৰিব পৰা যায়। এই গ্ৰন্থখন ১৯৬৫ চনত স্বামী শ্ৰী ভাৰতী কৃষ্ণ তীৰ্থই লিখি প্ৰকাশিত কৰিছিল। গ্ৰন্থখনত মুঠতে ১৬টা সূত্ৰ আছে যাৰ সহায়ত ডাঙৰ ডাঙৰ পূৰণ হৰণ সহজে কৰিব পৰা যায়।

হালনাগাদ: ২৬ আগষ্ট ২০২৬ ৩২৩ শব্দ · ২ মিনিট সংগৃহীত ৮২
সংশোধনৰ পৰামৰ্শ

বৈদিক গণিত (Vedic Mathematics) হ'ল এখন গণিতৰ বিভিন্ন সূত্ৰ থকা এখন গ্ৰন্থ যাৰ সহায়ত কিছুমান পাটিগণিতীয় অংক সহজে কৰিব পৰা যায়। এই গ্ৰন্থখন ১৯৬৫ চনত স্বামী শ্ৰী ভাৰতী কৃষ্ণ তীৰ্থই লিখি প্ৰকাশিত কৰিছিল।১ গ্ৰন্থখনত মুঠতে ১৬টা সূত্ৰ আছে যাৰ সহায়ত ডাঙৰ ডাঙৰ পূৰণ হৰণ সহজে কৰিব পৰা যায়। লেখকৰ মতে এই সূত্ৰ আৰু উপসূত্ৰসমূহ হিন্দু ধৰ্ম গ্ৰন্থ বেদসমূহৰ পৰা লোৱা।২ কিন্তু লেখকৰ এই দাবী তেতিয়াৰ পৰাই বহুত গৱেষকে অগ্ৰাহ্য কৰি আহিছে।৩ ভাৰতী কৃষ্ণ তীৰ্থই এই সূত্ৰসমূহৰ প্ৰকৃত উৎসসমূহৰ তথ্য দিয়াত ব্যৰ্থ হৈছিল। গৱেষকসকলে এই সূত্ৰসমূহৰ সংযোগ পুৰণি বৈদিক সময়ত প্ৰচলিত ভাৰতীয় গণিতৰ লগত নাই বুলিয়েই ক'ব বিচাৰে আৰু এই সূত্ৰসমূহক ক্ষিপ্ৰভাবে পাটিগণিতীয় অংক কৰিব পৰা কিছুমান কৌশল বুলি ক'ব বিচাৰে।

গ্ৰন্থ সূচী

বৈদিক গণিতত মুঠতে ১৬টা সূত্ৰ আৰু ১৩টা উপসূত্ৰ আছে।২৪ এই সূত্ৰ উপসূত্ৰসমূহৰ যোগেদি পূৰণ হৰণৰ পৰা আৰম্ভ কৰি বৰ্গমূল নিৰ্ণয়, বিভাজ্যতা নিৰ্ণয় আদিও কৰিব পাৰি। ইয়াৰ লগতে গ্ৰন্থখনত এলজেব্ৰা, জ্যামিতি কেলকুলাচ্‌ আদিৰো উল্লেখ আছে।২

প্ৰকাশনৰ ইতিহাস আৰু পুনৰ্মুদ্ৰণ

কৃষ্ণ তীৰ্থৰ মৃত্যুৰ পাঁচ বছৰৰ পিছত অৰ্থাৎ ১৯৬৫ চনত প্ৰথম প্ৰকাশ পোৱা এই গ্ৰন্থখন মূলতঃ ৩৬৭ পৃষ্ঠাৰ চল্লিশটা অধ্যায়ৰে গঠিত আৰু ইয়াত তেওঁৰ বক্তৃতাৰ জৰিয়তে তেওঁ প্ৰচাৰ কৰা গাণিতিক কৌশলসমূহ সামৰি লৈছিল।৫ গ্ৰন্থখনৰ তীৰ্থৰ শিষ্য মঞ্জুলা ত্ৰিবেদীৰ প্ৰস্তাৱনাত কোৱা হৈছে যে তেওঁ প্ৰথমে ১৬টা খণ্ড লিখিছিল, (প্ৰতিটো সূত্ৰৰ বাবে এটাকৈ খণ্ড) কিন্তু প্ৰকাশৰ পূৰ্বে পাণ্ডুলিপিসমূহ হেৰাই যায়। এই গ্ৰন্থখনৰ ৰচনাকাল ১৯৫৭ চন বুলি ধৰা হৈছে।৫৬৭ টাইপোগ্ৰাফিক সংশোধনৰ বাবে ১৯৭৫ আৰু ১৯৭৮ চনত গ্ৰন্থখনৰ পুনৰ্মুদ্ৰণ প্ৰকাশ কৰা হয়।৮ ১৯৯০ চনৰ পৰা কেইবাটাও পুনৰ্মুদ্ৰণ প্ৰকাশ পাইছে।৭

মূলসুঁতিৰ শিক্ষাৰ সৈতে একত্ৰীকৰণ

ভাৰতীয় জনতা পাৰ্টী (বিজেপি) নামৰ সোঁপন্থী হিন্দু জাতীয়তাবাদী ৰাজনৈতিক দল এটা ক্ষমতালৈ অহাৰ কিছু সময়ৰ পিছতে এই গ্ৰন্থখন মধ্য প্ৰদেশ আৰু উত্তৰ প্ৰদেশৰ বিদ্যালয়ৰ পাঠ্যক্ৰমত অন্তৰ্ভুক্ত হৈছিল আৰু শিক্ষা-ব্যৱস্থাত ভাৰতীয় হিন্দুত্ববাদৰ প্ৰভাৱ বিস্তাৰৰ উদ্দেশ্যে বিষয়টো বাছি লোৱা হৈছিল।৭৯১০১১ দিননাথ বাত্ৰাই বৈদিক গণিতক ৰাষ্ট্ৰীয় শিক্ষা গৱেষণা আৰু প্ৰশিক্ষণ পৰিষদৰ (এনচিইআৰটি) পাঠ্যক্ৰমত অন্তৰ্ভুক্ত কৰাৰ বাবে এক দীঘলীয়া অভিযান চলাইছিল।১২ তাৰ পিছত এনচিইআৰটিৰ পৰা বৈদিক গণিতক কেইবাটাও ফ্ৰিঞ্জ ছ্যুডো-বৈজ্ঞানিক বিষয় (বৈদিক জ্যোতিষ আৰু অন্যান্য)ৰ সৈতে মানক শৈক্ষিক পাঠ্যক্ৰমত অন্তৰ্ভুক্ত কৰাৰ প্ৰস্তাৱ আহিছিল। এচ. জি. ডানিৰ নেতৃত্ব তথা ৰাজনৈতিক দলৰ সমৰ্থিত কেইবাজনো শিক্ষাবিদ আৰু গণিতজ্ঞই পূৰ্বতে আলোচনা কৰা যুক্তিৰ ভিত্তিত এই প্ৰচেষ্টাসমূহৰ বিৰোধিতা কৰি এই পদক্ষেপক হিন্দুত্ববাদৰ ৰাজনৈতিকভাৱে নিৰ্দেশিত প্ৰচেষ্টা বুলি সমালোচনা কৰাৰ পিছত এই সমগ্ৰ পৰিকল্পনাটো স্থগিত ৰখা হৈছিল।১৩১৪১৫১৬১৭ সমান্তৰাল চৰকাৰী প্ৰতিবেদনসমূহেও ইয়াক আধুনিকীকৰণৰ বাবে মাদ্ৰাছা শিক্ষা ব্যৱস্থাত অন্তৰ্ভুক্ত কৰাৰ পোষকতা কৰিছিল।১৮ ২০১৪ চনত বিজেপি পুনৰ ক্ষমতালৈ অহাৰ পিছত তিনিখন বিশ্ববিদ্যালয়ে এই বিষয়ত পাঠ্যক্ৰম আগবঢ়াবলৈ আৰম্ভ কৰাৰ বিপৰীতে বিষয়টোৰ প্ৰতি লক্ষ্য ৰাখি এটা টেলিভিছন চেনেলো আৰম্ভ কৰে; এই বিষয়টোৰ বাবে উদাৰ শিক্ষা আৰু গৱেষণা অনুদানো আবণ্টন দিয়া হৈছে।১৯২০২১২২

তথ্য সূত্ৰ

তথ্যসূত্ৰ

  1. ↑ Dani, SG. (22 November 1993). Myths and reality: On 'Vedic mathematics'. TIFR
  2. ↑ Bharti Krishna, Tirtha. (1981). Vedic Mathematics. Narendra Prakash Jain
  3. ↑ Cooke, Roger L. (2013). The history of mathematics: a brief course. Wiley. পৃ. 212. ISBN 978-1-118-46029-0
  4. ↑ S. G. Dani (December 2006). "Myths and reality: On ‘Vedic mathematics’".:* Originally published in Dani, S. G. (1993). 'Vedic Mathematics': Myth and Reality. Economic and Political Weekly. পৃ. 1577–1580:* Near-simultaneously, as a 2-part article in Frontline, 22 October and 5 November 1993.:* An updated version appears in Kandasamy and Smarandache (2006)
  5. ↑ S. G. Dani (December 2006). "Myths and reality: On ‘Vedic mathematics’".:* Originally published in Dani, S. G. (1993). 'Vedic Mathematics': Myth and Reality. Economic and Political Weekly. পৃ. 1577–1580:* Near-simultaneously, as a 2-part article in Frontline, 22 October and 5 November 1993.:* An updated version appears in Kandasamy and Smarandache (2006)
  6. ↑ Bal, Hartosh Singh. (12 August 2010). The Fraud of Vedic Maths. The Open
  7. ↑ W.B. Vasantha Kandasamy; Florentin Smarandache. (December 2006). Vedic Mathematics: Vedic Or Mathematics: A Fuzzy and Neutrosophic Analysis. American Research Press. ISBN 978-1-59973-004-2
  8. ↑ Biographical sketch by Manjula Trivedi, 1965 in book Vedic Mathematics, pages x, xi
  9. ↑ Nanda, Meera. (2000). The Sokal Hoax: The Sham that Shook the Academy. University of Nebraska Press. পৃ. 206–213. ISBN 9780803219243
  10. ↑ Behera, Navnita Chadha. (1 July 1996). Perpetuating the divide: Political abuse of history in South Asia. Contemporary South Asia. পৃ. 191–205
  11. ↑ Pijl, Kees Van Der. (2010). The Foreign Encounter in Myth and Religion: Modes of Foreign Relations and Political Economy. Pluto Press. পৃ. 98. ISBN 978-0-7453-2316-9
  12. ↑ Taylor, McComas. (2 October 2014). Hindu Activism and Academic Censorship in India. South Asia: Journal of South Asian Studies. পৃ. 717–725
  13. ↑ Neither Vedic Nor Mathematics A statemant signed by SG Dani and other Indian scientists. www.sacw.net
  14. ↑ (14 August 2001). Legitimisation of Vedic mathematics, astrology opposed. দ্য হিন্দু
  15. ↑ Stop this Fraud on our Children. archives.peoplesdemocracy.in
  16. ↑ Hasan, Mushirul. (1 December 2002). The BJP's intellectual agenda: Textbooks and imagined history. South Asia: Journal of South Asian Studies. পৃ. 187–209
  17. ↑ Kurien, Prema A. (2007). A place at the multicultural table the development of an American Hinduism. Rutgers University Press. পৃ. 164. ISBN 9780813540559
  18. ↑ Sikand, Yoginder. (2009). The madrasa in Asia: political activism and transnational linkages. ISIM Series on Contemporary Muslim Societies. Amsterdam University Press. পৃ. 61. ISBN 978-81-7304-837-1
  19. ↑ Nelson, Dean. (7 January 2015). India's next gift to the world could be Vedic mathematics. Daily Telegraph
  20. ↑ Nussbaum, Martha Craven. (2008). The Clash Within: Democracy, Religious Violence, and India's Future.. Harvard University Press. পৃ. 222. ISBN 9780674030596
  21. ↑ Nanda, Meera. (2005). Scientific values and civic virtues. Oxford University Press. পৃ. 224. ISBN 9780198038467
  22. ↑ (11 January 2015). Vedic maths: Not quite adding up - Times of India. দ্য টাইম্‌ছ অৱ ইণ্ডিয়া

সম্পৰ্কিত শ্ৰেণী

গণিতগ্ৰন্থ

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “বৈদিক গণিত” প্ৰবন্ধৰ সংশোধন ৬৩২৩৫৪ (২৬ আগষ্ট ২০২৬)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।