কিম লেচলি প্লফকাৰ ( Kim Leslie Plofker; জন্ম: ২৫ নৱেম্বৰ, ১৯৬৪) ভাৰতীয় গণিতত বিশেষজ্ঞ গণিতৰ এজন আমেৰিকান ইতিহাসবিদ।
শিক্ষা আৰু কেৰিয়াৰ
ভাৰতৰ চেন্নাইত জন্মগ্ৰহণ কৰা প্লফকাৰে হাভাৰফৰ্ড কলেজৰপৰা গণিত বিষয়ত স্নাতক ডিগ্ৰী লাভ কৰে। ১৯৯৫ চনত ব্ৰাউন বিশ্ববিদ্যালয়ৰপৰা উপদেষ্টা ডেভিদ পিংগ্ৰী (মধ্যযুগীয় সংস্কৃত জ্যোতিৰ্বিজ্ঞান গ্ৰন্থত চাইন ফাংচনৰ ৰূপান্তৰৰদ্বাৰা গাণিতিক অনুমাণিককৰণ)ৰ সৈতে অধ্যয়ন কৰি পি এইচ ডি লাভ কৰে, য'ত তেওঁ গৱেষণা কৰিছিল আৰু পিছলৈ অতিথি অধ্যাপিকা হিচাপে যোগদান কৰিছিল।১
১৯৯০ চনৰ শেষৰফালে তেওঁ আমেৰিকান অৰিয়েণ্টেল ছ’চাইটিৰ আমেৰিকান কমিটি ফৰ চাউথ এছিয়ান মেনুস্ক্ৰিপ্টছৰ কাৰিকৰী সঞ্চালিকা হৈছিল, য’ত তেওঁ পাঠ তুলনাৰ বাবে কাৰ্যসূচী প্ৰস্তুত কৰাৰ ক্ষেত্ৰতো জড়িত আছিল। ২০০০ চনৰপৰা ২০০৪ চনলৈকে তেওঁ মেছাচুচেটছ ইনষ্টিটিউট অৱ টেকন’লজিৰ ডিবনাৰ ইনষ্টিটিউট ফৰ দ্য হিষ্ট্ৰী অৱ চাইন্স এণ্ড টেকন’লজিত কাম কৰিছিল। ২০০৪ আৰু ২০০৫ চনৰ ভিতৰত তেওঁ উট্ৰেক্টৰ অতিথি অধ্যাপিকা আৰু একে সময়তে লেইডেনৰ আন্তৰ্জাতিক এছিয়ান অধ্যয়ন প্ৰতিষ্ঠানৰ ফেলো আছিল।২ বৰ্তমান তেওঁ শ্বেনেক্টাডিৰ ইউনিয়ন কলেজৰ সহযোগী অধ্যাপিকা।৩
অৱদান
প্লফকাৰে ভাৰতীয় গণিতৰ ইতিহাসৰ বিষয়ে ২০০৯ চনত প্ৰকাশিত তেওঁৰ Mathematics in India গ্ৰন্থখনৰ বিষয়-বস্তু হিচাপে লৈ আলোচনা কৰে।১ মধ্যযুগত ভাৰত আৰু ইছলামৰ মাজত গণিত আৰু জ্যোতিৰ্বিজ্ঞানৰ আদান-প্ৰদান আৰু সাধাৰণতে প্ৰাচীন কালৰপৰা ২০ শতিকালৈকে ইউৰোপ আৰু এছিয়াৰ মাজত সঠিক বিজ্ঞানৰ প্ৰতি তেওঁৰ আগ্ৰহ বিশেষ।
ক্লেমেন্সি মণ্টেলৰ সৈতে তেওঁ সংস্কৃত জ্যোতিৰ্বিজ্ঞান টেবুলছ (স্প্ৰিংগাৰ, ২০১৯)ৰ সহলেখিকা।৪
স্বীকৃতি
২০১০ চনত তেওঁ হায়দৰাবাদৰ আন্তঃৰাষ্ট্ৰীয় গণিতজ্ঞ কংগ্ৰেছত পূৰ্ণাংগ বক্তৃতা৫ দিছিল (ভাৰতীয় নিয়ম, যভানাৰ নিয়ম: বিদেশী পৰিচয় আৰু গণিতৰ সংক্ৰমণ)। ২০১১ চনত তেওঁক ৰয়েল ডাচ মেথেমেটিকেল ছ’চাইটিৰ ব্ৰ’ৱাৰ পদক প্ৰদান কৰা হয়।১
তথ্যসূত্ৰ
- ↑ The Brouwer Lecture and the Brouwer Medal. University of Twente
- ↑ Curriculum vitae
- ↑ Kim Plofker. Mathematics Faculty and Staff. Union College
- ↑ Reviews of Sanskrit Astronomical Tables: S. G. Dani,; Scott Guthery, MAA Reviews
- ↑ International Congress of Mathematicians 2010, Hyderabad » Invited speakers. International Congress of Mathematicians
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “কিম প্লফকাৰ” প্ৰবন্ধৰ সংশোধন ৬৩৯৫৩৭ (২৯ ছেপ্তেম্বৰ ২০২৬)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।