এডিডাছ হৈছে জাৰ্মানীৰ এটা বহুজাতিক সংস্থা যিয়ে খেলৰ সাজ পোছাক, জোতা আৰু অন্যান্য প্ৰয়োজনীয় সামগ্ৰী নিৰ্মাণ কৰে আৰু ইয়াৰ মুখ্য কাৰ্যালয় হাৰ্জোজেনাৰ্ছ, বাভাৰিয়াত অৱস্থিত। এই সংস্থাটো ইউৰোপৰ সবাতোকৈ বৃহৎ আৰু বিশ্বৰ দ্বিতীয় বৃহৎ খেলৰ পোছাক নিৰ্মাণকাৰী হিচাপে জনাজাত।১
১৯৪৯ চনৰ ১৮ আগষ্টত এডল্ফ ডেছলাৰে এডিডাছ প্ৰতিষ্ঠা কৰিছিল। তেওঁৰ নামেৰেই ইয়াৰ নামকৰণ কৰা হৈছে। এডিডাছ গ্ৰুপত আন এটা খেলৰ পোছাক নিৰ্মাণকাৰী সংস্থা ৰিব’ক-ও অন্তৰ্ভুক্ত। কোম্পানীটোৰ নিৰ্মিত সামগ্ৰীসমূহত সাধাৰণতে তিনিডাল সমান্তৰাল ৰেখা লগোৱা দেখা যায়। সেই সমান্তৰাল ৰেখা কেইডালেই কোম্পানীটোৰ ল’গ’।২৩ ব্ৰেণ্ড নাম এডিডাছৰ প্ৰথম আখৰটো সৰুফলা a ব্যৱহাৰ কৰা হয়।৪
তথ্যসূত্ৰ
- ↑ (16 January 2008). Adidas, Deutsche Telekom, Infineon: German Equity Preview. Bloomberg L.P
- ↑ Smit, Barbara. (2007). Pitch Invasion, Adidas, Puma and the making of modern sport. Penguin. পৃ. 44. ISBN 0-14-102368-6
- ↑ Chadwick, Simon; Arthur, Dave. (2007). International cases in the business of sport. Butterworth-Heinemann. পৃ. 438. ISBN 0-7506-8543-3
- ↑ The History of Adidas · On This Day In Fashion. onthisdayinfashion.com
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “এডিডাছ” প্ৰবন্ধৰ সংশোধন ৬৩১৬২৫ (২৬ আগষ্ট ২০২৬)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।